< Jeremia 20 >
1 Ka jadolo Pashur wuod Imer, jatelo maduongʼ manie hekalu mar Jehova Nyasaye, nowinjo Jeremia kakoro gigie,
১যিহোৱাৰ গৃহৰ প্ৰধান অধ্যক্ষ ইম্মেৰৰ পুতেক পুৰোহিত পচহুৰে যিৰিমিয়াৰ এইবোৰ ভাববাণী প্ৰচাৰ কৰা শুনি,
2 nomiyo Jeremia janabi ogo mi otweye e lodi mar Dhorangach Mamalo mar Benjamin mantiere e hekalu mar Jehova Nyasaye.
২তেওঁ যিৰিমিয়া ভাববাদীক প্ৰহাৰ কৰি, যিহোৱাৰ গৃহত থকা ওপৰ-দুৱাৰৰ কুন্দাত বন্ধ কৰি ৰাখিলে।
3 Kinyne, ka Pashur nogonye e lodi, Jeremia nowachone niya, “Jehova Nyasaye ok luongi ni Pashur, to oluongi ni Magor-Misabib.
৩পাছদিনা পচহুৰে যিৰিমিয়াক কুন্দৰ পৰা মুকলি কৰি উলিয়াই আনিলত, যিৰিমিয়াই তেওঁক ক’লে, “যিহোৱাই তোমাৰ নাম পচহুৰ ৰখা নাই, কিন্তু মাগোৰ-মিছাবীব ৰাখিলে।
4 Nimar ma e gima Jehova Nyasaye wacho: ‘Anami ibed masira ni in iwuon kaachiel gi osiepeni duto; gi wengeni iwuon ininegi ka inegogi gi ligangla mar wasikgi. Anachiw jo-Juda duto ni ruodh Babulon, manotergi e piny Babulon kata negogi gi ligangla.
৪কিয়নো যিহোৱাই এই কথা কৈছে: ‘চোৱা!, মই তোমাৰ পক্ষে, আৰু তোমাৰ আটাই বন্ধুৰ পক্ষে তোমাক ত্ৰাসৰ বিষয় কৰিম; কিয়নো তেওঁলোক শত্ৰূবোৰৰ তৰোৱালত পতিত হ’ব, আৰু তুমি তাক নিজ চকুৰে দেখিবলৈ পাবা। আৰু মই গোটেই যিহূদাক বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম। তেওঁ তেওঁলোকক বন্দী কৰি বাবিললৈ নিব, বা তৰোৱালেৰে আক্রমণ কৰিব।
5 Anami wasikgi mwandu duto mar dala maduongʼni gige duto moloso, gige duto ma nengogi tek kod mwandu duto mokan mag ruodhi Juda. Ginikawgi kaka gima opee mi notingʼ-gi ka iterogi Babulon.
৫ইয়াত বাজে মই এই নগৰৰ সকলো সম্পত্তি আৰু তাৰ আটাই পৰিশ্ৰমৰ ফল, আৰু আটাই বহুমুল্য বস্তু, এনে কি, যিহূদাৰ ৰজাসকলৰ সমস্ত ভঁৰালৰ উত্তম দ্ৰব্য তেওঁলোকৰ শত্ৰূবোৰৰ হাতত সমৰ্পণ কৰিম; তেওঁলোকে সেইবোৰ লুট কৰি বাবিললৈ লৈ যাব।
6 To in, Pashur, kod jogo duto modak e odi noteru e twech Babulon. Kanyo unuthoe kendo noyiku, in kod osiepeni duto mane isekoronegi miriambo.’”
৬আৰু হে পচহুৰ, তুমি আৰু তোমাৰ গৃহবাসী সকলোৱেই বন্দী-অৱস্থালৈ যাব, আৰু তুমি বাবিললৈ গৈ তাত মৰিবা; আৰু তাত তোমাক, আৰু তুমি যিসকলৰ আগত মিছাকৈ ভাববাণী প্ৰচাৰ কৰিছিলা, তোমাৰ সেই সকলো বন্ধুক পোতা যাব।
7 Yaye Jehova Nyasaye, ne iwuonda kendo nowuonda; ne ihewa kendo iloya giteko. Itugo koda odiechiengʼ mangima; kendo ji duto nyiera.
৭হে যিহোৱা, তুমি মোৰ প্ৰবৃত্তি জন্মোৱাতহে মোৰ প্ৰবৃত্তি জন্মিল; তুমি মোতকৈ বলৱান, এই কাৰণে তুমি মোক বলে পাৰিলা। মই ওৰে দিনটো হাঁহিয়াতৰ বিষয় হৈছোঁ, সকলোৱে মোক ঠাট্টা কৰে।
8 Sa moro amora ma awuoyo, aywak ka goyo milome mar lweny kod kethruok. Omiyo wach Jehova Nyasaye osekelona ayany kod wichkuot odiechiengʼ mangima.
৮কিয়নো মই যিমানবাৰ কথা কওঁ, সিমানবাৰ মই চিঞৰোঁ, ‘মই অত্যাচাৰ আৰু অপহৰণ’ বুলি চিঞৰোঁ। কাৰণে যিহোৱা বাক্য মোৰ পক্ষে ওৰে দিনটো নিন্দা আৰু উপহাসৰ কাৰণ হৈছে।
9 To ka awacho. “Ok analuonge kata wuoyo kendo e nyinge,” wachne chalo mach e chunya, mana ka mach marewo chokega. Aol gi tingʼe e chunya; adier, ok anyal.
৯আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’, তেনেহ’লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হ’লো, সহি আৰু থকিব নোৱাৰোঁ।
10 Awinjo ji mangʼeny kakwodho wach, “Bwok nitie koni gi koni! Wadonjneuru! Wadonjneuru!” Osiepena duto rito mondo dhoga okier, kagiwacho, “Sa moro inyalo wuonde; eka bangʼe wanapodh kuome kendo wanachul kuor kuome.”
১০কিয়নো অনেকে দুৰ্ণাম কৰা মই শুনিলোঁ; চাৰিওফালে ত্ৰাস: ‘তোমালোকে তাৰ বিৰুদ্ধে কথা কোৱা, আৰু আমিও তাৰ বিৰুদ্ধে কথা কম,’ মই উজুটি খাবলৈ বাট চাই থকা মোৰ সকলো বন্ধু কয়, “কিজানি তাক ভুলুৱা যাব, তাতে আমি তাক বলে পাৰিম, আমি তাৰ ওপৰত প্ৰতিকাৰ সাধিম।’
11 To Jehova Nyasaye ni koda kaka jalweny maratego; omiyo jogo masanda nochwanyre kendo ok giniloya. Ok ginilo kendo ginibedi gi wichkuot malich; wichkuot margi wich ok nowil godo.
১১কিন্তু যিহোৱা ভয়ানক বীৰৰ নিচিনাকৈ মোৰ সঙ্গত থাকে, সেইবাবে মোৰ তাড়নাকাৰীসকলে উজুটি খাব। আৰু তেওঁলোক কৃতকাৰ্য্য নহ’ব। তেওঁলোকে জ্ঞানেৰে সৈতে ব্যৱহাৰ নকৰাত অতিশয় লাজ পাব; সেই অপমান কেতিয়াও পাহৰা নাযাব, চিৰকাললৈকে থাকিব।
12 Yaye Jehova Nyasaye Maratego, in ngʼatno manono joma ratiro, kendo manyo matut mar chuny kod paro, mad iol gero mari kuomgi, nimar ne in asetieko kora.
১২কিন্তু ধাৰ্মিকক পৰীক্ষা কৰোঁতা, মৰ্ম্ম আৰু হৃদয় দেখোঁতা হে বাহিনীসকলৰ যিহোৱা, তেওঁলোকৰ ওপৰত তেওঁলোকে সধা প্ৰতিকাৰ তুমি মোক দেখিবলৈ দিয়া; কিয়নো তোমাৰ আগতহে মোৰ গোচৰ সমৰ্পণ কৰিলোঁ।
13 Werne Jehova Nyasaye! Pak Jehova Nyasaye! Oreso ngima joma nigidwaro, e lwet joma timbegi mono.
১৩তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা! যিহোৱাৰ প্ৰশংসা কৰা! কাৰণ তেওঁ দুৰাচাৰীবোৰৰ হাতৰ পৰা দৰিদ্ৰ লোকৰ প্ৰাণ উদ্ধাৰ কৰিলে।
14 Okwongʼ chiengʼ mane onywola! Mad odiechiengʼ mane minwa onywola kik gwedhi!
১৪মই যি দিনা জন্মিছিলোঁ, সেই দিন অভিশপ্ত হওঁক। মোৰ মাতৃয়ে যি দিনা মোক প্ৰসৱ কৰিছিল, সেই দিন আশীৰ্ব্বাদহীন হওঁক।
15 Okwongʼ ngʼatno mane okelone wuonwa wach, manomiye obedo gi mor, kowacho, “Nyathi monywolni en wuowi!”
১৫তোমাৰ পুত্ৰ সন্তান জন্মিল বুলি যি মানুহে মোৰ পিতৃক সম্বাদ দি আনন্দ কৰিছিল, তেৱোঁ অভিশপ্ত হওঁক।
16 Mad ngʼatno chal gi mier mane Jehova Nyasaye owito oko maonge ngʼwono. Mad owinj dengo gokinyi kod ywak mar kedo e dier odiechiengʼ tir.
১৬সেই মানুহ, যিহোৱাই ক্ষমা নকৰি উৎপাত কৰা নগৰ কেইখনৰ নিচিনা হওঁক। তেওঁ ৰাতিপুৱা চিঞঁৰ আৰু দুপৰ বেলা উচ্চ-ধ্বনি শুনক।
17 Nimar ne ok onega e ich, ka ii minwa bedo kaka bur miika, noyawre nyaka chiengʼ.
১৭কাৰণ সি গৰ্ভতে মোক মাৰি নেপেলালে; তাকে কৰা হ’লে, মোৰ মাতৃয়েই মোৰ মৈদাম হ’লহেতেন, আৰু তেওঁৰ গৰ্ভ সদায় ভাৰী হৈ থাকিলহেতেন।
18 Angʼo momiyo ne awuok e ich mondo ane thagruok kod lit, kendo atiek odiechiengega e wichkuot?
১৮মোৰ দিন লাজেৰে অন্ত হবৰ বাবে, পৰিশ্ৰম আৰু শোক দেখিবলৈ মই কিয় গৰ্ভৰ পৰা বাহিৰ হলোঁ?”