< Rapar Mar Chik 13 >

1 Ka janabi moro kata ngʼat mokoro gik mabiro timore e lek otuch e dieru kendo ohulo wach moro mar hono kod ranyisi,
যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়,
2 kendo ka honono kod ranyisino ma ohulo otimore bangʼe owacho niya, “We walu nyiseche mamokogi (ma gin nyiseche ma ok ungʼeyo) kendo ka owacho ni we walamgi,”
আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ “আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ,”
3 to kik uwinj wach janabino kata jalekno. Jehova Nyasaye ma Nyasachu temou mondo ongʼe ane ka uhere gi chunyu duto kod ngimau duto.
তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে।
4 En Jehova Nyasaye ma Nyasachu kende ema onego uluw kendo en kende ema owinjore umiye luor. Rituru chikene, luoreuru, tineuru kendo upadru kuome.
আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব।
5 Janabino kata jalekno nyaka negi nimar opuonjo tim ngʼanyo ne Jehova Nyasaye ma Nyasachu mane oresou kagolou Misri kaka wasumbini; kendo osetemo golou e yore mane Jehova Nyasaye ma Nyasachu ochikou mondo uluw. Tim marachni nyaka ugol e dieru.
তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে; সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব।
6 Ka dipo owadu hie, wuodi, nyari kata chiegi mihero kata osiepni migeno hoyi lingʼ-lingʼ kawachoni niya, “We wadhi mondo walam nyiseche mamoko” (ma gin nyiseche ma in kata kwereni ne ok ongʼeyo;
যদি আপোনাৰ নিজৰ ভাই বা আপোনাৰ ল’ৰা কি ছোৱালী নাইবা প্রিয় ভার্যা কি আপোনাৰ প্রাণৰ বন্ধুৱে আপোনাক বিপথে নিবৰ কাৰণে যিসকল দেৱতাক আপোনালোকে আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলে নাজানে, সেইসকলৰ বাবে গোপনে প্রবৃত্তি দি কয় যে, ব’লা, আমি গৈ আন দেৱতাৰ পূজা কৰোঁ;
7 ma gin nyiseche mag ogendini mokiewo kodu, bed ni gin machiegni kata mabor, kochakore e bath piny konchiel nyaka komachielo);
পৃথিৱীৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত আপোনাৰ চাৰিওফালৰ ওচৰৰ বা দূৰৈৰ লোকসকলে যাক সেৱা কৰে, তেনে যি কোনো দেৱতাৰ পূজা কৰে,
8 to kik iyie olok pachi kata winjo wachne. Kik itimne ngʼwono moro amora kendo kik iluwe kata pande.
তেন্তে আপোনালোকে সেই মানুহৰ কথাত সন্মত নহ’ব আৰু তেওঁৰ কথালৈ কাণ নিদিব; তেওঁলৈ দয়া নেদেখুৱাব; কৃপাও নকৰিব আৰু তেওঁক লুকুৱাই নাৰাখিব।
9 Nyaka inege kendo lweti owuon ema okuong tere e tho. Bangʼe lwet ji moko duto bende otim kamano.
কিন্তু অৱশ্যেই সেই জনক বধ কৰিব। তেওঁক বধ কৰিবলৈ আপুনি নিজৰ হাতেৰেই আৰম্ভ কৰিব; তাৰ পাছত সকলোৱে যোগ দিব।
10 Chieleuru gi kite nyaka otho, nimar otemo golou kuom Jehova Nyasaye ma Nyasachu, mane ogolou Misri e piny mane unie wasumbini.
১০যিজনে আপোনালোকক মিচৰ দেশৰ বন্দীত্বৰ গৃহৰ পৰা উলিয়াই আনিলে; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পাছত চলাৰ পৰা আপোনালোককএফলীয়া কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁক আপোনালোকে শিল দলিয়াই হত্যা কৰিব।
11 Eka jo-Israel nowinj wachno mabed giluoro, to onge ngʼato kuomu kendo manotim gima rachno kendo.
১১তাতে ইস্ৰায়েলীয়া সকলে সেই কথা শুনি ভয় খাব আৰু আপোনালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব।
12 Ka iwinjo ka iwacho e achiel kuom miechu ma Jehova Nyasaye ma Nyasachu miyou mondo udagie
১২আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ আপোনালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পায় যে:
13 ni joma timbegi mono osedonjo e miechgi ma osewuondo ji mangʼeny kuondego kawachonegi niya, “Wadhiuru walam nyiseche mamoko” (ma gin nyiseche ma ok usengʼeyo),
১৩সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।”
14 to wachno nyaka unon matut ahinya ka en adieri. Ka osenwangʼo kamano ni gima kwero osetimore e dieru,
১৪তেনেকুৱাই যদি হয়, তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে,
15 to nyaka uneg jogo duto modak e dalano gi ligangla. Neg-giuru duto kaachiel gi jambgi.
১৫তেন্তে আপোনালোকে তৰোৱালৰ ধাৰেৰে সেই নগৰ-নিবাসীসকলক প্ৰহাৰ কৰি, পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালেৰে নিঃশেষে বিনষ্ট কৰিব।
16 Chokuru gik moyaki dalano kendo uketgi e laru mi uwangʼ-gi kaka misango miwangʼo pep ne Jehova Nyasaye ma Nyasachu. Nyaka odongʼ gunda ma ok nochak ger.
১৬সেই ঠাইৰ সকলো লুটদ্ৰব্য আপোনালোকে নগৰৰ চকৰ মাজত গোটাই সেই নগৰ আৰু তাৰ লুটদ্ৰব্যৰ সকলোবোৰ নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে জুইত পুৰিব; সেই নগৰ চিৰকালৰ কাৰণে যেন ভগ্নাৱশেষ হৈ থাকিব; তাক পুনৰায় কেতিয়াও সজা নহ’ব।
17 Gik mamonogo kik yud e lwetu eka mirima mager mar Jehova Nyasaye norum, mi notimnu ngʼwono kendo ununyaa kaka nosingore ne kwereu.
১৭যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব।
18 Nikech uluoro Jehova Nyasaye ma Nyasachu, kurito chikene duto ma amiyi kawuono kendo ka utimo gik makare e wangʼ Jehova Nyasaye.
১৮তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’ব।

< Rapar Mar Chik 13 >