< Ordsprogene 3 >
1 Min Søn, glem ikke, hvad jeg har lært dig, dit hjerte tage vare på mine bud!
১হে মোৰ পুত্র, মোৰ আদেশবোৰ নাপাহৰিবা, আৰু তোমাৰ হৃদয়ত মোৰ শিক্ষাবোৰ পালন কৰিবা।
2 Thi en Række af Dage og Leveår og Lykke bringer de dig.
২কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব, আৰু জীৱনত শান্তি লাভ কৰিবা।
3 Godhed og Troskab vige ej fra dig, bind dem som Bånd om din Hals, skriv dem på dit Hjertes Tavle!
৩বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
4 Så finder du Nåde og Yndest i Guds og Menneskers Øjne.
৪তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।
5 Stol på HERREN af hele dit Hjerfe, men forlad dig ikke på din Forstand;
৫তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
6 hav ham i Tanke på alle dine Veje, så jævner han dine Stier.
৬তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
7 Hold ikke dig selv for viis, frygt HERREN og vig fra det onde;
৭তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
8 så får du Helse for Legemet, Lindring for dine Ledemod.
৮ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
9 Ær med din Velstand HERREN med Førstegrøden af al din Avl;
৯আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
10 da fyldes dine Lader med Korn, dine Perser svømmer over af Most.
১০সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।
11 Min Søn, lad ej hånt om HERRENs Tugt, vær ikke ked af hans Revselse;
১১হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা; আৰু তেওঁৰ অনুযোগ হেয়জ্ঞান নকৰিবা।
12 HERREN revser den, han elsker, han straffer den Søn, han har kær.
১২পিতৃক সন্তুষ্ট কৰা পুত্রক যেনেকৈ পিতৃয়ে প্রেম কৰে; ঈশ্বৰেও যি জনক প্ৰেম কৰে, সেই জনক তেনেকৈ অনুযোগ কৰে।
13 Lykkelig den, der har opnået Visdom, den, der vinder sig Indsigt;
১৩যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়, আৰু তেওঁ সুবিবেচনাও লাভ কৰে।
14 thi den er bedre at købe end Sølv, bedre at vinde end Guld;
১৪ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম। আৰু ইয়াৰ লাভ সোণতকৈও উত্তম।
15 den er mere værd end Perler, ingen Klenodier opvejer den;
১৫প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি।
16 en Række af Dage er i dens højre, i dens venstre Rigdom og Ære;
১৬তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে, আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়।
17 dens Veje er liflige Veje, og alle dens Stier er Lykke;
১৭তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ; আৰু তেওঁৰ সকলো পথ শান্তিময়।
18 den er et Livets Træ for dem, der griber den, lykkelig den, som holder den fast!
১৮যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ; আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী।
19 HERREN grundlagde Jorden med Visdom, grundfæsted Himlen med Indsigt;
১৯যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
20 ved hans Kundskab brød Strømmene frem, lader Skyerne Dug dryppe ned.
২০তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল; আৰু ডাৱৰে নিয়ৰ বৰষালে।
21 Min Søn, tag Vare på Snilde og Kløgt, de slippe dig ikke af Syne;
২১হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা।
22 så bliver de Liv for din Sjæl og et yndigt Smykke til din Hals.
২২তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব; আৰু অনুগ্রহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব।
23 Da vandrer du trygt din Vej, støder ikke imod med din Fod; -
২৩তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা; আৰু তোমাৰ ভৰিয়ে উজুতি নাখাব।
24 sætter du dig, skal du ikke skræmmes, lægger du dig, skal din Søvn vorde sød;
২৪তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।
25 du skal ikke frygte uventet Rædsel, Uvejret, når det kommer over gudløse;
২৫তুমি আকস্মিক বিপদলৈ বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা।
26 thi HERREN skal være din Tillid, han vogter din Fod, så den ikke hildes.
২৬কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব; আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব।
27 Nægt ikke den trængende Hjælp, når det står i din Magt at hjælpe;
২৭তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা।
28 sig ej til din Næste: "Gå og kom igen, jeg vil give i Morgen!" - såfremt du har det.
২৮যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক “যোৱা, পুনৰ আহিবা, মই কাইলৈ তোমাক দিম,” এইদৰে নক’বা
29 Tænk ikke på ondt mod din Næste, når han tillidsfuldt bor i din Nærhed.
২৯যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে, সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা।
30 Yp ikke Trætte med sagesløs Mand, når han ikke har voldet dig Men.
৩০তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে, তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা।
31 Misund ikke en Voldsmand, græm dig aldrig over hans Veje;
৩১উগ্র ব্যক্তিক ভয় নকৰিবা; বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
32 thi den falske er HERREN en Gru; mod retsindig er han fortrolig;
৩২কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়; কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে।
33 i den gudløses Hus er HERRENs Forbandelse, men retfærdiges Bolig velsigner han.
৩৩দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে; কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে।
34 Over for Spottere bruger han Spot, men ydmyge giver han Nåde.
৩৪তেওঁ নিন্দকসকলক নিন্দা কৰে; কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে।
35 De vise får Ære til Arv, men Tåber høster kun Skam.
৩৫জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়; কিন্তু অজ্ঞানী সকল তেওঁলোকৰ লাজতেই উর্ধ্বমুখী হ’ব।