< Ezekiel 23 >
1 HERRENs Ord kom til mig således:
১যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 Meneskesøn! Der var to Kvinder, Døtre af en og samme Moder.
২“হে মনুষ্য সন্তান, দুজনী মহিলা আছিল; তেওঁলোক একেজনী মাতৃৰে জীয়েক।
3 De bolede i deres Ungdom i Ægypten: der krammedes deres Bryster, der krænkede man deres Jomfrubarm.
৩তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।
4 Den ældste hed Ohola, hendes Søster Oholiba. Og de blev mine og fødte Sønner og Døtre. Ohola er Samaria, Oholiba Jerusalem.
৪তেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ’ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়: অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম।
5 Men i Stedet for at holde sig til mig bolede Ohola og var i Brynde for sine Elskere, Assurs Sønner, der nærmede sig hende
৫কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যাকৰ্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী,
6 klædt i Purpur, Statholdere og Landshøvdinger, alle sammen smukke unge Mænd, Ryttere højt til Hest;
৬নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল!
7 og hun gav dem sin bolerske Elskov, alle Assurs ypperste Sønner, og alle Vegne, hvor hun kom i Brynde, gjorde hun sig uren ved deres Afgudsbilleder.
৭সেই কাৰণে তাই তেওঁলোকৰ সৈতে বেশ্যাকৰ্ম কৰিলে, কিয়নো আটাইবোৰ অচূৰৰ মনোনীত লোক! আৰু তাই যিবোৰত আসক্ত হ’ল আৰু তেওঁলোকৰ আটাই প্রতিমাবোৰৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে।
8 Men sin Bolen med Ægypterne opgav hun ikke, thi de hade ligget hos hende i hendes Ungdom; de havde skændet hendes Jomfrubarm og udøst deres bolerske Attrå over hende.
৮কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম কৰিছিল।
9 Derfor gav jeg hende i hendes Elskeres, Assurs Sønners, Hånd, for hvem hun var i Brynde;
৯এই হেতুকে মই তাইৰ প্ৰেমকাৰীসকলৰ, তাইৰ সৈতে আসক্ত হোৱা সেই অচূৰীয়াসকলৰ হাতত তাইক শোধাই দিলোঁ!
10 og de blottede hendes Blusel, tog hendes Sønner og Døtre og dræbte hende selv med Sværd, så hun fik Vanry blandt Kvinder; således fuldbyrdede de Dommen over hende.
১০তেওঁলোকে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে। তেওঁলোকে তাইৰ পো-জীসকলক লৈ গ’ল আৰু তাইক তৰোৱালেৰে বধ কৰিলে আৰু এইদৰে তাই আন মহিলাসকলৰ মাজত লজ্জিত হ’ল আৰু কিদৰে দণ্ড ভোগ কৰিলে।
11 Det så hendes Søster Oholiba, og dog kom hun i endnu værre Brynde og bolede endnu værre end Søsteren.
১১তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল!
12 Hun kom i Brynde for Assurs Sønner, Statholdere og Landshøvdinger, der nærmede sig hende herligt klædt, Ryttere højt til Hest, alle sammen smukke unge Mænd.
১২অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল।
13 Og jeg så, at hun blev uren; begge fulgte samme Vej.
১৩আৰু মই দেখিলোঁ যে তাই নিজকে অশুচি কৰিলে। দুয়ো জনীয়ে একে পথ ল’লে।
14 Men hun drev sin Bolen videre endnu; thi da hun så Mænd afbildede på Muren, Billeder af Kaldæere, malet med rødt,
১৪তেতিয়া তাই নিজ বেশ্যালি আৰু আধিককৈ বঢ়ালে! কিয়নো তাই দেৱালত অঁকা পুৰুষসকলক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কলদীয়াসকলৰ নক্সা দেখিলে,
15 med Bælte om Lænd og nedhængende Hovedbind, alle at se til som Høvedsmænd, en Afbildning af Babels Sønner, hvis Hjemstavn Kaldæa er,
১৫তেওঁলোকৰ ককালত টঙালি বন্ধা আৰু তাৰে সৈতে মূৰত ওলোমি থকা পাগুৰি মৰা! তেওঁলোক সকলোৱেই দেখিবলৈ সেনাপতি দলৰ নিচিনা, যি বাবিলীয়াসকলৰ জন্মদেশ যেন দেখা যায়।
16 så kom hun i Brynde for dem, så snart hun fik Øje på dem, og hun sendte Bud til dem i Kaldæa:
১৬যেতিয়াই তাই তেওঁলোকক দেখিলে, তাই তেওঁলোকত আসক্ত হ’ল আৰু সেই কাৰণে কলদীয়া দেশলৈ তেওঁলোকৰ ওচৰলৈ দূত পঠিয়ালে।
17 Og Babels Sønner gik ind til hende, lå hos hende i Elskov og gjorde hende uren ved deres Bolen; og hun blev uren ved dem, til hun følte Lede ved dem.
১৭তেতিয়া বাবিলীয়াসকল তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্মেৰে তাইক অশুচি কৰিলে; তাই তেওঁলোকৰ দ্বাৰাই অশুচি হ’ল আৰু তেতিয়া তাই তাইৰ মনত তেওঁলোকৰ বিৰুদ্ধে ঘিণ লাগিল।
18 Da hun havde åbenbaret sin bolerske Attrå og blottet sin Blusel, følte jeg Lede ved hende, som jeg var blevet led ved hendes søster.
১৮এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে, তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল!
19 Men hun drev sin Bolen videre endnu, idet hun kom sin Ungdoms Dage i Hu, da hun havde bolet i Ægypten,
১৯তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে, যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যাকৰ্ম কৰিছিল!
20 og hun kom i Brynde ved dets Bolere, der havde Kød som Æsler og var gejle som Hingste;
২০সেই কাৰণে তাই নিজ প্রেমিকসকলৰ সৈতে আসক্ত হ’ল, যিসকলৰ গাধৰ দৰে জননেন্দ্রিয় বিষয়ক আৰু ঘোঁৰাৰ বীৰ্যৰ নিচিনা বীৰ্য।
21 og hun optog sin Ungdoms Skændsel, dengang Ægypterne krænkede hendes Jomfrubarm og krammede hendes unge Bryster,
২১তাই আকৌ তাইৰ যৌৱন কালৰ ব্যভিচাৰ পুনৰায় কৰিবলৈ ধৰিলে, যেতিয়া মিচৰীয়াসকলে তাইৰ পিয়াহৰ মূৰ টিপিছিল। কাৰণ তাইৰ যৌৱন কালৰ পিয়াহ!
22 Derfor, Oholiba, så siger den Herre HERREN: Jeg hidser dine Elskere på dig, dem, du følte Lede ved, og fører dem mod dig fra alle Kanter,
২২এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম! যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম!
23 Babels Sønner og alle Kaldæerne, Pekod, Sjoa og Koa og med dem alle Assurs Sønner, alle sammen smukke unge Mænd, Statholdere og Landshøvdinger, Høvedsmænd og navnkundige Mænd, alle højt til Hest;
২৩বাবিলীয়া আৰু আটাই কলদীয়াসকল! পকোদ, চোৱা আৰু কোৱাক! আৰু তেওঁলোকৰ সৈতে আটাই অচূৰীয়াসকলক! সকলোৱেই প্রভাৱশালী মনোহৰ যুৱা! ৰাজ্যপাল আৰু বিষয়াসকল; তেওঁলোক সেনাপতি আৰু সন্মানিত লোক! তেওঁলোক আটাইবোৰ অশ্বাৰোহী।
24 og de skal komme imod dig med en Vrimmel af Vogne og Hjul og en Hærskare af Folkeslag; store og små Skjolde og Hjelme skal de rette imod dig fra alle Kanter. Jeg overlader dem Dommen, og de skal dømme dig efter deres Ret.
২৪তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী আৰু বিশাল লোক সকলে সৈতে তোমাৰ বিৰুদ্ধে আহিব! তেওঁলোকে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব! মই তেওঁলোকৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তেতিয়া তেওঁলোকে তেওঁলোকৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব!
25 Jeg retter min Nidkærhed imod dig, og de skal handle med dig i Vrede; din Næse og dine Ører skal de skære af, dit Afkom skal falde for Sværdet; de skal tage dine Sønner og Døtre, og dit Afkom skal fortæres af Ild;
২৫আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্বালা প্ৰজ্বলিত কৰিম আৰু তেতিয়া তেওঁলোকে তোমালৈ ক্ৰোধ কৰিব! তেওঁলোকে তোমাৰ নাক আৰু কাণ কাটিব আৰু তোমাৰ অৱশিষ্ট ভাগ তৰোৱালৰ দ্বাৰাই পতিত হ’ব! তেওঁলোকে তোমাৰ পো-জীবোৰক লৈ যাব, যাতে তোমাৰ অৱশিষ্ট বংশ জুইত পোৰা হ’ব।
26 de skal rive Klæderne af dig og tage alle dine Smykker;
২৬তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব।
27 jeg gør Ende på din Skændsel og din Bolen, som du hengav dig til i Ægypten, og du skal ikke mere løfte dit Blik til dem eller komme Ægypten i Hu.
২৭এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’
28 Thi så siger den Herre HERREN: Se, jeg giver dig i deres Hånd, som du hader og ledes ved;
২৮কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে, ‘চোৱা! যিবোৰলৈ তোমাৰ মনত ঘিণ আছিল, তুমি হিংসা কৰাবোৰৰ হাতত, মই তোমাক সেইসকলৰ হাতত শোধাই দিম।
29 de skal handle med dig i Had og tage alt dit Gods og efterlade dig nøgen og bar, så din bolerske blussel blottes.
২৯তেওঁলোকে তোমাক ঘিণ কৰিব; তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব আৰু তোমাক উলঙ্গিনী আৰু বিবস্ত্ৰতা কৰি এৰিব। তেতিয়া তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব!
30 Det kan du takke din Skændsel og din Bolen for, thi du bolede med Folkene og gjorde dig uren med deres Afgudsbilleder.
৩০তুমি বেশ্যাহৈ জাতি সমূহৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি তেওঁলোকৈ প্রতিমাবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য তোমালৈ কৰা যাব।
31 Du vandrede i din Søsters Spor; derfor giver jeg dig hendes Bæger i Hånden.
৩১তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম।’
32 Så siger den Herre HERREN: Du skal drikke af din Søsters Bæger, som er både dybt og bredt; du skal blive til Latter og Spot; Bægeret rummer meget;
৩২প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা; তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা - সেই পান পাত্ৰত বহুত ধৰে!
33 det er fuldt af Beruselse og Stønnen, et Bæger med Gru og Rædsel er din Søster Samarias Bæger.
৩৩তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণ হ’বা; সেয়ে তোমাৰ বায়েৰা চমৰিয়াৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ!
34 Du skal drikke det ud til sidste Dråbe, gnave dets Skår og sønderrive dine Bryster, så sandt jeg har talet, lyder det fra den Herre HERREN.
৩৪তুমি তাত পান কৰিবা আৰু চুঁচি শেষ কৰি খাবা; তাৰ পাছত খোলাবোৰ চোবাবা আৰু নিজ স্তন বিদাৰিবা। কিয়নো প্ৰভু যিহোৱাই ইয়াক ঘোষণা কৰিছে!’ এয়ে প্রভু যিহোৱাৰ ঘোষণা!।
35 Derfor, så siger den Herre HERREN: Fordi du glemte mig og kastede mig bag din Ryg, skal du bære Følgen af din Skændsel og Bolen.
৩৫এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।”
36 Og HERREN sagde til mig: Menneskesøn! Vil du dømme Ohola og Oholiba, så forehold dem deres Vederstyggeligheder,
৩৬যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা।
37 at de horede og har Blod på Hænderne; de horede med deres Afgudsbilleder, og til Føde for dem lod de Børnene, de fødte mig, gå igennem Ilden.
৩৭কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তান সকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে!
38 Fremdeles har de gjort mig dette: De har gjort min Helligdom uren og vanhelliget mine Sabbater;
৩৮তেওঁলোকে মোলৈ এইটোও কৰি থাকিলে: তেওঁলোকে মোৰ ধৰ্মধাম অশুচি কৰিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ সেই দিনাই অপবিত্ৰ কৰিলে।
39 endog samme Dag de havde slagtet deres Børn til Afgudsbillederne, kom de til min Helligdom og vanhelligede den. Sandelig, således gjorde de i mit Hus.
৩৯কিয়নো, তেওঁলোকে তেওঁলোকৰ প্রতিমা বোৰৰ উদ্দেশ্যে নিজ নিজ সন্তান সকলক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে! সেই বাবে চোৱা! মোৰ গৃহৰ মাজতে তেওঁলোকে কি প্ৰকাৰ কৰিলে!
40 Ja, for Mænd, som kom langvejs fra, straks der var sendt dem Bud, badede du dig, sminkede du dine Øjne og tog dine Smykker på;
৪০তোমালোক দূৰৰ পৰা মানুহক আহিবলৈ মাতিলা, যিসকললৈ এজন দূত পঠোৱা হৈছিল - আৰু চোৱা! তেওঁলোক সঁচাকৈ আহিল; যিসকলৰ কাৰণে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা।
41 og du satte dig på et prægtigt Leje, og foran det dækkedes et Bord, på hvilket du satte min Røgelse og min Olie.
৪১আৰু তুমি ৰাজকীয় শয্যাত বহিলা আৰু তাৰ আগত এখন মেজ সজোৱাত তাৰ ওপৰত তুমি মোৰ ধুপ আৰু মোৰ তেল থ’লা।
42 Og det ligefrem larmede hos Søstrene; så mange Mænd kom der fra Ørkenen; og de lagde Spange om deres Arme og satte en herlig Krone på deres Hoved.
৪২আৰু নিশ্চিন্তে থকা লোক সকলৰ কোলাহল তাইৰ তাত শুনা গ’ল আৰু সামান্য শ্ৰেণীৰ মানুহবোৰৰ লগত মৰুপ্রান্তৰ পৰা মতোৱালবোৰ অনা হ’ল তেওঁলোকে তোমালোক দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট পিন্ধাই দিলে।
43 Så sagde jeg: Således har de horet, på Skøgevis har de bolet.
৪৩তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, ‘তেওঁলোকে তাইৰ লগত আৰু তাই তেওঁলোকৰ লগত এতিয়া বেশ্যাকৰ্ম কৰিব।’
44 Man gik ind til dem som til en Skøge; således gik man ind til Ohola og Oholiba og øvede Skændsel.
৪৪পাছত পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ তেওঁলোকে তেওঁলোকৰ লগত গমন কৰিলে; এইদৰে তেওঁলোকে সেই দোষী ব্যভিচাৰিণী মহিলা অহলা আৰু অহলীবাত গমন কৰিলে!
45 Uvildige Mænd skal dømme dem efter Ægteskabsbryderskers og Morderskers Ret; thi de horede og har Blod på Hænderne.
৪৫কিন্তু ধাৰ্মিকসকলে ব্যভিচাৰিণীক আৰু ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে সিহঁত দুজনীক দণ্ড দিব, কিয়নো তেওঁলোক ব্যভিচাৰিণী; আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে।
46 Thi så siger den Herre HERREN: En Forsamling skal sammenkaldes imod dem, og de skal gives hen til at mishandles og udplyndres;
৪৬সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: মই তেওঁলোকৰ বিৰুদ্ধে সমাজক আনিম আৰু মই তেওঁলোকক ত্ৰাসৰ বিষয় আৰু লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম;
47 Forsamlingen skal stene dem og hugge dem sønder og sammen med Sværd; deres Sønner og Døtre skal man dræbe, og deres Huse skal man brænde.
৪৭তেতিয়া সেই সমাজে তেওঁলোকলৈ শিল দলিয়াব আৰু নিজ নিজ তৰোৱালেৰে তেওঁলোকক ডোখৰ ডোখৰ কৰিব। তেওঁলোকে তেওঁলোকৰ পো-জীবোৰক বধ কৰিব, আৰু জুই লগাই তেওঁলোকৰ ঘৰবোৰ পুৰি পেলাব।
48 Jeg gør Ende på Skændselen i Landet, og alle kvinder skal lade sig advare derved og ikke efterligne eders Skændsel.
৪৮এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম আৰু সকলো মহিলাক তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য কৰিবলৈ নিশিকিব।
49 Man skal lade eders Skændsel komme over eder, og I skal bære Følgen af de Synder, I gjorde med eders Afgudsbilleder; og I skal kende, at jeg er den Herre HERREN.
৪৯তেতিয়া তেওঁলোকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব আৰু তোমালোকে তোমালোকৰ প্রতিমাসম্বন্ধীয় পাপৰ ভাৰ ববা; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।