< 1 Mosebog 4 >
1 Adam kendte sin Hustru Eva, og hun blev frugtsommelig og fødte Kain; og hun sagde: "Jeg har fået en Søn med HERRENS Hjælp!"
১মানুহে তেওঁৰ ভাৰ্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।”
2 Fremdeles fødte hun hans Broder Abel. Abel blev Fårehyrde, Kain Agerdyrker.
২পাছত তেওঁ পুনৰায় কয়িনৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল এজন মেৰ-ছাগৰ পালক আৰু কয়িন কৃষক হ’ল।
3 Nogen Tid efter bragte Kain HERREN en Offergave af Jordens Frugt,
৩পাছত এটা সময়ত কয়িনে যিহোৱাৰ উদ্দেশ্যে তেওঁৰ ভূমিত উৎপন্ন হোৱা কিছু ফল উৎসৰ্গ কৰিলে;
4 medens Abel bragte en Gave af sin Hjords førstefødte og deres Fedme. Og HERREN så til Abel og hans Offergave,
৪হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চর্বি উৎসৰ্গ কৰিলে। যিহোৱাই হেবলক আৰু তেওঁৰ উৎসর্গ গ্ৰহণ কৰিলে;
5 men til Kain og hans Offergave så han ikke. Kain blev da såre vred og gik med sænket Hoved.
৫কিন্তু কয়িনক আৰু তেওঁৰ উৎসৰ্গক হলে গ্ৰহণ নকৰিলে। সেয়ে কয়িনৰ অতিশয় খং উঠিল আৰু তেওঁৰ মুখো ক’লা পৰি গ’ল।
6 Da sagde HERREN til Kain: "Hvorfor er du vred, og hvorfor går du med sænket Hoved?
৬তেতিয়া যিহোৱাই কয়িনক ক’লে, “কিয় খং কৰিছা আৰু কেলেই বা মুখ ক’লা কৰি আছা?
7 Du ved, at når du handler vel, kan du løfte Hovedet frit; men handler du ikke vel, så lurer Synden ved Døren; dens Attrå står til dig, men du skal herske over den!"
৭তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।”
8 Men Kain yppede Kiv med sin Broder Abel; og engang de var ude på Marken, sprang Kain ind på ham og slog ham ihjel.
৮তাৰ পাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।
9 Da sagde HERREN til Kain: "Hvor er din Broder Abel?" Han svarede: "Det ved jeg ikke; skal jeg vogte min Broder?"
৯তেতিয়া যিহোৱাই কয়িনক সুধিলে, “তোমাৰ ভাই হেবল ক’ত আছে?” কয়িনে ক’লে, “মই নেজানো, মই মোৰ ভাইৰ ৰখীয়া নেকি?”
10 Men han sagde: "Hvad har du gjort! Din Broders Blod råber til mig fra Jorden!
১০তেতিয়া যিহোৱাই ক’লে, “তুমি কি কৰিলা? তোমাৰ ভাইৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰি মাতিছে।
11 Derfor skal du nu være bandlyst fra Agerjorden, som åbnede sig og tog din Broders Blod af din Hånd!
১১সেয়ে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভাইৰ তেজ গ্ৰহণ কৰিবৰ কাৰণে মুখ মেলিলে, সেই ভূমিৰ পৰাই তুমি অভিশপ্ত হ’লা।
12 Når du dyrker Agerjorden, skal den ikke mere skænke dig sin Kraft du skal flakke hjemløs om på Jorden!"
১২এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।”
13 Men Kain sagde til HERREN: "Min Straf er ikke til at bære;
১৩তেতিয়া কয়িনে যিহোৱাক ক’লে, “এই শাস্তি মোৰ বাবে অসহনীয়।
14 når du nu jager mig bort fra Agerjorden, og jeg må skjule mig for dit Åsyn og flakke hjemløs om på Jorden, så kan jo enhver, der møder mig, slå mig ihjel!"
১৪আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।”
15 Da svarede HERREN: "Hvis Kain bliver slået ihjel, skal han hævnes; syvfold!" Og HERREN satte et Tegn på Kain, for at ingen, der mødte ham, skulde slå ham ihjel.
১৫তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব।” তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে।
16 Så drog Kain bort fra HERRENs Åsyn og slog sig ned i Landet Nod østen for Eden.
১৬তাৰ পাছত কয়িনে যিহোৱাৰ সন্মুখৰ পৰা ওলাই গৈ, এদনৰ পূব দিশে থকা নোদ দেশত বাস কৰিলে।
17 Kain kendte sin Hustru, og hun blev frugtsommelig og fødte Hanok. Han grundede en By og gav den sin; Søn Hanoks Navn.
১৭কয়িনে তেওঁৰ ভার্য্যাৰ সৈতে একেলগ হোৱাত, তেওঁ গৰ্ভৱতী হৈ হনোকক প্ৰসৱ কৰিলে; কয়িনে এখন নগৰ নিৰ্ম্মাণ কৰিলে আৰু পুত্রৰ নাম অনুসাৰে সেই নগৰখনৰ নাম হনোক ৰাখিলে।
18 Hanok fik en Søn Irad; Irad avlede Mehujael; Mehujael avlede Mehujael; og Metusjael avlede Lemek
১৮হনোকৰ পুতেকৰ নাম ঈৰদ, ঈৰদৰ পুতেকৰ নাম মহুৱায়েল, মহুৱায়েলৰ পুতেকৰ নাম মথুচায়েল, মথুচায়েলৰ পুতেকৰ নাম লেমক।
19 Lemek tog sig to Hustruer; den ene hed Ada, den anden Zilla.
১৯লেমকৰ দুগৰাকী ভার্য্যা আছিল। এগৰাকীৰ নাম আদা আৰু আনগৰাকীৰ নাম চিল্লা।
20 Ada fødte Jabal; han blev Stamfader til dem, der bor i Telte og holder Kvæg;
২০আদাৰ গর্ভত যাবলৰ জন্ম হ’ল; তম্বুত বাস কৰি পশুপালন কৰা লোকসকলৰ তেওঁ পূৰ্বপুৰুষ আছিল।
21 hans Broder hed Jubal; han blev Stamfader til alle dem, der spiller på Harpe og Fløjte.
২১তেওঁৰ ভায়েকৰ নাম আছিল যুবল; তেওঁ বীণা আৰু বাঁহী বজোৱাসকলৰ আদি পুৰুষ আছিল।
22 Også Zilla fik en Søn, Tubal-Kajin; han blev Stamfader til alle dem, der smeder Kobber og Jern. Tubal-Kajins Søster var Na'ama.
২২চিল্লাৰ গর্ভত তুবল-কয়িনৰ জন্ম হ’ল; তেওঁ পিতল আৰু লোহাৰ নানাবিধ অস্ত্ৰ গঢ়োতা আছিল; সেই তুবল-কয়িনৰ নয়মা নামেৰে এজনী ভনীয়েক আছিল।
23 Og Lemelk sagde til sine Hustruer: "Ada og Zilla, hør min Røst, Lemeks Hustruer, lyt til mit Ord: En Mand har jeg dræbt for et Sår, en Dreng for en Skramme!
২৩লেমকে তেওঁৰ দুই ভার্য্যাক ক’লে, “হে আদা আৰু চিল্লা, তোমালোকে মোৰ কথা শুনা; হে লেমকৰ ভার্য্যাসকল, মোৰ কথালৈ কাণ দিয়া; কিয়নো আঘাত কৰাৰ বাবে এজন লোকক, আঘাত কৰাৰ বাবে এজন যুবকক মই বধ কৰিলোঁ।
24 Blev Kain hævnet syvfold, så hævnes Lemek syv og halvfjerdsindstyve Gange!"
২৪কয়িনে হত্যা কৰাৰ প্রতিশোধ যদি সাতগুণ হয়, তেন্তে অৱশ্যেই লেমকৰ প্রতিশোধ হ’ব সাতসত্তৰ গুণ।”
25 Adam kendte på ny sin Hustru, og hun fødte en Søn, som hun gav Navnet Set; "thi," sagde hun, "Gud har sat mig andet Afkom i Abels Sted, fordi Kain slog ham ihjel!"
২৫পাছত আদমে পুনৰায় তেওঁৰ ভাৰ্যাৰ সৈতে একেলগ হোৱাত, তেওঁৰ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। হৱাই সেই সন্তানৰ নাম চেথ ৰাখিলে আৰু ক’লে, “কয়িনে হেবলক বধ কৰাৰ কাৰণে ঈশ্বৰে মোক হেবলৰ সলনি পুনৰ এটি সন্তান দিলে।”
26 Set fik også en Søn, som han kaldte Enosj; på den Tid begyndte man at påkalde HERRENs Navn.
২৬পাছত চেথৰো এটি পুত্ৰ জন্মিল। তেওঁ তেওঁৰ নাম ইনোচ ৰাখিলে। সেই সময়ৰ পৰা লোকসকলে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা আদি কৰিবলৈ আৰম্ভ কৰিলে।