< Rapar Mar Chik 16 >
1 Rituru dwe mar Abib kendo utim nyasi mar Pasaka mar Jehova Nyasaye ma Nyasachu, nikech e dwe mar Abib nogolou e piny Misri gotieno.
১আপুনি আবীব মাহ মানিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিব; কিয়নো আবীব মাহতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক মিচৰ দেশৰ পৰা ৰাতি উলিয়াই আনিছিল।
2 Timuru misango mar Pasaka ne Jehova Nyasaye ma Nyasachu gi chiayo mawuok e kweth jambu kata e kweth dhou kama en owuon noyier miluongo e nyinge.
২ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ মেৰ-ছাগ, ছাগ, আৰু গৰুৰ জাকৰ পৰা পশু লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
3 Kik uchame gi makati moketie thowi, to kuom ndalo abiriyo cham makati motedi ma ok oketie thowi, makati mar lit, nikech ne uwuok Misri apoya nono; mondo ndalo duto mag ngimau ubed kuparo ndalo mane uwuok Misri.
৩মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল।
4 Kik thowi moro amora yud kuomu kata e pinyu kuom ndalo abiriyo. Kik uwe ringʼo moro amora motimgo misango odhiambo mar odiechiengʼ mokwongo nindi nyaka kiny.
৪সাদিনলৈকে আপোনালোকৰ সকলো সীমাত, আপোনালোকৰ ওচৰত খমীৰ দেখা নাযাওক; আৰু প্ৰথম দিনক সন্ধ্যাকালত মৰা যি বলি, তাৰ কোনো মাংস ৰাতিপুৱালৈকে গোটেই ৰাতি থকা অৱশিষ্ট নাথাকক।
5 Kik utim misango mar Pasaka, e dala moro amora ma Jehova Nyasaye miyou,
৫ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিব।
6 makmana kama enoyier ne nyinge owuon. Kanyo ema nyaka utime misango mar Pasaka godhiambo, ka chiengʼ dhi podho kuparogo odiechiengʼ mane uwuokie Misri.
৬কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যাবেলা সূৰ্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
7 Buluru misangono kendo uchame kama Jehova Nyasaye ma Nyasachu biro yiero. Bangʼe kochopo okinyi to doguru e hembeu.
৭আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তাক খৰিকাত দি খাব। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাব।
8 Kuom ndalo auchiel chamuru makati ma ok oketie thowi kendo e odiechiengʼ mar abiriyo beduru gi chokruok mar Jehova Nyasaye ma Nyasachu kendo kik uti tich moro amora chiengʼno.
৮আপোনালোকে ছয় দিন খমীৰ নিদিয়া পিঠা খাব; আৰু সপ্তম দিনা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ধৰ্ম-সভা আয়োজন হ’ব, সেই দিনা আপোনালোকে কোনো কাম নকৰিব।
9 Kwanuru jumbe abiriyo ugol koa chiengʼ mane uchako kayoe cham mochungʼ.
৯তাৰ পাছত আপোনালোকে সাত সপ্তাহ লেখ কৰিব। শস্যত প্ৰথমে কাচি লগোৱাৰে পৰা আৰম্ভ কৰি সাত সপ্তাহ গন্তি কৰিব।
10 Bangʼe timuru nyasi mar Sawo mar Jumbe ne Jehova Nyasaye ma Nyasachu kuom golo chiwo mar hera kupimo maromre gi gweth ma Jehova Nyasaye ma Nyasachu osegwedhougo.
১০আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিব।
11 Kendo beduru mamor e kama Jehova Nyasaye ma Nyasachu noyier ni Nyinge kaka kar romo, in gi yawuoti kod nyigi, jotichni machwo gi mamon, jo-Lawi man e miechu, jodak, nyithind kiye, kod mon ma chwogi otho modak e dieru.
১১আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
12 Par nine un wasumbini e piny Misri kendo luwuru chikegi adimba.
১২আৰু আপোনালোক মিচৰ দেশত যে বন্দীত্ব অৱস্থাত আছিল, তাক সোঁৱৰণ কৰিব; আৰু এই সকলো বিধি পালন কৰি সেই মতে কাৰ্য কৰিব।
13 Timuru Sawo mar kiche kuom ndalo abiriyo ka usechoko cham moa kar dino bangʼ keyo kod divai mobi.
১৩পাছত আপোনালোকৰ শস্যমৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, আপোনালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিব।
14 Beduru mamor e sawoni, yawuoti kod nyigi, jotichni machwo gi mamon, jo-Lawi, jodak, nyithind kiye kod mon ma chwogi otho modak e miechu.
১৪আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
15 Kuom ndalo abiriyo timuru sawo ne Jehova Nyasaye ma Nyasachu e kama Jehova Nyasaye owuon noyier. Nimar Jehova Nyasaye ma Nyasachu biro gwedhou e keyo magu duto kendo e tij lweteu duto, mi moru nobed moromo.
১৫যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিব। কিয়নো আপোনালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্যত আৰু হাতেৰে কৰা আটাই কাৰ্যত যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব, আৰু আপোনালোক সকলোভাৱে আনন্দিত হ’ব।
16 Jou machwo duto nyaka chopi e nyim Jehova Nyasaye ma Nyasachu nyadidek e higa ka higa mondo otim sewni adekgo kama en owuon obiro yiero. Sewni adekgo gin Makati ma ok Oketie Thowi, Sawo mar Jumbe kod Sawo mar Kiche. Onge ngʼat manobi e nyim Jehova Nyasaye gi lwete nono.
১৬ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।
17 To ngʼato ka ngʼato kuomu nyaka kel mich maromre gi kaka Jehova Nyasaye osegwedhe.
১৭ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব।
18 Keturu jongʼad bura kod jotend dhoutu e miechu duto ma Jehova Nyasaye ma Nyasachu miyou, to gibiro ngʼado ne jou bura makare.
১৮ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।
19 Kik uketh adiera kata dewo wangʼ ngʼato, kik ukaw asoya, nikech asoya dino wenge joma riek kendo omiyo ngʼat makare bedo ngʼama rach.
১৯আপুনি বলপূর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্মিকৰ কথা ওলোটাই।
20 Luwuru tim makare kendo en kende ema uluwe mondo udagi amingʼa kendo ukaw piny ma Jehova Nyasaye ma Nyasachu miyou.
২০তাতে আপুনি জীয়াই থাকি, আপোনাৰ ঈশ্বৰ যিহোৱাই যি দেশ দিছে, সেই দেশ অধিকাৰ কৰিবলৈ সকলোভাৱে যি ন্যায়, সেই মতে চলিব।
21 Kik uket siro mar Ashera moro amora e bath kendo mar misango ma ugerone Jehova Nyasaye ma Nyasachu,
২১তাত আপুনি আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যি যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিব, তাৰ গুৰিত আচেৰা মুৰ্ত্তি বুলি কোনো প্ৰকাৰৰ কাঠ স্থাপন নকৰিব।
22 kendo kik upa kidi milamo nimar Jehova Nyasaye ma Nyasachu mon kodgi.
২২আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা কোনো স্তম্ভ স্থাপন নকৰিব।