< 2 Ruodhi 16 >
1 E higa mar apar gabiriyo mar loch Peka wuod Remalia, Ahaz wuod Jotham ruodh Juda nobedo ruoth.
১ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল।
2 Ahaz ne ja-higni piero ariyo kane obedo ruoth kendo nobedo e loch kodak Jerusalem kuom higni apar gauchiel. To timbene ne ok longʼo e nyim wangʼ Jehova Nyasaye kaka timbe Daudi kwar mare ne chalo.
২আহজ বিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ ধৰি তেওঁ যিৰূচালেমত ৰাজত্ব কৰিছিল; পূর্বপুৰুষ দায়ুদে যেনেকৈ তেওঁৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ভাল কার্য কৰিছিল, ৰজা আহজে তেনে কার্য কৰা নাছিল।
3 Noluwo timbe ruodhi mag Israel kendo nochiwo wuode mondo otimgo liswa kaka misango miwangʼo pep koluwo timbe mamono mag ogendini mane Jehova Nyasaye oriembo e nyim jo-Israel.
৩কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল।
4 Notimo misengini kendo owangʼo ubani mangʼwe ngʼar e kuonde motingʼore malo mag lemo, ewi gode matindo kendo e bwo yiende motimo otiep.
৪তেওঁ পূজাৰ ওখ ঠাইবোৰত, পাহাৰৰ ওপৰত আৰু প্ৰত্যেক সেউজীয়া ডাল-পাতৰ গছৰ তলত বলি উৎসর্গ কৰিছিল আৰু ধূপ জ্বলাইছিল।
5 Eka Rezin ruodh Aram kod Peka wuod Remalia ruodh Israel nowuok dhi gore gi Jerusalem mi omako Ahaz, to ne ok ginyal loye.
৫অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা পেকহে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিৰূচালেমলৈকে আহিল আৰু ৰজা আহজৰ সৈতে নগৰখন বেৰি ধৰিলে; কিন্তু আহজক জয় কৰিব নোৱাৰিলে।
6 E kindeno Rezin ruodh Aram ne odwogo Elath e lwet Aram koriembo jo-Juda. Bangʼe jo-Edom nodonjo Elath kendo gidak kuno nyaka chil kawuono.
৬সেই সময়ত অৰামৰ ৰজা ৰচীনে এলৎ নগৰৰ পৰা যিহুদী লোকসকলক খেদাই দি এলৎ নগৰ পুণৰায় অৰামৰ অধীনলৈ আনিলে। তাৰ পাছত ইদোমীয়াসকলে এলতলৈ আহি বাস কৰিবলৈ ধৰিলে আৰু আজিলৈকে তেওঁলোকে তাত নিবাস কৰি আছে।
7 Ahaz nooro joote mondo okone Tiglath-Pilesa ruodh Asuria kowacho niya, “An jatichni kendo anie e bwo lochni. Bi mondo iresa e lwet ruodh Aram kendo e lwet ruodh Israel mosemonja.”
৭পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।”
8 Kendo Ahaz nokawo fedha kod dhahabu mane oyudi e hekalu mar Jehova Nyasaye kod kar keno mar od ruoth mine oorogi kaka mich ne ruodh Asuria.
৮আহজে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা সোণ আৰু ৰূপ লৈ উপহাৰ হিচাবে অচূৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
9 Ruodh Asuria noyie momonjo Damaski kendo okawe. Nodaro joma odak Damaski motero e twech Kir, Rezin to ne onego.
৯তেতিয়া অচূৰৰ ৰজাই তেওঁৰ কথাত মান্তি হ’ল আৰু দম্মেচকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাক জয় কৰিলে। সেই ঠাইৰ লোকসকলক বন্দী কৰি কীৰলৈ লৈ গ’ল আৰু অৰামৰ ৰজা ৰচীনক বধ কৰিলে।
10 Eka ruoth Ahaz nodhi Damaski mondo orom gi Tiglath-Pilesa ruodh Asuria. Noneno kendo mar misango man Damaski mi ooro ni Uria jadolo goro kaka oger kendono, kondiko maler gik moko duto mogerego.
১০পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে।
11 Omiyo Uria jadolo nogero kendo mar misango kaluwore gi rieko duto mane ruoth Ahaz noorone koa Damaski mi notieko gere kapok ruoth Ahaz odwogo.
১১সেয়ে দম্মেচকৰ পৰা ৰজা আহজে পঠোৱা সকলো পৰিকল্পনাৰ দৰেই ঊৰিয়া পুৰোহিতে এটা যজ্ঞবেদী নির্ম্মাণ কৰিলে আৰু ৰজা আহজ দম্মেচকলৈ উলটি অহাৰ আগেয়ে, সেই কাম কৰি শেষ কৰিলে।
12 Kane ruoth odwogo koa Damaski mi oneno kendo mar misangono, to ne odhi mochiwo misango e wiye.
১২দম্মেচকৰ পৰা ঘূৰি আহি ৰজাই সেই যজ্ঞবেদী দেখিলে আৰু ওচৰলৈ গৈ তাৰ ওপৰত বলি উৎসর্গ কৰিলে।
13 Ne ochiwo misango miwangʼo pep kod misango mar cham, kaachiel gi misango miolo piny kendo nokiro remo mar lalruok ewi kendo mar misango.
১৩তেওঁ সেই যজ্ঞবেদীৰ ওপৰত নিজৰ হোমবলি, শস্য উৎসর্গ আৰু নিজৰ পেয় উৎসর্গ ঢালিলে; নিজৰ সমজুৱা বলিৰ তেজো ছটিয়াই দিলে।
14 To kendo mar misango mar mula mane ni e nyim Jehova Nyasaye nogolo e kind kendone manyien gi hekalu mar Jehova Nyasaye mokete yo nyandwat mar kendo manyien-no.
১৪তেওঁ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদীটো তেওঁ মন্দিৰৰ আগৰ পৰা, অৰ্থাৎ যিহোৱাৰ গৃহ আৰু নতুন বেদীৰ মাজ ঠাইৰ পৰা আঁতৰাই আনি নতুন বেদীৰ উত্তৰ ফালে স্থাপন কৰিলে।
15 Eka ruoth Ahaz nogolo chik ne Uria jadolo niya, “E kendo manyien maduongʼni ema nyaka itimie misango miwangʼo pep mar okinyi, misango mar cham mar odhiambo, misango miwangʼo pep mar ruoth, kod misango mar cham mar ruoth kaachiel gi misango pep mar ji duto modak e pinyno, kod misangogi mag cham kod misango miolo piny. Kir remo mag misengini duto miwangʼo pep kod misengini mamoko ewi kendo mar misangono. To abiro tiyo gi kendo mar misango molos gi mula mondo angʼe gima kare monego atim.”
১৫পাছত আহজ ৰজাই ঊৰিয়া পুৰোহিতক এই নির্দেশ দিলে যে, “ডাঙৰ বেদীটোৰ ওপৰত ৰাতিপুৱাৰ হোমবলি আৰু সন্ধিয়া শস্য উৎসর্গ কৰিব; তাৰ উপৰি ৰজাৰ হোমবলি আৰু শস্য উৎসর্গ, দেশৰ সকলো লোকৰ হোমবলি, তেওঁলোকৰ শস্য আৰু পেয় উৎসর্গ কৰিব; সকলো হোমবলি আৰু আন আন সকলো বলি উৎসর্গৰ তেজ আপুনি সেই যজ্ঞবেদীৰ ওপৰত ছটিয়াই দিব। কিন্তু পিতলৰ যজ্ঞবেদীটো ঈশ্বৰৰ সহায় লাভৰ অর্থে মই ব্যৱহাৰ কৰিম।”
16 Kendo Uria jadolo notimo mana kaka ruoth Ahaz nochiko.
১৬ঊৰিয়া পুৰোহিতে আহজ ৰজাৰ নির্দেশ অনুসাৰে সকলো কাম কৰিলে।
17 Ruoth Ahaz nogolo gik moko michungogo besen kogolo kuom mago minyalo gol kuondegi. Bende nogolo gima ne iluongo ni Nam kuom mula molos ka rwath mane osire, mokete kar kende e kidi.
১৭তাৰ পাছত ৰজা আহজে পাত্র থোৱা আধাৰবোৰৰ খলাপা আৰু প্রক্ষালন পাত্রবোৰ আধাৰবোৰৰ পৰা আতৰালে। তেওঁ পিতলেৰে তৈয়াৰী ষাঁড়বোৰৰ ওপৰত যি ডাঙৰ সমুদ্র পাত্রটো বহোৱা আছিল, সেইটোও তেওঁ নমাই আনিলে আৰু এটা শিলৰ ভিত্তিৰ ওপৰত বহুৱালে।
18 Bende nomuko agola mane otiyogo chiengʼ Sabato kod rangach ma oko mane odonjogo e hekalu mar Jehova Nyasaye, nikech winjruok marach e kindgi gi ruodh Asuria.
১৮যিহোৱাৰ গৃহত বিশ্ৰাম দিনৰ উদ্দেশ্যে মন্দিৰত চালি দি তেওঁলোকে যি ঠাই তৈয়াৰ কৰিছিল, অচূৰৰ ৰজাৰ ভয়ত ৰজা আহজে সেই চালি খুলি পেলালে আৰু যিহোৱাৰ গৃহৰ বাহিৰৰ ফালে ৰজা সোমাবৰ কাৰণে যি বিশেষ প্রৱেশদ্বাৰ কৰা হৈছিল, তাকো বন্ধ কৰি দিলে।
19 To kuom gik mamoko duto mane Ahaz otimo e ndalo lochne, donge ondikgi e kitap weche ruodhi Juda?
১৯ৰজা আহজৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
20 Ahaz notho moyweyo gi kwerene kendo noyike kodgi e Dala Maduongʼ mar Daudi. Kendo Hezekia ma wuode nobedo ruoth kare.
২০পাছত ৰজা আহজ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পদত তেওঁৰ পুত্ৰ হিষ্কিয়া ৰজা হ’ল।