< 2 Samuel 14 >
1 Joab wuod Zeruya nongʼeyo ni chuny ruoth gombo Abisalom.
১পাছত চৰূয়াৰ পুত্ৰ যোৱাবে ৰজাৰ মন অবচালোমৰ প্ৰতি থকা বুজি,
2 Omiyo Joab nooro ngʼat moro Tekoa mi okelne dhako moro mariek koa kuno. Nowachone niya, “Wuondri ni ikuyo. Rwak lep ywak kendo kik iwirri gi mo del. Chal ka dhako mosebet ka ywago ngʼate motho kuom ndalo mangʼeny.
২তকোৱালৈ মানুহ পঠাই, তাৰ পৰা এজনী বুদ্ধিয়ক মহিলা অনাই তাইক ক’লে, “এতিয়া তুমি শোক কৰা ভাও ধৰা, শোক-বস্ত্ৰ পিন্ধা আৰু গাত তেল নঘঁহিবা; কিন্তু মৃতলোকৰ বাবে বহুকাল শোক কৰা মহিলা যেন হোৱা৷
3 Bangʼe idhi ir ruoth kendo iwachne wechegi.” Joab nomiye weche monego owach.
৩তাৰ পাছত ৰজাৰ ওচৰলৈ গৈ, তেওঁক মই কোৱা কথা এনেদৰে ক’বাগৈ৷” এই বুলি যোৱাবে, তাই ৰজাক ক’ব লগীয়া কথাখিনি শিকাই দিলে।
4 Kane dhako moa Tekoa odhi ir ruoth, nokulore nyaka e lowo auma mar miye luor, eka nowachone niya, “Konya, yaye ruoth!”
৪পাছত তকোৱাৰ মহিলা গৰাকীয়ে ৰজাক কোৱা সময়ত, তাই তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰি ক’লে, “হে মহাৰাজ, উপকাৰ কৰক।”
5 Ruoth nopenje niya, “Angʼo machandi?” Nowacho niya, “Chutho, an dhako ma chwore otho; chwora nosetho.
৫ৰজাই সুধিলে, “তোমাৰ কি হ’ল?” তাতে তাই ক’লে, “মই সঁচাকৈ এগৰাকী বিধৱা; মোৰ স্বামী মৰিল।
6 An jatichni, ne an gi yawuowi ariyo. Negigore ka gin oko e pap, ne onge ngʼato machiegni mane nyalo thegogi. Achiel nogoyo machielo mi onege.
৬আৰু আপোনাৰ বেটীৰ দুটি পো আছিল আৰু সিহঁত দুয়ো পথাৰত কাজিয়া কৰিছিল, তাতে সিহঁতক এৰুৱাবলৈ কোনো নথকাত, এটাই আনটোত প্ৰহাৰ কৰি বধ কৰি পেলালে।
7 Koro anywola duto orido ni jatichni matek; kagiwacho ni, Gol ngʼat mane onego owadgi, mondo wanege, kaka ne onego owadgi; eka wanatieki nyaka jarit girkeni bende. Koro gidwaro nego mirni maliel madongʼ-go, ka giweyo chwora dongʼ maonge nying kata kothe modongʼ e wangʼ piny.”
৭এতিয়া চাওঁক, গোটেই গোষ্ঠীয়ে আপোনাৰ বেটীৰ বিৰুদ্ধে উঠি কৈছে, ‘তই সেই ভ্ৰাতৃ-বধীটোক শোধাই দে; তাৰ বধ কৰা ভায়েকৰ প্ৰাণৰ সলনি আমি তাৰ প্ৰাণ লম৷’ গতিকে তেওঁলোকে উত্তৰাধিকাৰিকো বিনষ্ট কৰিব। এইদৰে সিহঁতে মোৰ বাকী থকা আঙ্গঠাটি নুমাই পৃথিৱীত মোৰ স্বামীৰ নাম আদি একো নথকা কৰিব খুজিছে।”
8 Ruoth nowacho ni dhakoni niya, “Dhi dala, kendo abiro golo chik e wachnino.”
৮তেতিয়া ৰজাই সেই মহিলাক ক’লে, “তুমি তোমাৰ ঘৰলৈ যোৱা, মই বাৰু কি কৰিব পাৰোঁ, তোমাৰ কাৰণে এই বিষয়ে আজ্ঞা দিম।”
9 To dhako moa Tekoa nowachone niya, “Ruodha ma en ruoth, we mondo ketho odongʼ e wiya kendo ewi dhood wuora, to mondo ruoth gi kom ruodhe obed maonge ketho.”
৯পাছে সেই তকোৱাৰ মহিলাই ৰজাক ক’লে, “হে মোৰ প্ৰভু, মহাৰাজ, মোৰ আৰু মোৰ পিতৃ-বংশৰ ওপৰতেই এই দোষ পৰক৷ মহাৰাজ আৰু নিজ সিংহাসন হ’লে নিৰ্দ্দোষী হওঁক।”
10 Ruoth nodwoke niya, “Ka ngʼato owachoni gimoro, to mondo ikele ira, ma ok nochak ochandi kendo.”
১০তেতিয়া ৰজাই ক’লে, “কোনোৱে যদি তোমাক কিবা কয়, তেন্তে তাক মোৰ আগলৈ আনিবা, তাতে সি আৰু তোমাক নুচুব।”
11 Nowacho niya, “Kara koro ruoth osingre gi nying Jehova Nyasaye ni odhi tamo jachul kuor mondo kik omed ketho kendo mondo wuoda kik negi.” Nowacho niya, “Akwongʼora gi nying Jehova Nyasaye mangima ni onge yie wi wuodi kata achiel manolwar piny.”
১১তেতিয়া সেই মহিলাই ক’লে, “মই মিনতি কৰিছোঁ, প্ৰতিকাৰ সাধকক নষ্ট কৰিবলৈ নিদিবলৈ মহাৰাজে নিজ ঈশ্বৰ যিহোৱাৰ নাম উচ্ছাৰণ কৰক; সেয়ে নহ’লে তেওঁলোকে মোৰ ল’ৰাটিক বিনষ্ট কৰিব।” ৰজাই ক’লে, “জীৱন্ত যিহোৱাৰ শপত, তোমাৰ ল’ৰাৰ এডালি চুলিও মাটিত নপৰিব।”
12 Eka dhakono nowachone niya, “Yie iwe jatichni owach wach moro ni ruodhe ma en ruoth.” Nodwoke niya, “Wachi.”
১২তেতিয়া সেই মই ক’লে, “মই বিনয় কৰোঁ, আপোনাৰ বেটীক মোৰ প্ৰভু মহাৰাজৰ আগত এটি কথা ক’বলৈ দিয়ক।” তাতে ৰজাই ক’লে, “কোৱা।”
13 Kendo dhakono nowacho niya, “Kara en angʼo momiyo isengʼado wach marach kama kuom jo-Nyasaye? Ka ruoth wacho kama, donge ongʼado bura ne en owuon, nikech ruoth pok odwogo wuode mane oriembi.
১৩পাছে সেই মহিলাই ক’লে, “ঈশ্বৰৰ প্ৰজাৰ বিৰুদ্ধে আপুনি কিয় তেনে কল্পনা কৰিছে? সেই কথা কোৱাতে মহাৰাজ দোষী লোক যেন হৈছে, কাৰণ মহাৰাজে খেদি দিয়া পুত্ৰক ওভোটাই আনিব নোখোজে।
14 Kaka pi mopukore piny ma ok nyal tuom kendo, omiyo nyaka watho. To Nyasaye ok neg ngʼato; kar timo kamano, to oloso yore mondo ngʼat mane oriembi kik osiki ka en jasike.
১৪কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
15 “To koro sani asebiro mondo awach ma ni ruodha ma en ruoth nikech ji osemiya luoro. Jatichni noparo ni, ‘Abiro wuoyo gi ruoth; kamoro dipo kotimo gima jatichne okwaye.
১৫এতিয়া মই যে এই কথা মোৰ প্ৰভু মহাৰাজৰ আগত ক’বলৈ আহিলোঁ, লোকসকলে মোক ভয় দেখুৱাৰ কাৰণেহে আহিলোঁ৷ তেতিয়া আপোনাৰ বেটীয়ে মনতে ভাবিলো যে, ‘মই মহাৰাজৰ আগত এই কথা জনাম, কিজানি মহাৰাজে নিজৰ বেটীৰ নিবেদন অনুসাৰে কাৰ্য কৰিব।
16 Kamoro dipo ruoth biro yie mondo okony jatichne e lwet ngʼat madwaro tieka an kaachiel gi wuoda e girkeni mane Nyasaye omiyowa.’
১৬কিয়নো যি জনে মোক আৰু মোৰ ল’ৰাটিক একেলগে যিহোৱাৰ উত্তৰাধিকাৰৰ পৰা উচ্ছন্ন কৰিবলৈ খুজিছে, তেওঁৰ হাতৰ পৰা নিজৰ বেটীক উদ্ধাৰ কৰিবলৈ মহাৰাজে মোৰ কথা শুনিব।’
17 “To koro sani jatichni wacho ni, ‘Mad wach ruodha kelna kwe, nimar ruodha ma en ruoth chal gi malaika mar Nyasaye manono ber gi rach. Mad Jehova Nyasaye ma Nyasachi bed kodi.’”
১৭তেতিয়া আপোনাৰ দাসীয়ে প্ৰার্থনা কৰিলে বোলে, ‘হে যিহোৱা, মোৰ প্ৰভু মহাৰাজৰ বাক্য মোলৈ যেন অৱশ্যে শান্ত্বনাদায়ক হয়, কিয়নো ভাল-বেয়া বিবেচনা কৰাত মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য।’ আপোনাৰ ঈশ্বৰ যিহোৱা যেন আপোনাৰ লগত থাকক।”
18 Eka ruoth nowacho ni dhakono niya, “Kik ipandna dwoko e gima adwaro penji.” Dhakono nowacho niya, “Ruodha ma en ruoth owuo.”
১৮তেতিয়া ৰজাই উত্তৰ দি সেই মহিলা গৰাকীক ক’লে, “মই বিনয় কৰোঁ, তোমাক মই যি সোধো, সেই বিষয়ে যেন একোকে মোৰ পৰা গুপুতে নাৰাখা।” তাতে তাই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এতিয়া কওঁক।”
19 Ruoth nopenje niya, “Donge Joab ni kodi e wechegi duto?” Dhakono nodwoke niya, “Akwongʼora e nyimi ni in ruodha ma en ruoth kendo ni gima iwachono en adier. Ee, ne en jatichni Joab mane onyisa mondo atim ma kendo en bende ema noketo wechegi e dho jatichni.
১৯ৰজাই ক’লে, “তোমাৰ এই সকলো কথাত যোৱাবৰ জানো হাত নাই?” তাতে সেই মহিলা গৰাকীয়ে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মোৰ প্ৰভু মহাৰাজে কোৱা কথাৰ পৰা সোঁ কি বাওঁফালে ঘূৰিবৰ কাৰো সাধ্য নাই৷ আপোনাৰ দাস যোৱাবেই মোক আদেশ কৰিলে আৰু মই যি কথা ক’লোঁ, এই সকলো কথা আপোনাৰ বেটীক কবলৈ দিলে।
20 Jatichni Joab notimo ma mondo okel lokruok kuom gik matimore sanigi. Ruodha nigi rieko ka mar malaika mar Nyasaye kendo ongʼeyo gik moko duto matimore e pinywa ka.”
২০যি যি ঘটি আছে তাৰ পৰিৱৰ্ত্তন কৰিবলৈহে আপোনাৰ দাস যোৱাবে এই কাৰ্য কৰিলে৷ পৃথিৱীত থকা সকলো বিষয় জানিবলৈ, মোৰ প্ৰভু, আপুনি ঈশ্বৰৰ দূতৰ নিচিনা জ্ঞানী।”
21 Ruoth nowacho ni Joab niya, “Mano kare, abiro timo kamano. Dhiyo mondo iom wuowi ma Abisalom oduogi.”
২১তাৰ পাছত ৰজাই যোৱাবক ক’লে, “এতিয়া চোৱা, মই এনে কৰ্ম কৰিম৷ এই হেতুকে যোৱা, সেই ডেকা অবচালোমক পুনৰায় আনাগৈ।”
22 Joab nopodho piny auma e nyime mondo omiye duongʼ, kendo nogwedho ruoth. Joab nowacho niya, “Kawuononi jatichni ongʼeyo ni ogene gi ruodha ma en ruoth, nikech ruoth oseyie timo gima jatichne okwaye.”
২২তাতে যোৱাবে মাটিত উবুৰি হৈ ৰজাক প্ৰণিপাত কৰিলে আৰু তেওঁক ধন্যবাদ জনালে৷ তেওঁ ৰজাক ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি আপোনাৰ দাসৰ নিবেদন অনুসাৰে যে কাৰ্য কৰিলে আৰু মই যে আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, সেই বিষয়ে আজি আপোনাৰ এই দাসে জানিলে।”
23 Eka Joab nodhi Geshur mi okelo Abisalom Jerusalem.
২৩তাৰ পাছত যোৱাব উঠি গচুৰলৈ গৈ অবচালোমক যিৰূচালেমলৈ আনিলে।
24 To ruoth nowachone niya, “Nyaka odhi e ode owuon; kendo kik obi buta.” Omiyo Abisalom nodhi e ode owuon kendo ne ok osudo machiegni gi ruoth.
২৪তেতিয়া ৰজাই ক’লে, সি নিজ ঘৰলৈ ঘূৰি আহিব পাৰে কিন্তু মোৰ মুখ হ’লে সি দেখিবলৈ নাপাওঁক। তেতিয়া অবচালোমে নিজৰ ঘৰলৈ ঘূৰি গ’ল কিন্তু ৰজাৰ মুখ দেখিবলৈ নাপালে।
25 Ei Israel duto ne onge ngʼama ipako ni jaber ka Abisalom. Koa e wiye nyaka e pat tiende ne oonge gi mbala moro amora kuome.
২৫সেই সময়ত গোটেই ইস্ৰায়েলৰ মাজত অবচালোমতকৈ সৌন্দৰ্য্যৰ কথাত প্ৰশংসনীয় তেনে কোনো পুৰুষ নাছিল৷ তেওঁৰ ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে তেওঁত একো ঘূণ নাছিল।
26 E kinde duto mane olielo yie wiye, nimar nojaliel wiye kinde ka kinde nikech yie wiye ne dongo piyo kendo bedone mapek, kane opime to ne oloyo kilo ariyo kopim gi rapim mar joka ruoth.
২৬যেতিয়া তেওঁৰ মুৰৰ চুলি অতি গধুৰ হয় তেতিয়া প্ৰত্যেক বছৰৰ শেষত নিজৰ মূৰৰ চুলি কাটি পেলায় আৰু তেওঁ তেওঁৰ সেই কটা চুলি জোখে যাৰ ৰাজ পৰিমাণ অনুসাৰে প্ৰায় দুশ চেকলমান হয়।
27 Abisalom nonywolo yawuowi adek gi nyako achiel. Nyare ne iluongo ni Tamar, kendo nodongo nyako ma jaber.
২৭অবচালোমৰ তিনটা পুত্ৰ আৰু তামাৰ নামেৰে এজনী জীয়েক জন্মে৷ সেই ছোৱালীজনী বৰ শুৱনী আছিল।
28 Abisalom nodak Jerusalem kuom higni ariyo kapok osudo machiegni but ruoth.
২৮পাছত অবচালোমে ৰজাৰ মুখ নেদেখি সম্পূৰ্ণ দুবছৰ যিৰূচালেমত নিবাস কৰিলে৷
29 Eka Abisalom noluongo Joab mondo oore ir ruoth, to Joab nodagi dhi ire. Omiyo nochako ooro wach mar ariyo to nochako odagi.
২৯তাৰ পাছত অবচালোমে নিজকে ৰজাৰ ওচৰলৈ পঠিয়াবৰ কাৰণে যোৱাবক সেই কথা জনালে, কিন্তু যোৱাব তেওঁৰ ওচৰলৈ আহিবলৈ সন্মত নহ’ল। সেই বাবে তেওঁ দ্বিতীয়বাৰ মানুহ পঠালে কিন্তু তেতিয়াও যোৱাব আহিবলৈ মান্তি নহ’ল৷
30 Eka nowachone jotije niya, “Neuru puoth Joab omakore gi mara, kendo cham mar shairi ni e iye. Dhiuru umokie mach.” Omiyo jotij Abisalom nodhi momoko mach e puodhono.
৩০তেতিয়া অবচালোমে নিজৰ দাসবোৰক ক’লে, “চোৱা, মোৰ মাটিৰ ওচৰতে যোৱাবৰ এখন শস্যক্ষেত্ৰ আছে আৰু তাত তেওঁৰ যৱধান আছে৷ তোমালোকে সেই ঠাইত গৈ তাত জুই লগাই দিয়া।” তাতে অবচালোমৰ দাসবোৰে সেই খেতিত জুই লগাই দিলে।
31 Eka Joab nodhi ir Abisalom e ode mowachone niya, “Angʼo momiyo jotiji owangʼo puotha?”
৩১তেতিয়া যোৱাবে উঠি অবচালোমৰ ঘৰলৈ তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ দাসবোৰে মোৰ খেতিত কিয় জুই লগাই দিলে?”
32 Abisalom nowacho ni Joab niya, “Ne, naoroni wach kawacho ni, ‘Bi mondo aori ir ruoth mondo ipenje kama: “Angʼo momiyo nabiro kawuok Geshur? Dine ber kane pod an kuno!”’ Sani koro adwaro dhi neno ruoth, to ka an gi ketho moro, to mondo onega.”
৩২তেতিয়া অবচালোমে যোৱাবক ক’লে, “চোৱা, মই তোমাক খবৰ পঠিয়াইছিলো বোলে, ‘তুমি মোৰ ওচৰলৈ আহা যাতে মই তোমাক ৰজাৰ ওচৰলৈ ক’বলৈ পঠিয়াম যে, “মই গচুৰৰ পৰা কেলেই আহিলোঁ? এতিয়ালৈকে তাত থকা হ’লে মোৰ ভাল আছিল৷ এতিয়া এই হেতুকে মোক ৰজাৰ মুখ দেখিবলৈ দিয়ক আৰু যদি মোত কিবা অপৰাধ আছে তেতিয়া হ’লে তেওঁ যেন মোক বধ কৰক৷”’”
33 Omiyo Joab nodhi ir ruoth mowachone wechegi. Eka ruoth noluongo Abisalom, mi nodonjo kendo nokulore auma piny e nyim ruoth. Ruoth nonyodho Abisalom.
৩৩তেতিয়া যোৱাবে ৰজাৰ আগলৈ গৈ তেওঁক সেই কথা জনালে৷ যেতিয়া ৰজাই অবচালোমক মতাই আনিলে, তেতিয়া তেওঁ ৰজাৰ আগলৈ গৈ তললৈ মাটিত মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে আৰু তেতিয়া ৰজাই অবচালোমক চুমা খালে।