< 2 Samuel 23 >
1 Magi e weche Daudi mogik: Weche mag Daudi wuod Jesse, weche ngʼat motingʼ malo gi Ngʼat Mamalo Mogik, ngʼat mowir gi Nyasach Jakobo, jawer wende mag Israel.
১এয়ে দায়ূদৰ শেহতীয়া কথা। যিচয়ৰ পুত্ৰ দায়ুদ, উচ্চ সন্মানীয় পুৰুষ, যাকোবৰ ঈশ্বৰৰ দ্বাৰাই অভিষিক্ত এজন, এজন ইস্ৰায়েলৰ মধুৰ স্তুতি গীত গাওঁতা৷
2 Roho mar Jehova Nyasaye nowuoyo kotiyo koda, wechene ne ni e dhoga.
২“মোৰ দ্বাৰাই যিহোৱাৰ আত্মাই কথা ক’লে, তেওঁৰ বাক্য মোৰ জিভাত আছিল৷
3 Nyasach Israel nowuoyo; Lwanda mar Israel nowachona ni: Ka ngʼato otelo ni ji e yo makare, kendo ka olocho koluoro Nyasaye,
৩ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
4 to ochalo gi ler mar okinyi ka chiengʼ wuok, okinyi maonge boche polo, machalo gi ler polo bangʼ chue koth mamiyo lum loth.
৪তেওঁ সূৰ্য উদয় হোৱা কালৰ সেই প্ৰভাতৰ দীপ্তিস্বৰূপ, মেঘ নথকা প্ৰভাত সদৃশ, যেতিয়া পৃথিৱীত তৃণ গজে, বৰষুণৰ পাছত সূৰ্যৰ কিৰণৰ দ্বাৰাই।
5 Donge oda nikare e nyim Nyasaye? Donge Osesingore koda gi singruok mochwere, mochan kendo morit chuth? Donge obiro kelo olemb warruokna kendo miya gik ma chunya dwaro duto?
৫স্বৰূপেই ঈশ্বৰৰ সন্মুখত মোৰ বংশ তেনে নহয় নে? কিয়নো তেওঁ মোৰ লগত এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ শৃঙ্খলাযুক্ত আৰু সত্য? কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মঙ্গল তেওঁ বৃদ্ধি নকৰিব নে?
6 To joma richo ibiro wit tenge ka kuthe ma ok nyal chok gi lwedo.
৬কিন্তু আটাই দুষ্ট লোক পেলাব লগা কাঁইট স্বৰূপ, কিয়নো সেইবোৰক হাতেৰে ধৰিব নোৱাৰি৷
7 Ngʼama choko kuthe konyore gi gima olos gi nyinyo kata gi ragwar, kendo wangʼogi kama ochokgie.
৭কিন্তু যি মানুহে তেওঁলোকক চুব, তেওঁ লোহা আৰু বৰছাৰ কুৰা হাতত লব লাগিব৷ পাছত তেওঁলোক থকা ঠাইতে তেওঁলোকক জুইৰে নিচেইকৈ পুৰা যাব’।”
8 Magi e nyinge thuondi mag Daudi: Josheb-Bashebeth ja-Takemon, ne thuon kuom thuondi adek; nokawo tongʼe monegogo ji mia aboro e lweny dichiel.
৮দায়ূদৰ যি সকল বীৰ আছিল, তেওঁলোকৰ নাম এই। তথমোনীয়া যোচেব-বচেবৎ সেনাপতি সকলৰ অধ্যক্ষ৷ তেওঁ একে সময়তে আঠ শ লোকক বধ কৰিলে।
9 Ngʼat maluwe ne en Eliazar wuod Dodai ma ja-Ahohi. Kaka achiel kuom thuondi adek, ne en gi Daudi kane gijaro jo-Filistia mano chokore Pas Damim ne lweny. Eka jolwenj Israel noringo,
৯তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ; দায়ূদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন৷ যিজন যুদ্ধলৈ গোট খোৱা পলেষ্টীয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইস্ৰায়েল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত দায়ূদৰ লগত আছিল৷
10 to en nochungʼ kar tiende mi nonego jo-Filistia nyaka bade nojony ma lwete omoko e ligangla. Jehova Nyasaye nokelo loch maduongʼ chiengʼno, jolweny noduogo ir Eliazar to mana ni yako gige joma otho.
১০ইলিয়াজে উঠি হাত শ্ৰান্ত নোহোৱামানলৈকে পলেষ্টীয়াসকলক প্ৰহাৰ কৰি আছিল। যিদিনালৈকে তৰোৱালখন তেওঁৰ হাতত লাগি ৰ’ল; সেই দিনাই যিহোৱাই মহানিস্তাৰ আনিলে, আৰু লোকসকলে কেৱল লুট কৰিবলৈ ইলিয়াজৰ পাছে পাছে গ’ল।
11 Maluwe ne en Shama wuod Agee ma ja-Harar. Kane jo-Filistia ochokore kama ne nitie puoth ngʼor, jo-Israel noringogi.
১১আৰু তেওঁৰ পাছত হৰাৰীয়া আগিৰ পুত্ৰ চম্পা আছিল। যি ঠাইত মচুৰ মাহৰ খেতি আছিল, সেই ঠাইতে পলেষ্টীয়াসকলে গোট খাই দল পাতিছিল আৰু সৈন্যসকল ফিলিষ্টীয়াসকলৰ আগৰ পৰা পলাইছিল৷
12 To Shama nochungʼ kar tiende e dier puodhono. Norite monego jo-Filistia, kendo Jehova Nyasaye nokelo loch maduongʼ.
১২কিন্তু চম্পা খেতিৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক বধ কৰিলে; এইদৰে যিহোৱাই মহা-নিস্তাৰ আনিলে।
13 E kinde mag keyo, adek kuom thuondi piero adek madongo nobiro ir Daudi e rogo man Adulam, ka jolweny mag jo-Filistia to nojot e Holo mar Refaim.
১৩ত্রিশজন সৈন্যৰ মাজৰ তিনি জন লোক শস্য দোৱা সময়ত অদুল্লম গুহাত থকা দায়ূদৰ ওচৰলৈ গ’ল৷ তেতিয়া পলেষ্টীয়াসকলৰ দলে ৰফায়ীম উপত্যকাত ছাউনি পাতি আছিল।
14 E kindeno Daudi nopondo e rogo kendo jo-Filistia to nochokore Bethlehem.
১৪সেই কালত দায়ুদ দৃঢ় সংৰক্ষিত এটা গুহাত আছিল, আৰু তেতিয়া পলেষ্টীয়াসকলৰ প্ৰহৰী সৈন্যদলে বৈৎলেহেমত প্ৰতিষ্ঠা কৰিছিল।
15 Daudi riyo noloyo mowacho niya, “Yaye mad ne ngʼato kelnae pi soko man but ranga Bethlehem mondo amodhi!”
১৫পাছত দায়ূদে পানীৰ বাবে বৰ হাবিয়াহ কৰি ক’লে, “অহ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পৰা পানী খাবলৈ আনি দিয়া হ’লে, মই কেনে ভাল পালোঁহেঁতেন!”
16 Eka thuondi adekgo nomwomo kama jolwenj jo-Filistia nochanore mi gitwomo pi e soko mane nitie but ranga Bethlehem kendo giterone Daudi. To notamore modho pigno, to kar modhe to noologo piny e nyim Jehova Nyasaye.
১৬তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
17 Nowacho niya, “Yaye Jehova Nyasaye, ok datim ma ngangʼ! Donge ma en remb joma nodhi ka ok odewo ngimagi?” Kendo Daudi ne ok omodho pigno. Mago e gik mane thuondi adekgo otimo.
১৭তেতিয়া তেওঁ ক’লে, “হে যিহোৱা, এনে কার্য মোৰ পৰা দূৰ হওঁক, যে ইয়াক মই পান কৰিম, এয়ে জানো আচলতে নিজ প্ৰাণ লৈ যোৱা লোকসকলৰ তেজ নহয়?” এই কাৰণে তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে। সেই বীৰ তিনিজনেই এই ক্ষমতাশালী কৰ্ম কৰিছিল।
18 Abishai owadgi Joab wuod Zeruya ne en thuon moloyo thuondi adekgo. Nokawo tongʼe monego ji mia adek, kendo nomiyo obedo gi huma mana kaka thuondi adek ka.
১৮আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়, এই তিনিজনৰ ওপৰত সেনাধ্যক্ষ আছিল৷ এবাৰ তেওঁ তিনি শ লোকৰ বিৰুদ্ধে নিজৰ বৰছা চলাই সিহঁতক বধ কৰিছিল৷ আৰু তিনি জনৰ মাজত প্ৰায়েই তেওঁৰ নাম হৈছিল।
19 Donge noyudo pak mathoth moloyo thuondi adekgo? Nobedo jatendgi kata obedo nine ok en achiel kuomgi.
১৯তেওঁ জানো সেই তিনি জনৰ মাজত অধিক মৰ্য্যদা পোৱা লোক নহয়? এই হেতুকে তেওঁ তেওঁলোকৰ ওপৰত সেনাধ্যক্ষ হ’ল৷ তথাপিও তেওঁ এই প্ৰথম তিনি জনৰ সমানে প্ৰখ্যাত হোৱা নাছিল।
20 Benaya wuod Jehoyada ne jalweny mathuon moa Kabzel, notimo timbe madongo. Nonego ji ariyo mag Moab mane ger ka sibuor. Chiengʼ moro nodonjo e bur ka piny otimo pe mi onego sibuor.
২০এজন কবচেলীয়া বীৰপুৰুষ, যিহোয়াদাৰ পুত্ৰ যি বনায়া, তেওঁ অনেক মহৎ কাৰ্য কৰিছিল৷ তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুতেকক বধ কৰিছিল৷ তাৰ বাহিৰেও হিম পৰা কালত তেওঁ গৈ গাতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল।
21 Bende en ema nonego ja-Misri marabet. Kata nobedo ni ja-Misrino ne nigi tongʼ e lwete, Benaya nodhi kedo kode kotingʼo arungu. Noyudho tongʼ e lwet ja-Misrino monege gi tonge owuon.
২১আৰু তেওঁ এজন বৰ সুন্দৰ মিচৰীয়াক বধ কৰিছিল৷ সেই মিচৰীয়াৰ হাতত এপাত বৰছা আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ সৈতে যুঁজিছিল৷ তেওঁ মিচৰীয়াজনৰ হাতৰ পৰা বৰছাপাত কাঢ়ি লৈ, তেওঁৰ বৰছাৰেই তেওঁক বধ কৰিলে।
22 Mago e timbe mag thuon mane Benaya wuod Jehoyada otimo, en bende ne en rahuma ka thuondi adek ka.
২২যিহোয়াদাৰ পুত্ৰ বনায়াই এই বীৰত্বপূৰ্ণ কাৰ্যবোৰ কৰিলে আৰু তেওঁ সেই তিনি জন বীৰৰ লগে লগে তেওঁৰো নাম হ’ল।
23 Nomiye luor maduongʼ moloyo thuondi piero adekgo, to kata kamano ne ok en achiel kuom thuondi adekgo madongo. Daudi nokete jatend jolweny mane rite.
২৩তেওঁ ত্ৰিশ জনকৈ অধিক মৰ্য্যদা পোৱা হ’ল যদিও তেওঁ প্ৰথম তিনি জনৰ সমান হোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ গা-ৰক্ষীয়া সৈন্যদলৰ ওপৰত অধ্যক্ষ পাতিলে।
24 Ji duto mane ni e kwan mar jolweny mathuondi piero adek ne gin: Asahel owadgi Joab, Elhanan wuod Dodo ma ja-Bethlehem,
২৪যোৱাবৰ ভায়েক অচাহেল ত্ৰিশ জনৰ মাজৰ এজন আছিল; বৈৎলেহেমীয়া দোদৰ পুত্ৰ ইলহানন,
25 Shama ja-Harod, gi Elika ja-Harod.
২৫হৰোদীয়া চম্মা, হৰাদীয়া ইলীকা,
26 Helez ja-Palti, gi Ira wuod Ikesh ma ja-Tekoa,
২৬পলটীয়া হেলচ, তাকোইয়া ইক্কেচৰ পুত্ৰ ঈৰা,
27 Abiezer ma ja-Anathoth, Sibekai ma ja-Hushath,
২৭অনাথোতীয়া অবীয়েজৰ, হূচাতীয়া মবুন্নয়,
28 Zalmon ma ja-Ahohi, Maharai ma ja-Netofath,
২৮অহোহীয়া চলমোন, নটোফাতীয়া মহৰয়;
29 Heled wuod Baana ma ja-Netofath, Ithai wuod Ribai mawuok Gibea e piny Benjamin,
২৯নটোফাতীয়া বানাৰ পুত্ৰ হেলেব, বিন্যামীনৰ সন্তান সকলৰ গিবিয়া-নিবাসী ৰীবয়ৰ পুত্ৰ ইত্তয়,
30 Benaya ja-Pirathon, gi Hidai moa e holo man Gash,
৩০পিৰাথোনীয়া বনায়া, গাচ উপত্যকা-নিবাসী হিদ্দয়৷
31 Abi-Albon ja-Arbath, gi Azmaveth ja-Barhum,
৩১অৰ্বাতীয়া অবীঅলবোন, বৰ্হূমীয়া অজমাবৎ,
32 Eliaba ja-Shalbon, gi yawuot Jashen, Jonathan
৩২চালবোনীয়া ইলিয়হবা, বনে-যাচনেৰ পুত্ৰসকল যোনাথন;
33 wuod Shama ja-Harar, gi Ahiam wuod Sharar ma ja-Harar,
৩৩হৰাৰীয়া চম্মা, অৰাৰীয়া চাৰৰৰ পুত্ৰ অহীয়াম,
34 Elifelet wuod Ahasbai ja-Maaka gi Eliam wuod Ahithofel ja-Gilon,
৩৪মাখাথীয়া অহচবয়ৰ পুত্ৰ ইলীফেলট, গিলোনীয়া অহীথোফলৰ পুত্ৰ ইলীয়াম,
35 Hezro ja-Karmel gi Parai ja-Arbi.
৩৫কৰ্মিলীয়া হিষো, অৰ্বীয়া পাৰয়,
36 Igal wuod Nathan moa Zoba, gi Bani wuod Hagri,
৩৬চোবা নিবাসী নাথনৰ পুত্ৰ ঈগাল, গাদীয়া গোষ্ঠীৰ বানী,
37 Zelek ja-Amon, Naharai ja-Beeroth mane jatingʼ gige lweny mag Joab wuod Zeruya,
৩৭অম্মোনীয়া চেলক, আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহন বেৰোতীয়া নহৰয়,
38 Ira ja-Ithri gi Gareb ma ja-Ithri,
৩৮যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
39 kod Uria ja-Hiti. Giduto ne gin ji piero adek gabiriyo.
৩৯আৰু হিত্তীয়া ঊৰিয়া; সৰ্ব্বমুঠ সাতত্ৰিশ জন।