< Ordsprogene 20 >
1 En Spotter er Vinen, stærk Drik slår sig løs, og ingen, som raver deraf, er viis.
১দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক; যি কোনোৱে সুৰা পান কৰি মতলীয়া হয়, তেওঁ জ্ঞানী নহয়।
2 Som Løvebrøl er Rædslen, en Konge vækker, at vække hans Vrede er at vove sit Liv.
২ৰজাৰ ক্রোধ যুবা সিংহৰ গৰ্জ্জনৰ দৰে; যিজনে তেওঁৰ খং তোলে, তেওঁ নিজৰ জীৱন হেৰুৱাই।
3 Mands Ære er det at undgå Trætte, men alle Tåber vil Strid.
৩বিবাদৰ পৰা দূৰত থকাই মানুহৰ সন্মান; কিন্তু প্ৰত্যেক অজ্ঞানী লোকে বিতৰ্কত সোমায়।
4 Om Efteråret pløjer den lade ikke, han søger i Høst, men finder intet.
৪এলেহুৱা লোকে শৰৎ কালত হাল নাবায়; আৰু তেওঁ শস্য দোৱাৰ সময়ত অলপ শস্য বিচাৰে, কিন্তু একোকে নাপায়।
5 Råd i Mands Hjerte er dybe Vande, men Mand med Indsigt drager det op.
৫মানুহৰ হৃদয়ৰ অভিপ্রায় গভীৰ জলৰ দৰে; কিন্তু সেই কল্পনা বিবেচক ব্যক্তিয়ে বাহিৰত প্রকাশ কৰে।
6 Mangen kaldes en velvillig Mand, men hvem kan finde en trofast Mand?
৬বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে; কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়?
7 Retfærdig er den, som lydefrit vandrer, hans Sønner får Lykke efter ham.
৭ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে, আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তান সকল সুখী হয়।
8 Kongen, der sidder i Dommersædet, sigter alt ondt med sit Blik.
৮সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে; তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে।
9 Hvo kan sige: "Jeg rensed mit Hjerte, og jeg er ren for Synd!"
৯কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ, আৰু মোৰ পাপৰ পৰা মই মুক্ত হ’লো?
10 To Slags Vægt og to Slags Mål, begge Dele er HERREN en Gru.
১০পাৰ্থক্য থকা ওজন, আৰু অসমান জোখ, এই দুয়োটাকে যিহোৱাই ঘিণ কৰে।
11 Selv Drengen kendes på det, han gør, om han er ren og ret hans Færd.
১১এনেকি যুৱক এজনে তেওঁৰ কাৰ্যৰ দ্বাৰাই পৰিচিত হয়, শুদ্ধ আৰু ন্যায়পৰায়ণ আচৰণৰ দ্বাৰাই তেওঁক বুজিব পৰা যায়।
12 Øret, der hører, og Øjet, der ser, HERREN skabte dem begge.
১২শ্ৰৱনকাৰী কাণ আৰু দৰ্শনকাৰী চকু, এই দুয়োকো যিহোৱাই সৃষ্টি কৰিলে।
13 Elsk ikke Søvn, at du ej bliver fattig, luk Øjnene op og bliv mæt.
১৩নিদ্ৰাক ভাল নাপাবা অথবা, তুমি দৰিদ্ৰ হবা; তোমাৰ চকু মেলা, আৰু তোমাৰ প্রচুৰ পৰিমাণে খোৱা বস্তু থাকিব।
14 Køberen siger: "Usselt, usselt!" men skryder af Handelen, når han går bort.
১৪কিনা জনে কয়, “বেয়া! বেয়া! কিন্তু যেতিয়া তেওঁ আঁতৰি যায়, তেতিয়া তেওঁ অহংকাৰ কৰে।
15 Har man end Guld og Perler i Mængde, kosteligst Smykke er Kundskabslæber.
১৫সোণ আৰু অজস্র মূল্যবান পাথৰ আছে; কিন্তু জ্ঞানযুক্ত ওঁঠ অমূল্য ৰত্ন।
16 Tag hans Klæder, han borged for en anden, pant ham for fremmedes Skyld!
১৬যি জনে অচিনাকীৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; যেতিয়া তেওঁ কোনো ব্যভিচাৰিণীৰ বাবে জামিন হয়, তেতিয়া তেওঁৰ পৰা বন্ধক লোৱা।
17 Sødt smager Løgnens Brød, bagefter fyldes Munden med Grus.
১৭প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে; কিন্তু পাছত তেওঁৰ মুখ শিলেৰে পূৰ্ণ হয়।
18 Planer, der lægges ved Rådslagning, lykkes; før Krig efter modent Overlæg!
১৮পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয়; আৰু কেৱল জ্ঞানী লোকৰ নেতৃত্বত যুদ্ধ আৰম্ভ কৰা হয়।
19 Bagtaleren røber, hvad ham er betroet, hav ej med en åbenmundet at gøre!
১৯পৰচৰ্চ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে; সেয়ে যি জনে বহু কথা কয়, তেওঁৰ সৈতে সহযোগ নকৰিবা।
20 Den, der bander Fader og Moder, i Bælgmørke går hans Lampe ud.
২০যি জনে নিজৰ পিতৃক নাইবা মাতৃক শাও দিয়ে, ঘোৰ অন্ধকাৰত তাৰ চাকি নুমাই যায়।
21 Først haster man efter en Arv, men til sidst velsignes den ikke.
২১উত্তৰাধিকাৰ আৰম্ভণীতে শীঘ্ৰে পোৱা যায়; কিন্তু শেষত সেয়ে ভাল নহব।
22 Sig ikke: "Ondt vil jeg gengælde!" Bi på HERREN, så hjælper han dig.
২২এইদৰে নকবা, “মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম!” যিহোৱালৈ অপেক্ষা কৰা, তেওঁ তোমাক উদ্ধাৰ কৰিব।
23 To Slags Lodder er HERREN en Gru, det er ikke godt, at Vægten er falsk.
২৩যিহোৱাই অসমান ওজন ঘিণ কৰে, ফাঁকি তুলাচনী ভাল নহয়।
24 Fra HERREN er Mands Fjed, hvor kan et Menneske fatte sin Skæbne!
২৪মানুহৰ ভৰিৰ খোজ যিহোৱাৰ পৰিচালিত; তেনেহলে মানুহে কেনেকৈ নিজৰ পথ বুজিব?
25 Det er farligt at sige tankeløst: "Helligt!" og først efter Løftet tænke sig om.
২৫কোনো লোকে হঠাতে “এই বস্তু পবিত্ৰ” বুলি কোৱা, মানুহ; আৰু সঙ্কল্প কৰাৰ পাছত তাৰ অৰ্থ কি সেই বিষয়ে চিন্তা কৰা মানুহৰ বাবে ফান্দৰ দৰে।
26 Viis Konge sigter de gudløse, lader Tærskehjul gå over dem.
২৬জ্ঞানী ৰজাই দুষ্টসকলক পৃথক কৰে, আৰু তাৰ পাছত তেওঁ শষ্য মৰা গাড়ী তেওঁলোকৰ ওপৰেদি চলায়।
27 Menneskets Ånd er en HERRENs Lampe, den ransager alle hans indres Kamre.
২৭মানুহৰ আত্মা যিহোৱাৰ প্ৰদীপস্বৰূপ; সেয়ে তেওঁ সকলোৰে অন্তৰৰ ভিতৰ অংশ বিচাৰে।
28 Godhed og Troskab vogter Kongen, han støtter sin Trone ved Retfærd.
২৮বিশ্বাসযোগ্য আৰু বিশ্বস্বতাৰ নিয়মে ৰজাক সংৰক্ষিত কৰে, আৰু তেওঁৰ সিংহাসন প্রেমৰ দ্বাৰাই নিৰাপদে থাকে।
29 Unges Stolthed er deres Styrke, gamles Smykke er grånet Hår.
২৯যুৱকৰ বলেই তেওঁৰ গৌৰৱ, আৰু পকা চুলিয়ে বৃদ্ধ লোকৰ অভিজ্ঞতা দৰ্শাই।
30 Blodige Strimer renser den onde og Hug hans Indres Kamre.
৩০ঘা লগোৱা প্ৰহাৰে দুষ্টতা পৰিষ্কাৰ কৰে, আৰু প্রহাৰে অন্তৰৰ গভীৰতম অংশ পৰিষ্কাৰ কৰে।