< Salme 65 >

1 (Til sangmesteren. En salme af David. En sang.) Lovsang tilkommer dig på Zion, o Gud, dig indfrier man Løfter, du, som hører Bønner;
হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
2 alt Kød kommer til dig, når Brøden tynger.
হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
3 Vore Overtrædelser blev os for svare, du tilgiver dem.
আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
4 Salig den, du udvælger, lader bo i dine Forgårde! Vi mættes af dit Huses Rigdom, dit Tempels Hellighed.
ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।
5 Du svarer os underfuldt i Retfærd, vor Frelses Gud, du Tilflugt for den vide Jord, for fjerne Strande,
তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।
6 du, som grundfæster Bjerge med Vælde, omgjorde med Kraft,
এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।
7 du, som dæmper Havenes Brusen, deres Bølgers Brusen og Folkefærds Larm,
সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌৰ গর্জন, লোক সকলৰ কোলাহল শান্ত কৰে;
8 så Folk ved Verdens Ende gruer for dine Tegn; hvor Morgen og Aften oprinder, bringer du Jubel.
পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।
9 Du så til Landet, vanded det, gjorde det såre rigt, Guds Bæk er fuld af Vand, du bereder dets Korn,
তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।
10 du vander dets Furer, jævner knoldene, bløder det med Regn, velsigner dets Sæd.
১০তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।
11 Med din Herlighed kroner du Året, dine Vognspor flyder af Fedme;
১১তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।
12 de øde Græsgange flyder, med Jubel omgjordes Højene;
১২অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়; আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।
13 Engene klædes med Får, Dalene hylles i Korn, i Jubel bryder de ud og synger!
১৩চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।

< Salme 65 >