< 2 Samuel 17 >
1 Ahithofel nowachone Abisalom niya, “Kane bed ni an in, to dine ayiero ji alufu apar gariyo kendo awuokgo otieno ma kawuononi mondo alaw Daudi;
১তাৰ পাছত অহীথোফলে অবচালোমক ক’লে, “মোক আপুনি বাৰ হাজাৰ লোকক বাচি ল’ব দিয়ক আৰু মই আজি ৰাতিয়েই উঠি গৈ দায়ূদৰ পিচত খেদি যাওঁ৷
2 mi amonje kapod ool kendo onyosore. Anami kihondko malich make mi ji duto man kode ring weye. Daneg mana ruoth kende
২যেতিয়া তেওঁ ক্লান্ত আৰু দুৰ্বল হোৱা যেন দেখিম, মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম৷ তাতে তেওঁৰ লগৰ সকলো মানুহ পলাই যাব আৰু মই অকল ৰজাকহে বধ কৰিম৷
3 eka aduog ji duto iri. Ka ngʼat midwaro ngimaneni otho; to ji duto noduog maonge ngʼama nohinyre.”
৩এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম যি দৰে এজনী কন্যা তেওঁৰ স্ৱামীৰ ওচৰলৈ আহে৷ তাতে সকলো লোক আপোনাৰ অধীনত শান্তিৰে থাকিব।”
4 Wachni ne nenore ni ber ne Abisalom gi jodong Israel duto.
৪তেতিয়া অহীথোফলৰ এই কথাত অবচালোম আৰু ইস্ৰায়েলৰ সকলো বৃদ্ধ লোকে সন্তোষ পালে।
5 To Abisalom nowacho niya, “Luonguru Hushai ja-Arki, mondo en bende wawinj gima owacho.”
৫তেতিয়া অবচালোমে ক’লে, “এতিয়া অৰ্কীয়া হূচয়ক মাতা আৰু তেওঁ কি কয় সেই বিষয়ে আমি শুনো।”
6 Kane Hushai osebiro ire, Abisalom nowacho niya, “Ma e rieko mane Ahithofel osengʼado. Owinjore watim kamano koso? To ka ok kamano to kare nyiswa ane kaka iparo.”
৬যেতিয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া অবচালোমে তেওঁক অহীথোফলে কোৱা কথাষাৰ বুজাই ক’লে আৰু হূচয়ক সুধিলে বোলে, “অহীথোফলে যি কথা ক’লে আমি সেইদৰে কৰিম নে? যদি কৰিব নালাগে, তেনেহ’লে আপুনিয়েই আমাক পৰামর্শ দিয়ক।”
7 Hushai nodwoko Abisalom niya, “Rieko ma Ahithofel ongʼado kawuononi ok ber.
৭তেতিয়া হূচয়ে অবচালোমক ক’লে, “অহীথোফলে এইবাৰ দিয়া দিহা ভাল নহয়।”
8 Ingʼeyo ni wuonu gi joge gin jolweny, bende gin joma ger mana ka ondiek moma nyithinde. Bende nyaka ingʼe ni wuonu en jalweny mongʼith; ok obi nindo kama jolweny nindoe.
৮হূচয়ে আৰু ক’লে, “আপুনি জানে যে আপোনাৰ পিতৃ আৰু তেওঁৰ লোকসকল বীৰ যোদ্ধা আৰু তেওঁলোকৰ খং পোৱালি কাঢ়ি নিয়া হাবিৰ ভালুকৰ দৰে ৷ আপোনাৰ পিতৃ এজন যুদ্ধাৰু; তেওঁ সৈন্যসকলৰ লগত আজি ৰাতি নাথাকিব৷
9 Kata mana sani koro osepondo e bur moro kata mana kamachielo; kipo ni en ema okwongo omonjo jogi, ngʼato angʼata mowinjo wachno biro wacho ni, ‘Oseneg jolweny mag Abisalom.’
৯চাওঁক, এতিয়া তেওঁ হয়তো কোনো এটা গাতত নাইবা আন কোনো ঠাইত লুকাই আছে৷ তেতিয়া এনে ঘটিব যে, আৰম্ভতে তোমাৰ লোকসকলৰ মাজত কেইজনমান লোক পতিত হ’ব আৰু তেতিয়া সেই বিষয়ে শুনা লোকসকলে ক’ব বোলে, ‘অবচালোমৰ পাছত যাওঁতা লোকসকলৰ মাজত হত্যা হৈছে।’
10 Kata mana jalweny ma jachir ma chunye chalo gi chuny sibuor, biro kirni ka luoro ohewe, nimar Israel duto ongʼeyo wuonu ni en jalweny kendo ni ji man kode gin jochir.
১০সেই সময়ত যি সকল সাহিয়াল লোক, যি সকলৰ সাহস সিংহৰ নিচিনা, তেওঁলোকো পমি যাব কাৰণ আপোনাৰ পিতৃ যে এজন বীৰ পুৰুষ আৰু তেওঁৰ লগৰ লোকসকলো যে সাহিয়াল, সেই বিষয়ে সকলো ইস্ৰায়েলে জানে।
11 “Kuom mano an angʼadoni rieko kama: Chok jo-Israel duto, chakre Dan nyaka Bersheba gin joma ngʼeny ka kwoyo man e dho nam, to in mondo itel nyimgi ka ukedo.
১১কিন্তু মই এই পৰামৰ্শ দিওঁ যে দানৰে পৰা বেৰ-চেবালৈকে, সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্যক ইস্ৰায়েলক আপোনাৰ আগত গোট খুউৱা হওঁক আৰু যেন আপুনি নিজেও যুদ্ধলৈ যাওঁক।
12 Eka wanamonje kamoro amora minyalo yude kendo wanapodh kuome mana ka thoo momoko e lum maonge ngʼato kuomgi kata achiel manowe kangima.
১২তেতিয়া যি কোনো ঠাইত তেওঁক পোৱা যাব, সেই ঠাইতে আমি তেওঁৰ গুৰিত উপস্থিত হৈ, মাটিত নিয়ৰ পৰাৰ দৰে তেওঁৰ ঢাকি ধৰিল৷ তাতে তেওঁক আৰু তেওঁৰ লগত যোৱা মানুহৰ মাজৰ কোনো এজনকো অৱশিষ্ট নাৰাখিম।
13 Kaponi odhi mopondo e dala moro, to jo-Israel duto nokel tonde e dalano kendo wanaywa ohinga mar dalano mi wamuke kwatere e holo ma kata mana bathe matin ok noyudi.”
১৩যদি তেওঁ কোনো নগৰত আশ্ৰয় লয়, তেন্তে গোটেই ইস্ৰায়েলে সেই নগৰলৈ জৰী আনিব আৰু আমি সেই নগৰখন বান্ধি, জুৰিলৈকে তাক এনেধৰণে টানি লৈ যাম যে সেই ঠাইত এটি সৰু শিলো নাথাকিব৷”
14 Abisalom kod ji duto mag Israel nowacho niya, “Rieko mar Hushai ja-Arki ber moloyo mar Ahithofel.” Nimar Jehova Nyasaye noramo ni nyaka oroch rieko maber mane Ahithofel ongʼado mondo okelni Abisalom masira.
১৪তেতিয়া অবচালোম আৰু ইস্ৰায়েলৰ লোকসকলে ক’লে, “অহীথোফলৰ পৰামৰ্শতকৈ অৰ্কীয়া হূচয়ৰ দিহাই উত্তম।” কিয়নো অবচালোমৰ ওপৰত অমঙ্গল ঘটাবৰ কাৰণে অহীথোফলৰ উত্তম পৰামৰ্শ ব্যৰ্থ কৰিবলৈ যিহোৱাই সেই বিষয়ে থিৰ কৰিছিল।
15 Hushai nonyiso Zadok gi Abiathar, ma jodolo niya, “Ahithofel osengʼado rieko ni Abisalom gi jodong Israel mondo otim ma gi macha, to an bende asengʼado rieko mondo gitim mana kama.
১৫তাৰ পাছত হূচয়ে চাদোক আৰু অবিয়াথৰ এই দুজন পুৰোহিতক ক’লে, “অহীথোফলে অবচালোমক আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক এনে-তেনে পৰামৰ্শ দিছিল কিন্তু মই হ’লে অন্য পৰামৰ্শ দিলোঁ।
16 Koro oruru wach piyo piyo mondo unyis Daudi ni, ‘Kik inindi e dho wath manie thim; to nyaka ingʼadi idhi loka machielo nono to ruoth gi joma ni kode notieki.’”
১৬এতেকে তোমালোকে বেগাই দায়ূদৰ ওচৰলৈ মানুহ পঠিয়াই তেওঁক কোৱা যে, ‘আপুনি আজি ৰাতি আৰাবাহ’ৰ মৰুপ্ৰান্তৰ পাৰ ঘাটত নাথাকিব কিন্তু কোনো প্ৰকাৰে সেই ঠাই পাৰ হৈ যাব, নহ’লে মহাৰাজ আৰু আপোনাৰ লগৰ সকলো লোক গ্ৰাসিত হ’ব’।”
17 Jonathan gi Ahimaz ne ni En Rogel. Nyako moro ma jatich ne onego ternegi wach, to gin ne giterone ruoth Daudi nikech ne ok gidwar ni ngʼato onegi ka gidonjo e dala maduongʼno.
১৭সেই সময়ত যোনাথন আৰু অহীমাচ অয়িন-ৰোগেলৰ জুৰিত বাস কৰি আছিল; তাতে এগৰাকী দাসীয়ে গৈ গৈ তেওঁলোকক বাতৰিসমূহ দিছিল৷ এইদৰে তেওঁলোকে দায়ুদ ৰজাৰ ওচৰত বাতৰি দিবলৈ যায় যাতে তেওঁলোকক নগৰত সোমোৱা কোনো লোকে দেখা নাপায়।
18 To kata kamano rawera moro nonenogi mowacho ni Abisalom. Omiyo ji ariyogi nowuok piyo kendo negidhi Bahurim e od ngʼat moro. Ne en gi soko e laru mare, kendo negidonjo e iye.
১৮কিন্তু এইবাৰ এজন যুৱকে তেওঁলোকক দেখি অবচালোমৰ আগত জনালে৷ তেতিয়া যোনাথন আৰু অহীমাচ দুয়ো শীঘ্ৰে গুচি গৈ, বহূৰীমত থকা এজন মানুহৰ ঘৰত উপস্থিত হ’ল। সেই জন মানুহৰ চোতালত এটা নাদ আছিল আৰু দুয়ো সেই নাদলৈ নামি গ’ল।
19 Chi ngʼatno nokawo gimoro ma oumogo soko bangʼe ne omoyo cham e wiye. To onge ngʼama nofwenyo sokono.
১৯তেতিয়া সেই মানুহ জনৰ পত্নীয়ে নাদৰ মুখত কাপোৰ এখন পাৰি, তাৰ ওপৰত খৰচিয়া পিঠাগুৰি মেলি দিলে; তাতে যোনাথন আৰু অহীমাচ সেই নাদত থকা বুলি কোনেও নাজানিলে।
20 Kane jo-Abisalom obiro e od dhakoni, negipenje niya, “Ere Ahimaz gi Jonathan?” Dhakono nodwoko niya, “Ne gisengʼado aora.” Jogi nodwero to ne ok giyudo ngʼato, mine gidok Jerusalem.
২০পাছত অবচালোমৰ দাসবোৰে সেই ঘৰৰ মহিলা গৰাকীৰ ওচৰলৈ গৈ সুধিলে, “অহীমাচ আৰু যোনাথন ক’ত আছে?” তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁলোকক ক’লে, “তেওঁলোক নদীখন পাৰ হৈ গ’ল৷” তাতে সেই ঠাইত তেওঁলোক দুয়োকে বিচাৰি নাপাই যিৰূচালেমলৈ ঘূৰি আহিল।
21 Ka jogo nosedhi, ji ariyogi nowuok e soko mi gidhi gitero ni ruoth Daudi wach. Negiwachone niya, “Wuogi ingʼad aora piyo, Ahithofel osengʼado rieko machal kama kuomi.”
২১তেওঁলোক গুচি যোৱাৰ পাছত যোনাথন আৰু অহীমাচ নাদৰ বাহিৰলৈ উঠি আহিল৷ তাৰ পাছত দুয়ো দায়ুদ ৰজাক বাতৰি দিবলৈ গ’ল৷ তেওঁলোকে তেওঁক ক’লে, “আপোনালোক উঠক আৰু বেগাই পানীখিনি পাৰ হৈ যাওঁক কিয়নো অহীথোফলে আপোনালোকৰ বিৰুদ্ধে এনে-তেনে পৰামৰ্শ দিলে।”
22 Omiyo Daudi gi ji duto mane ni kode nowuok mongʼado aora Jordan. Kane piny yawore to ne onge ngʼat modongʼ kapok ongʼado Jordan.
২২তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ সকলোৱে উঠি যৰ্দ্দন পাৰ হ’ল৷ ৰাতিপুৱালৈ যৰ্দ্দন পাৰ নোহোৱাকৈ তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিল।
23 Kane Ahithofel oneno ni rieko mane ongʼado ok oluw, noidho pundane modok dalagi e ode. Noloso weche mag ode; bangʼe ne odere. Omiyo notho moike e bur wuon mare.
২৩পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
24 Daudi nodhi Mahanaim, to Abisalom nongʼado aora Jordan kod jo-Israel duto.
২৪তাৰ পাছত দায়ূদে মহনয়িমত আহিল৷ অবচালোমে হ’লে সকলো ইস্ৰায়েল লোকৰ সৈতে যৰ্দ্দন পাৰ হ’ল।
25 Abisalom noseketo Amasa mondo otel ni jolweny kar Joab. Amasa ne wuod ngʼat moro miluongo ni Jetha, ja-Israel mane okendo Abigael, nyar Nahash mane nyamin Zeruya ma min Joab.
২৫তেতিয়া অবচালোমে যোৱাবৰ সলনি অমাচাক প্ৰধান সেনাপতি পাতিলে। অমাচা ইস্ৰায়েলীয়া যিথ্ৰা নামেৰে এজন মানুহৰ পুত্ৰ আছিল৷ সেই মানুহ জনে যোৱাবৰ মাক চৰূয়াৰ ভনীয়েক নাহচৰ জীয়েক অবীগলত গমণ কৰিছিল।
26 Jo-Israel gi Abisalom nojot e piny Gilead.
২৬তাৰ পাছত ইস্ৰায়েল আৰু অবচালোমে গিলিয়দ দেশত ছাউনি পাতিলে।
27 Kane Daudi obiro Mahanaim, Shobi wuod Nahash maa Raba e piny jo-Amon, gi Makir wuod Amiel maa Lo Debar, gi Barzilai ma ja-Gilead maa Rogelim,
২৭যি সময়ত দায়ূদে মহনয়িমত আহিছিল, অম্মোনৰ সন্তানসকলৰ ৰব্বাত থকা নাহচৰ পুত্ৰ চোবীয়ে, লো-দবৰাত থকা অম্মীয়েলৰ পুত্ৰ মাখীৰে আৰু ৰোগেলীমত থকা গিলিয়দীয়া বৰ্জ্জিলয়ে দায়ূদৰ আৰু তেওঁৰ লগৰ লোকসকলৰ কাৰণে
28 nokelo gige nindo gi bakunde to gi gik mochwe gi lowo. Bende negikelo ngano gi shairi, mogo gi cham molodi, oganda gi ngʼor,
২৮শয্যা, চৰিয়া, মাটিৰ পাত্ৰ, ঘেঁহু, যৱ, আটাগুৰি, ভজা শস্য, লেচেৰা মাহ, মচুৰ মাহ, ভজামাহ,
29 mor kich gi chak mopoto, rombe, cha dhiangʼ mopoto mongʼin ni Daudi gi joge mondo ocham. Nimar negiwacho niya, “Jogi osebedo mool kendo riyo ohewogi e thim.”
২৯মৌ, মাখন, মেৰৰ জাক আৰু গৰু গাখীৰৰ পনিৰ আনিলে৷ এই লোকসকলে কৈছিল যে, “লোকসকলে মৰুপ্ৰান্তত ক্ষুধাতুৰ, শ্ৰান্ত, আৰু তৃষ্ণাতুৰ হৈছে।”