< Esajas 25 >
1 HERRE, min Gud er du; jeg priser dig, lover dit Navn. Thi du har gjort et Under, Råd fra fordum var tro og sande.
১হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।
2 Thi du lagde Byen i Grus, den faste Stad i Ruiner; de fremmedes Borg er nedbrudt, aldrig mer skal den bygges.
২কিয়নো অাপুনি আমাৰ শত্রুবোৰক নগৰখনত স্তূপত পৰিণত কৰিলা, আৰু গড়েৰে আবৃত নগৰক ধ্বংস কৰিলে, বিদেশীসকলৰ নগৰৰ দুৰ্গ নোহোৱা হ’ল।
3 Derfor ærer dig et mægtigt Folk, frygter dig grumme Hedningers Stad.
৩সেই বাবে বলবন্ত লোকসকলে অাপোনাক গৌৰৱান্বিত কৰিব, ভয়ানক জাতিবোৰৰ নগৰে অাপোনাক ভয় কৰিব।
4 Thi du blev de ringes Værn, den fattiges Værn i Nøden, et Ly mod Skylregn, en Skygge mod Hede; thi som isnende Regn er Voldsmænds Ånde,
৪কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।
5 som Hede i det tørre Land. Du kuer de fremmedes Larm; som Hede ved Skyens Skygge så dæmpes Voldsmænds Sang.
৫খৰাং দেশত ৰ’দ যেনে, তেনেকৈ আপুনি বিদেশীসকলৰ কোলাহল দমন কৰিব; যি দৰে মেঘৰ ছাঁৰে ৰ’দ নিবাৰণ কৰা হয়, সেই দৰে নিষ্ঠুৰ লোকৰ গান স্থগিত কৰা হ’ব।
6 Hærskarers HERRE gør på dette Bjerg et Gæstebud for alle Folkeslag med fede Retter og stærk Vin, med fede, marvfulde Retter og stærk og klaret Vin.
৬বাহিনীসকলৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ বাবে চৰ্বিযুক্ত আহাৰৰ ভোজ, নিৰ্বাচিত দ্ৰাক্ষাৰস, কোমল মাংস, ক’ম পৰিমাণে ভোজ যুগুত কৰিব।
7 Og han borttager på dette Bjerg Sløret, som tilslører alle Folkeslag, og Dækket, der dækker alle Folk.
৭যি ওৰণিৰে সকলো লোকক ঢকা হৈছে, আৰু যি আবৰণ সকলো জাতি সমূহৰ ওপৰত বিস্তাৰিত আছে, যিহোৱাই এই পৰ্ব্বতত তাক নষ্ট কৰিব।
8 Han opsluger Døden for stedse. Og den Herre HERREN aftørrer Tåren af hver en Kind og gør Ende på sit Folks Skam på hele Jorden, så sandt HERREN har talet.
৮তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাহ কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব, আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা ক’লে।
9 På hin Dag skal man sige: Se, her er vor Gud, som vi biede på, og som frelste os; her er HERREN, som vi biede på. Lad os juble og glæde os over hans Frelse;
৯সেই দিনা এই দৰে কোৱা হ’ব, “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আৰু এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আমি তেওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰিম।
10 thi HERRENs Hånd hviler over dette Bjerg. Men Moab trampes ned, hvor det står, som Strå i Møddingpølen;
১০কিয়নো চিয়োন পৰ্ব্বতত যিহোৱাৰ হাতে স্থিতি ল’ব, আৰু গোবৰ পেলোৱা গাতত যিদৰে খেৰ গচকা হয়, সেই দৰে মোৱাবক নিজৰ ঠাইত গচকা হ’ব।
11 det breder sine Hænder ud deri som Svømmeren gør for at svømme, og han ydmyger dets Hovmod trods Hændernes Kunstgreb.
১১আৰু সাঁতোৰা মানুহে যিদৰে সাঁতুৰিবলৈ হাত দুখন মেলে, সেই দৰে তেওঁ তাৰ মাজত নিজৰ হাত মেলিব; কিন্তু যিহোৱাই তেওঁৰ নানাবিধ হাতৰ কৌশলেৰে সৈতে তাৰ গৰ্ব্ব খৰ্ব্ব কৰিব।
12 Han nedbryder og nedstyrter de stejle Mures Værn; han jævner dem med Jorden, så de ligger i Støvet.
১২তোমালোকৰ ওখ দুৰ্গত থকা দেৱালবোৰ তেওঁ মাটিত পেলাব, এনে কি, ধূলিত পৰিণত কৰিব।