< 1 Ruodhi 6 >
1 E higa mar mia angʼwen gi piero aboro bangʼ ka jo-Israel osewuok Misri, e higa mar angʼwen mar loch Solomon kuom Israel e dwe mar Ziv, dwe mar ariyo nochako gero hekalu mar Jehova Nyasaye.
১ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
2 Hekalu mane ruoth Solomon ogero ni Jehova Nyasaye borne noromo fut piero aboro gochiko kendo lachne ne romo fut piero adek to borne madhi malo ne romo fut piero angʼwen gangʼwen.
২চলোমন ৰজাই যিহোৱাৰ উদ্দেশ্যে যি গৃহ নিৰ্ম্মাণ কৰিছিল, সেয়ে ষাঠি হাত দীঘল, বিশ হাত বহল আৰু ত্ৰিশ হাত ওখ আছিল।
3 Bor mar agola mane nitie e nyim hekalu noywayo lach hekalu, moromo fut piero adek kendo notingʼore malo maromo fut apar gabich.
৩সেই মন্দিৰ গৃহৰ সন্মুখত থকা বাৰাণ্ডাখন, গৃহৰ বহল অনুসাৰে বিশ হাত দীঘল আৰু গৃহৰ আগত তাৰ গভীৰতা দহ হাত আছিল।
4 Noloso ni hekaluno dirise mogaji modiyore matindo.
৪আৰু গৃহৰ কাৰণে চিলিঙি দিয়া খিড়িকি সাজিলে, আৰু ইয়াৰ বাবে গৃহৰ বাহিৰফালটো গৃহৰ ভিতৰতকৈ অতি ঠেক আছিল।
5 Bende nogero udi moko momakore gi kor kama ler mar lemo gi oko. Udigo nolworo kama ler mar lemo.
৫তেওঁ মূখ্য গৃহৰ দেৱালৰ গাতে চাৰিওফালে, অৰ্থাৎ মন্দিৰৰ আৰু অন্তঃস্থানৰ চাৰিওফালে দেৱালৰ গাতে খাপখাপকৈ কোঁঠালিবোৰ নিৰ্ম্মাণ কৰিলে; এইদৰে তেওঁ চাৰিওফালে কাষৰ কোঁঠালিবোৰ সাজিলে৷
6 Dier ot mapiny lachne ne en fut apar, dier ot madiere ne en fut aboro, to dier ot mar adek lachne ne en fut apar. Kendo ne giweyo thuolo e kind kor ot ma oko mondo kik yien moriw pow kor ot.
৬তাৰ তলৰ খাপৰ কোঁঠালিবোৰ পাঁচ হাত বহল, মাজৰ খাপৰ কোঁঠালিবোৰ ছয় হাত বহল আৰু ওপৰ খাপৰ কোঁঠালিবোৰ সাত হাত বহলকৈ সাজিলে৷ কিয়নো চতিবোৰ যেন দেৱালত বন্ধ নহয়, সেইবাবে তেওঁ বাহিৰৰ গৃহৰ চাৰিওফালৰ দেৱালবোৰত জখলাৰ দৰে খাপ খাপ কৰিলে।
7 Noger hekalu gi kite mopa mana kuma okuny but kendo kata ywak nyundo kata mar le kata mar gir tich moro amora ne ok owinji e kar gedo mar hekalu.
৭শিলৰ খনিৰ পৰা অনা শিলেৰে সেই গৃহ নিৰ্মান কৰিছিল; সেয়ে গৃহ নির্মান কৰি থাকোতে কোনো হাতুৰী, বাটলি বা কোনো লোহাৰ অস্ত্রৰ শব্দ শুনা নগ’ল।
8 Dhoot midonjogo e ot mapiny ne nitie yo milambo mar hekalu to raidhi nochopo e ot madiere nyaka gorofa mar adek.
৮মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷
9 Omiyo nogero hekalu motieko koume gi yiende kod bepe Sida.
৯এইদৰে চলোমনে মন্দিৰ সাজিলে, আৰু এই মন্দিৰ সম্পূৰ্ণ কৰিলে; তেওঁ এৰচ কাঠৰ কেঁঞ্চি আৰু তক্তাৰে গৃহ আবৃত কৰিলে।
10 Kendo nogero udi molworo hekalu duto. Bor moro ka moro ne nyalo romo fut aboro bende ne gichomore gi hekalu gi bepe mag yiend sida.
১০তেওঁ মন্দিৰৰ কোঁঠালিবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে, এইবোৰ ওখই প্ৰায় পাঁচ হাত আছিল; এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল।
11 Wach Jehova Nyasaye nobiro ne Solomon kowacho niya,
১১পাছত চলোমনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
12 “Kaluwore gi hekaluni migero, kiluwo puonjna kendo itimo weche mamiyi kendo kirito chikena, to abiro chopo singo mane amiyo Daudi wuonu.
১২“তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।
13 Kendo abiro dak e kind jo-Israel bende ok anajwangʼ joga Israel.”
১৩মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইস্ৰায়েল লোকক ত্যাগ নকৰিম।”
14 Omiyo Solomon nogero hekalu motieke.
১৪সেয়ে চলোমনে এই গৃহ সাজিলে, আৰু ইয়াক সম্পূৰ্ণ কৰিলে।
15 Nochwado kor ot yo ka iye gi bepe sida chakre tiend ot nyaka yiend tado, bende noloso dier ot gi yiend bap Saipras.
১৫তেওঁ গৃহৰ ভিতৰৰ ফালে থকা দেৱালবোৰৰ গাত এৰচ কাঠৰ তক্তা দিলে৷ তেওঁ গৃহৰ ভিতৰৰ মজিয়াৰ পৰা ছটত দেৱাল লগা ঠাইলৈকে ভিতৰফালে সেই কাঠেৰে সেইবোৰ আবৃত কৰিলে আৰু গৃহৰ মজিয়া দেবদাৰু কাঠেৰে ঢাকিলে।
16 Nongʼado iye gi bap sida ka bor mopog gigo romo fut piero adek kochomo yo ka tok hekalu chakre tiend ot nyaka wi tado mondo olos kama ler mar lemo maiye miluongo ni Kama Ler Moloyo.
১৬গৃহৰ অন্তঃভাগৰ বিশ হাত জোখৰ ঠাইখন মজিয়াৰ পৰা কেঁঞ্চিলৈকে এৰচ কাঠেৰে সাজিলে৷ এইদৰে তেওঁ ভিতৰ ভাগত অন্তঃস্থান অৰ্থাৎ অতি পবিত্ৰ স্থান ৰূপে সেই ঠাই যুগুত কৰিলে।
17 Ot maduongʼ mane nitie e nyim ot matin-no ne romo fut piero abich gochiko e borne.
১৭মন্দিৰৰ মূল অংশ পবিত্ৰ স্থানৰ সন্মুখত আছিল, এই ঠাই দীঘলে প্ৰায় চল্লিশ হাত আছিল।
18 Ei hekaluno noketie bap sida mopa ka budho kod thiepene. Gik moko duto nolos gi yiend sida ma kata mana kidi ne ok nyal ne.
১৮গৃহৰ ভিতৰ ভাগত এৰচ কাঠ লগোৱা হৈছিল, তাতে লতা জাতীয় গছ আৰু ফুল অংকিত কৰা হৈছিল। ভিতৰ ভাগৰ গোটেই অংশত এৰচ কাঠহে আছিল। তাত কোনো শিলেৰে কৰা কাৰ্য দেখা নগ’ল।
19 Noloso kama ler mar lemo ei hekalu mondo oketie Sandug Muma mar singruok mar Jehova Nyasaye.
১৯চলোমনে যিহোৱাৰ নিয়ম-চন্দুকটি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ-স্থান যুগুত কৰিলে।
20 Bor mar kama ler mar lemo ne romo fut piero adek to lachne ne romo fut piero adek kendo borne madhi malo ne romo fut piero adek. Ne obawo ot maiye gi dhahabu lilo, bende noloso kendo mar misango gi bap sida.
২০সেই অতি পবিত্ৰ-স্থান দীঘলে বিশ হাত, পথালিয়ে বিশ হাত আৰু বিশ হাত ওখ আছিল; আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰচ কাঠ লগালে।
21 Solomon nobawo ii hekalu gi dhahabu lilo kendo nomedo thiwni mag dhahabu e nyim kama ler mar lemo.
২১এইদৰে চলোমনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে৷ আৰু অতি পবিত্ৰ-স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে।
22 Kamano nobawo yo ka ii ot duto gi dhahabu, bende nobawo kendo mar misango mar kama ler mar lemo gi dhahabu.
২২তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহত সোণৰ পতা মাৰিলে৷ অতি পবিত্ৰ-স্থানৰ ওচৰত থকা বেদীতো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে।
23 Ei kama ler mar lemo noloso malaika mar kerubi ariyo gi bap Zeituni ka moro ka moro borne madhi malo romo fut apar gabich.
২৩তেওঁ অতি পবিত্ৰ-স্থানৰ ভিতৰত দহ হাত ওখ জিত কাঠৰ দুটা কৰূব নিৰ্ম্মাণ কৰিলে।
24 Bwomb kerubi achiel mokwongo ne romo fut aboro kendo bwombe machielo ne romo fut aboro kamano bende bwombene duto ne romo fut apar gauchiel.
২৪এটা কৰূবৰ এখন ডেউকা পাঁচ হাত আৰু আনখন ডেউকাও পাঁচ হাত আছিল৷ তাতে এখন ডেউকাৰ আগৰ পৰা আনখন ডেউকাৰ আগলৈকে দহ হাত দূৰত আছিল৷
25 Kerubi mar ariyo bende bwombene ne romo fut apar gauchiel, nimar kerubi ariyogi ne chalre e romgi kendo losogi.
২৫আৰু দ্বিতীয় কৰূবৰ ডেউকাও দহ হাত আছিল৷ দুয়োটা কৰূব একে জোখৰ আৰু একে আকাৰৰ।
26 Bor kerubi ka kerubi madhi malo ne romo fut apar gauchiel.
২৬প্ৰথম কৰূব দহ হাত ওখ আছিল আৰু আনটোও দহ হাত ওখ আছিল।
27 Noketo kerubigo ei ot matin mar hekalu maiye ka bwombegi oyarore. Bwomb kerubi achiel nomulo kor ot konchiel, ka bwombe machielo nemulo kor ot komachielo, kendo bwombegi nemulore e chuny ot.
২৭পাছত তেওঁ কৰূব দুটা গৃহৰ আটাইতকৈ ভিতৰৰ কোঠালিত স্থাপন কৰিলে৷ সেই কৰূব দুটাৰ ডেউকা এনেকৈ মেলিলে যে, এটাৰ ডেউকা এখন দেৱাল আৰু আনটোৰ ডেউকা আনখন দেৱাল চুলে৷ গৃহৰ মাজত থকা পবিত্ৰ স্থানত সেই কৰূব দুটাৰ ডেউকাই ইটোৱে সিটোক চুলে।
28 Nobawo kerubigo gi dhahabu.
২৮তাতে চলোমনে কৰূব দুটাত সোণৰ পতা মাৰিলে।
29 E kor ot molworo hekalu, e udi ma iye gi udi ma oko, nopayoe kido mar kerubi, gi mag yiend othidhe kod thiepe maupe.
২৯আৰু গৃহটিৰ আটাইবোৰ দেৱালত ভিতৰে আৰু বাহিৰে চাৰিওফালে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে।
30 Bende nobawo dier udi maiye gi ma oko gi dhahabu.
৩০আৰু গৃহৰ মজিয়াত বাহিৰে-ভিতৰে সোণৰ পতা মাৰিলে।
31 To dhoot midonjogo ei kama ler mar lemo noloso gi yiend zeituni ma lachne dirom fut auchiel.
৩১চলোমনে অতি পবিত্ৰ-স্থানৰ প্ৰবেশস্থানত জিত কাঠৰ দুৱাৰ সাজিলে৷ চৌকাঠৰ ওপৰডাল আৰু দুই দাঁতিৰ দুডাল দেৱালৰ পাঁচ ভাগৰ এভাগ আছিল।
32 E dhoudi ariyogo mag yiend zeituni nopayoe kerubi, gi yiend othidhe kod thiepe maupe, kendo nobawo kerubi kod yiend othidhego gi dhahabu moleny.
৩২এইদৰে জিত কাঠৰ দুখলপা দুৱাৰ সাজিলে আৰু তাৰ ওপৰত কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু তাতে তেওঁ সোণৰ পতা কৰি, সেই সোণ কৰূব আৰু খাজুৰ গছত লগালে।
33 Kamano bende noloso thike angʼwen mag yiend zeituni molosogo dhoot mar ot maduongʼ.
৩৩সেইদৰে তেওঁ মন্দিৰৰ প্ৰবেশস্থানৰ কাৰণে দেৱালৰ চাৰি ভাগৰ এভাগত জিত কাঠ থকা চৌকাঠৰ দুই দাঁতিৰ দুডাল কৰিলে
34 Bende noloso dhoudi ariyo gi yiend saipras kamoro ka moro nigi pata ariyo.
৩৪আৰু দেবদাৰু কাঠৰ দুখলপীয়া দুৱাৰ কৰিলে৷ এখন পাত ঘুৰাব পৰা দুচলা তক্তা আৰু আন খলপাতো ঘূৰাব পৰা দুচলা তক্তা আছিল৷
35 Nopayo kerubi gi yiend othith kod maupe moyarore kuomgi mobawogi gi dhahabu mothedhi maromre duto.
৩৫তাতে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু সোণৰ পতা কৰি, সেই সোণ কটা-কামত লগালে।
36 Kendo nogero laru maiye gi kite mopa molwore nyadidek kaachiel gi laini achiel mar bap yiend sida.
৩৬পাছত তেওঁ তিনি শাৰী কটা-শিল দি আৰু এশাৰী চাৰি সিৰীয়া এৰচ কাঠেৰে ভিতৰ-চোতাল সাজিলে।
37 Mise mar hekalu mar Jehova Nyasaye noketi e higa mar angʼwen e dwe mar Zif.
৩৭চতুৰ্থ বছৰৰ জীব মাহত যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হ’ল।
38 E higa mar apar gachiel e dwe mar Bul, dwe mar aboro hekalu notieki chutho kaka nochan ni onego gere. Notieko higni abiriyo kigere.
৩৮আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।