< Esajas 31 >

1 Ve dem, som går ned til Ægypten om hjælp og slår Lid til heste, som stoler på Vognenes mængde, på Rytternes store Tal, men ikke ser hen til Israels Hellige, ej rådspørger HERREN.
যি সকলে সহায়ৰ বাবে মিচৰলৈ নামি যায়, আৰু ঘোঁৰাবোৰত ভাৰসা কৰে, তেওঁলোকৰ সন্তাপ হ’ব; তেওঁলোকে ৰথত আৰু অশ্বাৰোহীত ভাৰসা কৰে কিন্তু তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ প্রতি উদ্বিগ্ন নহয়, নাইবা যিহোৱাৰ ওচৰলৈ নাযায়।
2 Men viis er og han, lader Ulykke komme og går ej fra sit Ord. Han står op mod de ondes Hus og mod Udådsmændenes Hjælp.
তথাপি তেওঁ জ্ঞানবান, তেওঁ দুর্যোগ ঘটাব, আৰু নিজৰ বাক্য প্রত্যাহাৰ নকৰিব। কিন্তু কুকৰ্মীবোৰৰ বংশৰ বিৰুদ্ধে আৰু পাপ কার্য কৰিবলৈ সহায় কৰা সকলকৰ বিৰুদ্ধে তেওঁ উঠিব।
3 Ægypterne er Mennesker, ikke Gud, deres Heste er Kød, ikke Ånd. Når HERREN udrækker Hånden, snubler Hjælperen, den hjulpne falder, de omkommer alle til Hobe.
মিচৰীয়াসকল মানুহ মাথোন, ঈশ্বৰ নহয়; ঘোঁৰাবোৰো মাংস মাত্ৰ, আত্মা নহয়। যিহোৱাই যেতিয়া নিজৰ হাত মেলিব; তেতিয়া সহায় কৰা জনে উজুটি খাব, আৰু সহায় পোৱা জনেও পতিত হ’ব; দুয়ো একে লগে বিনষ্ট হ’ব।
4 Thi så sagde HERREN til mig: Som en Løve knurrer, en Ungløve over sit Rov, og ikke, når Hyrdernes Flok kaldes hid imod den, skræmmes af Skriget eller viger for Larmen, så stiger Hærskarers HERRE ned til Kamp på Zions Bjerg og Høj.
কিয়নো যিহোৱাই মোক এই দৰে কৈছে, যেনেকৈ সিংহ, অথবা যুবা সিংহই ধৰা পশুৰ ওপৰত গুজৰি থাকোঁতে, যেতিয়া তাৰ বিৰুদ্ধে মেৰখীয়া সকলক মাত দিয়ে, কিন্তু তেওঁলোকৰ মাতত সি ভয় নকৰে, নাইবা তাৰ শব্দৰ পৰিৱর্তন নহয়, তেনেকৈ বাহিনীসকলৰ যিহোৱাই যুদ্ধ কৰিবলৈ চিয়োন পৰ্ব্বত আৰু তাৰ পাহাৰৰ ওপৰলৈ নামি আহিব।
5 Som svævende Fugle så skærmer Hærskarers HERRE Jerusalem, skærmer og frier, skåner og redder.
জাক পাতি উৰি ফুৰা চৰাইৰ দৰে বাহিনীসকলৰ যিহোৱাই যিৰূচালেমক ৰক্ষা কৰিব, তেওঁ ৰক্ষা কৰিব আৰু ইয়াক অতিক্রম কৰি যাওঁতে উদ্ধাৰ কৰিব আৰু সংৰক্ষন কৰিব।
6 Vend om til ham, hvem Israels Børn faldt fra så dybt!
হে ইস্ৰায়েলৰ লোকসকল, তোমালোকে যি জনালৈ অতিশয় ভাবে পিঠি দিছিলা, সেই জনালৈ উভটি আহাঁ।
7 Thi på hin Dag vrager enhver sine Guder af Sølv sine Guder af Guld, eders Hænders syndige Værk.
কাৰণ সেই দিনা তোমালোক প্ৰতিজনে পাপেৰে সৈতে নিজৰ হাতেৰে নির্মাণ কৰা ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাই দিবা।
8 Assur falder for Sværd, men ikke en Mands, et Sværd fortærer det, ikke et Menneskes. Og han skal fly for Sværdet, til Hoveriarbejde tvinges hans Stridsmænd;
সেই সময়ত অচুৰীয়া লোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মানুহৰ দ্বাৰাই চালিত নোহোৱা তৰোৱালে তেওঁক গ্রাস কৰিব। তেওঁ তৰোৱালৰ পৰা পলাব, আৰু তেওঁৰ যুবকসকলক কঠিন পৰিশ্রম কৰিবলৈ বাধ্য কৰাব।
9 hans Klippe viger bort af Rædsel, hans Fyrster skræmmes fra Fanen. Så lyder det fra HERREN, hvis Ild er i Zion, som har sin Ovn i Jerusalem.
যি জনাৰ অগ্নি চিয়োনত, আৰু যি জনাৰ অগ্নিকুণ্ড যিৰূচালেমত আছে, সেই যিহোৱাই কৈছে, তেওঁলোকে ভয়াবহ অৱস্হাৰ কাৰণে আত্মবিশ্বাস হেৰুৱাব, আৰু তেওঁলোকৰ সেনাপতিসকলে যিহোৱাৰ যুদ্ধৰ নিচানলৈ ভয় কৰিব।”

< Esajas 31 >