< Markus 7 >

1 Og Farisæerne og nogle af de skriftkloge, som vare komne fra Jerusalem, samle sig om ham.
তাৰ পাছত যিৰূচালেমৰ পৰা অহা কেইজনমান বিধানৰ অধ্যাপক ফৰীচী সকলৰ সৈতে আহি যীচুৰ ওচৰত গোট খালে৷
2 Og da de så nogle af hans Disciple holde Måltid med vanhellige, det er utoede, Hænder
তেওঁলোকে তেওঁৰ কেইজনমান শিষ্যক অশুচি অৰ্থাৎ হাত নুধুৱাকৈ ভোজন কৰা দেখিছিল।
3 thi Farisæerne og alle Jøderne spise ikke uden at to Hænderne omhyggeligt, idet de fastholde de gamles Overlevering;
কিয়নো ফৰীচী আৰু আন ইহুদী সকলে হাত ভালকৈ নুধুলে ভোজন নকৰে; এই নিয়মক তেওঁলোকৰ পৰিচাৰক সকলে পুৰুষে পুৰুষে চলি অহা বিধিৰ নিচিনাকৈ মানি চলে।
4 og når de komme fra Torvet, spise de ikke uden først at tvætte sig; og der er mange andre Ting, som de have vedtaget at holde, Tvætninger af Bægere og Krus og Kobberkar og Bænke,
আৰু বজাৰৰ পৰা আহি গা নোধোৱা পৰ্য্যন্ত তেওঁলোকে ভোজন নকৰে৷ ইয়াৰ উপৰি তেওঁলোকে মানি চলিবলৈ গ্রহণ কৰা বহু ৰীতি আছে অৰ্থাৎ তেওঁলোকে ব্যৱহাৰ কৰা বাটি, লোটা, পিতলৰ পাত্ৰ আদিৰ লগতে ভোজন শয়ন কৰা ঠাইবোৰ পানীৰে ধুই লোৱা নিয়মবোৰো কঠোৰ ভাবে পালন কৰে।
5 så spurgte Farisæerne og de skriftkloge ham ad: "Hvorfor vandre dine Disciple ikke efter de gamles Overlevering, men holde Måltid med vanhellige Hænder?"
তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে তেওঁক সুধিলে, “আপোনাৰ শিষ্য সকলে পৰিচাৰক সকলে পালন কৰা পূৰ্বপুৰুষৰ বিধিৰ দৰে আচৰণ নকৰাকৈ, অশুচি হাতেৰে কিয় ভোজন কৰে”?
6 Men han sagde til dem: "Rettelig profeterede Esajas om eder, I Hyklere! som der er skrevet: "Dette Folk ærer mig med Læberne, men deres Hjerte er langt borte fra mig.
তেতিয়া তেওঁ ক’লে, “আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল - ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে।
7 Men de dyrke mig forgæves, idet de lære Lærdomme, som ere Menneskers Bud."
তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে, আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়৷’
8 I forlade Guds Bud og holde Menneskers Overlevering."
আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছে”।
9 Og han sagde til dem: "Smukt ophæve I Guds Bud, for at I kunne holde eders Overlevering.
তেওঁ পুণৰ ক’লে, “আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে।
10 Thi Moses har sagt: "Ær din Fader og din Moder"; og:"Den, som hader Fader eller Moder, skal visselig dø".
১০কিয়নো মোচিয়ে ক’লে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক’।
11 Men I sige: Når en Mand siger til sin Fader eller sin Moder: "Det, hvormed du skulde være hjulpen af mig, skal være Korban (det er: Tempelgave),"
১১কিন্তু আপোনালোকে কয় - ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ যি যি বস্তুৰে আপোনালোকৰ সহায় হব পাৰিলোঁ হয়, সেইবোৰ কৰ্ব্বান (ঈশ্বৰক দান)কৰা হৈছে;
12 da tilstede I ham ikke mere at gøre noget for sin Fader eller Moder,
১২তেনেহলে তেওঁ পিতৃ বা মাতৃক পুনৰ সন্মান কৰাৰ প্রয়োজন নাই’;
13 idet I ophæve Guds Ord ved eders Overlevering, som I have overleveret; og mange lignende Ting gøre I."
১৩এইদৰে আপোনালোকে পুৰুষে পুৰুষে প্রচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে। ইয়াৰ উপৰি এনে ধৰণৰ বহু কাম আপোনালোকে কৰে।”
14 Og han kaldte atter Folkeskaren til sig og sagde til dem: "Hører mig alle, og forstår!
১৪পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ ক’লে - “আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওঁক।
15 Der er intet uden for Mennesket, som, når det går ind i ham, kan gøre ham uren; men hvad der går ud af Mennesket, det er det, som gør Mennesket urent.
১৫বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলাই, সেইবোৰেহে মানুহক অশুচি কৰে।
16 Dersom nogen har Øren at høre med, han høre!"
১৬কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক”।
17 Og da han var gået ind i Huset og var borte fra Skaren, spurgte hans Disciple ham om Lignelsen.
১৭পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে।
18 Og han siger til dem: "Ere også I så uforstandige? Forstå I ikke, at intet, som udefra går ind i Mennesket, kan gøre ham uren?
১৮তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে,
19 Thi det går ikke ind i hans Hjerte men i hans Bug og går ud ad den naturlige Vej, og således renses al Maden."
১৯কিয়নো সেইবোৰ বস্তু হৃদয়ত সোমাই নাযায়, সেইবোৰ পেটত সোমাই শৌচৰ দ্বাৰা বাহিৰ হৈ যায়; এই কথাষাৰো তোমালোকে বুজি পোৱা নাই নে?” এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি ক’লে।
20 Men han sagde: "Det, som går ud af Mennesket, dette gør Mennesket urent.
২০তেওঁ পুনৰ ক’লে, “মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অশুচি কৰে।
21 Thi indvortes fra, fra Menneskenes Hjerte, udgå de onde Tanker, Utugt, Tyveri, Mord,
২১কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ,
22 Hor, Havesyge, Ondskab, Svig, Uterlighed, et ondt Øje, Forhånelse, Hovmod, Fremfusenhed;
২২পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
23 alle disse onde Ting udgå indvortes fra og gøre Mennesket urent."
২৩এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।”
24 Og han stod op og gik bort derfra til Tyrus's og Sidons Egne. Og han gik ind i et Hus og vilde ikke, at nogen skulde vide det. Og han kunde dog ikke være skjult;
২৪পাছত তেওঁ তাৰ পৰা উঠি, তুৰ আৰু চীদোনৰ সীমালৈ আতৰি গ’ল। তাতে এটা ঘৰত সোমাই, কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে।
25 men en Kvinde, hvis lille Datter havde en uren Ånd, havde hørt om ham og kom straks ind og faldt ned for hans Fødder;
২৫যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল।
26 (men Kvinden var græsk, af Herkomst en Syrofønikerinde), og hun bad ham om, at han vilde uddrive den onde Ånd af hendes Datter.
২৬সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তাই তেওঁক অনুৰোধ কৰিলে।
27 Og han sagde til hende: "Lad først Børnene mættes; thi det er ikke smukt at tage Børnenes Brød og kaste det for de små Hunde."
২৭তেতিয়া তেওঁ তাইক ক’লে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়”।
28 Men hun svarede og siger til ham: "Jo, Herre! også de små Hunde æde under Bordet af Børnenes Smuler."
২৮কিন্তু তাই উত্তৰ দি তেওঁক ক’লে, “হয় প্ৰভু, তথাপি মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়”।
29 Og han sagde til hende: "For dette Ords Skyld gå bort; den onde Ånd er udfaren af din Datter"
২৯তাতে তেওঁ তাইক ক’লে, “এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ ওলাই গ’ল।”
30 Og hun gik bort til sit Hus og fandt Barnet liggende på Sengen og den onde Ånd udfaren.
৩০পাছে, তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে, ছোৱালী জনী শয্যাত শুই আছে আৰু ভূত ওলাই গুচি গ’ল।
31 Og da han gik bort igen fra Tyrus's Egne, kom han over Sidon midt igennem Dekapolis's Egne til Galilæas Sø.
৩১আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই, চীদোন হৈ দিকাপলিৰ সীমাৰ মাজেদি গালীল সাগৰলৈ আহিল।
32 Og de bringe ham en døv, som også vanskeligt kunde tale, og bede ham om, at han vilde lægge Hånden på ham.
৩২তেতিয়া মানুহবোৰে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহ জনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে।
33 Og han tog ham afsides fra Skaren og lagde sine Fingre i hans Øren og spyttede og rørte ved hans Tunge
৩৩তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি;
34 og så op til Himmelen, sukkede og sagde til ham: "Effata!" det er: lad dig op!
৩৪থুইৰে জিভা চুই স্বৰ্গলৈ চাই হুমুনিয়াহ কাঢ়ি ক’লে- “ইফফাথা, অর্থাৎ মুকলি হওক”।
35 Og hans Øren åbnedes, og straks løstes hans Tunges Bånd, og han talte ret.
৩৫তেতিয়া তেওঁৰ কাণ মুকলি হ’ল; আৰু জিভাৰো বান্ধ আতৰিল, তেওঁ পোন হৈ কথা ক’বলৈ ধৰিলে।
36 Og han bød dem, at de ikke måtte sige det til nogen; men jo mere han bød dem, desto mere kundgjorde de det.
৩৬পাছত এই কথা কাকো নক’বলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে;
37 Og de bleve over al Måde slagne af Forundring og sagde: "Han har gjort alle Ting vel; både gør han, at de døve høre, og at målløse tale."
৩৭আৰু তেওঁলোকে অতিশয় বিস্ময় মানি ক’লে, “তেওঁ সকলোবোৰ ভালদৰেই কৰিলে; তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক’বলৈ শক্তি দিয়ে”।

< Markus 7 >