< Jeremia 16 >
1 Eka wach Jehova Nyasaye nobirona:
১এয়েই যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 “Kik ikendi mondo kik inywol yawuowi kata nyiri ka.”
২বোলে, “তুমি বিবাহ নকৰিবা, এই ঠাইত তোমাৰ পো-জী হবলৈ নিদিবা।”
3 Nimar ma e gima Jehova Nyasaye wacho kuom yawuowi gi nyiri monywol e pinyni kendo kuom mon ma minegi kod chwo ma wuonegi:
৩কিয়নো, এই ঠাইত ওপজা পো-জীৰ বিষয়ে আৰু এই দেশত তেওঁলোকক প্ৰসৱ কৰা মাতৃসকলৰ, আৰু তেওঁলোকক জন্ম দিয়া পিতৃসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
4 “Ginitho gi tuoche maricho richo. Ok nogo nduchgi kata ik bende ok noikgi, to ginichal ka owuoyo manie lowo. Ligangla kod kech noneg-gi, to ringregi nobed chiemb winy mafuyo e kor polo kod le manie piny.”
৪“তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
5 Nimar ma e gima Jehova Nyasaye wacho: “Kik idonj e ot mantiere chiemb liel; kik iywagi bende kik ikechgi, nikech asegolo gwethna, herana kod ngʼwonona kuom jogi.
৫কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে।
6 Joma iwuoro to gi ji ajiya notho e pinyni. Ok noikgi kendo ok noywag-gi, bende onge ngʼama nongʼad dende kata lielo wiye nikech gin.
৬“এই দেশত থকা বৰ আৰু সৰু লোক মৰিব। তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব। আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ ঘা কাট-কুট নকৰিব, বা মূৰ নুখুৰাব।
7 Onge ngʼama nochiw chiemo mondo oogo joma goyo nduch joma otho kata mana newuoro kata miyo bende onge ngʼama nomigi math mondo oogi.
৭লোক সকলে মৃত লোকৰ কাৰণে তেওঁলোকক শান্তনা দিবলৈ শোক কৰোঁতে তেওঁলোকক পিঠা নিবিলাব, নাইবা তেওঁলোকৰ পিতৃ কি মাতৃৰ কাৰণে পান কৰিবলৈ লোক সকলে তেওঁলোকক শান্তনাদায়ক পান-পাত্ৰ নিদিব।
8 “Kendo kik idonj e ot mantiere nyasi ma ibed piny mondo ichiem kendo metho.
৮তুমি তেওঁলোকৰ লগত ভোজন-পান কৰিবৰ অৰ্থে, তেওঁলোকৰ লগত বহিবলৈ ভোজৰ ঘৰত নোসোমাবা।”
9 Nimar ma e gima Jehova Nyasaye Maratego, ma Nyasach Israel, wacho: E ndalo ngimau kendo ka uneno anatiek koko mar ilo kae kod wende mag nyako midhi kendi kod wuowi madhi kendo.
৯কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম।
10 “Ka inyiso jogi gigi duto to gipenji ni, ‘Angʼo momiyo Jehova Nyasaye osechikonwa masira malich ka ma? Angʼo ma wasetimo marach? Richo mane ma wasetimo ne Jehova Nyasaye ma Nyasachwa?’
১০আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’
11 Eka iwachnegi ni Jehova Nyasaye owacho ni, ‘Nikech wuoneu nojwangʼa, mi giluwo bangʼ nyiseche manono mi gitiyonegi kendo lamogi. Ne gikweda kendo ok girito chikna.
১১তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোক ত্যাগ কৰিলে,’ ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।
12 To usebedo joma timbegi mono moloyo wuoneu. Ne kaka ngʼato ka ngʼato kuomu luwo timbe manono mag chuny kar mondo gilwora.
১২আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া।
13 Kuom mano, anawitu oko mar pinyni nyaka e piny ma un kata wuoneu ok osengʼeyo, kendo kanyo unutine nyiseche moko manono odiechiengʼ gi otieno, nimar ok anangʼwon-nu.’”
১৩এই হেতুকে তোমালোকৰ পূৰ্বপুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই, এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম; সেই ঠাইত তোমালোকে দিনে-ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱাপূজা কৰিবা; কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম।
14 Jehova Nyasaye owacho niya, “Kata kamano, ndalo biro, ma dhano ok nochak owachi ni, ‘Akwongʼora gi nying Jehova Nyasaye mangima, manogolo jo-Israel Misri,’
১৪এই হেতুকে চোৱা! এনে কোনো দিনবোৰ আহিছে “যিহোৱাই কৈছে”, সেই দিনা লোকসকলে আৰু নক’ব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত।’
15 to giniwach ni, ‘Akwongʼora gi nying Jehova Nyasaye mangima, manogolo jo-Israel e piny ma yo nyandwat kendo koa e pinje duto kama ne oseriembogie.’ Nimar anadwog-gi e piny mane amiyo kweregi.”
১৫কিন্তু এনেকৈ কব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক উত্তৰ দেশৰ পৰা, আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল, সেই সকলো দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত। মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশ দিছিলোঁ, সেই দেশলৈ পুনৰায় তেওঁলোকক আনিম।
16 Jehova Nyasaye owacho niya, “To anaor jolupo mangʼeny kendo ginimakgi. Bangʼ mano anaor jodwar mangʼeny, kendo ginidwargi e got maduongʼ kod mago matindo kendo e kuonde pondo mokunyore e lwendni.
১৬চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।
17 Wengena ne oneno timbegi duto; ok gipondona, bende richogo ok opondona.
১৭কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে, তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ’ব।
18 Anachulgi nyadiriyo kuom timbegi mamono kod richo mag-gi, nikech gisenjawo pinya kod gigi mopa maonge ngima kendo gisepongʼo girkeni mara gi nyisechegi manono maonge tich.”
১৮মই প্ৰথমে তেওঁলোকৰ অপৰাধ আৰু পাপৰ দুগুন প্ৰতিফল দিম; কিয়নো তেওঁলোকে নিজৰ ঘিণলগীয়া বস্তুৰ শৱেৰে মোৰ দেশ অশুচি কৰিলে, আৰু তেওঁলোকৰ ঘৃণনীয় পদাৰ্থৰে মোৰ আধিপত্য পৰিপূৰ্ণ কৰিলে।
19 Yaye Jehova Nyasaye, in e tekona kod ohingana, kar pondona e ndalo chandruok, in ema ogendini nobi iri koa e tungʼ piny ka tungʼ piny mi giwachi ni, “Wuonewa ne onge gimoro to mana nyiseche manono mag miriambo, nyiseche mopa maonge tich mane ok otimonegi ber moro amora.
১৯হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
20 Bende ji loso nyisechegi giwegi? Ee, to ok gin nyiseche!”
২০যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
21 “Emomiyo anapuonjgi kendo tinendeni anapuonjgi, tekona gi nyalona. Eka giningʼe ni nyinga en Jehova Nyasaye.”
২১এই হেতুকে চোৱা! মই তেওঁলোকক জনাম, মোৰ হাত আৰু মোৰ পৰাক্ৰম তেওঁলোকক একেৰাহে জ্ঞাত কৰাম, তাতে মোৰ নাম যে যিহোৱা, ইয়াকে তেওঁলোকে জানিবলৈ পাব।