< 2 Weche Mag Ndalo 13 >
1 E higa mar apar gaboro mar loch Jeroboam, Abija nobedo ruodh Juda,
১যাৰবিয়াম ৰজাৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়াই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷
2 kendo norito piny kuom higni adek kodak Jerusalem. Min mare ne nyinge Maaka ma nyar Uriel ja-Gibea. Ne nitiere lweny e kind Abija kod Jeroboam.
২তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম মীখায়া আছিল৷ তেখেত গিবিয়া নিবাসী উৰিয়েলৰ জীয়েক আছিল। সেই সময়ত অবিয়া আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
3 Abija nodhi e kedo ka en gi jolweny molony alufu mia angʼwen to Jeroboam nochano jolweny moyier marateke alufu mia aboro.
৩অবিয়াই যুদ্ধাৰু বীৰ পুৰুষ থকা সৈন্য সামন্তৰ চাৰি লাখ মনোনীত লোক লগত লৈ যুদ্ধ কৰিবলৈ গ’ল৷ যাৰবিয়ামে আঠ লাখ মনোনীত বলৱান বীৰপুৰুষ লগত লৈ তেওঁৰ বিৰুদ্ধে বেহু পাতিলে।
4 Abija nochungo e Got Zemaraim e piny gode mag Efraim kowacho niya, “Winjauru in Jeroboam kod jo-Israel duto!
৪অবিয়াই ইফ্ৰয়িমৰ পৰ্বতীয়া অঞ্চলত থকা চমাৰয়িম পৰ্বতৰ ওপৰত থিয় হৈ ক’লে, “হে যাৰবিয়াম আৰু গোটেই ইস্ৰায়েল লোক, মোৰ কথা শুনা!
5 Donge ungʼeyo ni Jehova Nyasaye ma Nyasach jo-Israel nomiyo Daudi kod nyikwaye loch Israel nyaka chiengʼ kotimo kodgi singruok ma ok tow?
৫ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই যে ইস্ৰায়েলৰ ৰাজ্যভাৰ চিৰকাললৈকে দায়ূদক আৰু তেওঁৰ সন্তান সকলক পৰম্পৰাগত এটি নিয়মেৰে দিলে, সেই বিষয়ে জানো তোমালোকে নাজানা?
6 To kata obedo kamano Jeroboam wuod Nebat jatelo mar Solomon wuod Daudi nongʼanyo ni ruodhe.
৬তথাপি দায়ূদৰ পুত্ৰ চলোমনৰ দাস নবাটৰ পুত্ৰ যাৰবিয়াম তেওঁৰ প্ৰভুৰ বিৰুদ্ধে উঠি বিদ্ৰোহী হ’ল;
7 Ji moko ma timbegi mono noriwore kode mi negikwedo Rehoboam wuod Solomon kane pod en rawera mayom yom kendo ne ok otek monyalo sirogi.
৭আৰু কেতবোৰ পাষণ্ড ও অসাৰ চিত্তৰ লোকসকল তেওঁৰ ওচৰত গোট খালে৷ তেওঁলোকে চলোমনৰ পুত্ৰ ৰহবিয়ামৰ বিৰুদ্ধে নিজকে সবল কৰিলে; যেতিয়া ৰহবিয়াম ডেকা আৰু অনভিজ্ঞ হোৱাত তেওঁলোকৰ আগত নিজকে সবল কৰিব নোৱাৰিছিল।
8 “To koro sani ichano mondo itamri loch Jehova Nyasaye mantiere e lwet nyikwa Daudi. Adieri un kod jolweny mangʼeny kendo un kod nyiroye mag dhahabu mane Jeroboam oloso mondo obed nyisecheu.
৮আৰু এতিয়া তোমালোকে দায়ূদৰ সন্তান সকলৰ হাতত থকা যিহোৱাৰ ৰাজ্যৰ বিৰুদ্ধে নিজকে সবল কৰিব পাৰিম বুলি ভাবিছাহঁক৷ তোমালোক অতিশয় এক বৃহৎ সৈন্যৰ দল আৰু দেৱতা স্বৰূপে তোমালোকৰ বাবে যাৰবিয়ামে সজা সোণৰ দামুৰি কেইটা তোমালোকৰ লগত আছে।
9 To donge nuriembo jodolo mag Jehova Nyasaye ma yawuot Harun kaachiel gi jo-Lawi kendo ne uyiero jodolo magu kaka jopinje mamoko timo? Ngʼato angʼata mobiro opwodhore gi nyarwath kod imbe abiriyo nyalo bedo jadolo mar gik ma ok nyiseche.
৯তোমালোকে যিহোৱাৰ পুৰোহিত হাৰোণৰ সন্তান সকলক আৰু লেবীয়াসকলক খেদি দিয়া নাই জানো? অন্য দেশীয় জাতিবোৰৰ দৰে নিজৰ বাবে পুৰোহিত পাতি লোৱা নাই জানো? ইয়াতে যিজনে এটা দমৰা আৰু সাতোটা মেৰ লৈ নিজকে পুৰোহিত কৰাবলৈ আহে, তেওঁ সেই ঈশ্বৰ নোহোৱাবোৰৰ পুৰোহিত হ’ব পাৰে।
10 “Wan to Jehova Nyasaye en Nyasachwa kendo ok waseweye ngangʼ. Jodolo matiyone Jehova Nyasaye gin yawuot Harun kendo jo-Lawi konyogi e tijno.
১০কিন্তু আমাৰ বাবে হ’লে যিহোৱাই আমাৰ ঈশ্বৰ আৰু আমি তেওঁক ত্যাগ কৰা নাই৷ আৰু যিহোৱাৰ পৰিচৰ্যা কৰোঁতা পুৰোহিত হাৰোণৰ সন্তান সকল, আৰু নিজ নিজ কামত লাগি থকা লেবীয়াসকল আমাৰ আছে৷
11 Okinyi godhiambo gichiwone Jehova Nyasaye misengini miwangʼo pep kod gik mangʼwe ngʼar kendo giketo makati e mesa mopwodhi kendo gimoko teche moket e rachungi taya mar dhahabu godhiambo pile ka pile. Wan warito chike Jehova Nyasaye ma Nyasachwa, un to useweye.
১১তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে প্ৰতি দিনে ৰাতিপুৱা আৰু সন্ধিয়া বেলা হোম-বলি উৎসৰ্গ কৰে আৰু সুগন্ধি ধূপ জ্বলায়৷ আৰু পবিত্ৰ মেজৰ ওপৰত যিহোৱাৰ আগত দিয়া পিঠা সজায় ৰাখে আৰু সন্ধিয়া বেলা জ্বলাবৰ বাবে প্ৰদীপবোৰৰ সৈতে সোণৰ দীপাধাৰ যুগুতাই থয়৷ কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰোঁ, কিন্তু তোমালোকে তেওঁক ত্যাগ কৰিলা।
12 Nyasaye ni kodwa; en e jatendwa. Jodolo mage biro goyo turumbete miluong ji mondo oked kodu. Jo-Israel, kik uked gi Jehova Nyasaye, ma Nyasach kwereu nikech ok ubiloyo.”
১২আৰু চোৱা, ঈশ্বৰ আমাৰ সঙ্গী হৈ আমাৰ আগত যাওঁতা হৈছে; আৰু তেওঁৰ পুৰোহিতসকল তোমালোকৰ বিৰুদ্ধে মহাধ্বনি কৰা তেওঁলোকৰ তূৰীও আছে। হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, কিয়নো তেতিয়া তোমালোকে কৃতকাৰ্য্য নহ’বা৷
13 Jeroboam noseoro jolweny mondo oluor e tokgi mondo ni kane en e nyim Juda to jolweny moko mondo omonjgi gi ka tokgi.
১৩কিন্তু যাৰবিয়ামে তেওঁলোকক আক্ৰমণ কৰিবৰ অৰ্থে যুগুত হ’ল আৰু গুপুতে এদল সৈন্য তেওঁলোকৰ পাছ ফাললৈ ঘূৰাই পঠালে; তাতে এদল লোক যিহূদাৰ আগফালে আৰু সেই গুপুতে পঠোৱা দলটো তেওঁলোকৰ পাছফালে আছিল।
14 Kane jo-Juda olokore moneno nine imonjogi gi ka tokgi kod e nyimgi eka negiywagore ni Jehova Nyasaye. To jodolo bende nogoyo turumbete
১৪পাছত যিহূদাৰ লোকসকলে মুখ ঘূৰাই যেতিয়া তেওঁলোকৰ আগফালে আৰু পাছফালে যুদ্ধ হোৱা দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু পুৰোহিতসকলে তূৰী বজালে;
15 eka jo-Juda nongʼiyo kendo kane gigiyo kamano Nyasaye nokeyo Jeroboam kaachiel gi jo-Israel duto e nyim Abija kod jo-Juda.
১৫তেতিয়া যিহূদাৰ লোকসকলে সিংহনাদ কৰি উঠিল; যিহূদাৰ লোকসকলে এনে সিংহনাদ কৰোঁতে, ঈশ্বৰে অবিয়াৰ আৰু যিহূদাৰ আগত যাৰবিয়ামক আৰু গোটেই ইস্ৰায়েলক প্ৰহাৰ কৰিলে।
16 Jo-Israel noringo akeya nono e nyim jo-Juda nikech Nyasaye nochiwogi e lwet jo-Juda.
১৬তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিহূদাৰ সন্মুখৰ পৰা পলাল অাৰু ঈশ্বৰে তেওঁলোকক যিহূদাৰ হাতত শোধাই দিলে।
17 Abija kod joge nonegogi malich ahinya ma joma nohinyore kuom jo-Israel marateke moyier ne gin ji alufu mia abich.
১৭অবিয়া আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ মাজত মহা সংহাৰেৰে সংহাৰ কৰিলে; তাতে ইস্ৰায়েলৰ মাজত পাঁচলাখ মনোনীত লোকৰ মৃত্যু হ’ল।
18 Kamano e kaka ne olo jo-Israel chiengʼno, jo-Juda nolocho nikech negigeno kuom Jehova Nyasaye, ma Nyasach kweregi.
১৮এইদৰে সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলক বশ কৰা হ’ল; যিহূদাৰ সন্তান সকল জয়ী হ’ল, কিয়নো তেওঁলোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত তেওঁলোকে ভাৰসা ৰাখিছিল।
19 Abija nolawo Jeroboam mokawo mieche kaka Bethel gi Jeshana kod Efron kod mier matindo mokiewo kode.
১৯পাছত অবিয়াই যাৰবিয়ামৰ পাছে পাছে খেদি গৈ, তেওঁৰ খনদিয়েক নগৰ অৰ্থাৎ বৈৎএল আৰু তাৰ উপনগৰ, যচানা আৰু তাৰ উপনগৰ আৰু ইফ্ৰোণ আৰু তাৰ উপনগৰবোৰ অধিকাৰ ল’লে।
20 Loch Jeroboam ne ok ochako obedo motegno e kinde Abija. Bangʼe Jehova Nyasaye nogoye motho.
২০অবিয়াৰ দিনত যাৰবিয়াম কেতিয়াও বলৱান হ’ব নোৱাৰিলে৷ পাছত যিহোৱাই তেওঁক প্ৰহাৰ কৰাত, তেওঁৰ মৃত্যু হ’ল।
21 Loch Abija nomedo gurore motegno. Nokendo mon apar gangʼwen kendo ne en gi yawuowi piero ariyo gariyo kod nyiri apar gauchiel.
২১কিন্তু অবিয়া বলৱান হৈ উঠিল; তেওঁ চৌদ্ধ গৰাকী মহিলা বিয়া কৰালে৷ তেওঁৰ ঔৰসত বাইশজন পুতেক আৰু ষোল্লজনী জীয়েক জন্ম লৈছিল।
22 Weche moko mag loch Abija, timbene duto kod gik mane owacho ondiki e kitap Ido janabi.
২২অবিয়াৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ কাৰ্য আৰু তেওঁ কোৱা কথা ইদ্দো ভাববাদীৰ টীকা শাস্ত্ৰখনত লিখা আছে।