< Jeremias 52 >
1 Zedekias var enogtyve år gammel da han blev konge, og han herskede elleve År i Jerusalem. Hans Moder hed Hamital og var en Datter af Jirmeja fra Libna.
১চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিব্না নিবাসী যিৰিমিয়াৰ জীয়েক হমূতল।
2 Han gjorde, hvad der var ondt i HERRENs Øjne, ganske som Jojakim.
২যিহোয়াকীমৰ সকলো কাৰ্য অনুসাৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে;
3 Thi for HERRENs Vredes Skyld kom dette over Jerusalem og Juda, og til sidst stødte han dem bort fra sit Åsyn. Og Zedekias faldt fra Babels konge.
৩কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
4 I hans niende Regeringsår på den tiende Dag i den tiende Måned drog Kong Nebukadrezar af Babel da med hele sin Hær mod Jerusalem, og de belejrede det og byggede Belejringstårne imod det rundt omkring;
৪পাছে তেওঁৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা, বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঁঠ সাজিলে।
5 og Belejringen varede til Kong Zedekiass ellevte Regeringsår.
৫এইদৰে ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ একাদশ বছৰলৈকে নগৰখন অৱৰোধ কৰা আছিল।
6 På den niende Dag i den fjerde Måned blev Hungersnøden hård i Byen, og Folket fra Landet havde ikke Brød. Da blev Byens Mur gennembrudt.
৬পাছত চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।
7 Alle krigsfolkene flygtede om Natten ud af Byen gennem Porten mellem de to Mure ved Kongens Have, medens Kaldæerne holdt Byen omringet, og de tog Vejen ad Arabalavningen til.
৭সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, তেতিয়া কলদীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।
8 Men Kaldæernes Hær satte efter Kongen og indhentede ham på Jerikosletten, efter at hele hans Hær var blevet splittet til alle Sider.
৮কিন্তু কলদীয়াবিলাকৰ সৈন্যসামন্তই ৰজাৰ পাছত খেদি গৈ, যিৰীহোৰ সমথলত চিদিকিয়াক লগ ধৰিলে; তেতিয়া তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
9 Så greb de Kongen og bragte ham op til Ribla i Hamats Land til Babels Konge, der fældede Dommen over ham.
৯পাছে সিহঁতে ৰজাক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ নিলে; তাতে তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
10 Hans Sønner lod han henrette i hans Påsyn, ligeledes lod han alle Judas Øverster henrette i Ribla;
১০বাবিলৰ ৰজাই চিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে। আৰু যিহূদাৰ আটাই প্ৰধান লোককো ৰিব্লাত বধ কৰিলে।
11 og på Zedekias selv lod Babels Konge Øjnene stikke ud; derpå lod han ham lægge i Kobberlænker, og således førte han ham til Babel; og han lod ham kaste i Fængsel, hvor han blev til sin Dødedag.
১১তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল, আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে।
12 På den tiende Dag i den femte Måned, det var Babels Konge Nebukadrezars nittende Regeringsår, kom Nebuzaradan, Øversten for Livvagten, Babels konges Tjener, til Jerusalem.
১২পাছে পঞ্চম মাহৰ দশম দিনা বাবিলৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ বছৰি বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিৰূচালেমলৈ আহি,
13 Han satte Ild på HERRENs Hus og Kongens Palads og alle Husene i Jerusalem; på alle Stormændenes Huse satte han Ild;
১৩যিহোৱাৰ গৃহটি আৰু ৰাজ গৃহটি পুৰিলে আৰু যিৰূচালেমৰ সকলো ঘৰ জুই দি পুৰিলে।
14 og Murene om Jerusalem nedbrød hele kaldæernes Hær, som Øversten for Livvagten havde med sig.
১৪আৰু সেই ৰক্ষক-সেনাপতিৰ লগত অহা কলদীয়াবিলাকৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে।
15 De sidste Folk, som var tilbage i Byen, og Overløberne, der var gået over til Babels Konge, og de sidste Håndværkere førte Nebuzaradan, Øversten for Livvagten, bort.
১৫আৰু নবুজৰদানৰ ৰক্ষক-সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক বাবিলৰ ৰজাৰ ফলীয়া হ’বলৈ পলাই যোৱাবিলাকক বন্দী কৰি লৈ গ’ল।
16 Men nogle af de fattigste af Folket fra Landet lod Nebuzaradan, Øversten for Livvagten, blive tilbage som Vingårdsmænd og Agerdyrkere,
১৬কিন্তু দ্ৰাক্ষা আপডাল কৰোঁতা আৰু খেতিয়ক হ’বলৈ নবুজৰদান ৰক্ষক-সেনাপতিয়ে দেশৰ কেতবিলাক দুখীয়া মানুহ এৰি গ’ল।
17 Kobbersøjlerne i HERRENs Hus, Stellene og Kobberhavet i HERRENs Hus slog Kaldæerne i Stykker og førte Kobberet til Babel.
১৭আৰু যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভ দুটা, আৰু যিহোৱাৰ গৃহৰ আধাৰবোৰ ও পিতলৰ সমুদ্ৰ-পাত্ৰটো কলদীয়াবিলাকে ডোখৰ ডোখৰকৈ ভাঙি সেইবোৰৰ আটাইবোৰ পিতল বাবিললৈ লৈ গ’ল।
18 Karrene, Skovlene, knivene og Kanderne og alle Kobbersagerne, som brugtes ved Tjenesten, røvede de;
১৮আৰু ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্যা কৰ্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ’ল।
19 også Fadene, Panderne, Skålene, Karrene, Lysestagerne, Kanderne og Offerskålene, der helt var af Guld eller Sølv, røvede Øversten for Livvagten.
১৯আৰু চৰিয়া, আঙঠা ধৰা, তেজপেলোৱা পাত্ৰ, ছাঁই পেলোৱা পাত্ৰ, দীপাধাৰ, পিয়লা, বাটি আদি কৰি সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰ ৰূপ ৰক্ষক-সেনাপতিয়ে লৈ গ’ল।
20 De to Søjler, Havet med de tolv Kobberokser under og Stellene, som Salomo havde ladet lave til HERRENs Hus Kobberet i alle disse Ting var ikke til at veje.
২০আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।
21 Atten Alen høj var hver Søjle, og en Snor på tolv Alen kunde nå om den, og den var hul, og Kobberet var fire Fingre tykt.
২১আৰু সেই স্তম্ভ দুটাৰ বিষয়ে হ’লে প্ৰথমটো ওখই ওঠৰ হাত; আৰু বাৰহতীয়া সূতাই তাক মেৰাব পাৰিছিল, আৰু তাৰ ডাঠ চাৰি আঙুল; সেয়ে ফোপোলা আছিল।
22 Og der var et Søjlehoved af Kobber oven på den, fem Alen højt, og rundt om Søjlehovedet var der Fletværk og Granatæbler, alt af Kobber; og på samme Måde var det med den anden Søjle.
২২আৰু তাৰ ওপৰত পিতলৰ এটা মাথলা আছিল, সেই মাথলা ওখই পাঁচ হাত; আৰু মাথলাত চাৰিওফালে জালি কটা আৰু ডালিম আছিল; সেই আটাইবোৰ পিতলৰ; দ্বিতীয় স্তম্ভটোও সেই প্ৰকাৰ, আৰু তাৰো ডালিম আছিল।
23 Og der var seks og halvfemsindstyve Granatæbler, som hang frit; der var i alt hundrede Granatæbler rundt om Fletværket.
২৩চাৰিওফালে ছয়ান্নব্বৈটা ডালিম আছিল, আৰু চাৰিওফালে জালি কটাৰ ওপৰত সৰ্ব্বমুঠ এশ ডালিম আছিল।
24 Øversten for Livvagten tog Ypperstepræsten Seraja, Anden præsten Zefanja og de tre Dørvogtere;
২৪পাছে ৰক্ষক-সেনাপতিয়ে প্ৰধান পুৰোহিত চৰায়াক, আৰু দ্বিতীয় পুৰোহিত চফনিয়াক, আৰু তিনি জন দুৱৰীক ধৰিলে।
25 og fra Byen tog han en Hofmand, der havde Opsyn med krigsfolket, og syv Mænd, der hørte til Kongens nærmeste Omgivelser, og som endnu fandtes i Byen, desuden Hærførerens Skriver, der udskrev Folket fra Landet til Krigstjeneste, og dertil tresindstyve Mænd at Folket fra Landet, der fandtes i Byen
২৫আৰু নগৰৰ লোকবিলাকৰ মাজৰ, যুদ্ধাৰুবিলাকৰ ওপৰত নিযুক্ত এজন অধ্যক্ষক, নগৰত পোৱা ৰাজসভাসদ সকলৰ সাতজন মানুহক, দেশৰ প্ৰজাবিলাকৰ সৈন্যৰ নাম ভৰ্ত্তি কৰোঁতা প্ৰধান সেনাপতিৰ লিখক জনক, আৰু নগৰৰ মাজত পোৱা দেশৰ প্ৰজাবিলাকৰ ষাঠিজন মানুহক ধৰিলে।
26 dem tog Øversten for Livvagten Nebuzaradan og førte til Babels Konge i Ribla
২৬আৰু নবুজৰদান ৰক্ষক-সেনাপতিয়ে তেওঁবিলাকক ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ লৈ গ’ল।
27 og Babels Konge lod dem dræbe i Ribla i Hamats Land. Så førtes Juda i Landflygtighed fra sit Land.
২৭পাছে বাবিলৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত তেওঁবিলাকক আঘাত কৰাই বধ কৰিলে। এইদৰে যিহূদাক নিজ দেশৰ পৰা দেশান্তৰ কৰা হ’ল।
28 Følgende er Tallet på de Folk, Nebukadrezar bortførte i Fangenskab: I hans syvende År 3023 Judæere,
২৮নবূখদনেচৰে দেশান্তৰ কৰা লোকবিলাকৰ সংখ্যা এই; সপ্তম বছৰত তেওঁ তিনি হাজাৰ তেইশজন যিহুদী মানুহক দেশান্তৰ কৰি নিলে;
29 i Nebukadrezars attende År 832 fra Jerusalem;
২৯নবূখদনেচৰৰ ৰাজত্বৰ অষ্ঠাদশ বছৰত তেওঁ যিৰূচালেমৰ পৰা আঠশ বত্ৰিশ জনক দেশান্তৰ কৰি লৈ গ’ল;
30 i Nebukadrezars tre og tyvende År bortførte Nebuzaradan, Øversten for Livvagten, 745 af Judæerne; tilsammen 4600.
৩০নবূখদনেচৰৰ ৰাজত্বৰ তেইশ বছৰৰ বছৰি নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিহুদী বিলাকৰ মাজৰ পৰা সাতশ পঞ্চল্লিশ জনক দেশান্তৰ কৰি লৈ গ’ল; সৰ্ব্বমুঠ চাৰি হাজাৰ ছশ লোক লৈ গ’ল।
31 I det syv og tredivte År efter Kong Jojakin af Judas Bortførelse på den fem og tyvende Dag i den tolvte Måned tog Babels Konge Evil-Merodak, der i det År kom på Tronen, Kong Jojakin af Juda til Nåde og førte ham ud af Fængselet.
৩১পাছে যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰৰ বছৰি, দ্বাদশ মাহৰ পঁচিশ দিনৰ দিনা বাবিলৰ ইবীল-মৰোদক ৰজাই নিজৰ ৰাজত্বৰ প্ৰথম বছৰত যিহূদাৰ ৰজা যিহোয়াখীনৰ মুৰ দাঙি, তেওঁক বন্দীশালৰ পৰা মুক্ত কৰিলে;
32 Han talte ham venligt til og gav ham Sæde oven for de Konger, som var hos ham i Babel.
৩২আৰু তেওঁক মৰমৰ কথা ক’লে, আৰু বাবিলত তেওঁৰ লগত থকা ৰজাবিলাকৰ আসনতকৈ তেওঁৰ আসন ওখত স্থাপন কৰিলে।
33 Jojakin aflagde sin Fangedragt og spiste daglig hos ham, så længe han levede.
৩৩আৰু তেওঁ নিজৰ বন্দীশালৰ কাপোৰ সলালে, আৰু তেওঁ জীয়াই থাকে মানে ৰজাৰ আগত সদায় ভোজন কৰিলে।
34 Han fik sit daglige Underhold af Babels Konge, hver Dag hvad han behøvede for den Dag, indtil sin Dødedag, så længe han levede.
৩৪আৰু তেওঁৰ খুৰাকৰ বিষয়ে হ’লে, তেওঁ জীয়াই থাকে মানে নমৰালৈকে বাবিলৰ ৰজাৰ আজ্ঞাৰে এক এক দিনৰ উপযুক্ত খাদ্য দ্ৰব্য প্ৰতি দিনে তেওঁক দিয়া হৈছিল।