< Salme 60 >
1 (Til sangmesteren. Al-sjusjan-edut. En miktam af David til til indøvelse, dengang han kæmpede med Aram-Naharajim og Aram-Zoba, og Joab vendte tilbage og slog edomitterne i Saltdalen, 12000 mand.) Gud, du har stødt os fra dig, nedbrudt os, du vredes - vend dig til os igen;
১হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা; তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।
2 du lod Landet skælve, slå Revner, læg nu dets Brist, thi det vakler!
২তুমি দেশ খনত কঁপনি তুলি তাক বিচিন্ন কৰিলা; তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেইবোৰ জোকাৰণি খাইছে।
3 Du lod dit Folk friste ondt, iskænked os døvende Vin.
৩তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা; তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসো খাবলৈ দিলা;
4 Dem, der frygter dig, gav du et Banner, hvorhen de kan fly for Buen. (Sela)
৪যি সকলে তোমাক ভয় কৰে তেওঁলোকৰ বাবে তুমি এখন পতাকা দিয়া; যাতে তেওঁলোকে ধনুৰ পৰা পলাব পাৰে। (চেলা)
5 Til Frelse for dine elskede hjælp med din højre, bønhør os!
৫তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব; তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া।
6 Gud talede i sin Helligdom: "Jeg vil udskifte Sikem med jubel, udmåle Sukkots Dal;
৬ঈশ্বৰে নিজৰ পবিত্র ঠাইত ক’লে, “মই উল্লাস কৰিম; মই চিখিম ভাগ বাঁটি দিম, আৰু চুক্কোতৰ উপত্যকা জুখি দিম।
7 mit er Gilead, mit er Manasse, Efraim er mit Hoveds Værn, Juda min Herskerstav,
৭গিলিয়দ মোৰেই আৰু মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰ-দণ্ড;
8 Moab min Vaskeskål, på Edom kaster jeg min Sko, over Filisterland jubler jeg."
৮মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম; হে দেশ, তুমি জয়ধ্বনি কৰা।”
9 Hvo bringer mig hen til den faste Stad, hvo leder mig hen til Edom?
৯কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব? কোনে মোক ইদোমলৈ লৈ যাব?”
10 Har du ikke, Gud, stødt os fra dig? Du ledsager ej vore Hære.
১০হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে? হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্য সমূহৰ লগত যুদ্ধলৈ নোযোৱা।
11 Giv os dog Hjælp mod Fjenden! Blændværk er Menneskers Støtte.
১১শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় বৃথা।
12 Med Gud skal vi øve vældige Ting, vore Fjender træder han ned!
১২ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ হ’ম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।