< Ezekiel 18 >
1 HERRENs Ord kom til mig således:
১যিহোৱাৰ বাক্য আকৌ মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 Hvor tør I bruge det Mundheld i Israels Land: Fædre åd sure Druer, og Børnenes Tænder blev ømme.
২“ইস্ৰায়েল দেশৰ যোজনা যে তোমালোকে দিয়া, তাৰ অৰ্থ কি? আৰু এইবুলি কোৱা, ‘বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খাই কিন্তু তেওঁলোকৰ পুত্রসকলৰ দাঁত টেঙায়?’
3 Så sandt jeg lever, lyder det fra den Herre HERREN: Ingen skal mere bruge dette Mundheld i Israel.
৩মোৰ জীৱনৰ শপত”- প্ৰভু যিহোৱাই এই কথা কৈছে, “ইস্ৰায়েলত এই যোজনা দিবলৈ তোমালোকে আৰু কেতিয়াও সুযোগ নাপাবা।
4 Se, alle Sjæle er mine; både Faderens Sjæl og Sønnens Sjæl er mine; den sjæl der synder skal dø.
৪চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!
5 Når en Mand er retfærdig og gør Ret og Skel,
৫কোনো মানুহ যদি ধাৰ্মিক হয় আৰু যি উচিত আৰু ন্যায় তাকহে সম্পন্ন কৰে,
6 ikke spiser på Bjergene eller løfter sit Blik til Israels Huses Afgudsbilleder eller skænder sin Næstes Hustru eller nærmer sig en Kvinde, så længe hun er uren,
৬আৰু যদি পৰ্ব্বতবোৰৰ পবিত্র স্থান বোৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমাবোৰলৈ চকু নোতোলে- বা নিজ ওচৰ চুবুৰীয়াৰ স্ত্রীক অশুচি কৰা নাই বা কোনো স্ত্রীৰ অশুচি হোৱা সময়ত তাইৰ ওচৰলৈ যোৱা নাই -
7 eller volder noget Menneske Men, men giver sit Håndpant tilbage, ikke raner, men giver den sultne sit Brød og klæder den nøgne,
৭আৰু কাকো অন্যায় কৰা নাই কিন্তু তাৰ সলনি তেওঁৰ ধৰুৱাক তেওঁৰ বন্ধক ঘূৰোৱাই দিছে - কাৰো বস্তু বলেৰে কাঢ়ি লোৱা নাই, কিন্তু তাৰ সলনি ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে;
8 ikke låner ud mod Åger eller tager Opgæld, men holder sin Hånd fra Uret, fælder redelig Dom Mand og Mand imellem,
৮তেওঁ যদি সুতলৈ ধাৰ নিদিয়ে বা তাক বঢ়াই নিদিয়ে - বা অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰি, মোৰ বিধি বোৰত চ’লে,
9 vandrer efter mine Anordninger og tager Vare på at udføre mine Lovbud, han er retfærdig, han skal visselig leve, lyder det fra den Herre HERREN.
৯আৰু যথাৰ্থ কাৰ্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্মিক; তেওঁহে অৱশ্যে জীব!” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।
10 Men avler han en Voldsmand til Søn, som udøser Blod og gør en eneste af disse Ting
১০কিন্তু যদি তেওঁৰ এজন উগ্র পুতেক আছে আৰু সি যদি ৰক্তপাত কৰা আদি তেনে কোনো কাৰ্যবোৰ কৰে -
11 medens han selv ikke gjorde nogen af disse Ting - spiser på Bjergene, skænder sin Næstes Hustru
১১আৰু যদিও তেওঁৰ পিতৃয়ে সেইবোৰৰ কোনো কৰ্ত্তব্যৰ কৰ্ম নকৰে - কিন্তু যদি তেওঁৰ পুতেকে পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰত ভোজন কৰে আৰু নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীক অশুচি কৰে -
12 volder de arme og fattige Men raner, ikke giver Håndpant tilbage, men løfter sit Blik til Afgudsbillederne, gør, hvad vederstyggeligt er,
১২সি যদি দুখী-দৰিদ্ৰক অন্যায় কৰে, বা যদি বলেৰে কাঢ়ি লয় বা বন্ধক ঘূৰোৱাই নিদিয়ে, প্রতিমাবোৰলৈ চকু তোলে বা ঘিণলগীয়া কাৰ্য কৰে;
13 låner ud mod Åger og tager Opgæld, så skal han ingenlunde leve; han har øvet alle disse Vederstyggeligheder, han skal visselig lide Døden, hans Blod skal komme over ham.
১৩সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।
14 Men sæt, at Sønnen avler en Søn, som ser alle de Synder, Faderen gjorde, og at han bliver angst og ikke bærer sig således ad,
১৪কিন্তু চোৱা! যদি তাৰ এজন পুত্র জন্মে, তেওঁৰ পিতৃয়ে কৰা সকলো পাপ দেখিছে আৰু সি ঈশ্ৱৰলৈ ভয় ৰাখি তেনে কাৰ্যবোৰ নকৰে -
15 ikke spiser på Bjergene eller løfter sit Blik til Israels Huses Afgudsbilleder eller skænder sin Næstes Hustru
১৫সি পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰৰ ওপৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমা বোৰলৈ চকু নোতোলে আৰু যদি সি চুবুৰীয়াৰ স্ত্রীক অশুচি নকৰে;
16 eller volder noget Menneske Men eller tager Håndpant eller raner, men giver den sultne sit Brød og klæder den nøgne,
১৬বা কাকো অন্যায় নকৰে, বন্ধকৰ কাৰণে একো নলয়, বা বলেৰে বস্তু কাঢ়ি নলয়, কিন্তু ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে -
17 holder sin Hånd fra Uret, ikke tager Åger eller Opgæld, men holder mine Lovbud og vandrer efter mine Anordninger, så skal han ikke dø for sin Faders Misgerning, men visselig leve.
১৭সি যদি দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোঁচায়, সুত বা অনুচিত লাভ নলয়; মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে আৰু মোৰ বিধিবোৰত চ’লে, তেন্তে সেই পুত্রই নিজৰ পিতৃৰ পাপবোৰৰ কাৰণে নমৰিব। তেওঁ অৱশ্যে জীয়াই থাকিব!
18 Hans Fader derimod døde for sin Misgerning, fordi han øvede Vold, ranede og gjorde i sit Folk hvad ikke var godt.
১৮তেওঁৰ পিতৃৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত, যি ভাল নহয়, সেইবোৰ কৰাৰ বাবে - চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব।
19 Og I siger: "Hvorfor skulde Sønnen ikke bære Faderens Misgerning?" Nej, thi Sønnen gjorde Ret og Skel, holdt alle mine Lovbud og levede efter dem. Visselig skal han leve.
১৯তথাপি তোমালোকে কোৱা, “পুত্রই কিয় পিতৃৰ অপৰাধৰ ভাৰ নবয়?” কিয়নো সেই পুত্রই উচিত আৰু ন্যায় কাৰ্য কৰে আৰু মোৰ সকলো বিধি পালন কৰে। সি সেই সকলোবোৰৰ মতে কৰ্ম কৰে। তেতিয়া তেওঁ নিশ্চয়ে জীয়াই থাকিব!
20 Den Sjæl, der synder, den skal dø; Søn skal ikke bære Faders Misgeming, ej heller Fader Søns. Over den retfærdige skal hans Retfærdighed komme, over den gudløse hans Gudløshed.
২০যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।
21 Men når den gudløse omvender sig fra alle de Synder, han har gjort, og holder alle mine Anordninger og gør Ret og Skel, da skal han visselig leve og ikke dø.
২১কিন্তু যদি দুষ্টজনে নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে আৰু উচিত আৰু ন্যায় সকলো কাৰ্যবোৰ কৰে, তেন্তে তেওঁ নমৰি অৱশ্যে জীয়াই থাকিব, ।
22 Ingen af alle de Overtrædelser, han har øvet, skal tilregnes ham; i Kraft af den Retfærdighed, han øver, skal han leve.
২২তেওঁ কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব। তেওঁ নিজ ধাৰ্মিকতাৰ বাবেহে জীয়াই থাকিব।
23 Mon jeg har Lyst til den gudløses Død, lyder det fra den Herre HERREN, mon ikke til, at han omvender sig fra sin Vej, så han må leve?
২৩প্ৰভু যিহোৱাই ঘোষণা কৰিছে - “দুষ্টজনৰ মৃত্যুত জানো মই অতিকৈ সন্তোষ পাওঁ” - যিহেতু তেওঁলোকে নিজ কু-পথৰ পৰা ঘূৰি আহি জীয়াই থাকিব পাৰিলেহেঁতেন?
24 Men når den retfærdige vender sig fra sin Retfærdighed og gør Uret, lignende Vederstyggeligheder, som den gudløse øver, så skal ingen af de retfærdige Gerninger, han har gjort tilregnes ham; for den Troløshed, han øvede, og den Synd, han gjorde, skal han dø.
২৪কিন্তু যদি ধাৰ্মিকজনে তেওঁৰ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু দুষ্ট লোকসকলে কৰা আটাই ঘিণলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম-কৰ্মবোৰৰ একোকেই সোঁৱৰণ কৰা নাযাব। সেই কাৰণে তেওঁ কৰা অপৰাধতেই আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।
25 Og I siger: "HERRENs Vej er ikke ret!" Hør dog, Israels Hus! Er det min Vej, der ikke er ret? Er det ikke snarere eders Vej, der ikke er ret?
২৫তথাপি তোমালোকে কোৱা, ‘প্ৰভুৰ পথ সৎ নহয়!’ শুনা, হে ইস্ৰায়েল বংশ! মোৰ পথবোৰ সৎ নহয়নে? তোমালোকৰ পথবোৰহে জানো সৎ নহয়?
26 Når den retfærdige vender sig fra sin Retfærdighed og gør Uret, skal han dø; for den Uret, han gør, skal han dø.
২৬ধাৰ্মিক লোকজনে যদি নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু সেই বাবে তেওঁৰ মৃত্যু হয়, তেতিয়া তেওঁ কৰা অপৰাধতেই তেওঁৰ মৃত্যু হ’ব।
27 Men når en gudløs vender sig fra den Gudløshed, han har øvet, og gør Ret og Skel, skal han holde sin Sjæl i Live.
২৭কিন্তু যেতিয়া দুষ্ট লোকজনে যদি তেওঁ কৰা দুষ্কৰ্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেন্তে তেওঁ নিজ প্ৰাণ জীয়াই ৰাখিব!
28 Han vendte sig fra alle de Overtrædelser, han havde øvet; han skal visselig leve og ikke dø.
২৮তেওঁ বিবেচনা কৰি তেওঁ কৰা আটাই দুষ্কৰ্মৰ পৰা ঘূৰি অহাত, তেওঁ জীয়াই থাকিব; তেওঁৰ মৃত্যু নহ’ব!
29 Og Israels Hus siger: "HRRENs Vej er ikke ret!" Er det min Vej, Israels Hus, der ikke er ret? Er det ikke snarere eders Vej, der ikke er ret?
২৯তথাপি ইস্ৰায়েল বংশই কয়, ‘প্ৰভুৰ পথ সৎ নহয়!’ হে ইস্ৰায়েল বংশ, মোৰ পথ কিয় সৎ নহয়? তোমালোকৰ পথহে জানো অসৎ নহয়?
30 Derfor dømmer jeg enhver af eder efter hans Veje, Israels Hus, lyder det fra den Herre HERREN. Vend om og omvend eder fra alle eders Overtrædelser, at de ikke skal blive eder Årsag til Skyld.
৩০এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।
31 Gør eder fri for alle de Overtrædelser, I har øvet imod mig, og skab eder et nyt Hjerte og en ny Ånd; thi hvorfor vil I dø, Israels Hus?
৩১যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধবোৰ তোমালোকৰ পৰা দূৰ কৰা আৰু তোমালোকৰ নিজৰ কাৰণে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?
32 Thi jeg har ikke Lyst til nogens Død, lyder det fra den Herre HERREN. Omvend eder derfor, så skal I leve!
৩২কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ” - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। “এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!”