< Apostelenes gerninger 2 >
1 Og da Pinsefestens Dag kom, vare de alle endrægtigt forsamlede.
১পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল।
2 Og der kom pludseligt fra Himmelen en Lyd som af et fremfarende vældigt Vejr og fyldte hele Huset, hvor de sade.
২সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
3 Og der viste sig for dem Tunger som af Ild, der fordelte sig og satte sig på hver enkelt af dem.
৩তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল।
4 Og de bleve alle fyldte med den Helligånd, og de begyndte at tale i andre Tungemål, efter hvad Ånden gav dem at udsige.
৪সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।
5 Men der var Jøder, bosiddende i Jerusalem, gudfrygtige Mænd af alle Folkeslag under Himmelen.
৫সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী লোক আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্ত সকল সেই ঠাইত আছিল।
6 Da denne Lyd kom, strømmede Mængden sammen og blev forvirret; thi hver enkelt hørte dem tale på hans eget Mål.
৬যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতিজনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনি সকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ’ল;
7 Og de forbavsedes alle og undrede sig og sagde: "Se, ere ikke alle disse, som tale, Galilæere?
৭তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু ক’লে, “যি সকলে এই কথা কৈছে, তেওঁলোক গালীলীয়া মানুহ নহয় নে?
8 Hvor kunne vi da høre dem tale, hver på vort eget Mål, hvor vi ere fødte,
৮যদি সেয়ে সত্য হয়, তেনেহলে আমি প্ৰতিজনে নিজ নিজ মাতৃ-ভাষাত কেনেকৈ শুনিবলৈ পাইছোঁ?”
9 Parthere og Medere og Elamiter, og vi, som høre hjemme i Mesopotamien, Judæa og Happadokien. Pontus og Asien,
৯পাৰ্থিয়া, মাদিয়া, এলাম, মেচোপতেমিয়া, যিহূদা, কোপ্পাদকিয়া, পন্ত, এচিয়া,
10 i Frygien og Pamfylien, Ægypten og Libyens Egne ved Kyrene, og vi her boende Romere,
১০ফিৰুগিয়া, পাম্ফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোক সকল,
11 Jøder og Proselyter, Kretere og Arabere, vi høre dem tale om Guds store Gerninger i vore Tungemål?"
১১ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ আচৰিত কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত
12 Og de forbavsedes alle og, vare tvivlrådige og sagde den ene til den anden: "Hvad kan dette være?"
১২তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱা-কুই কৰি ক’লে, “এই সকলোবোৰৰ অৰ্থ কি?”
13 Men andre sagde spottende: "De ere fulde af sød Vin."
১৩কিন্তু কিছু সংখ্যক লোকে ক’লে, “এইবোৰ মানুহ নতুন দ্ৰাক্ষাৰস পান কৰি মতলীয়া হৈছে।”
14 Da stod Peter frem med de elleve og opløftede sin Røst og talte til dem: "I jødiske Mænd og alle I, som bo i Jerusalem! dette være eder vitterligt, og låner Øre til mine Ord!
১৪তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে ক’লে, “হে যিহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসী সকল, এই কথা আপনালোকৰ জ্ঞাত হওক আৰু মোৰ কথালৈ কাণ দিয়ক।
15 Thi disse ere ikke drukne, som I mene; det er jo den tredje Time på Dagen;
১৫আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে৷
16 men dette er, hvad der et sagt ved Profeten Joel:
১৬কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ
17 "Og det skal ske i de sidste Dage, siger Gud, da vil jeg udgyde af min Ånd over alt Kød; og eders Sønner og eders Døtre skulle profetere, og de unge iblandt eder skulle se Syner, og de gamle iblandt eder skulle have Drømme.
১৭‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
18 Ja, endog over mine Trælle og over mine Trælkvinder vil jeg i de Dage udgyde af min Ånd, og de skulle profetere.
১৮আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিব,
19 Og jeg vil lade ske Undere på Himmelen oventil og Tegn på Jorden nedentil, Blod og Ild og rygende Damp.
১৯আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷
20 Solen skal forvandles til Mørke og Månen til Blod, førend Herrens store og herlige Dag kommer.
২০প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ’ব।
21 Og det skal ske, enhver, som påkalder Herrens Navn, skal frelses."
২১কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’
22 I israelitiske Mænd! hører disse Ord: Jesus af Nazareth, en Mand, som fra Gud var godtgjort for eder ved kraftige Gerninger og Undere og Tegn, hvilke Gud gjorde ved ham midt iblandt eder, som I jo selv vide,
২২হে ইস্ৰায়েলী লোক সকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷
23 ham, som efter Guds bestemte Rådslutning og Forudviden var bleven forrådt, ham have I ved lovløses Hånd korsfæstet og ihjelslået.
২৩কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
24 Men Gud oprejste ham, idet han gjorde Ende på Dødens Veer, eftersom det ikke var muligt, at han kunde fastholdes af den.
২৪কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য।
25 Thi David siger med Henblik på ham: "Jeg havde altid Herren for mine Øjne; thi han er ved min højre Hånd, for at jeg ikke skal rokkes,
২৫তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে, ‘মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ; মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁফালে থাকে;
26 Derfor glædede mit Hjerte sig, og min Tunge jublede, ja, også mit Kød skal bo i Håb;
২৬এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে, আৰু মোৰ শৰীৰেও ভাৰসাৰে বাস কৰিব;
27 thi du skal ikke lade min Sjæl tilbage i Dødsriget, ikke heller tilstede din hellige at se Forrådnelse, (Hadēs )
২৭কিয়নো তুমি মৃতলোকত মোৰ আত্মাক নেৰিবা, আৰু তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷ (Hadēs )
28 Du har kundgjort mig Livets Veje; du skal fylde mig med Glæde for dit Åsyn."
২৮তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।’
29 I Mænd Brødre! Jeg kan sige med Frimodighed til eder om Patriarken David, at han er både død og begraven, og hans Grav er hos os indtil denne Dag.
২৯হে ভাইসকল, পিতৃ কুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ’ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷
30 Da han nu var en Profet og vidste, at Gud med Ed havde tilsvoret ham, at af hans Lænds Frugt skulde en sidde på hans Trone,
৩০কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি প্ৰতিজ্ঞা কৰিছিল,
31 talte han, forudseende, om Kristi Opstandelse, at hverken blev han ladt tilbage i Dødsriget, ej heller så hans Kød Forrådnelse. (Hadēs )
৩১সেই প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে ক’লে যে, ‘তেওঁক মৃতলোকত ত্যাগ কৰা নহ’ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷’ (Hadēs )
32 Denne Jesus oprejste Gud, hvorom vi alle ere Vidner.
৩২সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছোঁ৷
33 Efter at han nu ved Guds højre Hånd er ophøjet og af Faderen har fået den Helligånds Forjættelse, har han udgydt denne, hvilket I både se og høre.
৩৩এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁ হাতে ওখ পদ পাই আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷
34 Thi David for ikke op til Himmelen; men han siger selv: "Herren sagde til min Herre: Sæt dig ved min højre Hånd,
৩৪কিয়নো দায়ুদ হ’লে স্বৰ্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা ক’লে, “প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁফালে বহি থাকা,
35 indtil jeg får lagt dine Fjender som en Skammel for dine Fødder."
৩৫“যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।”
36 Derfor skal hele Israels Hus vide for vist, at denne Jesus, hvem I korsfæstede, har Gud gjort både til Herre og til Kristus,"
৩৬এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্রুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
37 Men da de hørte dette, stak det dem i Hjertet, og de sagde til Peter og de øvrige Apostle: "I Mænd, Brødre! hvad skulle vi gøre?"
৩৭এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?”
38 Men Peter sagde til dem: "Omvender eder, og hver af eder lade sig døbe på Jesu Kristi Navn til eders Synders Forladelse; og I skulle få den Helligånds Gave.
৩৮তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷
39 Thi for eder er Forjættelsen og for eders Børn og for alle dem, som ere langt borte, så mange som Herren vor Gud vil tilkalde."
৩৯কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
40 Også med mange andre Ord vidnede han for dem og format dem, idet han sagde: "Lader eder frelse fra denne vanartede Slægt!"
৪০ইয়াৰ উপৰি তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু ক’লে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।”
41 De, som nu toge imod hans Ord, bleve døbte; og der føjedes samme Dag omtrent tre Tusinde Sjæle til.
৪১তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷
42 Og de holdt fast ved Apostlenes Lære og Samfundet, Brødets Brydelse og Bønnerne.
৪২পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
43 Men der kom Frygt over en hver Sjæl, og der skete mange Undere og Tegn ved Apostlene.
৪৩তাতে পাঁচনি সকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওঁৱা হ’ল, তেতিয়া সকলো লোকৰ ভয় লাগিল
44 Og alle de troende holdt sig sammen og havde alle Ting fælles.
৪৪আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
45 Og de solgte deres Ejendom og Gods og delte det ud iblandt alle, efter hvad enhver havde Trang til.
৪৫আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
46 Og idet de hver Dag vedholdende og endrægtigt kom i Helligdommen og brød Brødet hjemme, fik de deres Føde med Fryd og i Hjertets Enfold,
৪৬তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;
47 idet de lovede Gud og havde Yndest hos hele Folket. Men Herren føjede daglig til dem nogle, som lode sig frelse.
৪৭আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।