< Job 38 >
1 Så svarede HERREN Job ud fra Stormvejret og sagde:
১তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,
2 "Hvem fordunkler mit Råd med Ord, som er uden Mening?
২“যিজনে এই জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন?
3 Omgjord som en Mand dine Lænder, jeg vil spørge, og du skal lære mig!
৩তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা।
4 Hvor var du, da jeg grundede Jorden? Sig frem, om du har nogen Indsigt!
৪যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।
5 Hvem bestemte dens Mål - du kender det jo - hvem spændte Målesnor ud derover?
৫কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা।
6 Hvorpå blev dens Støtter sænket, hvem lagde dens Hjørnesten,
৬সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল? বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে?
7 mens Morgenstjernerne jubled til Hobe, og alle Gudssønner råbte af Glæde?
৭যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, তেতিয়া ঈশ্বৰৰ সন্তান সকলে জয়ধ্বনি কৰিছিল নে?
8 Hvem stængte for Havet med Porte, dengang det brusende udgik af Moders Skød,
৮গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, তেতিয়া কোনে দুৱাৰৰ সৈতে সমুদ্ৰক নীৰৱ কৰিছিল?
9 dengang jeg gav det Skyen til Klædning og Tågemulm til Svøb,
৯যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপে নিৰ্মান কৰিছিলোঁ, আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলোঁ,
10 dengang jeg brød det en Grænse og indsatte Portslå og Døre
১০আৰু যেতিয়া মই তাৰ বাবে বিধি নিৰূপণ কৰিছিলোঁ, ডাং আৰু দুৱাৰ লগাই কৈছিলো-
11 og sagde: "Hertil og ikke længer! Her standse dine stolte Vover!"
১১‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়; ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’
12 Har du nogen Sinde kaldt Morgenen frem, ladet Morgenrøden vide sit Sted,
১২তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?
13 så den greb om Jordens Flige og gudløse rystedes bort,
১৩সেইদৰে পৃথিবীৰ চাৰিও চুক ধৰিছিলা নে, তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাইছিলা নে?
14 så den dannedes til som Ler under Segl, fik Farve, som var den en Klædning?
১৪ছাব মৰা মাটিৰ দৰে পৃথিবীৰ ৰূপ পৰিৱৰ্ত্তন হয়, আৰু সকলো বস্তু এখন চিত্ৰ-বিচিত্ৰ বস্ত্ৰৰ দৰে প্ৰকাশ পায়।
15 De gudløses Lys toges fra dem, den løftede Arm blev knust.
১৫আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়, আৰু সিহঁতৰ উৰ্ধবাহু ভগ্ন হয়।
16 Har du mon været ved Havets Kilder, har du mon vandret på Dybets Bund?
১৬তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা? বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা?
17 Mon Dødens Porte har vist sig for dig, skued du Mulmets Porte?
১৭মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে? বা মৃত্যুছায়াৰ দুৱাৰ দেখিছিলা নে?
18 Så du ud over Jordens Vidder? Sig frem, om du ved, hvor stor den er!
১৮তুমি পৃথিবীৰ প্ৰস্থৰ বুজ পালা নে? এই সকলো যদি জানা, তেন্তে কোৱা।
19 Hvor er Vejen til Lysets Bolig, og hvor har Mørket mon hjemme,
১৯পোহৰ থকা ঠাইলৈ যোৱা বাট ক’ত- সেইদৰে আন্ধাৰৰ ঠাইয়ে বা ক’ত?
20 så du kunde hente det til dets Rige og bringe det hen på Vej til dets Bolig?
২০যি ঠাইৰ পৰা পোহৰ আৰু আন্ধাৰ আহে, সেই ঠাইলৈ তুমি তাক উভতাই নিব পাৰিবা নে, বা তুমি জানা নে, কিদৰে সেই ঠাইৰ পৰা আহে?
21 Du ved det, du blev jo født dengang, dine Dages Tal er jo stort!
২১তুমি যেতিয়া জন্মিছিলা, নিশ্চিন্তভাবে জানিছিলা! আৰু তোমাৰ দিনৰ সংখ্যা অধিক!
22 Har du været, hvor Sneen gemmes, og skuet, hvor Hagelen vogtes,
২২যত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰবেশ কৰিছা নে, তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে?
23 den, jeg gemmer til Trængselens Tid, til Kampens og Krigens Dag?
২৩এই বস্তুবোৰ মই সঙ্কট সময়ৰ বাবে, ৰণ বা যুদ্ধ দিনৰ বাবে ধৰি ৰাখো;
24 Hvor er Vejen did, hvor Lyset deler sig, hvor Østenvinden spreder sig ud over Jorden?
২৪কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগবতৰা হয়, বা কি নিয়মেৰে পূবৰ বায়ু পৃথিবীত বিয়পি পৰে?
25 Hvem åbnede Regnen en Rende og Tordenens Lyn en Vej
২৫প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে, বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে,
26 for at væde folketomt Land, Ørkenen, hvor ingen bor,
২৬বৰষুণ নোহোৱা কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে, আৰু য’ত এজনো মানুহ নাই, সেই পৰিত্যক্তভূমি,
27 for at kvæge Øde og Ødemark og fremkalde Urter i Ørkenen?
২৭সেই অনুৰ্বৰ মাটি আৰু জনশূণ্য অঞ্চলৰ উদ্দেশ্যে, কোনে কোমল ঘাঁহ গজাই তোলে?
28 Har Regnen mon en Fader, hvem avlede Duggens Dråber?
২৮বৰষুণৰ জানো পিতৃ আছে? নিয়ৰৰ বিন্দুসমুহ জানো কোনোবাই প্ৰসৱ কৰিলে?
29 Af hvilket Skød kom Isen vel frem, hvem fødte mon Himlens Rim?
২৯কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল? কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে?
30 Vandet størkner som Sten, Dybets Flade trækker sig sammen.
৩০জল সমূহ নিজে গোট খায় আৰু শিলৰ নিচিনা হয়, পৃষ্ঠতলৰ গভীৰত সি হিমলৈ ৰূপান্তৰিত হয়।
31 Knytter du Syvstjernens Bånd, kan du løse Orions Lænker?
৩১তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা? বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা?
32 Lader du Aftenstjemen gå op i Tide, leder du Bjørnen med Unger?
৩২আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা? বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা?
33 Kender du Himmelens Love, fastsætter du dens Magt over Jorden?
৩৩তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে? পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে?
34 Kan du løfte Røsten til Sky, så Vandskyl adlyder dig?
৩৪ঢল পানীৰে তোমাক ঢাকিবৰ বাবে তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে?
35 Sender du Lynene ud, så de går, og svarer de dig: "Her er vi!"
৩৫তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে? সেইবোৰে জানো তোমাক ক’ব নে, ‘এইয়া আমি’?
36 Hvem lagde Visdom i sorte Skyer, hvem gav Luftsynet Kløgt?
৩৬ঘন মেঘক কোনে জ্ঞান দিলে? পপীয়া তৰা কোনে বুদ্ধি দিলে?
37 Hvem er så viis, at han tæller Skyerne, hvem hælder Himmelens Vandsække om,
৩৭এনে দক্ষতা কাৰ আছে, যিয়ে মেঘ সমূহক গণনা কৰিব পাৰে? কোনে আকাশৰ পৰা বৰষুণ বৰ্ষাব পাৰে?
38 når Jorden ligger i Ælte, og Leret klumper sig sammen?
৩৮যেতিয়া ধুলিবোৰ গৈ গোট খায়, আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে?
39 Jager du Rov til Løvinden, stiller du Ungløvers hunger,
৩৯তুমি সিংহিনীৰ নিমিত্তে মৃগয়া কৰিবা নে? বা তাইৰ সৰু পোৱালিক সন্তুষ্ট হোৱাকৈ খাবলৈ দিবা নে?
40 når de dukker sig i deres Huler; ligger på Lur i Krat?
৪০যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চোঙত চোপ লৈ থাকে, আৰু আঁৰত খাপ দি থাকে তেতিয়া তুমি সেইবোৰৰ হেপাঁহ পলুৱাব পাৰা নে?
41 Hvem skaffer Ravnen Æde, når Ungerne skriger til Gud og flakker om uden Føde?
৪১যেতিয়া ঢোঁৰা-কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে, আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ বাবে কোনে আহাৰ যোগায়?