< 5 Mosebog 4 >
1 Og nu, Israel! Hør de Anordninger og Lovbud, som jeg vil lære eder at holde, for at I kan blive i Live og komme ind og tage det Land i Besiddelse, som HERREN, eders Fædres Gud, vil give eder.
১এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিব।
2 I må hverken lægge noget til eller trække noget fra, hvad jeg byder eder, men I skal holde HERREN eders Guds Bud, som jeg pålægger eder.
২মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
3 I har med egne Øjne set, hvad HERREN gjorde i Anledning af Ba'al Peor: Hver eneste Mand, som fulgte Ba'al Peor, udryddede HERREN din Gud af din Midte.
৩আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
4 Men I, som holdt fast ved HERREN eders Gud, er alle i Live den Dag i Dag.
৪কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে।
5 Se, jeg har lært eder Anordninger og Lovbud, således som HERREN min Gud har pålagt mig, for at I skal handle derefter i det Land, I skal ind og tage i Besiddelse;
৫শুনক, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্রৱেশ কৰিবলৈ গৈ আছে, সেই দেশত যেন এইবোৰ মানি চলিব পাৰে।
6 hold dem og følg dem! Thi det skal være eders Visdom og eders Kløgt i de andre Folks Øjne. Når de hører om alle disse Anordninger, skal de sige: "Sandelig, det er et vist og klogt Folk, dette store Folk!"
৬আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
7 Thi hvor er der vel et stort Folk, som har Guder, der kommer til det, således som HERREN vor Gud gør det, når vi kalder på ham;
৭চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
8 og hvor er der vel et stort Folk, der har så retfærdige Anordninger og Lovbud som hele denne Lov, jeg forelægger eder i Dag?
৮মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?
9 Kun skal du vogte dig og omhyggeligt tage Vare på dig selv, at du ikke glemmer, hvad du med egne Øjne har set, og at det ikke viger fra dit Hjerte, så længe du lever; og du skal fortælle dine Sønner og dine Sønners Sønner derom.
৯যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
10 Glem ikke den Dag, du stod for HERREN din Guds Åsyn ved Horeb, da HERREN sagde til mig: "Kald mig Folket sammen, for at jeg kan kundgøre dem mine Ord, så de kan lære at frygte mig, så længe de lever på Jorden, og lære deres Sønner det samme!"
১০যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
11 Da trådte I frem og stod ved Bjergets Fod, medens Bjerget brændte i lys Lue helt ind i Himmelen, hylet i Mørke, Skyer og Mulm;
১১সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।
12 og da HERREN talede til eder ud fra Ilden, hørte I kun Ordene, men nogen Skikkelse så I ikke, kun en Røst fornam I.
১২সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল।
13 Da kundgjorde han eder sin Pagt, som han bød eder at holde, de ti Ord, og han skrev dem på to Stentavler.
১৩তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
14 Og mig bød HERREN dengang at lære eder Anordninger og Lovbud, som I skulde overholde idet Land, I nu skal over og tage i Besiddelse.
১৪সেই সময়ত যিহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে, সেই ঠাইত সেইবোৰ মানি চলিব পাৰে।
15 Eftersom I ikke så nogen Skikkelse, dengang HERREN talede til eder på Horeb ud fra Ilden, så vogt eder nu omhyggeligt for
১৫যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।
16 at handle så ryggesløst, at I laver eder et Gudebillede, en Stenstøtte i en eller anden Skikkelse, enten det nu er et Afbillede af en Mand eller en Kvinde
১৬সাৱধান হওঁক! আপোনালোক নিজে ভ্ৰষ্ট নহ’ব; কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি,
17 eller et Afbillede af et eller andet Dyr, der lever på Jorden, eller et Afbillede af en eller anden vinget Fugl, der flyver under Himmelen,
১৭পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে
18 eller et Afbillede af et eller andet Kryb, der kryber på Jorden, eller et Afbillede af en eller anden Fisk i Vandet under Jorden;
১৮নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহ’ব।
19 og når du løfter dit Blik til Himmelen og ser Solen og Månen og Stjernerne, hele Himmelens Hær, så vogt dig for at lade dig forføre til at tilbede og dyrke dem. Thi HERREN din Gud har tildelt alle de andre Folk under hele Himmelen dem;
১৯আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
20 men eder tog HERREN og førte ud af Smelteovnen, af Ægypten, for at I skulde være hans Ejendomsfolk, som I nu er.
২০যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
21 Men HERREN blev vred på mig for eders Skyld og svor, at jeg ikke skulde komme over Jordan ind i det herlige Land, som HERREN din Gud vil give dig i Eje,
২১তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।
22 thi jeg skal dø i Landet her; jeg skal ikke komme over Jordan, men I skal komme over og tage dette herlige Land i Besiddelse.
২২মই এই ঠাইতেই মৰিম; মই যৰ্দ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু আপোনালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিব।
23 Så vogt eder for at glemme HERREN eders Guds Pagt, som han sluttede med eder, og for at lave eder noget Gudebillede i Skikkelse af noget som helst, HERREN din Gud har forbudt dig
২৩এই কাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকক, প্রভু ঈশ্বৰ যিহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজে।
24 Thi HERREN din Gud er en fortærende Ild, en nidkær Gud!
২৪কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
25 Når du får Børn og Børnebørn, og I bliver gamle i Landet, og I da handler så ryggesløst, at I laver eder Gudebilleder i en eller anden Skikkelse og gør, hvad der er ondt i HERREN din Guds Øjne, så at I fortørner ham,
২৫যি সকল আপুনি জন্ম দিয়া শিশু আৰু পো-নাতি হ’ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত, যদি আপোনালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যিহোৱাক উত্তেজিত কৰি ক্রোধ জন্মায়।
26 så kalder jeg i Dag Himmelen og Jorden til Vidne imod eder på, at I hastigt skal blive udryddet af det Land, I skal over Jordan og tage i Besiddelse; I skal ikke få noget langt Liv der, men visselig gå til Grunde;
২৬মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন নদী পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
27 og HERREN vil splitte eder mellem Folkene, og kun nogle få af eder skal blive tilbage blandt de Folkeslag, HERREN driver eder hen iblandt.
২৭যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।
28 Der skal I komme til at dyrke Guder, der er Menneskehænders Værk, Træ og Sten, som hverken kan se eller høre, spise eller lugte!
২৮সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব।
29 Der skal I så søge HERREN din Gud, og du skal finde ham, når du søger ham af hele dit Hjerte og hele din Sjæl.
২৯কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
30 I de kommende Dage, når du er i Nød, og alle disse Ting kommer over dig, skal du vende om til HERREN din Gud og adlyde hans Røst.
৩০যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব।
31 Thi en barmhjertig Gud er HERREN din Gud; han slipper dig ikke og lader dig ikke gå til Grunde og glemmer ikke Pagten med dine Fædre, som han tilsvor dem.
৩১কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
32 Thi gransk dog i de henfarne Tider, der gik forud for dig, lige fra den Tid af da Gud skabte Menneskene på Jorden, og fra den ene Ende af Himmelen til den anden, om der er sket noget så stort som dette, eller om dets Lige er hørt.
৩২এই কাৰণে পূর্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওঁক, আপোনাৰ আগত যে আছিল; আগতে যিদিনা, ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য জানো কেতিয়াবা কৰিব পাৰিছে, অথবা মহৎ কাৰ্যৰ কথা শুনিবলৈ পাইছে?
33 Har noget Folk hørt Guds Røst ud fra Ilden, således som du hørte det, og levet?
৩৩আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?
34 Eller har nogen Gud søgt at komme og hente sig et Folk midt ud af et andet Folk ved Prøvelser, Tegn og Undere, ved Krig, med stærk Hånd og udstrakt Arm og store Rædsler, således som du med egne Øjne så HERREN eders Gud gøre med eder i Ægypten?
৩৪ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
35 Du fik det at se, for at du skulde vide, af HERREN og ingen anden er Gud.
৩৫যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল।
36 Fra Himmelen lod han dig høre sin Røst for at undervise dig, og på Jorden lod han dig se sin store Ild, og hans Ord hørte du ud fra Ilden.
৩৬তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।
37 Og fordi han elskede dine Fædre og udvalgte deres Afkom efter dem og selv førte dig ud af Ægypten ved sin store Vælde
৩৭কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্ৰেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
38 for at drive Folk bort foran dig, der er større og mægtigere end du selv, og lade dig komme ind i deres Land og give dig det i Eje, som det nu er sket,
৩৮আপোনাতকৈ বৃহত আৰু ক্ষমতাশালী জাতীবোৰৰ মাজৰপৰা আপোনাক উলিয়াই তেওঁৰ দেশলৈ আনিলে, তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিবলৈ; যিবোৰ হ’ল ঠিক আজিও তেনে হবলৈ ধৰিছে।
39 derfor skal du i Dag vide og lægge dig på Sinde, at HERREN og ingen anden er Gud oppe i Himmelen og nede på Jorden.
৩৯এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
40 Og du skal holde hans Anordninger og Bud, som jeg pålægger dig i Dag, for at det kan gå dig og dine Børn efter dig vel, og for at du alle Dage kan leve længe i det Land, HERREN din Gud giver dig!
৪০সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
41 På den Tid udskilte Moses tre Byer hinsides Jordan, på den østre Side,
৪১ইয়াৰ পাছত মোচিয়ে যৰ্দ্দন নদীৰ পূব ফালে তিনখন নগৰ বাচি বেলেগ কৰি ৰাখিলে।
42 som Tilflugtsteder for Manddrabere, der uforsætligt slår et andet Menneske ihjel uden i Forvejen at have båret Nag til ham, for at de kan redde Livet ved at ty til en af disse Byer,
৪২সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনাক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব।
43 nemlig Bezer i Ørkenen på Højsletten for Rubeniterne, Ramot i Gilead for Gaditerne og Golan i Basan for Manassiterne.
৪৩সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেণীয়াসকলৰ কাৰণে বেচৰ; আৰু গাদীয়াসকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন।
44 Dette er den Lov, Moses forelagde Israelitterne.
৪৪এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল।
45 Dette er de Vidnesbyrd, Anordninger og Lovbud, Moses kundgjorde Israelitterne, da de drog bort fra Ægypten,
৪৫এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল।
46 hinsides Jordan i Dalen lige for Bet Peor i det Land, der havde tilhørt Amoriterkongen Sihon, som boede i Hesjbon, og som Moses og Israelitterne havde slået, da de drog bort fra Ægypten.
৪৬যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূবফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীতৰ উপত্যকাত, চিহোন দেশত বস-বাসকৰা ইমোৰীয়াসকলৰ ৰজা, যি জন হিচবোন-নিবাসি আছিল। মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল।
47 De havde erobret hans og Kong Og af Basans Land, de to Amoriterkonger hinsides Jordan, på den østre Side,
৪৭তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূবদিশত বাস কৰিছিল।
48 fra Aroer ved Arnonflodens Bred til Sirjons Bjerg, det er Hermon,
৪৮এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;
49 tillige med hele Arabalavningen hinsides Jordan, på den østre Side, lige til Arabahavet neden for Pisgas Skrænter.
৪৯এই পর্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যৰ্দ্দন নদীৰ পূবফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল।