< Esajas 40 >
1 Trøst, ja trøst mit Folk, så siger eders Gud,
১তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক।
2 tal Jerusalem kærligt til og råb kun til det, at nu er dets Strid til Ende, dets Skyld betalt, tvefold Straf har det fået af HERRENs Hånd for alle sine Synder.
২যিৰূচালেমক নম্রতাৰে কোৱা, আৰু তেওঁলৈ ঘোষনা কৰা, যে তেওঁৰ সংগ্রাম শেষ হ’ল, তেওঁৰ অপৰাধ ক্ষমা কৰা হ’ল, তেওঁৰ সকলো পাপৰ সলনি যিহোৱাৰ হাতৰ পৰা তেওঁ দুগুণ মঙ্গল পালে।
3 I Ørkenen råber en Røst: "Ban HERRENs Vej, jævn i det øde Land en Højvej for vor Gud!
৩এটা মাতে চিঞৰিছে, মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।”
4 Hver Dal skal højnes, hvert Bjerg, hver Høj, skal sænkes, bakket Land blive fladt og Fjeldvæg til Slette.
৪প্ৰত্যেক উপত্যকা ওখ কৰা হ’ব; আৰু প্ৰত্যেক পৰ্ব্বত আৰু পাহাৰ সমান কৰা হ’ব; অসমতল ঠাই সমান কৰা হ’ব, খলাবমা মাটি সমান কৰা হ’ব;
5 Åbenbares skal HERRENs Herlighed, alt Kød til Hobe skal se den. Thi HERRENs Mund har talet."
৫আৰু যিহোৱাৰ মহিমা প্ৰকাশ কৰা হ’ব, আৰু সকলো মৰ্ত্ত্যই একে সময়তে তাক দেখিব; কাৰণ যিহোৱাই নিজৰ মুখেৰে ইয়াকে ক’লে।
6 Der lyder en Røst, som siger: "Råb!" Jeg svarer: "Hvad skal jeg råbe?" "Alt Kød til Hobe er Græs, al dets Ynde som Markens Blomst;
৬এজনে কৈছে, “কান্দা।” আন এজনে উত্তৰ দিছে, “মই কিয় কান্দিম?” সকলো মাংসই তৃণ হ’য়, আৰু তেওঁৰ সকলো বিশ্ৱাসযোগ্য চুক্তি পথাৰৰ ফুলৰ দৰে।
7 Græsset tørres, Blomsten visner, når HERRENs Ånde blæser derpå; visselig, Folket er Græs,
৭যেতিয়া যিহোৱাৰ প্ৰশ্বাস-বায়ু তাৰ ওপৰত বলায় তেতিয়া ঘাঁহ শুকাই যায়, ফুল জঁয় পৰে; আৰু লোকসকল নিশ্চয় ঘাঁহ।
8 Græsset tørres, Blomsten visner, men vor Guds Ord bliver evindelig."
৮ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।
9 Stig op på højen Bjerg, du Zions Glædesbud, løft din Røst med Kraft, du Jerusalems Glædesbud, løft den uden Frygt og sig til Judas Byer: "Se eders Gud!"
৯হে চিয়োনৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা; যিৰূচালেমলৈ শুভবাৰ্ত্তা ঘোষণা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা। যিহূদাৰ নগৰবোৰক কোৱা, “এইয়া তোমালোকৰ ঈশ্বৰ।”
10 Se, den Herre HERREN kommer med Vælde, han hersker med sin Arm. Se, hans Løn er med ham, hans Vinding foran ham,
১০চোৱা, প্ৰভু যিহোৱা জয়যুক্ত বীৰস্বৰূপে আহিছে, আৰু তেওঁ নিজ বাহুবলেৰে শাসন কৰিব। চোৱা তেওঁৰ পুৰস্কাৰ তেওঁৰ লগত আছে, তেওঁৰ প্রতিদান তেওঁৰ আগে আগে যায়।
11 han vogter sin Hjord som en Hyrde, samler den med Armen, bærer Lammene i Favn og leder de diende Får.
১১তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
12 Hvo måler Vandet i sin Hånd, afmærker med Fingerspand Himlen, måler Jordens Støv i Skæppe og vejer Bjerge med Bismer eller i Vægtskål Høje?
১২কোনে নিজৰ হাতৰ তলুৱাত জলৰাশি জুখিছিল? আৰু কোনে আকাশ-মণ্ডল জুখিছিল? কোনে পৃথিবীৰ সমূদায় ধূলি দোনত ভৰাই জুখিছিল? কোনে পৰ্ব্বতবোৰক পাল্লাত বা পাহাৰবোৰক তুলাঁচনীত জুখিছিল?
13 Hvo leder HERRENs Ånd, råder og lærer ham noget?
১৩কোনে যিহোৱাৰ আত্মাৰ তত্ত্ব নিৰূপণ কৰিছিল? বা কোনে তেওঁৰ পৰামৰ্শদাতা হৈ তেওঁক শিক্ষা দিছিল?
14 Hos hvem får han Råd og Indsigt, hvem lærer ham Rettens Vej, hvem kan give ham Kundskab, hvem kundgør ham indsigts Vej?
১৪তেওঁ কাৰ পৰা পৰামৰ্শ পাইছিল? কোনে তেওঁক ন্যায় কার্য কৰিবলৈ শিকাইছিল? আৰু কোনে তেওঁক জ্ঞানৰ শিক্ষা দিছিল, আৰু তেওঁক বিবেচনাৰ পথ দেখুৱাইছিল?
15 Se, som Dråbe på Spand er Folkene, at regne som Fnug på Vægt, som et Gran vejer fjerne Strande.
১৫চোৱা, দেশবাসীসকল কলহৰ গাত লাগি থকা পানীৰ কণিকাৰ দৰে আৰু তুলাচনীত লাগি থকা ধুলিৰ কণিকাৰ দৰে গণিত হয়; চোৱা, তেওঁ অতি ক্ষুদ্র বস্তুৰ দৰে দ্বীপবোৰক তোলে।
16 Libanon giver ej Brændsel, dets Dyr ej Brændoffer nok.
১৬ইন্ধনৰ বাবে লিবানোন, নাইবা হোম বলিৰ বাবে অৰণ্যৰ জন্তুবোৰ যথেষ্ট নহয়।
17 Alle Folk er som intet for ham, for Luft og Tomhed at regne.
১৭তেওঁৰ দৃষ্টিত সকলো দেশবাসী অপৰ্যাপ্ত; তেওঁৰ আগত তেওঁলোক একোৱে নহয় দৰে গণিত হয়।
18 Med hvem vil I ligne Gud, hvad stiller I op som hans Lige?
১৮তেন্তে তোমালোকে কাৰ সৈতে ঈশ্বৰক তুলনা কৰিবা? বা তেওঁৰ লগত কোন মুৰ্ত্তিৰ উপমা দিবা?
19 Et Billede det støber en Mester, en Guldsmed lægger Guld derpå, og Sølvkæder støber en anden.
১৯এটা কটা মুৰ্ত্তি! এজন কৰ্মকাৰে নিজে তৈয়াৰ কৰে; সোণাৰীয়ে তাৰ ওপৰত সোণৰ পতা মাৰে, আৰু তাৰ বাবে ৰূপৰ শিকলি যুগুত কৰে।
20 Den, som vil rejse en Afgud, vælger sig Træ, som ej rådner; han søger sig en kyndig Mester til at rejse et Billede, som står.
২০মানুহে উপহাৰ দিবলৈ নপচা কাঠ বাচি লৈ; পৰিব নোৱাৰা প্ৰতিমা নিজৰ বাবে যুগুত কৰিবলৈ নিপুণ শিল্পকাৰ বিচাৰে।
21 Ved I, hører I det ikke, er det. ikke forkyndt jer for længst? Har I da ikke skønnet det, fra Jordens Grundvold blev lagt?
২১তোমালোকে নাজানা নে? তোমালোকে শুনা নাই নে? আদিৰে পৰা তোমালোকক সম্বাদ দিয়া নাই নে? পৃথিবীৰ মূল স্থাপন কৰাৰে পৰা তোমালোকে বুজা নাই নে?
22 Han troner over Jordens Kreds, som Græshopper er dens Beboere; han udbreder Himlen som en Dug og spænder den ud som et Teltbo.
২২যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে।
23 Fyrster gør han til intet, Jordens Dommere til Luft.
২৩তেওঁ শাসনকৰ্ত্তাসকলক নথকাৰ দৰে লুপ্ত কৰে; আৰু পৃথিবীৰ শাসনকৰ্ত্তাসকলক অৰ্থহীনৰ দৰে কৰে;
24 Knap er de plantet, knap er de sået, knap har Stiklingen Rod i Jorden, så ånder han på dem, de visner; som Strå fejer Storm dem bort.
২৪চোৱা, তেওঁলোকে কেৱল ৰোৱে আৰু বয়, এনে কি, তেওঁলোকৰ মুঢ়ায়ো মাটিত কেৱল শিপা ধৰিছে, তেওঁ তেওঁলোকৰ ওপৰত ফু দিয়াৰ আগতে তেওঁলোক শুকাই যায়, আৰু তেওঁলোকক বা’মৰলী বতাহে মৰাৰ দৰে উৰুৱাই নিয়ে।
25 Hvem vil I ligne mig med som min Ligemand? siger den Hellige.
২৫পবিত্ৰ জনাই কৈছে, “তেনেহ’লে তোমালোকে মোক কাৰ সৈতে উপমা দিলে মই তাৰ সদৃশ হ’ম?
26 Løft eders Blik til Himlen og se: Hvo skabte disse? Han mønstrer deres Hær efter Tal, kalder hver enkelt ved Navn; så stor er hans Kraft og Vælde, at ikke en eneste mangler.
২৬আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
27 Hvorfor siger du, Jakob, hvi taler du, Israel, så: "Min Vej er skjult for HERREN, min Ret gled min Gud af Hænde."
২৭মোৰ পথ যিহোৱাৰ পৰা গুপ্ত হৈ আছে, আৰু মোৰ গোচৰলৈ তেওঁ মন নিদিয়ে, হে যাকোব আৰু হে ইস্ৰায়েল, তুমি কিয় এনে কথা কৈছা?
28 Ved du, hørte du ikke, at HERREN er en evig Gud, den vide Jord har han skabt? Han trættes og mattes ikke, hans Indsigt udgrundes ikke;
২৮তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
29 han giver den trætte Kraft, den svage Fylde af Styrke.
২৯তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।
30 Ynglinge trættes og mattes, Ungersvende snubler brat,
৩০এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে।
31 ny Kraft får de, der bier på HERREN, de får nye Svingfjer som Ørnen; de løber uden at mattes, vandrer uden at trættes.
৩১কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।