< Jeremias 41 >
1 Men i den syvende måned kom Jisjmael, Elisjamas søn Netanjas søn, en mand af kongelig Æt, der hørte til Kongens Stormænd, fulgt af ti Mænd til Gedalja, Ahikams Søn, i Mizpa; og de holdt Måltid sammen der i Mizpa.
১পাছে সপ্তম মাহত, ৰজাৰ প্ৰধান বিষয়াসকলৰ মাজত গণিত হোৱা ৰাজবংশীয় ইলীচামাৰ নাতিয়েক নথনিয়াৰ পুতেক ইশ্মায়েলে দহজন লোকক লগত লৈ, মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু তেওঁলোকে মিস্পাত একেলগে ভোজন কৰিলে।
2 Jisjmael, Netanjas Søn, og de ti Mænd, der fulgte ham, stod da op og huggede Gedalja, Sjafans Søn Ahikams Søn, ned med Sværdet og dræbte således den Mand, Babels Konge havde sat over Landet;
২পাছত নথনিয়াৰ পুতেক ইশ্মায়েল আৰু তেওঁৰ লগত থকা সেই দহজন লোকে উঠি, বাবিলৰ ৰজাই দেশৰ শাসনকৰ্ত্তা নিযুক্ত কৰা চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াক তৰোৱালেৰে বধ কৰিলে।
3 også alle de Judæere, som var hos ham i Mizpa, og alle de Kaldæere, som fandtes der, alle Krigerne huggede Jisjmael ned.
৩আৰু মিস্পাত গদলিয়াৰ লগত থকা সকলো যিহুদীক আৰু তাত পোৱা যুদ্ধাৰু কলদীয়াসকলকো ইশ্মায়েলে বধ কৰিলে।
4 Dagen efter Gedaljas Mord, endnu før nogen kendte dertil,
৪তেতিয়া গদলিয়াক বধ কৰাৰ পিছৰ দিন আছিল, তেতিয়া সেই কথা কোনো মানুহে জনা নাছিল।
5 kom firsindstyve Mænd fra Sikem, Silo og Samaria med afklippet Skæg, sønderrevne Klæder og Flænger i Huden; de havde Afgrødeoffer og Røgelse med til at ofre i HERRENs Hus"
৫চিখিম, চীলো আৰু চমৰিয়াৰ পৰা অহা সম্পূর্ণ ডাঢ়ি খুৰুউৱা, পিন্ধা কাপোৰ ছিৰা আৰু নিজ নিজ গা কাটকুট কৰা আশী জন মানুহ যিহোৱাৰ গৃহত উৎসৰ্গ কৰিবলৈ হাতত নৈবেদ্য আৰু ধূপ লৈ আহিছিল।
6 Jisjmael, Netanjas Søn, gik dem i Møde fra Mizpa og græd hele Vejen, og da han traf dem, sagde han: "Kom med til Gedalja, Ahikams Søn!"
৬পাছত নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকৰ লগত সাক্ষাত কৰিবলৈ মিস্পাৰ পৰা কান্দি কান্দি ওলাই গ’ল; আৰু তেওঁলোকৰ সাক্ষাত হৈ তেওঁলোকক ক’লে, “অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহাঁ!”
7 Men da de var kommet ind i Byen, huggede Jisjmael og hans Mænd dem ned og kastede dem i Cisternen.
৭তেতিয়া, তেওঁলোক নগৰৰ মাজ ঠাইলৈ আহি পাওঁতে, নথনিয়াৰ পুতেক ইশ্মায়েলে আৰু তেওঁৰ লগত সেই লোক কেইজনে তেওঁলোকক বধ কৰি গাতটোৰ ভিতৰলৈ পেলাই দিলে।
8 Men der var ti Mænd iblandt dem, som sagde til Jisjmael: "Dræb os ikke, thi vi har skjulte Forråd på Marken, Hvede, Byg, Olie og Honning." Så lod han dem være og dræbte dem ikke med de andre.
৮কিন্তু তেওঁবিলাকৰ মাজত এনে দহ জন মানুহ পোৱা গৈছিল, যে, তেওঁলোকে ইশ্মায়েলক ক’লে, “আমাক বধ নকৰিবা, কিয়নো পথাৰত পুতি থোৱা আমাৰ ঘেঁহু, যৱ, তেল আৰু মৌৰ ভঁৰাল আছে।” এই বুলি কোৱাত ইশ্মায়েলে ক্ষান্ত হৈ তেওঁলোকৰ ভায়েকসকলৰ মাজত তেওঁলোকক বধ নকৰিলে।
9 Cisternen, hvori Jisjmael kastede Ligene af alle dem, han havde hugget ned, var den store Cisterne, Kong Asa havde bygget i Kampen mod Kong Basja af Israel; den fyldte Jisjmael, Netanjas Søn, med dræbte.
৯যি গাতত ইশ্মায়েলে নিজে বধ কৰা সকলো মানুহৰ মৰা শৱ গদলিয়াৰ শৱৰ কাষত পেলাই দিছিল, সেই গাত ইস্ৰায়েলৰ বাচা ৰজাৰ ভয়ত আচা ৰজাই খনোৱা গাত আছিল; নথনিয়াৰ পুতেক ইশ্মায়েলে ইয়াক বধ কৰা লোকৰ শৱেৰে পূৰ কৰিলে।
10 Derpå bortførte Jisjmael som Fanger hele Resten af Folket i Mizpa, Kongedøtrene og hele Folket, der var ladt tilbage i Mizpa, og over hvem Livvagts øverste Nebuzaradan havde sat Gedalja, Ahikams Søn; dem bortførte Jisjmael, Netanjas Søn, som Fanger og gav sig på Vej til Ammoniterne.
১০পাছত ইশ্মায়েলে মিস্পাত অৱশিষ্ট থকা সকলো লোকক, নবুজৰদান ৰক্ষক-সেনাপতিয়ে অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিয়া ৰাজবংশীয় জীয়াৰীসকল আদি কৰি মিস্পাত অৱশিষ্ট থকা সকলো লোকক বন্দী কৰি নিলে; নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকক বন্দী কৰি লৈ অম্মোনৰ সন্তান সকলৰ ওচৰলৈ যাবলৈ প্ৰস্থান কৰিলে।
11 Men da Johanan, Kareas Søn, og alle de Hærførere, som var hos ham, hørte om al den Ulykke, Jisjmael, Netanjas Søn, havde gjort,
১১কিন্তু কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগত থকা ফৌজৰ সকলো সেনাপতিয়ে, নথনিয়াৰ পুতেক ইশ্মায়েলে কৰা আটাই কুকৰ্মৰ কথা শুনিবলৈ পালে।
12 tog de alle deres Mænd og drog imod ham, og de traf ham ved den store Dam i Gibeon;
১২তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইশ্মায়েলে সৈতে যুদ্ধ কৰিবলৈ গ’ল আৰু গিবিয়োনৰ থকা বৰ পুখুৰীৰ ওচৰত তেওঁক দেখা পালে।
13 og da alt Folket, der var hos Jisjmael, så Johanan, Kareas Søn og alle Hærførerne, der var med ham, blev de glade;
১৩পাছত যেতিয়া ইশ্মায়েলৰ লগত থকা সকলো লোকসকলে, কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগৰ ফৌজৰ সেনাপতিসকলক দেখিবলৈ পালে, তেতিয়া তেওঁলোক আনন্দিত হ’ল।
14 og alt Folket, som Jisjmael havde ført fanget fra Mizpa, vendte om og gik over til Johanan, Kareas Søn.
১৪আৰু ইশ্মায়েলে মিস্পাৰ পৰা বন্দী কৰি নিয়া সকলো লোকে মুখ ঘূৰাই কাৰেহৰ পুতেক যোহাননৰ গুৰিলৈ উলটি আহিল।
15 Men Jisjmael Netanjas Søn, slap fra Johanan med otte Mand og drog til Ammoniterne.
১৫কিন্তু নথনিয়াৰ পুতেক ইশ্মায়েল আঠোটা মানুহে সৈতে যোহাননৰ আগৰ পৰা পলাই অম্মোনৰ সন্তান সকলৰ ওচৰলৈ গ’ল।
16 Johanan, Kareas Søn, og alle Hærførerne, der var med ham, tog derpå hele Resten af Folket, som Jisjmael, Netanjas Søn, efter at have myrdet Gedalja, Ahikams Søn, havde ført bort fra Mizpa, de Mænd, Krigere, Kvinder, Børn og Hofmænd, som han bragte tilbage fra Gibeon,
১৬নথনিয়াৰ পুতেক ইশ্মায়েলে অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰাৰ পাছত, তাৰ হাতৰ পৰা কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগৰ সেনাপতিসকলে যিসকল অৱশিষ্ট লোক মিস্পাৰ পৰা এৰুৱাই ওভটাই আনিছিল, তেওঁলোকক অৰ্থাৎ যুদ্ধ কৰিব পৰা পুৰুষসকলক আৰু গিবিয়োনৰ পৰা অনা মহিলা, ল’ৰা আৰু নপুংসকসকলক তেওঁলোকে লগত ল’লে।
17 og de drog hen og slog sig ned i Gidrot-Kimham i BetlehemsNabolag for at drage til Ægypten.
১৭আৰু তেতিয়া তেওঁলোকে গৈ, কল্দীয়াসকলৰ ভয়ত মিচৰলৈ যাবৰ মনেৰে বৈৎলেহেমৰ কাষত থকা গেৰূৎ-কিমহমত বাস কৰিলে।
18 af Frygt for Kaldæerne; thi de frygtede dem, fordi Jisjmael, Netanjas Søn, havde dræbt Gedalja, Ahikams Søn, som Babels Konge havde sat over Landet.
১৮কিয়নো তেওঁলোকে তেওঁলোকলৈ ভয় কৰিছিল; কাৰণ নথনিয়াৰ পুতেক ইশ্মায়েলে বাবিলৰ ৰজাই দেশৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰা অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰিছিল।