< Ordsprogene 14 >

1 Visdom bygger sit hus, dårskabs hænder river det ned.
জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
2 Hvo redeligt vandrer, frygter HERREN, men den, som går Krogveje, agter ham ringe.
যি জনে সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে; কিন্তু যি জনে নিজৰ পথত সত্যতাৰে নচলে সেইজনে তেওঁক হেয়জ্ঞান কৰে।
3 I Dårens Mund er Ris til hans Ryg, for de vise står Læberne Vagt.
অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই; কিন্তু জ্ঞানীলোকৰ ওঁঠে সেইবোৰ সংৰক্ষিত কৰে।
4 Når der ikke er Okser, er Laden tom, ved Tyrens Kraft bliver Høsten stor.
য’ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে; কিন্তু ষাঁড় গৰুৰ বলেৰে অধিক শস্য উৎপন্ন হয়।
5 Sanddru Vidne lyver ikke, det falske Vidne farer med Løgn.
বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাকেহে কয়।
6 Spotter søger Visdom, men finder den ikke, til Kundskab kommer forstandig let.
নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়; কিন্তু বুদ্ধিমানৰ পক্ষে জ্ঞান সুলভ হয়।
7 Gå fra en Mand, som er en Tåbe, der mærker du intet til Kundskabs Læber.
অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা; কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা।
8 Den kloge i sin Visdom er klar på sin Vej, men Tåbers Dårskab er Svig.
নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্রজ্ঞা; কিন্তু অজ্ঞানীলোকৰ অজ্ঞানতাই প্ৰবঞ্চনা মাথোন।
9 Med Dårer driver Skyldofret Spot, men Velvilje råder iblandt retsindige.
দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে।
10 Hjertet kender sin egen Kvide, fremmede blander sig ej i dets Glæde.
১০হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়; কিন্তু অচিনাকী লোকে সেই আনন্দত ভাগ ল’ব নোৱাৰে।
11 Gudløses Hus lægges øde, retsindiges Telt står i Blomst.
১১দুষ্টলোকৰ ঘৰ ধ্বংস কৰা হ’ব; কিন্তু ন্যায়পৰায়ণ লোকৰ তম্বু মঙ্গলে থাকিব।
12 Mangen Vej synes Manden ret, og så er dens Ende dog Dødens Veje.
১২কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।
13 Selv under Latter kan Hjertet lide, og Glædens Ende er Kummer.
১৩দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে, আৰু আনন্দ শেষত দুখলৈ পৰিণত হ’ব পাৰে।
14 Af sine Veje mættes den frafaldne, af sine Gerninger den, som er god.
১৪যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
15 Den tankeløse tror hvert Ord, den kloge overtænker sine Skridt.
১৫যি জন শিক্ষিত নহয়, তেওঁ সকলো বিশ্বাস কৰে; কিন্তু দূৰদৰ্শী লোকে নিজৰ খোজ চিন্তা কৰে।
16 Den vise ængstes og skyr det onde, Tåben buser sorgløs på.
১৬জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে; কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে।
17 Den hidsige bærer sig tåbeligt ad, man hader rænkefuld Mand.
১৭ক্ষন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে; আৰু যিজনে কু-কল্পনা কৰে তেওঁ ঘৃণনীয় হয়।
18 De tankeløse giver dårskab i Arv, de kloge efterlader sig Kundskab.
১৮অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে; কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ।
19 Onde må bukke for gode, gudløse stå ved retfærdiges Døre.
১৯যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে; আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিকলোকৰ দুৱাৰ ডলিত প্রণিপাত কৰে।
20 Fattigmand hades endog af sin Ven, men Rigmands Venner er mange.
২০দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে; কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে।
21 Den, der foragter sin Næste, synder, lykkelig den, der har Medynk med arme.
২১যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে; কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়।
22 De, som virker ondt, farer visselig vild; de, som virker godt, finder Nåde og Trofasthed.
২২যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়? কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব।
23 Ved al Slags Møje vindes der noget, Mundsvejr volder kun Tab.
২৩সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।
24 De vises Krone er Kløgt, Tåbers Krans er Dårskab.
২৪জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট; কিন্তু অজ্ঞানীৰ মূৰ্খতাই কেৱল অধিক মূৰ্খতাহে আনে।
25 Sanddru Vidne frelser Sjæle; den, som farer med Løgn, bedrager.
২৫সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে; কিন্তু মিছা সাক্ষীয়ে মিছা কথা কয়।
26 Den stærkes Tillid er HERRENs Frygt, hans Sønner skal have en Tilflugt.
২৬যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস, আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
27 HERRENs Frygt er en Livsens Kilde, derved undgås Dødens Snarer.
২৭যিহোৱালৈ ভয় ৰখাই জীৱনৰ ভুমুক-স্বৰূপ, ইয়াৰে কোনো এজনে মৃত্যুৰ ফান্দৰ পৰা আঁতৰি থাকিব পাৰিব।
28 At Folket er stort, er Kongens Hæder, Brist på Folk er Fyrstens Fald.
২৮ৰজাৰ গৌৰৱ অধিক সংখ্যক প্ৰজাত বিচাৰি পোৱা যায়; কিন্তু প্ৰজা অবিহনে ৰজা ধ্বংস হয়।
29 Den sindige er rig på Indsigt, den heftige driver det vidt i Dårskab.
২৯ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক; কিন্তু বেগাই খং উঠা লোকে নিজৰ মুৰ্খতা প্রকাশ কৰে।
30 Sagtmodigt Hjerte er Liv for Legemet, Avind er Edder i Benene.
৩০শান্ত হৃদয় শৰীৰৰ বাবে জীৱন স্বৰূপ; কিন্তু ঈৰ্ষা হাড়ৰ ক্ষয়স্বৰূপ।
31 At kue den ringe er Hån mod hans Skaber, han æres ved Medynk med fattige.
৩১যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।
32 Ved sin Ondskab styrtes den gudløse, ved lydefri Færd er retfærdige trygge.
৩২দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
33 Visdom bor i forstandiges Hjerte, i Tåbers Indre kendes den ikke.
৩৩প্রজ্ঞা হৃদয়ৰ সক্ষ্মদর্শীতাত প্রতিষ্ঠিত হয়; কিন্তু অজ্ঞানীলোক সকলৰ মাজতো তেওঁ নিজকে প্রকাশ কৰে।
34 Retfærdighed løfter et Folk, men Synd er Folkenes Skændsel.
৩৪সৎ কাৰ্য কৰা দ্বাৰাই দেশৰ উন্নতি হয়; কিন্তু পাপ যি কোনো লোকৰ বাবে কলঙ্কস্বৰূপ।
35 En klog Tjener har Kongens Yndest, en vanartet rammer hans Vrede.
৩৫জ্ঞানেৰে কাৰ্য কৰা দাসলৈ ৰজাৰ অনুগ্ৰহ থাকে; কিন্তু লজ্জাজনক কাম কৰা দাসলৈ তেওঁৰ ক্ৰোধ জন্মে।

< Ordsprogene 14 >