< 2 Weche Mag Ndalo 34 >
1 Josia ne ja-higni aboro kane obedo ruoth kendo norito pinyno kodak Jerusalem kuom higni piero adek gachiel.
১যোচিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল আঠ বছৰ; তেওঁ যিৰূচালেমত একত্ৰিশ বছৰ কাল ৰাজত্ত্ব কৰিছিল।
2 Timbe Josia ne longʼo e wangʼ Jehova Nyasaye kendo nowuotho e yore duto mag Daudi kwar-gi ma ok olokore kongʼiyo korachwich kata koracham.
২যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিলে; তেওঁ নিজ ওপৰ পিতৃ দায়ুদৰ পথত চলিলে, তাৰ পৰা সোঁ কি বাওঁফালে নুঘুৰিলে।
3 E higa mar aboro mar lochne kane pod en rawera nochako luwo Nyasach Daudi kwar mare. E hike mar apar gariyo nochako pwodho Juda kod Jerusalem koketho kuonde motingʼore gi malo mag lemo, gi sirni mag lemo mar Ashera, gi nyiseche mopa kod kido mothedhi.
৩কিয়নো তেওঁৰ ৰাজত্ত্বৰ অষ্টম বছৰত তেওঁ অলপ বয়সীয়া হৈয়ো, তেওঁৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে৷ দ্বাদশ বছৰত, ওখ ঠাইবোৰ, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ গুচাই যিহূদা আৰু যিৰূচালেম শুচি কৰিবলৈ ধৰিলে।
4 Kaluwore kod chik mane ogolo, kende liswa mag Baal nomuki; nomuko kende mag misango miwangʼoe ubani mane ochungʼ e wigi motoyogi matindo tindo, kendo nomuko sirni mag Ashera milamo, nyiseche manono kod kido milamo mongʼadogi matindo tindo. Magi nongʼinjo matindo tindo mokeyogi ewi liete mag jogo mane otimonegi liswa.
৪আৰু তেওঁৰ সাক্ষাতে লোকসকলে বাল দেৱতাৰ যজ্ঞবেদিবোৰ ভাঙি পেলালে; সেইবোৰতকৈ ওখ ঠাইত স্থাপন কৰা সূৰ্য্য-প্ৰতিমাবোৰকো তেওঁ কাটি পেলালে; আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ ভাঙি গুড়ি কৰি, সেইবোৰৰ উদ্দেশ্যে বলিদান কৰাসকলৰ মৈদামৰ ওপৰত সেই ধুলিবোৰ ছটিয়াই পেলালে।
5 Nowangʼo choke jodolo e kendegi mag misango omiyo nopwodho Juda kod Jerusalem.
৫আৰু তেওঁ পুৰোহিতসকলৰ হাড়বোৰ তেওঁলোকৰ যজ্ঞবেদিৰ ওপৰত দগ্ধ কৰিলে আৰু যিহূদা আৰু যিৰূচালেম শুচি কৰিলে।
6 Kamano bende e miech Manase gi Efraim kod Simeon nyaka chop Naftali kaachiel gi kuonde molworogi mane osekethi,
৬আৰু তেওঁ মনচিৰ, ইফ্ৰয়িমৰ আৰু চিমিয়োনৰ নগৰে নগৰে নপ্তালীলৈকে সকলো ফালে তেওঁলোকৰ উচ্ছন্ন হোৱা ঠাইত সেইদৰে কৰিলে।
7 nomuko kende mag misango gi sirni mag Ashera milamo kendo notoyo nyisechegi mongʼinyore ka buru kendo nongʼado matindo tindo kende miwangʼoe ubani e piny Israel duto, bangʼe noduogo Jerusalem.
৭তেওঁ যজ্ঞবেদিবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা-প্ৰতিমাবোৰ গুড়ি কৰিলে আৰু ইস্ৰায়েল দেশৰ সকলো ঠাইৰ আটাইবোৰ সূৰ্য্য-প্ৰতিমাবোৰ কাটি পেলালে৷ তাৰ পাছত যিৰূচালেমলৈ উলটি আহিল।
8 E higa mar apar gaboro mar loch Josia mondo neni opwodh piny kod hekalu nooro Shafan wuod Azalia gi Maseya jatend dala maduongʼ kaachiel gi Joa wuod Joahaz ma jachan weche mondo olos hekalu mar Jehova Nyasaye ma Nyasache.
৮তেওঁৰ ৰাজত্বৰ অষ্টাদশ বছৰত, দেশ আৰু গৃহ শুচি কৰাৰ পাছত, তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে অচলিয়াৰ পুত্ৰ চাফনক, নগৰৰ অধ্যক্ষ মাচেয়াক আৰু যোৱাহজৰ পুত্ৰ যোৱাহ ইতিহাস লিখকক পঠিয়ালে।
9 Negidhi ir Hilkia jadolo maduongʼ mi gimiye pesa mane osekel e hekalu mar Nyasaye ma jo-Lawi ma jorit dhoudi nosechoko kuom jo-Manase gi jo-Efraim kod jo-Israel duto mane odongʼ gi jo-Juda gi jo-Benjamin kaachiel gi joma nodak Jerusalem.
৯এই হেতুকে তেওঁলোকে প্ৰধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ গ’ল আৰু ঈশ্বৰৰ গৃহলৈ অনা ৰূপ অৰ্থাৎ লেবীয়া দুৱৰীসকলে মনচি ইফ্ৰয়িম আদি ইস্ৰায়েলৰ অৱশিষ্ট লোকৰ পৰা, গোটেই যিহূদা আৰু বিন্যামীনৰ পৰা আৰু যিৰূচালেম নিবাসীসকলৰ পৰাও গোটোৱা সকলো ৰূপ তেওঁলোকে তেওঁলোকক শোধাই দিলে।
10 Negiketogi e lwet joma otelo ne gedo mar hekalu mar Jehova Nyasaye. Jogi nochulo jotich mane oloso kendo odwogo hekalu kaka ne ochalo chon.
১০তেওঁলোকে যিহোৱাৰ গৃহত নিযুক্ত থকা কাৰ্য চলাওঁতা সকলৰ হাতত তাক দিলে; পাছত কাৰ্য চলাওঁতা সকলে অৰ্থাৎ যিহোৱাৰ গৃহত কাম কৰাওঁতা লোকসকলে সেই গৃহ মেৰামত কৰিবৰ আৰু সুসজ্জিত কৰিবৰ বাবে তাক দিলে,
11 Jopa bepe kod jogedo bende nomi pesa mondo gingʼiewgo kite mopa kod yiend ripo kod sirni mondo gilosgo udi mane ruodhi Juda oweyo okethore.
১১অৰ্থাৎ মিস্ত্ৰি আদি ঘৰ সাজোঁতাসকলক কটা-শিল আৰু বৰগাৰ কাঠ কিনিবলৈ আৰু যিহূদাৰ ৰজাসকলে নষ্ট কৰা ঘৰ বোৰৰ বাবে চতি বনাবলৈ সেই ধন দিলে।
12 Jogo ne otiyo tijno gadiera. E tijno notelnigi kod jo-Lawi mane gin Jahath kod Obadia mane gin nyikwa Merari, kendo Zekaria gi Meshulam mane nyikwa Kohath. Jo-Lawi, ma gin jogo duto mane olony kuom goyo thumbe
১২আৰু সেই লোকসকলে বিশ্বাসীৰূপে কাৰ্য কৰিলে৷ আৰু মৰাৰীৰ সন্তান সকলৰ মাজৰ যহৎ আৰু ওবদিয়া এই দুজন লেবীয়া মানুহ তেওঁলোকৰ অধ্যক্ষ আছিল; আৰু কহাতৰ সন্তান সকলৰ মাজৰ জখৰিয়া, মচুল্লম আৰু বাদ্য বজোৱাত নিপুণ আন আন লেবীয়াসকল কাম চলাবৰ বাবে নিযুক্ত হৈছিল।
13 ema notelo ne jotich kendo negingʼiyo jotich mag tije mopogore opogore. Jo-Lawi moko ne jogoro gi jopuonj chike kod jorit dhoudi.
১৩তেওঁলোক ভাৰ বওঁতাসকলৰ অধ্যক্ষ আছিল আৰু সকলো বিধৰ কাম কৰোঁতা সকলক চলাইছিল; আৰু লেবীয়া সকলৰ মাজত কোনো কোনো লিখক, কোনো কোনো শাসনকৰ্ত্তা আৰু কোনো কোনো দুৱৰী আছিল।
14 Kane gigolo oko pesa mane oseter e hekalu mar Jehova Nyasaye, Hilkia jadolo nonwangʼo Kitap Chik mar Jehova Nyasaye mane ochiw ne Musa.
১৪যিহোৱাৰ গৃহলৈ অনা ৰূপ তেওঁলোকে উলিওৱা সময়ত, হিল্কিয়া পুৰোহিতে মোচিয়ে দিয়া যিহোৱাৰ ব্যৱস্থা পুস্তকখন পালে।
15 Hilkia nowachone Shafan jagoro niya, “Aseyudo Kitap Chik ei hekalu mar Jehova Nyasaye.” Nochiwe ni Shafan.
১৫আৰু হিল্কিয়াই লিখক চাফনক উত্তৰ দি ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” পাছত হিল্কিয়াই সেই ব্যৱস্থা পুস্তকখন চাফনক দিলে।
16 Eka Shafan nokawo kitabuno motere ni ruoth mowachone niya, “Jodongi tiyo tije duto mane osemigi.
১৬চাফনে আকৌ সেই ব্যৱস্থা পুস্তকখন ৰজাৰ গুৰিলৈ লৈ গ’ল আৰু ৰজাৰ আগত বাতৰি দি ক’লে, “আপোনাৰ এই দাসবোৰক আদেশ কৰা সকলো কাৰ্য তেওঁলোকে কৰি আছে৷
17 Gisechulo pesa mane nitiere e hekalu mar Jehova Nyasaye kendo gisechiwogi e lwet jotich kod jotend hekalu.”
১৭আৰু আপোনাৰ এই দাসবোৰে যিহোৱাৰ গৃহত পোৱা সকলো ধন চন্দুকৰ পৰা ঢালি, কাৰ্য্যাধ্যক্ষ আৰু কাম কৰোঁতা সকলৰ হাতত দিলে।”
18 Bangʼe Shafan jagoro nowachone niya, “Hilkia jadolo osemiya kitabu moro.” Mi Shafan nosomo kitabuno e nyim ruoth.
১৮পুনৰ লিখক চাফনে ৰজাক জনালে, বোলে, “পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিলে।” তেতিয়া চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
19 Kane ruoth owinjo weche mag Chik, noyiecho lepe.
১৯তেতিয়া ৰজাই ব্যৱস্থাৰ বাক্যবোৰ শুনা মাত্ৰকে নিজৰ কাপোৰ ফালিবলৈ ধৰিলে।
20 Nochiwo chikegi ne Hilkia gi Ahikam wuod Shafan gi Abdon wuod Mika gi Shafan jagoro kod Asaya jarit mar ruoth kowachonegi niya,
২০আৰু ৰজাই হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখাৰ পুত্ৰ আব্দোনক, লিখক চাফনক আৰু ৰজাৰ দাস অচায়াক এই আজ্ঞা কৰিলে বোলে,
21 “Dhiuru upenj Jehova Nyasaye gima biro timorena, jo-Israel kod jo-Juda modongʼ kaluwore gi weche mantiere e kitabu mosenwangʼno. Mirimb Jehova Nyasaye maliel ka mach osechomowa nikech kwerewa ok oserito wach Jehova Nyasaye; kendo ok gisetimo timbe moluwore gi gik moko duto mondiki e kitabuni.”
২১“তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”
22 Hilkia gi jogo mane ruoth ooro kaachiel kode nodhi ir Hulda janabi madhako mane chi Shalum wuod Tokhath, ma wuod Hasra jarit kar keno mar lep lemo. Nodak Jerusalem e gwengʼ mar ariyo.
২২পাছত হিল্কিয়া আৰু ৰজাই আদেশ কৰা সেই লোকসকল হস্ৰাৰ নাতি তকহঁতৰ পুত্ৰ বস্ত্ৰ-ভঁৰালী চল্লুমৰ ভাববাদীনী হুল্দাৰ ওচৰলৈ গ’ল; সেই সময়ত তেওঁ যিৰূচালেমৰ দ্বিতীয় ভাগত নিবাস কৰিছিল; আৰু তেওঁলোকে সেই বিষয়ে তেওঁক ক’লে।
23 Hulda jadolo madhako nowachonegi niya, “Ma e gima Jehova Nyasaye, ma Nyasach jo-Israel wacho: Nyisuru ngʼatno mane oorou ira niya,
২৩তাতে তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ,
24 ‘Ma e gima Jehova Nyasaye wacho: Abiro kelo masira e pinyni kendo kuom joma odakie, kaluwore gi kwongʼ duto mondikie kitabu mosesom e nyim ruodh Juda.
২৪“যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম;
25 Mirimba nosik kuom pinyni kendo ok norum nikech gisejwangʼa ka giwangʼo ubani ne nyiseche manono kendo ka gimiya mirima kuom lamo nyiseche mopa gi lwedo.’
২৫কাৰণ নিজ নিজ হাতেৰে কৰা সকলো কৰ্মৰ দ্বাৰাই মোক বেজাৰ দিবলৈ, তেওঁলোকে মোক ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে, এতেকে এই ঠাইৰ ওপৰত মোৰ ক্ৰোধাগ্নি বৰষোৱ যাব, নুমুৱা নাযাব।’”
26 Wachneuru ruodh Juda, mane oorou mondo upenja gima Jehova Nyasaye wacho ni, ‘Ma e gima Jehova Nyasaye ma Nyasach jo-Israel wacho kaluwore gi weche musewinjo:
২৬কিন্তু যিহোৱাৰ ইচ্ছা সুধিবলৈ তোমালোকক পঠোৱা যিহূদাৰ ৰজাৰ আগত এই কথা ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তুমি যি যি বাক্য শুনিলা সেইবোৰৰ বিষয়ে মোৰ কথা এই,
27 Nikech ne uwinjo wach kendo uboloru e nyim Nyasaye kane uwinjo weche mane owacho kuom pinyni kod joma odakie, kendo nikech ne uboloru e nyima, ma uyiecho lepu kuywak e nyima, omiyo asewinjo ywaku, Jehova Nyasaye owacho.
২৭এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।
28 Koro anami iywe gi kwereni kendo noiki gi kwe. Ok inine masiche mabiro kelone pinyni gi joma odakie.’” Omiyo negidwoko wach ne ruoth.
২৮‘চোৱা, মই তোমাৰ ওপৰ-পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ’ব; আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমঙ্গল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব’।” পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে।
29 Eka ruoth noluongo jodongo duto mag Juda kod Jerusalem kaachiel.
২৯তাৰ পাছত ৰজাই মানুহ পঠিয়াই যিহূদা আৰু যিৰূচালেমৰ বৃদ্ধ লোকসকলক গোট খোৱালে।
30 Nodhi nyaka e hekalu mar Jehova Nyasaye ka en gi jo-Juda, jo-Jerusalem, jodolo, jo-Lawi, kaachiel gi ji duto momewo kod ma jochan. Nosomonegi weche duto mane ondiki e Kitabu mar Singruok mane osenwangʼ e hekalu mar Jehova Nyasaye ka giwinjo.
৩০তাতে ৰজাই যিহূদাৰ আটাইলোক, যিৰূচালেম নিবাসীসকলক, পুৰোহিতসকল, লেবীয়াসকল আৰু সৰু-বৰ সমুদায় প্ৰজাক লগত লৈ যিহোৱাৰ গৃহলৈ উঠি গ’ল; আৰু যিহোৱাৰ পৰা পোৱা নিয়ম-পুস্তকখনৰ সকলো বাক্য ৰজাই লোকসকলক পঢ়াই শুনুৱালে।
31 Ruoth nochungʼ e bath siro kendo noketo winjruok mane oselal obedo kare e nyim Jehova Nyasaye kosingore ni enoluw Jehova Nyasaye kendo norit chikene gi wechene kod buchene gi chunye duto kod pache duto kendo norit weche mag singruok mondiki e kitabuni.
৩১পাছত ৰজাই নিজৰ ঠাইত থিয় হৈ যিহোৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে আৰু সকলো প্ৰাণেৰে, তেওঁৰ আজ্ঞা, সাক্ষ্য বাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য অনুসাৰে কাম কৰিবলৈ যিহোৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে।
32 Eka nomiyo jo-Jerusalem duto kod jo-Benjamin okwongʼore ni ginirit singruokno kendo jo-Jerusalem notimo mano kaluwore gi singruok mar Nyasaye, ma Nyasach kweregi.
৩২আৰু যিৰূচালেম আৰু বিন্যামীনৰ যিমান লোক উপস্থিত আছিল, তেওঁ সেই সকলোকে নিয়মটি পালন কৰিবলৈ প্ৰতিজ্ঞা কৰালে; তাতে যিৰূচালেমৰ নিবাসীসকলে তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰৰ নিয়মটিৰ অনুসাৰে কাৰ্য কৰিলে।
33 Josia nogolo gik makwero mag nyiseche manono e piny jo-Israel duto kendo nomiyo ji duto modak e piny Israel otiyo ne Jehova Nyasaye, ma Nyasachgi. E ndalo duto mag ngimane ji ne ok oweyo luwo Jehova Nyasaye, ma Nyasach kweregi.
৩৩যোচিয়াই ইস্ৰায়েলৰ সন্তান সকলে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণ লগা বস্তুবোৰ দুৰ কৰিলে আৰু ইস্ৰায়েলৰ মাজত থকা সকলো লোকক ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰালে। তেওঁলোকে তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ পাছত চলিবলৈ নেৰিলে।