< Ordsprogene 11 >
1 Falske Vægtskåle er HERREN en gru, fuldvvægtigt Lod er efter hans Sind.
১ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
2 Kommer Hovmod, kommer og Skændsel, men med ydmyge følger der Visdom.
২যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।
3 Retsindiges Uskyld leder dem trygt, troløses falskhed lægger dem øde.
৩সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।
4 Ej hjælper Rigdom på Vredens Dag, men Retfærd redder fra Døden.
৪ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
5 Den lydefris Retfærd jævner hans Vej, for sin Gudløshed falder den gudløse.
৫সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে; কিন্তু দুষ্টলোক নিজৰ দুষ্টতাৰ দ্বাৰাই পতিত হয়।
6 Retsindiges Retfærd bringer dem Frelse, troløse fanges i egen Attrå.
৬যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে।
7 Ved Døden brister den gudløses Håb, Dårers Forventning brister.
৭দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়; আৰু আশা যি তেওঁৰ শক্তি আছিল, সেই শক্তি ব্যৰ্থ হৈ যায়।
8 Den retfærdige fries af Trængsel, den gudløse kommer i hans Sted.
৮সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে।
9 Med sin Mund lægger vanhellig Næsten øde, retfærdige fries ved Kundskab.
৯তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।
10 Ved retfærdiges Lykke jubler en By, der er Fryd ved gudløses Undergang.
১০যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়।
11 Ved retsindiges Velsignelse rejser en By sig, den styrtes i Grus ved gudløses Mund.
১১ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।
12 Mand uden Vid ser ned på sin Næste, hvo, som har Indsigt, tier.
১২বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য; কিন্তু সুবিবেচনা কৰা লোক নিমাতে থাকে।
13 Bagtaleren røber, hvad ham er betroet, den pålidelige skjuler Sagen.
১৩পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে; কিন্তু বিশ্বাসী লোকে বিষয়বোৰ গুপুতে ৰাখে।
14 Uden Styre står et Folk for Fald, vel står det til, hvor mange giver Råd.
১৪যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়; কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়।
15 Den går det ilde, som borger for andre, tryg er den, der hader Håndslag.
১৫যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে।
16 Yndefuld Kvinde vinder Manden Ære; hader hun Retsind, volder hun Skændsel. De lade må savne Gods, flittige vinder sig Rigdom.
১৬দয়ালু মহিলাই সন্মান পায়; কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে।
17 Kærlig Mand gør vel mod sin Sjæl, den grumme er hård ved sit eget Kød.
১৭দয়ালু লোকে নিজৰ উপকাৰ কৰে; কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে।
18 Den gudløse skaber kun skuffende Vinding, hvo Retfærd sår, får virkelig Løn.
১৮দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়।
19 At hige efter Retfærd er Liv, at jage efter ondt er Død.
১৯যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে; কিন্তু যিলোকে দুষ্টতা অনুসৰণ কৰে, তেওঁৰ মৃত্যুৰ হ’ব।
20 De svigefulde er HERREN en Gru, hans Velbehag ejer, hvo lydefrit vandrer.
২০কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা; কিন্তু যিসকলৰ আচৰণ সিদ্ধ, তেওঁলোকত তেওঁ আনন্দ পায়।
21 Visselig undgår den onde ej Straf, de retfærdiges Æt går fri.
২১নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব; কিন্তু সত্যতাত চলা লোকসকলৰ বংশই উদ্ধাৰ পাব।
22 Som Guldring i Svinetryne er fager Kvinde, der ikke kan skønne.
২২গাহৰিৰ নাকত সোণৰ নথ যেনে, সুবিবেচনা নথকা সুন্দৰী মহিলাও তেনে।
23 Retfærdiges Ønske bliver kun til Lykke, gudløse har kun Vrede i Vente.
২৩সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম; কিন্তু দুষ্টলোকে কেৱল ক্ৰোধৰ আশা কৰে।
24 En strør om sig og gør dog Fremgang, en anden nægter sig alt og mangler.
২৪যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে।
25 Gavmild Sjæl bliver mæt; hvo andre kvæger, kvæges og selv.
২৫দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।
26 Hvo Kornet gemmer, ham bander Folket, Velsignelse kommer over den, som sælger.
২৬যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে।
27 Hvo der jager efter godt, han søger efter Yndest, hvo der higer efter ondt, ham kommer det over.
২৭যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়।
28 Hvo der stoler på sin Rigdom, falder, retfærdige grønnes som Løv.
২৮যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়; কিন্তু সত্যতাত চলা জন পাতৰ দৰে লহপহকৈ বাঢ়ি উঠে।
29 Den, der øder sit Hus, høster Vind, Dåre bliver Vismands Træl.
২৯যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব; আৰু অজ্ঞানী লোক বুদ্ধিমানৰ দাস হ’ব।
30 Retfærds Frugt er et Livets Træ, Vismand indfanger Sjæle.
৩০সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে, কিন্তু হিংস্রতাই জীৱন কাঢ়ি নিয়ে।
31 En retfærdig reddes med Nød og næppe, endsige en gudløs, en, der synder.
৩১সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়, তেনেহ’লে কিমান অধিক পৰিমাণে দুষ্টলোক আৰু পাপীয়ে পাব।