< 2 Weche Mag Ndalo 20 >

1 Bangʼ mano jo-Moab kod jo-Amon kaachiel gi jo-Meun moko nobiro mondo oked gi Jehoshafat.
তাৰ পাছত মোৱাবৰ সন্তান সকল, অম্মোনীয়াৰ সন্তান সকল আৰু তেওঁলোকৰ লগত কিছুমান মায়োনীয়া লোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল৷
2 Jomoko nobiro monyiso Jehoshafat niya, “Oganda lweny maduongʼ moa Edom bironi koa e loka Nam kocha. Gisechopo Hazazon Tamar” (tiende ni, En Gedi).
তেতিয়া কিছুমান লোক আহি যিহোচাফটক এই সম্বাদ দিলে বোলে, “সাগৰৰ সিপাৰে থকা অৰামৰ পৰা অতিশয় অধিক লোক আপোনাৰ বিৰুদ্ধে উঠি আহিছে৷ চাওঁক, তেওঁলোক হচচোন-তামৰত অৰ্থাৎ অয়িন-গদীত আছে।”
3 Jehoshafat nobwok omiyo nokwayo Jehova Nyasaye kendo nochiko jo-Juda duto mondo otwe chiemo.
তেতিয়া যিহোচাফটে ভয় কৰি যিহোৱাক বিচাৰিবলৈ ঠাৱৰ কৰিলে৷ তেওঁ যিহূদাৰ সকলো ফালে উপবাস ঘোষণা কৰিলে।
4 Jo-Juda duto nobiro kaachiel mondo gikwa Jehova Nyasaye kony, adier negia e mier mag Juda duto mondo gidwar wangʼe.
যিহূদাৰ লোকসকলে যিহোৱাৰ আগত সাহায্য যাচ্‌না কৰিবলৈ গোট খালে; যিহূদাৰ আটাই নগৰৰ পৰা লোকসকলে যিহোৱাক বিচাৰ কৰিবলৈ আহিল।
5 Eka Jehoshafat nochungʼ e nyim oganda mar Juda kod Jerusalem e hekalu mar Jehova Nyasaye e nyim laru manyien
যিহোচাফটে যিহোৱাৰ গৃহৰ নতুন চোতালখনৰ আগত যিহূদাৰ আৰু যিৰূচালেমৰ সমাজৰ আগত থিয় হ’ল।
6 mowacho niya, “Jehova Nyasaye ma Nyasach kwerewa, donge in e Nyasaye mantie e polo? In ema itelone pinyruodhi duto mag ogendini. Teko gi nyalo ni e lweti, kendo onge ngʼato manyalo siri.
তেওঁ ক’লে, “হে আমাৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱা, আপুনি জানো স্বৰ্গৰ ঈশ্বৰ নহয় নে? আৰু আপুনিয়েই জানো জাতি সমূহৰ সকলো ৰাজ্যৰ ওপৰত শাসনকৰ্ত্তা নহয়? আপোনাৰেই হাতত শক্তি আৰু পৰাক্ৰম থকাত আপোনাৰ অহিতে কোনেও থিয় হ’ব নোৱাৰে।
7 Nyasachwa, donge niriembo joma nodak e pinyni ka jo-Israel neno mimiyo nyikwa Ibrahim osiepni pinyni nyaka chiengʼ?
হে আমাৰ ঈশ্বৰ, আপুনিয়েই জানো আপোনাৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ আগৰ পৰা এই দেশ নিবাসীসকলক দূৰ কৰি অব্ৰাহামৰ বংশক চিৰকালৰ বাবে এই দেশ দিয়া নাই?
8 Gisedak e pinyni kendo gisegeroni kama ler mar lemo maluongo Nyingi kagiwacho ni,
তেওঁলোকে এই দেশত বাস কৰিছিল আৰু এই ঠাইত আপোনাৰ নামৰ বাবে এক ধৰ্মধাম সাজি লৈ কৈছিল,
9 ‘Ka gima rach ogore kuomwa, bed ni en kum gi ligangla kata dera mar tho kata kech, to wabiro chungʼ e nyimi e hekaluni miluongo gi Nyingi kendo wanaywagreni nikech masirani, kendo iniwinjwa mi ireswa.’
‘আমালৈ যদি অমঙ্গল ঘটে - তৰোৱাল বা বিচাৰ, সিদ্ধ দণ্ড বা মহামাৰী বা আকালে হওঁক তেতিয়া আমি এই গৃহৰ আগত আৰু আপোনাৰ আগত (কিয়নো এই গৃহত আপোনাৰ নাম আছে) থিয় হৈ, সঙ্কতৰ কালত আপোনাৰ আগত কাতৰোক্তি কৰিম; তাতে আপুনি সেই বিষয়ে শুনি আমাক উদ্ধাৰ কৰিব।’
10 “To koro jo-Amon gi jo-Moab kod jo-Got Seir mane ok iyiene jo-Israel mondo omonj pinygi kane gia Misri; kuom mano ne giweyogi ma ok gitiekogi.
১০এতিয়া চাওঁক, সেই অম্মোনৰ আৰু মোৱাবৰ সন্তান সকল আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকসকলে যেতিয়া মিচৰ দেশৰ পৰা ওলাই অাহিছিল তেতিয়া আপুনি তেওঁলোকৰ দেশত ইস্ৰায়েলক সোমাবলৈ নিদিলে; তেতিয়া ইস্ৰায়েলে তেওঁলোকৰ পৰা এফলীয়া হ’ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে৷
11 Neye gima gitimonwa kuom biro mondo giriembwa e gima nimiyowa kaka girkeni marwa.
১১এতিয়া চাওঁক, তেওঁলোকে উপকাৰৰ সলনি আমাৰ কেনে অপকাৰ কৰিছে; আপুনি যি উত্তৰাধীকাৰ আমাক দিলে, আপোনাৰ সেই উত্তৰাধিকাৰৰ পৰা তেওঁলোকে আমাক খেদাই দিবলৈ আহিছে৷
12 Nyasachwa, donge dingʼadnegi bura? Wan to waonge kod teko ma wanyalo kedogo kod oganda lweny maduongʼni ma monjowani. Wan ok wangʼeyo gima dwatim, genowa waketo kuomi.”
১২হে আমাৰ ঈশ্বৰ, আপুনি তেওঁলোকৰ বিচাৰ নকৰিবা নে? কিয়নো আমাৰ অহিতে সেই যি অধিক অতিশয় লোক সমূহ আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সামর্থ নাই৷ আমি যি কৰিব লাগিব, সেই বিষয়ে নাজানো, কেৱল আপোনালৈ চাই আছোঁ।”
13 Jo-Juda duto gi mondegi gi nyithindgi kod nyithindgi matindo nochungʼ e nyim Jehova Nyasaye.
১৩এইদৰে শিশুসকল, মহিলাসকল আৰু তেওঁলোকৰ সন্তান সকলে সৈতে গোটেই যিহূদা যিহোৱাৰ সাক্ষাতে থিয় হ’ল।
14 Eka Roho mar Jehova Nyasaye nolor kuom Jahaziel wuod Zekaria ma wuod Benaya, ma wuod Jeyel ma wuod Matania ma ja-Lawi kendo nyakwar Asaf kane ochungʼ e dier chokruok.
১৪তেতিয়া সেই সমাজৰ মাজৰ মত্তনীয়াৰ বৃদ্ধ পৰিনাতি, যিয়ীয়েলৰ পৰিনাতি বনায়াৰ নাতি, জখৰিয়ৰ পুত্ৰ জহজীয়েল নামেৰে আচফৰ বংশৰ এজন লেবীয়া লোকৰ ওপৰত যিহোৱাৰ আত্মা স্থিতি হ’ল।
15 Nowacho niya, “Chik iti in Ruoth Jehoshafat kaachiel gi jogo duto modak Juda gi Jerusalem! Jehova Nyasaye wachoni kama: ‘Kik ibed gi luoro kendo chunyi kik parre nikech oganda lweny maduongʼni, nimar lweny ok maru, to en mar Nyasaye.
১৫জহজীয়েলে ক’লে, “হে যিহূদা, যিৰূচালেমৰ নিবাসীসকল আৰু হে মহাৰাজ যিহোচাফট; তোমালোকে কাণ দিয়া: যিহোৱাই তোমালোকক এই কথা কৈছে: ‘তোমালোকে সেই অতিশয় অধিক লোক সমূহক দেখি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কিয়নো এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰৰহে।
16 Kiny upangru ka udhi irgi. Gibiro biro ka gitwenyo got ka giluwo Holo mar Ziz kendo ubiro yudogi e giko piny mar kamotuo mar Jeruel.
১৬তোমালোকে কাইলৈ তেওঁলোকৰ বিৰুদ্ধে নামি যাব লাগিব৷ চোৱা, তেওঁলোকে চীচলৈ যোৱা বাটেদি উঠি আহিছে৷ তোমালোকে যিৰুৱেল মৰুপ্ৰান্তৰ আগত উপত্যকাৰ শেষ ভাগত তেওঁলোকক পাবা।
17 Ok ochuno ni uked e lwenyni. Kawuru kuondeu, chunguru motegno mondo une loch ma Jehova Nyasaye nomiu, yaye Juda kod Jerusalem. Kik ubed maluor, kendo kik chunyu nyosre. Kiny dhiuru mondo urad kodgi nimar Jehova Nyasaye nobed kodu.’”
১৭এই যুদ্ধত তোমালোকে যুদ্ধ কৰিবলৈ প্ৰয়োজন নহ’ব৷ হে যিহূদা আৰু যিৰূচালেম, তোমালোকে শাৰী পাতি থিয় দি থাকা আৰু তোমালোকে যিহোৱাৰ সৈতে, যিহোৱাই কৰা নিস্তাৰ দেখিবা৷ তোমালোকে ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কাইলৈ তেওঁলোকৰ বিৰুদ্ধে ওলাই যোৱা, কিয়নো যিহোৱা তোমালোকৰ লগত আছে’৷”
18 Jehoshafat nokulore piny auma kendo jo-Juda duto kod Jerusalem nogoyo chonggi piny e nyim Jehova Nyasaye ka gilame.
১৮তেতিয়া যিহোচাফটে মূৰ দোঁৱাই মাটিলৈ মুখ কৰি প্ৰণিপাত কৰিলে৷ তেতিয়া যিহূদাৰ সকলো লোক অাৰু যিৰূচালেম নিবাসীসকলে যিহোৱাৰ আগত উবুৰি হৈ পৰি তেওঁৰ প্ৰণিপাত কৰিলে।
19 Eka jo-Lawi moko, jo-Kohath kod jo-Kora nochungo mopako Jehova Nyasaye ma Nyasach jo-Israel gi dwol maduongʼ ahinya.
১৯কহাতৰ বংশৰ আৰু কোৰহৰ বংশৰ লেবীয়াসকলে তেতিয়া উঠি থিয় হ’ল আৰু অতিশয় বৰ মাতেৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিলে৷
20 Gokinyi mangʼich negiwuok gidhi e piny Tekoa motwo. Kane giwuok Jehoshafat nochungʼ kawacho niya, “Chikuru itu un jo-Juda kod joma odak Jerusalem! Beduru kod geno kuom Jehova Nyasaye ma Nyasachu eka unukuwo, bende yieuru gi jonabi mage eka unulo.”
২০পাছত তেওঁলোকে ৰাতিপুৱাতে উঠি তকোৱাৰ মৰুপ্ৰান্তলৈ ওলাই গ’ল৷ ওলাই যোৱা সময়ত, যিহোচাফটে থিয় হৈ ক’লে, “হে যিহূদা আৰু যিৰূচালেম নিবাসীসকল, মোলৈ কাণ দিয়া! তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা, তাতে তোমালোক সমর্থন পাবা আৰু তেওঁৰ ভাববাদীসকলত বিশ্বাস কৰা, তাতে তোমালোক কৃতকাৰ্য হ’বা।”
21 Kane osepimo wach gi joge, Jehoshafat noyiero joma onego owerne Jehova Nyasaye mondo gipak berne mokalo apima mar lerne ka gitelo e nyim jolweny ka giwer niya, “Dwokneuru Jehova Nyasaye erokamano, nikech herane osiko nyaka chiengʼ.”
২১তাৰ পাছত তেওঁ লোকসকলৰ সৈতে মন্ত্ৰণা কৰি ৰণলৈ সাজু হোৱাসকলৰ আগে আগে “যিহোৱাৰ স্তুতি গান কৰা; কিয়নো তেওঁৰ দয়া চিৰকাললৈকে থাকে”, এই কথা কৈ কৈ, যিহোৱাৰ উদ্দেশ্যে গীত গাবলৈ আৰু পবিত্ৰ শোভাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কিছুমান লোকক নিযুক্ত কৰিলে।
22 Kane gichako wer kendo pake, Jehova Nyasaye norundogi ma jo-Amon kod jo-Moab kaachiel gi jo-Got Seir manomonjo Juda nochako kedo kendgi giwegi mi nologi.
২২যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে; তাতে তেওঁলোক পৰাস্ত হ’ল।
23 Jo-Amon gi jo-Moab noriwore mochako kedo kod jo-Got Seir monegogi kendo otiekogi pep. Kane gitieko nego jo-Got Seir, negikonyore kuom tiekore kendgi giwegi.
২৩কিয়নো অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলে নিঃশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ, চেয়ীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠি আহিছিল৷ যেতিয়া তেওঁলোকে চেয়ীৰ নিবাসীসকলক সংহাৰ কৰি উঠিছিল, তেতিয়া তেওঁলোকে নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে।
24 Kane jo-Juda nobiro kama omanyore gi kama otimo ongoro kendo gingʼiyo oganda lweny maduongʼ, negineno mana ringre joma otho koriere piny kendo ne githo maonge ngʼama notony.
২৪যিহূদাৰ লোকসকলে যেতিয়া মৰুপ্ৰান্তৰ প্ৰহৰী-দুৰ্গলৈ আহিল, তেতিয়া তেওঁলোকে সেই ঠাইৰ পৰা সেই অতিশয় লোক সকলৰ সৈন্যদললৈ মুখ ঘূৰাই চাই দেখিলে যে, তেওঁলোক মৰা শ হৈ মাটিত পৰি আছে; ৰক্ষা পোৱা এজনো নাই।
25 Omiyo Jehoshafat gi joge nodhi mondo giyak mwandu kendo neginwangʼo gige lweny mangʼeny kod lewni kod gik moko ma nengogi tek mangʼeny ma ok neginyal tingʼo duto. Gik miyako ne ngʼeny ahinya mane otieko ndalo adek mondo giyakgi duto.
২৫তেতিয়া যিহোচাফট আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ লুটদ্ৰব্য আনিবলৈ গৈ শৱৰ লগত বহুত সম্পত্তি আৰু বহুমূল্য বাখৰ পালে৷ তেওঁলোকে সেইবোৰ নিজৰ বাবে তেওঁলোকৰ গাৰ পৰা উলিয়াই আনিলে৷ তাতে ইমান ধন হ’ল যে তেওঁলোকৰ যিমান ধন কঢ়িয়াব পৰা ক্ষমতা আছিল তাতোকৈয়ো অধিক ধন তেওঁলোকে বৈ নিলে৷ সেই লুটদ্ৰব্য ইমান অধিক আছিল যে সেইবোৰ লৈ যাবলৈ তেওঁলোকৰ তিনি দিন লাগিল।
26 To chiengʼ mar angʼwen negichokore e Holo mar Beraka kama ne gipakoe Jehova Nyasaye. Ma emomiyo iluonge ni Holo mar Beraka nyaka chil kawuono.
২৬তাৰ পাছত চতুৰ্থ দিনা তেওঁলোকে বৰাখা উপত্যকাত গোট খালে৷ সেই ঠাইত তেওঁলোকে যিহোৱাৰ ধন্যবাদ কৰিলে আৰু সেই কাৰণে আজিলৈকে সেই ঠাই বৰাখা উপত্যকা বুলি প্ৰখ্যাত আছে।
27 Eka jo-Juda gi jo-Jerusalem duto kotelnegi kod Jehoshafat nodok Jerusalem ka gimor gi ilo nikech Jehova Nyasaye nomiyogi mor kuom loyo wasikgi.
২৭তাৰ পাছত যিহূদা আৰু যিৰূচালেমৰ প্ৰতিজন লোকে আৰু তেওঁলোকৰ অগ্ৰগামী যিহোচাফটে আনন্দেৰে যিৰূচালেমলৈ ঘূৰি আহিবলৈ নিশ্চিত কৰিলে; কিয়নো যিহোৱাই তেওঁলোকৰ শত্ৰুবোৰৰ ওপৰত তেওঁলোকক আনন্দিত কৰিছিল।
28 Negidonjo Jerusalem e hekalu mar Jehova Nyasaye ka gigoyo nyatiti gi asili kod turumbete.
২৮তাতে তেওঁলোকে নেবল, বীণা আৰু তুৰী বজাই যিৰূচালেমলৈ যিহোৱাৰ গৃহলৈ আহিল।
29 Luoro mar Nyasaye nomako pinjeruodhi mag pinje kane giwinjo kaka Jehova Nyasaye nokedo gi wasik jo-Israel.
২৯যিহোৱাই ইস্ৰায়েলৰ শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা কথা আন আন দেশৰ সকলো লোকে শুনি, ঈশ্বৰৰ প্ৰতি ভয় পালে।
30 Kamano pinyruoth Jehoshafat ne nigi kwe nikech Nyasache nomiye yweyo kuonde duto.
৩০এইদৰে যিহোচাফটৰ ৰাজ্য সুস্থিৰ হ’ল; কিয়নো তেওঁৰ ঈশ্বৰে তেওঁক চাৰিওফালে শান্তি দিছিল।
31 Mano e kaka Jehoshafat norito Juda. Ne en ja-higni piero adek gabich kane obedo ruodh Juda kendo norito piny kodak Jerusalem kuom higni piero ariyo gabich. Min mare ne nyinge Azuba nyar Shilhi.
৩১যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ব কৰিলে। তেওঁ পঁয়ত্ৰিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।
32 Noluwo yore Asa wuon mare kendo ne ok oweyogi, nimar notimo gima kare e nyim Jehova Nyasaye.
৩২তেওঁ তেওঁৰ পিতৃ আচাৰ পথত চলিছিল, আৰু তেওঁৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিছিল।
33 To kata kamano kuonde motingʼore gi malo mag lemo ne ok omuki kendo ji ne pok oketo chunygi kuom Nyasach kweregi.
৩৩তথাপি পবিত্ৰ ঠাইবোৰ গুচুউৱা নহ’ল আৰু তেওঁলোকে তেতিয়াও নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰলৈ নিজ নিজ মন যুগুত নকৰিলে।
34 Gik mamoko manotimore e ndalo loch Jehoshafat aa chakruok nyaka gikogi ondikgi e weche mag ndalo mag Jehu wuod Hanani kaka ochan-gi e kitap ruodhi mag Israel.
৩৪যিহোচাফটৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰে পৰা শেষলৈকে ইস্ৰায়েলৰ ৰজাসকলৰ বুৰঞ্জীৰ লগতে হনানীৰ পুত্ৰ যেহূৰ ইতিহাস-পুস্তকখনিত লিখা আছে।
35 Bangʼe Jehoshafat ruodh Juda notimo winjruok kod Ahazia ruodh Israel manongʼadne bura nikech timbene maricho.
৩৫ইয়াৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ অতি দুৰাচাৰী অহজিয়া ৰজাৰ লগত যোগ দিলে।
36 Ne giwinjore ni gihondho yiedhi mangʼeny mag loko ohala. Bangʼe kane oselosgi Ezion Geber,
৩৬বিশেষকৈ তেওঁ সাগৰলৈ যাবৰ কাৰণে জাহাজ সজাৰ অৰ্থে, তেওঁৰ লগত যোগ দিলে৷ তেওঁলোকে ইচিয়োন-গেবৰত কেইবাখনো জাহাজ সাজিলে।
37 Eliezer wuod Dodavahu ma ja-Maresha nokoro wach marach kuom Jehoshafat kowacho niya, “Nikech isetimo winjruok kod Ahazia, Jehova Nyasaye biro ketho gigo ma iseloso.” Yiedhigo nobarore kendo ne ok ginyal kwangʼ mondo gitim ohala.
৩৭তেতিয়া মাৰেচাৰ দোদাবাহুৰ পুত্ৰ ইলীয়েজৰে যিহোচাফটৰ বিৰুদ্ধে এই ভাববাণী প্ৰচাৰ কৰিলে; তেওঁ ক’লে, “কিয়নো তুমি অহজিয়াৰ লগত যোগ দিলা, এই কাৰণে যিহোৱাই তোমাৰ কাৰ্যবোৰ ধংস কৰিলে।” তাতে সেই জাহাজবোৰ ভগ্ন হ’ল যাতে তেওঁলোক অন্য দেশলৈ যাব নোৱাৰে।

< 2 Weche Mag Ndalo 20 >