< Salme 111 >
1 Halleluja! jeg takker Herren af hele mit hjerte i oprigtiges kreds og i menighed!
১তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম; ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।
2 Store er Herrens gerninger, gennemtænkte til bunds.
২যিহোৱাৰ কাৰ্যবোৰ মহৎ; যিসকল তাত আনন্দিত হয়, তেওঁলোকে সেইবোৰ ধ্যান কৰে।
3 Hans værk er højhed og herlighed, hans retfærd bliver til evig tid.
৩তেওঁৰ কাৰ্য গৌৰৱ আৰু মহিমাৰে পৰিপূর্ণ; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।
4 Han har sørget for, at hans undere mindes, nådig og barmhjertig er Herren.
৪তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে; যিহোৱা কৃপাময় আৰু দয়ালু।
5 Dem, der frygter ham, giver han føde, han kommer for evigt sin pagt i hu.
৫তেওঁৰ ভক্তসকলক তেওঁ আহাৰ যোগায়; নিজে স্থাপন কৰা নিয়মটি তেওঁ চিৰকাললৈকে সোঁৱৰণ কৰিব।
6 Han viste sit folk sine vældige gerninger, da han gav dem folkenes eje.
৬অন্যান্য জাতিবোৰৰ আধিপত্য নিজৰ লোকসকলক দি তেওঁ নিজৰ কাৰ্যৰ শক্তি তেওঁলোকক দেখুৱালে।
7 Hans hænders værk er sandhed og ret, man kan lide på alle hans bud;
৭তেওঁৰ হাতৰ কাৰ্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ; তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য।
8 de står i al evighed fast, udført i sandhed og retsind.
৮সেইবোৰ অনন্ত কাললৈকে অলৰ; সেইবোৰ বিশ্ৱস্ততা আৰু সততাৰে সৈতে স্থাপন কৰা হৈছে।
9 Han sendte sit folk udløsning, stifted sin pagt for evigt. Helligt og frygteligt er hans navn.
৯নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে; তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে; তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ।
10 Herrens frygt er visdoms begyndelse; forstandig er hver, som øver den. Evigt varer hans pris!
১০যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ; যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়; তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।