< 1 Samuel 30 >

1 Daudi kod joge nochopo Ziklag chiengʼ mar adek. Koro jo-Amalek noyudo osemonjo Negev gi Ziklag. Negipeyo Ziklag mi giwangʼe,
তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে;
2 kendo gimako mon kod ji duto mane ni kanyo, jomatindo kod jomadongo ma giteroe twech. To ne ok ginego ngʼato kuomgi, to ne gikawogi ma gidhi kodgi.
আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গৈছে। সিহঁতে কাকো বধ নকৰিলে, কিন্তু সকলোকে লগত লৈ নিজৰ বাটেৰে তেওঁলোক গ’ল।
3 Kane Daudi gi joge ochopo Ziklag, negiyudo ka osewangʼe gi mach kendo mondgi, yawuotgi gi nyigi nosemaki oter e twech.
যেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকল সেই নগৰলৈ আহিল, তেতিয়া নগৰখন জুইৰে পুৰি পেলোৱা হৈছে আৰু তাত থকা মহিলা, সন্তান আৰু জীয়ৰীবোৰক বন্দী কৰি লৈ গৈছে।
4 Daudi gi joge noywak matek ma tekregi norumo makoro ok ginyal ywak.
তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ লোকসকলে বৰ মাতেৰে এনেদৰে কান্দিলে যে, শেষত কান্দিবলৈকো তেওঁলোকৰ শক্তি নোহোৱা হ’ল।
5 Mond Daudi ariyo bende ne osemaki ma gin Ahinoam nyar Jezreel gi Abigael ma dhako ma chwore otho mane jaod Nabal ja-Karmel.
তেওঁলোকে দায়ূদৰ দুই ভাৰ্যা, যিজ্ৰিয়েলীয়া অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবিগলকো বন্দী কৰি নিছিল।
6 Daudi ne chunye ool nikech jogo ne wacho ni mondo ochiele gi kite; ka moro ka moro ne winjo lit nikech yawuote gi nyige. Daudi to noyudo teko moa kuom Jehova Nyasaye ma Nyasache.
তেতিয়া দায়ুদ মহাসঙ্কটত পৰিল; কিয়নো প্ৰতিজনৰ লোকৰ মন নিজৰ নিজৰ পুতেক-জীয়েকসকলৰ কাৰণে বেজাৰত আছিল, সেয়ে লোকসকলে দায়ূদক শিল দলিয়াই মাৰিবৰ বাবে আলোচনা কৰিবলৈ ধৰিলে। কিন্তু দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাত নিজক সবল কৰিলে।
7 Eka Daudi nowachone Abiathar jadolo, ma wuod Ahimelek niya, “Kelna law mayom mar dolo miluongo ni efod.” Abiathar nokelone,
পাছত দায়ূদে অহীমেলকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক’লে, “এতিয়া অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহা।” তাতে অবিয়াথৰে দায়ূদৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহিলে।
8 mi Daudi nopenjo Jehova Nyasaye wach ni, “Bende dalaw joma osepeyowagi. Bende dajukgi?” Nodwoke niya, “Lawgi. Chutho inijukgi mi inires jogi duto.”
তেতিয়া যিহোৱাৰ পৰা নিৰ্দেশনা পাবৰ বাবে দায়ূদে প্ৰাৰ্থনা কৰি সুধিলে, “মই যদি তেওঁলোকক ধৰিবৰ বাবে খেদি যাওঁ, তেনেহলে তেওঁলোকক লগ পাম নে? তাতে যিহোৱাই তেওঁক ক’লে, “তেওঁলোকৰ পাছে পাছে খেদি যোৱা, তাতে অৱশ্যে তেওঁলোকক লগ পাবা, আৰু নিশ্চয়ে তেওঁলোকৰ পৰা সকলোকে উদ্ধাৰো কৰিব পাৰিবা।”
9 Daudi gi joge mia auchiel nochopo e Holo mar Besor, joge moko nodongʼ kanyo,
তেতিয়া দায়ুদ আৰু তেওঁৰ লগত ছশ লোক ওলাই গ’ল, তেওঁলোকে গৈ বিচোৰ জুৰি পালে; তাতে তেওঁলোকৰ কিছুমান লোক পাছ পৰি গ’ল।
10 nimar ji mia ariyo nool ahinya mane ok ginyal ngʼado holono. To Daudi gi ji mia angʼwen nodhi nyime gi lepo.
১০কিন্তু দায়ুদ আৰু তেওঁৰ সঙ্গী চাৰি শ লোকে শত্ৰুবোৰৰ পাছত খেদি গ’ল; তাতে পাছ পৰি যোৱা দুশ লোক থাকি গ’ল, তেওঁলোক অতি ক্লান্ত হোৱা বাবে বিচোৰ জুৰি পাৰ হ’ব পৰা নাছিল।
11 Negiyudo ja-Misri moro e pap mi gikele ir Daudi. Negimiye pi mondo omodhi gi chiemo mondo ocham
১১তাতে তেওঁলোকে পথাৰত এজন মিচৰীয়া লোকক বিচাৰি পালে আৰু লোকজনক দায়ূদৰ ওচৰলৈ লৈ আহিল। তেওঁলোকে লোকজনক খাবলৈ খোৱা বস্তু আৰু পানী দিলে, তাতে লোকজনে সেইবোৰ খালে।
12 nus mar kek molos gi olemb ngʼowu to gi kek molos gi resin. Nochiemo ma chunye noduogo nikech noyudo pok ochiemo kata modho pi kuom odiechienge adek gi otieno bende.
১২বিশেষকৈ তেওঁলোকে তেওঁক এটা ডিমৰুৰ পিঠা আৰু দুথোপা শুকান দ্ৰাক্ষাগুটি খাবলৈ দিলে, সেইবোৰ খোৱাৰ পাছত তেওঁ পুনৰ শক্তি পালে; কিয়নো তেওঁ তিনি দিন-ৰাতি একো খোৱা নাছিল।
13 Daudi nopenje niya, “In ngʼat ngʼa? To in jakanye?” Nowacho niya, “An ja-Misri ma misumba ja-Amalek. Ruodha nojwangʼa moweya, ka tuo nogoya ndalo adek mokadho.
১৩পাছত দায়ূদে তাক সুধিলে, “তই কাৰ মানুহ? আৰু ক’ৰ পৰা আহিলি?” সি ক’লে, “মই অমালেকীয়াৰ এজন বন্দী মিচৰীয়া ডেকা মানুহ; আজি তিনি দিন হ’ল, মই নৰিয়াত পৰা বাবে মোৰ গৰাকীয়ে মোক এৰি গ’ল।
14 Ne wapeyo Negev mar jo-Kereth kod gwengʼ Juda to gi Negev ma piny Kaleb mine wawangʼo Ziklag.”
১৪আমি কৰেথীয়াসকলৰ নেগেভ অঞ্চলত উপদ্ৰৱ চলাইছলোঁ; যিহূদাৰ অধিকাৰত থকা আৰু কালেবৰ অধিকাৰত নেভেগ অঞ্চলত আক্ৰমণ কৰিছিলোঁ। আমি চিক্লগ জ্ৱলাই দিছিলোঁ।”
15 Daudi nopenje niya, “Bende inyalo tera ir jopechogi?” Nodwoke niya, “Kwongʼrina e nyim Nyasaye ni ok ninega kata dwoka e lwet ruodha, to abiro teri irgi.”
১৫পাছত দায়ূদে তাক সুধিলে, “তই সেই দলৰ ওচৰলৈ মোক নমাই লৈ যাব পাৰিবি নে?” তাতে সি ক’লে, “আপুনি মোক বধ নকৰোঁ বুলি আৰু মোৰ গৰাকীৰ হাততো শোধাই নিদিওঁ বুলি যদি ঈশ্বৰৰ নামেৰে শপত খাই, তেন্তে মই সেই দলৰ ওচৰলৈ আপোনাক নমাই লৈ যাম।”
16 Notelo ni Daudi ka gilor mwalo, kendo ne giyudogi ka gike e pap, ka gichiemo kendo metho ka gin gimor maduongʼ nikech gik mane gipeyo e piny jo-Filistia gi piny Juda ne thoth ahinya.
১৬পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।
17 Daudi nokedo kodgi chakre yuso piny nyaka kinyne godhiambo. Kendo ne onge ngʼat mane otony modhi makmana yawuowi mia angʼwen mane oidho ngamia kende ema noringo otony.
১৭তেতিয়া দায়ূদে তেওঁলোকক আক্ৰমণ কৰিলে; সন্ধিয়াৰ পৰা পাছদিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত চাৰি শ লোক উটত উঠি পলাই গ’ল, তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ’ল।
18 Daudi noreso gik moko duto mane jo-Amalek osepeyo kaachiel gi monde ariyo.
১৮অমালেকীয়াসকলে যিবোৰ লৈ গৈছিল, সেই সকলো দায়ূদে উভতাই পালে আৰু নিজৰ দুজনী ভাৰ্যাকো তেওঁ উভতাই পালে।
19 Onge gimoro amora mane olal bed ni en ngʼama tin kata ngʼama duongʼ, wuowi kata nyako, gik mane ope kata gik mane gikawo, Daudi nodwoko gik moko duto.
১৯তেওঁ সৰু বা ডাঙৰ, একোৱেই নেহেৰুৱালে, পুতেক-জীয়েক আদি কৰি লুটদ্ৰব্যৰ সকলোখিনি উভতাই পালে। তেওঁলোকে যিবোৰ লুট কৰি নিছিল, সেই সকলোখিনিয়ে দায়ূদে উভতাই আনিলে।
20 Nokawo kweth mag jamni kod mag dhok mi joge nosembogi e nyim kweth mag jamni mamoko kowacho niya, “Magi gin gik ma Daudi opeyo.”
২০আৰু দায়ূদে সিহঁতৰ সকলো গৰু আৰু মেৰ-ছাগৰ জাকবোৰ নিজৰ কাৰণে ল’লে, আৰু লোকসকলে সেই পশুবোৰ উদ্ধাৰ কৰি অনা আন পশুৰ জাকৰ আগে আগে খেদি নি ক’লে, “এইবোৰ দায়ূদে লুট কৰি অনা বস্তু।”
21 Eka Daudi noduogo e Holo mar Besor kama ji mia ariyo mane ool mane ok nyal dhi kode nodongʼie. Negibiro mondo girom ni Daudi gi ji mane ni kode. Ka Daudi gi joge nosudo machiegni nomosogi.
২১পাছত তেওঁলোক ক্লান্ত হৈ পৰা বাবে দায়ূদৰ লগত যাব নোৱৰা যি দুশ লোকক তেওঁলোকে বিচোৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে দায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল; তেতিয়া দায়ূদে তেওঁলোকক মঙ্গলবাদ কৰিলে।
22 To joricho duto gi joma acheje mane ni ei joma luwo Daudi nowacho niya, “Nikech ne ok gidhi kodwa, ok wabi pogo kodgi gik mope ma wadwoko. To kata kamano ngʼato ka ngʼato okaw chiege gi nyithinde mondo odhigo.”
২২কিন্তু দায়ূদৰ লগত যোৱা লোকসকলৰ মাজৰ দুৰ্জন আৰু অধম প্রকৃতিৰ কিছুমানে লোকে ক’লে, “সিহঁত আমাৰ লগত যোৱা নাই; গতিকে উভতাই অনা লুটদ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ; কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল’ৰা-ছোৱালীহে দিম, সিহঁত ইয়াকে লৈ আতৰি যাওক।”
23 Daudi nodwoko niya, “Ooyo owetena, ok onego utim kamano gi gik ma Jehova Nyasaye osemiyowa. Oseritowa mi ochiwonwa joma nomonjowa.
২৩তেতিয়া দায়ূদে ক’লে, “হে ভাইসকল, এনে ধৰণৰ কাৰ্য কৰা উচিত নহয়। যিহোৱাই আমাক যি দিলে, সেয়া এবাৰ ভাবি চোৱা। তেওঁ আমাৰ বিৰুদ্ধে অহা সৈন্যসকল আমাৰ হাতত শোধাই দিলে।
24 Ngʼama biro winjo wachu? Pok mar joma nodongʼ karito gigewa biro bedo marom gi pok ngʼat mane odhi e lweny. Ji duto biro yudo maromre.”
২৪কোনে নো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব; দুয়ো সমান ভাগ পাব।”
25 Daudi noketo ma obedo chik e Israel chakre chiengʼno nyaka chil kawuono.
২৫সেইদিনৰে পৰা এই কথা ইস্ৰায়েলৰ কাৰণে বিধি আৰু শাসন-প্ৰণালী হ’ল; এয়ে আজিলৈকে চলি আছে।
26 Ka Daudi nochopo Ziklag nooro joote gi gik mope ne jodong Juda mosiepene, kowacho niya, “Ero aoronu mich kuom gik mope mag jowasik Jehova Nyasaye.”
২৬পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।”
27 Noorgi ni joma ne ni Bethel, Ramoth Negev gi Jatir,
২৭বৈৎএল, দক্ষিণ অঞ্চলৰ ৰামোৎ, যত্তীৰ,
28 gi joma ni Aroer, Sifmoth gi Eshtemoa,
২৮অৰোয়েৰ, চিফমোৎ, ইষ্টমোৱা,
29 gi Rakal; gi jogo mane ni e mier matindo mag jo-Jeramel gi jo-Keni,
২৯ৰাখল, যিৰহমেলীয়া, কেনীয়াসকলৰ নগৰবোৰ,
30 to gi joma ni Horma, Bor Ashan gi Athak
৩০হৰ্মা, কোৰ-আচন, অথাক,
31 kod Hebron; to mago man e kuonde duto ma Daudi gi joge nosebedo kadhiye.
৩১আৰু হিব্ৰোণ আদি যি যি ঠাইত দায়ুদ আৰু তেওঁৰ লোকসকল থকিছিল, সেই সকলো ঠাইৰ যুদ্ধাৰুসকলৰ ওচৰলৈ তেওঁ এইবোৰ পঠিয়াই দিলে।

< 1 Samuel 30 >