< 2 Samuel 11 >
1 E ndalo mar chwiri, e kinde ma ruodhi dhi e lweny, Daudi nooro Joab gi joka ruoth to gi jolweny mag Israel duto. Negigoyo jo-Amon mi gitiekogi kendo negimako dala mar Raba. To Daudi nodongʼ e Jerusalem.
১পাছত বসন্তকাল আহিল, যি কালত ৰজাসকলে যুদ্ধলৈ যায়, এনে কালতেই দায়ূদে যোৱাবক, লগত তেওঁৰ দাসবোৰ আৰু গোটেই ইস্ৰায়েলৰ সৈন্যসকলক পঠিয়ালে৷ তেওঁলোকে গৈ অম্মোনৰ সৈন্যসকলক বিনাশ কৰি ৰব্বা নগৰ অধিকাৰ কৰি ল’লে৷ কিন্তু দায়ুদ যিৰূচালেমতেই থাকিল।
2 Odhiambo moro Daudi noa malo e kitandane mowuotho alwora mar wi tado mar ode ka en ewi tado noneno dhako moro kaluokore. To dhakono ne jaber ahinya,
২পাছত এদিন সন্ধিয়া সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল।
3 omiyo Daudi nooro ngʼato mondo odhi onon ni en dhako mane. Ngʼatno nowacho, “Donge mano en Bathsheba, ma nyar Eliam ma chi Uria ja-Hiti?”
৩তেতিয়া কোনে এই মহিলা গৰাকীৰ বিষয়ে জানিব, তাৰ বুজ-বিচাৰ ল’বলৈ দায়ূদে মানুহ পঠিয়ালে৷ কোনো এজনে ক’লে, “তেওঁ ইলীয়ামৰ জীয়েক বৎচেবা আৰু হিত্তীয়া ঊৰিয়াৰ পত্নী জানো নহয়?”
4 Eka Daudi nooro jaote mondo odhi okele, mi dhakono nobiro ire kendo noterore kode. Ma noyudo ka koro eka otieko kindene mar neno malo kendo nosepwodhore. Bangʼ mano Bathsheba nodok dala.
৪তেতিয়া দায়ূদে দূত পঠিয়াই তেওঁক অনোৱালে আৰু যেতিয়া তেওঁ দায়ূদৰ ওচৰলৈ আহিল, তেতিয়া দায়ূদে তেওঁৰ লগত শয়ন কৰিলে, কিয়নো সেই মহিলাই নিজ অশৌচৰ পৰা শুচি হৈছিল৷ তাৰ পাছত তাই নিজৰ ঘৰলৈ উভটি গ’ল।
5 Dhakono nomako ich mi nooro ni Daudi wach kowacho niya, “Ayach.”
৫পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হোৱাত, তেওঁ মানুহ পঠিয়াই দায়ূদক এই বাতৰি দি ক’লে বোলে, “মই গৰ্ভৱতী হ’লো।”
6 Omiyo Daudi nooro wach ni Joab niya, “Orna Uria ja-Hiti.” Eka Joab noore ir Daudi.
৬তেতিয়া দায়ূদে যোৱাবৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হিত্তীয়া ঊৰিয়াক মোৰ ওচৰলৈ পঠিয়াই দিয়া।” তাতে যোৱাবে ঊৰিয়াক দায়ূদৰ ওচৰলৈ পঠিয়াই দিলে।
7 Kane Uria obiro ire, Daudi nopenje ngima Joab gi mar jolweny to gi kaka lweny bende dhi.
৭যেতিয়া ঊৰিয়া তেওঁৰ ওচৰলৈ আহিল, দায়ূদে তেওঁক যোৱাবৰ বিষয়ে, সৈন্যসকলৰ আৰু যুদ্ধৰ বাতৰি সুধিলে।
8 Eka Daudi nowachone ni Uria niya, “Dhi mwalo e odi mondo ilwok tiendi.” Omiyo Uria nowuok oa e dala ruoth, eka bangʼe ruoth noorone mich.
৮দায়ূদে ঊৰিয়াক ক’লে, “তুমি নিজ ঘৰলৈ যোৱা আৰু নিজৰ ভৰি ধুই পেলোৱা।” তাতে ঊৰিয়া ৰজাৰ ঘৰৰ পৰা ওলাই গ’ল আৰু তেওঁ ওলাই যোৱাৰ পাছত ৰজাই তেওঁলৈ এটি উপহাৰ দি পঠিয়ালে৷
9 To Uria nonindo e dhorangach mar dala gi jotich mamoko mag ruoth to ne ok olor odhi e ode.
৯কিন্তু ঊৰিয়াই নিজ প্ৰভুৰ দাসবোৰৰ সৈতে ৰাজগৃহৰ দুৱাৰ-মুখতে শুই থাকিল, নিজৰ ঘৰলৈ বুলি আৰু নামি নগ’ল।
10 Kane owach ne Daudi ni Uria ne ok odhi ode, nopenje niya, “Donge isebudho oko, angʼo momoni dhi odi?”
১০পাছত ঊৰিয়া নিজৰ ঘৰলৈ নোযোৱা কথা দায়ূদৰ আগত লোক সকলে জনোৱাত দায়ূদে উৰিয়াক ক’লে, “তুমি যাত্ৰা কৰি অহা নাই নে? তেন্তে নিজৰ ঘৰলৈ তুমি কিয় নগ’লা?”
11 Uria nowachone Daudi niya, “Sandug Muma gi Israel gi Juda dak e hembe, to jatenda ma Joab gi jo-ruodha obuoro oko e pap. Ere kaka anyalo dhi e oda mondo achiem, kendo amethi, mi ariwra e achiel gi chiega? Akwongʼora e nyimi ni ok datim gima kamano.”
১১তাতে ঊৰিয়াই দায়ূদক ক’লে, “নিয়ম চন্দুকটি, ইস্ৰায়েলসকল আৰু যিহূদা তম্বুত বাস কৰি আছে আৰু মোৰ প্ৰভু যোৱাব আৰু মোৰ প্ৰভুৰ দাসবোৰ মুকলি পথাৰত ছাউনি পাতি আছে৷ তেন্তে মই জানো ভোজন-পান কৰিবলৈ আৰু পত্নীৰ সৈতে শয়ন কৰিবলৈ নিজৰ ঘৰলৈ যাব পাৰোঁ? আপোনাৰ জীৱনৰ আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই এনে কৰ্ম কৰিব নোৱাৰো।”
12 Eka Daudi nowachone niya, “Bed ka kawuono kiny naweyi idog.” Omiyo Uria noriyo Jerusalem chiengʼno gi kinyne.
১২তেতিয়া দায়ূদে ঊৰিয়াক ক’লে, “তুমি আজিও ইয়াতে থাকা, কাইলৈ মই তোমাক বিদায় দিম।” তাতে উৰিয়াই সেইদিনা আৰু তাৰ পাছ দিনাখনো যিৰূচালেমত থাকিল।
13 Daudi noluonge mochiemo mi ometho kode kendo Daudi nomiye math momer. To kotieno nochopo Uria nowuok modhi onindo e pare kaachiel gi jotij ruodhe; to ne ok odhi ode.
১৩আৰু দায়ূদে যেতিয়া তেওঁক নিমন্ত্ৰণ কৰিলে, তেওঁৰ সাক্ষাতে ভোজন পান কৰোঁৱাই তেওঁক মতলীয়া কৰালে৷ তথাপি তেওঁ সন্ধ্যাৰ সময়ত নিজ প্ৰভুৰ দাসবোৰৰ লগত নিজ শয্যাত শুবলৈ বাহিৰলৈ গ’ল; তেওঁ নিজৰ ঘৰলৈ নামি নগ’ল।
14 To gokinyi Daudi nondiko ne Joab baruwa moorogo Uria mondo oter.
১৪পাছত ৰাতিপুৱা দায়ূদে যোৱাবলৈ এখন পত্ৰ লিখিলে আৰু ঊৰিয়াৰ হাতত দি পঠিয়ালে।
15 Ei baruwano nondikoe niya, “Ket Uria e laini manyime kama lweny gerie ahinya. Eka weyeuru kende mondo ogoye manege.”
১৫দায়ূদে পত্ৰখনত ইয়াকে লিখিছিল বোলে, “তোমালোকে ঊৰিয়াক আটাইতকৈ প্ৰবল যুদ্ধৰ সন্মুখত ৰাখি থবা আৰু সি যেন আঘাত পাই মৰে সেই বাবে তোমালোক তাৰ পৰা পাছ হুঁহকি যাবা।”
16 Omiyo kane Joab olworo dala maduongʼno mondo gimaki, noketo Uria kama ongʼeyo ni wasigu mager kendo tek nitie.
১৬পাছত যোৱাবে নগৰ অৱৰোধ হোৱা সময়ত, যি ঠাইত আটাইতকৈ শক্তিশালী শত্ৰু আছে বুলি জানিছিল, সেই ঠাইতে ঊৰিয়াক হ’ল।
17 Kane jo-dala maduongʼno owuok mondo oked gi Joab, jolwenj Daudi moko nonegi; to Uria ja-Hiti bende nonegi.
১৭পাছে নগৰত থকা লোকসকলে বাহিৰ ওলাই যোৱাবৰ সৈন্যসকলৰ লগত যুদ্ধ কৰাত, লোকসকলৰ মাজৰ অৰ্থাৎ দায়ূদৰ সৈন্যসকলৰ মাজৰ কিছুলোক পতিত হ’ল আৰু তাতে হিত্তীয়াৰ ঊৰিয়াৰো মৃত্যু হ’ল।
18 Joab nooro wach ne Daudi konyise gik moko duto mosetimore e lweny.
১৮যেতিয়া যোৱাবে দূত পঠিয়াই সেই যুদ্ধৰ সকলো বিৱৰণ দায়ূদক জনালে,
19 Nochiko jaote niya, “Ka isetieko nyiso ruoth wechegi duto matimore e lweny,
১৯তেওঁ দূতক আজ্ঞা দি কৈছিল, বোলে, “তুমি ৰজাৰ আগত ৰণৰ আটাই বাতৰি কৈ এটোৱাৰ পাছত,
20 kamoro mirima nyalo mako ruoth, mi openji ni, ‘Angʼo momiyo ne usudo machiegni ahinya gi dala maduongʼ mondo ukedi? Donge ne ungʼeyo niginyalo chielou gi aserenigi ewi ohinga?
২০যদি ৰজাই খং উঠি তোমাক কয়, তোমালোকে যুদ্ধ কৰোঁতে নগৰৰ গড়ৰ ইমান ওচৰ চাপি কিয় গৈছিলা? তেওঁলোকে গড়ৰ ওপৰৰ পৰা কাঁড় মাৰিব বুলি তোমালোকে নাজানিছিলা নে?
21 En ngʼa ma nonego Abimelek wuod Jerub-Besheth? Dhako donge ema nodiro pongʼ rego gi ewi ohinga, mine otho Thebez? Angʼo momiyo ne udhi machiegni ahinya gi ohinga?’ Kopenji penjoni, to wachne ni, ‘Jatichni Uria ja-Hiti bende otho.’”
২১যিৰূব্বেচতৰৰ পুত্ৰ অবীমেৰকক কোনে বধ কৰিলে? এগৰাকী মহিলাই গড়ৰ ওপৰৰ পৰা জাঁত শিলৰ ওপৰৰ চলা তেওঁৰ ওপৰত পেলালে, যাতে তেওঁৰ মৃত্যু হয়, সেইদৰে তেওঁ তেবেচত নমৰিল নে? গতিকে তোমালোকে গড়ৰ ইমান ওচৰলৈ কিয় গৈছিলা? তেতিয়া তুমি নিশ্চয় কবা, ‘আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল’৷”
22 Jaote nowuok modhi, kane ochopo nonyiso Daudi weche duto mane Joab oore mondo owachi.
২২পাছে সেই দূতে গৈ দায়ূদৰ গুৰিত উপস্থিত হৈ, যোৱাবে কৈ পঠোৱা সকলো কথা তেওঁৰ আগত জনালে।
23 Jaoteno nowachone Daudi niya, “Jogo nochako loyowa mi giwuok e pap mondo giked kodwa to ne wariembogi ma wadwokogi chien nyaka e dhoranga dala maduongʼ.
২৩সেই দূতে দায়ূদক ক’লে, “সেই শত্ৰুসকল আমাতকৈ পাচত আমাৰ বিৰুদ্ধে প্ৰবল হৈ পথাৰলৈ আমাৰ ওচৰলৈকে ওলাই আহিছিল; তেতিয়া আমি নগৰৰ দুৱাৰ-মুখলৈকে সিহঁতৰ পাছে পাছে খেদি গৈছিলোঁ৷
24 Eka jodir aserni nobayo jotichni gi ewi ohinga, kendo jotich ruoth moko nonegi. Uria ja-Hiti ma jatichni bende ginego.”
২৪কাঁড়মৰা লোকসকলে গড়ৰ ওপৰৰ পৰা আপোনাৰ দাসবোৰলৈ কাঁড় মাৰিলে; তাতে মহাৰাজৰ কেতবোৰ দাস মৰিল আৰু আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল।”
25 Daudi nowachone jaote niya, “Wachne Joab kama: Kik wachno chandi; ligangla nego jakoni gi jakocha. Med kedo matek gi dala maduongʼno mi ikethe chuth. Wachne wechegi mondo ijiwego.”
২৫তেতিয়া দায়ূদে সেই দূতক ক’লে, “তুমি গৈ যোৱাবক এইদৰে ক’বা, ‘ইয়াত তুমি অসন্তোষ নকৰিবা কিয়নো তৰোৱালে যেনেকৈ এজনক, তেনেকৈ আনজনকো গ্ৰাস কৰে; তুমি নগৰৰ বিৰুদ্ধে আৰু ঘোৰ যুদ্ধ কৰি তাক উচ্ছন্ন কৰা। এইদৰে তেওঁক আশ্বাস দিবা।
26 Kane chi Uria owinjo ni chwore otho, noywage.
২৬পাছে উৰিয়াৰ পত্নীয়ে নিজ স্বামী ঊৰিয়াৰ মৃত্যু-সম্বাদ পাই তেওঁ স্বামীৰ বাবে গভীৰ শোক কৰিলে।
27 Bangʼ ka ndalo ywak norumo, Daudi nowacho mondo okele e ode, mane obedo chiege monywolone nyathi ma wuowi. To gima Daudi notimo ne ok omoro Jehova Nyasaye.
২৭পাছে শোকৰ দিন শেষ হোৱাত, দায়ূদে মানুহ পঠিয়াই তেওঁক নিজৰ ঘৰলৈ অনালে, তাতে তেওঁ তেওঁৰ পত্নী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে৷ কিন্তু দায়ূদে কৰা সেইকৰ্মত যিহোৱাই অসন্তুষ্ট হ’ল।