< Apostelenes gerninger 13 >
1 Men i Antiokia, i den derværende Menighed, var der Profeter og Lærere, nemlig Barnabas og Simeon, med Tilnavn Niger, og Kyrenæeren Lukius og Manaen, en Fosterbroder af Fjerdingsfyrsten Herodes, og Saulus.
১আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, হেৰোদ ৰজাৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল৷
2 Medens de nu holdt Gudstjeneste og fastede, sagde den Helligånd: "Udtager mig Barnabas og Saulus til den Gerning, hvortil jeg har kaldet dem."
২যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”
3 Da fastede de og bade og lagde Hænderne på dem og lode dem fare.
৩তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷
4 Da de nu således vare udsendte af den Helligånd, droge de ned til Seleukia og sejlede derfra til Kypern.
৪এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ’ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ’ল৷
5 Og da de vare komne til Salamis, forkyndte de Guds Ord i Jødernes Synagoger; men de havde også Johannes til Medhjælper.
৫তাতে চালামী নগৰ পাই, ইহুদী সকলৰ নাম-ঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে৷ সেই সময়ত যোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল৷
6 Og da de vare dragne igennem hele Øen indtil Pafus, fandt de en Troldkarl, en falsk Profet, en Jøde, hvis Navn var Barjesus.
৬এইদৰে তেওঁলোকে সেই দ্বীপটোৰ চাৰিওফালে ফুৰি পাফঃ নগৰলৈকে গ’ল, তাতে বাৰ-যীচু নামেৰে যি এজন যিহুদী মানুহ মায়াবী আৰু ভাঁৰিকোৱা ভাববাদী আছিল, তেওঁক দেখা পালে৷
7 Han var hos Statholderen Sergius Paulus, en forstandig Mand. Denne kaldte Barnabas og Saulus til sig og attråede at høre Guds Ord.
৭তেওঁ সেই দ্বীপৰ অধিপতি বুদ্ধিমান চৰ্জ্জিয় পৌলৰ লগত আছিল৷ সেই অধিপতিয়ে ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰি চৌল আৰু বাৰ্ণব্বাক মাতি পঠিয়ালে৷
8 Men Elimas, Troldkarlen, (thi dette betyder hans Navn), stod dem imod og søgte at vende Statholderen bort fra Troen.
৮কিন্তু ইলুমাই, অৰ্থাৎ সেই মায়াবীয়ে (কিয়নো এয়ে তেওঁৰ নামৰ অৰ্থ) অধিপতিক বিশ্বাসৰ পৰা আতৰাই অনাৰ উদ্দেশ্যেৰে তেওঁলোকৰ প্ৰতিৰোধ কৰিলে৷
9 Men Saulus, som også kaldes Paulus, blev fyldt med den Helligånd, så fast på ham og sagde:
৯তাতে চৌল, যি জনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, তেওঁলৈ স্হিৰ দৃষ্টিৰে চালে
10 "O, du Djævelens Barn, fuld af al Svig og al Underfundighed, du Fjende af al Retfærdighed! vil du ikke holde op med at forvende Herrens de lige Veje?
১০আৰু কলে, “হেৰৌ সকলো কপট আৰু দুষ্কৰ্মেৰে পৰিপূৰ্ণ হোৱাটো, চয়তানৰ পুতেক আৰু সকলো প্রকাৰ ধাৰ্মিকতাৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাই নে?
11 Og nu se, Herrens Hånd er over dig, og du skal blive blind og til en Tid ikke se Solen." Men straks faldt der Mulm og Mørke over ham, og han gik omkring og søgte efter nogen, som kunde lede ham.
১১আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সুৰ্য্য নেদেখি অন্ধ হৈ থাকিবি৷” তেতিয়াই ইলুমাইৰ চকু জলকতবক লাগিল আৰু অন্ধকাৰময় হ’ল; তেতিয়া তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে৷
12 Da Statholderen så det, som var sket, troede han, slagen af Forundring over Herrens Lære.
১২এই ঘটনা দেখি, সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে৷
13 Paulus og de, som vare med ham, sejlede da ud fra Pafus og kom til Perge i Pamfylien. Men Johannes skiltes fra dem og vendte tilbage til Jerusalem.
১৩ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফঃ নগৰৰ পৰা সমুদ্ৰ-পথেদি পাম্ফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ’ল৷ কিন্তু যোহনে তেওঁলোকক এৰি, যিৰূচালেমলৈ উলটি আহিল৷
14 Men de droge videre fra Perge og kom til Antiokia i Pisidien og gik ind i Synagogen på Sabbatsdagen og satte sig.
১৪পৌল আৰু তেওঁৰ লগৰ কেইজনে পৰ্গাৰ পৰা যাত্ৰা কৰি পিচিদিয়া দেশৰ আন্তিয়খিয়া নগৰ পাই তাতে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই বহিল৷
15 Men efter Forelæsningen af Loven og Profeterne sendte Synagogeforstanderne Bud hen til dem og lode sige: "I Mænd, Brødre! have I noget Formaningsord til Folket, da siger frem!"
১৫তাতে বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ অধিকাৰী সকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেনেহলে সেই বিষয়ে কোৱা৷”
16 Men Paulus stod op og slog til Lyd med Hånden og sagde: "I israelitiske Mænd og I, som frygte Gud, hører til!
১৬তেতিয়া পৌলে উঠি, হাতেৰে ইংগিত দি কলে, “হে ইস্ৰায়েলীয়া মানুহবোৰ আৰু হে ঈশ্বৰ ভয়কাৰী লোক সকল, শুনক৷
17 Dette Folks, Israels Gud udvalgte vore Fædre og ophøjede Folket i Udlændigheden i Ægyptens Land og førte dem derfra med løftet Arm.
১৭এই ইস্ৰায়েলী সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷
18 Og omtrent fyrretyve År tålte han deres Færd i Ørkenen.
১৮আৰু দুকুৰিমান বছৰলৈকে মৰুপ্ৰান্তত তেওঁলোকক পিতৃৰ নিচিনাকৈ প্ৰতিপালন কৰিলে৷
19 Og han udryddede syv Folk i Kanåns Land og fordelte disses Land iblandt dem,
১৯পাছত তেওঁ কনান দেশৰ সাত জাতিক উচ্ছেদ কৰি, তেওঁলোকৰ দেশখনক উত্তৰাধিকাৰ স্বৰূপে ইস্ৰায়েলী সকলক দিলে৷
20 og derefter i omtrent fire Hundrede og halvtredsindstyve År gav han dem Dommere indtil Profeten Samuel.
২০এইদৰে প্ৰায় চাৰি শ পঞ্চাশ বছৰ পাৰ হৈ গ’ল৷ তাৰ পাছত, চমূৱেল ভাববাদীৰ সময়লৈকে বিচাৰকৰ্তা সকলক নিযুক্ত কৰিলে৷
21 Og derefter bade de om en Konge; og Gud gav dem Saul, Kis's Søn, en Mand af Benjamins Stamme, i fyrretyve År.
২১পাছত তেওঁলোকে এজন ৰজা বিচৰাত, ঈশ্বৰে বিন্যামীন ফৈদৰ কীচৰ পুত্ৰ চৌলক চল্লিশ বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে৷
22 Og da han havde taget ham bort, oprejste han dem David til Konge, om hvem han også vidnede, og sagde: "Jeg har fundet David, Isajs Søn, en Mand efter mit Hjerte, som skal gøre al min Villie."
২২ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, ‘মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব৷’
23 Af dennes Sæd bragte Gud efter Forjættelsen Israel en Frelser, Jesus,
২৩এই জন মানুহৰ বংশৰ পৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে এজন ত্ৰাণকৰ্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷
24 efter at Johannes forud for hans Fremtræden havde prædiket Omvendelses-Dåb for hele Israels Folk.
২৪যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷
25 Men da Johannes var ved at fuldende sit Løb, sagde han: "Hvad anse I mig for at være? Mig er det ikke; men se, der kommer en efter mig, hvis Sko jeg ikke er værdig at løse."
২৫যোহনে তেওঁৰ কাৰ্য সম্পন্ন কৰোঁতে, এই কথা কৈছিল, ‘আপোনালোকে মোক কোন বুলি ভাবিছে? মই সেই জন নহওঁ৷ কিন্তু শুনক, এনে এজন মোৰ পাছত আহি আছে, যি জনৰ চৰণৰ পাদুকাৰ বান্ধ খুলিবৰো মই যোগ্য নহওঁ৷’
26 I Mænd, Brødre, Sønner af Abrahams Slægt, og de iblandt eder, som frygte Gud! Til os er Ordet om denne Frelse sendt.
২৬হে ভাই সকল, হে অব্ৰাহামৰ বংশৰ সন্তান সকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী সকল, আমালৈ এই পৰিত্রাণৰ বাক্য পঠোৱা হৈছে৷
27 Thi de, som bo i Jerusalem, og deres Rådsherrer kendte ham ikke; de dømte ham og opfyldte derved Profeternes Ord, som forelæses hver Sabbat.
২৭কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
28 Og om end de ingen Dødsskyld fandt hos ham, bade de dog Pilatus, at han måtte blive slået ihjel.
২৮আনকি প্ৰাণদণ্ডৰ কোনো কাৰণ বিচাৰি নাপাই, তেওঁক বধ কৰিবলৈ পীলাতৰ আগত নিবেদন কৰিলে,
29 Men da de havde fuldbragt alle Ting, som ere skrevne om ham, toge de ham ned af Træet og lagde ham i en Grav.
২৯আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল; তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত শুৱাই থলে৷
30 Men Gud oprejste ham fra de døde,
৩০কিন্তু ঈশ্বৰে তেওঁক মৃতবোৰৰ মাজৰ পৰা তুলিলে
31 og han blev set i flere Dage af dem, som vare gåede med ham op fra Galilæa til Jerusalem, dem, som nu ere hans Vidner for Folket.
৩১আৰু গালীল প্ৰদেশৰ পৰা যিৰূচালেমলৈ তেওঁৰ লগত অহা সকলক তেওঁ অনেক দিনলৈ দেখা দি থাকিল৷ তেওঁলোকেই এতিয়া লোক সকলৰ আগত তেওঁৰ সাক্ষী হৈ আছে৷
32 Og vi forkynde eder den Forjættelse, som blev given til Fædrene, at Gud har opfyldt denne for os, deres Børn, idet han oprejste Jesus;
৩২গতিকে আমাৰ পূৰ্ব-পুৰুষ সকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো:
33 som der også er skrevet i den anden Salme: "Du er min Søn, jeg har født dig i Dag."
৩৩ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলি, সেই প্ৰতিজ্ঞা আমাৰ সন্তান সকললৈ সিদ্ধ কৰিলে৷ এই বিষয়ে গীতমালাৰ দুই নম্বৰ গীতত লিখা আছে, বোলে, ‘তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলোঁ৷’
34 Men at han har oprejst ham fra de døde, så at han ikke mere skal vende tilbage til Forrådnelse, derom har han sagt således: "Jeg vil give eder Davids hellige Forjættelser, de trofaste."
৩৪ঈশ্বৰে যীচুক যে মৃতবোৰৰ মাজৰ পৰা তুলিলে, আগলৈ ক্ষয় নাপাবলৈহে তুলিলে৷ এই বিষয়ে ঈশ্বৰে কৈছিলঃ ‘দায়ুদৰ ওচৰত যি যি পবিত্ৰ বিধান আৰু সত্য প্ৰতিশ্ৰুতি দিছিলোঁ, সেই সকলো মই তোমালোকক দিম৷’
35 Thi han siger også i en anden Salme: "Du skal ikke tilstede din hellige at se Forrådnelse."
৩৫এইদৰে আন গীতত তেওঁ কৈছে, ‘তুমি তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷’
36 David sov jo hen, da han i sin Livstid havde tjent Guds Rådslutning, og han blev henlagt hos sine Fædre og så Forrådnelse;
৩৬কিয়নো দায়ুদে ঈশ্বৰৰ ইচ্ছাৰ দৰে সেৱা কৰি, তেওঁৰ সময়ত মানুহবোৰৰ উপকাৰ সাধন কৰিলে আৰু মহা-নিদ্ৰা গ’ল, আৰু তেওঁক পিতৃপুৰুষ সকলৰ সৈতে মৈদামত থোৱা হোৱাত ক্ষয় পালে,
37 men den, som Gud oprejste, så ikke Forrådnelse.
৩৭কিন্তু যি জনক ঈশ্বৰে তুলিলে, সেই জনে ক্ষয় নাপালে৷
38 Så være det eder vitterligt, I Mænd, Brødre! at ved ham forkyndes der eder Syndernes Forladelse;
৩৮এই কাৰণে, হে ভাই সকল, সেই জনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷
39 og fra alt, hvorfra I ikke kunde retfærdiggøres ved Mose Lov, retfærdiggøres ved ham enhver, som tror.
৩৯আৰু মোচিৰ বিধানৰ দ্বাৰাই যি যি দোষৰ পৰা আপোনালোকে ন্যায্যতা প্ৰদান কৰিব পৰা নাই; সেই আটাই দোষৰ পৰা যীচুত বিশ্বাস কৰাৰ দ্বাৰাই সকলোৱে মুক্ত হয়, ইয়াক আপোনালোকে জানি লওঁক৷
40 Ser nu til, at ikke det, som er sagt ved Profeterne, kommer over eder:
৪০এতেকে সাৱধান হওক, যাতে কোনো ভাৱবাদী সকলৰ পু্স্তকত লিখা এই বাক্য মতে আপোনালোকলৈ যেন নঘটে, ভাববাদী সকলে কৈছে -
41 "Ser, I Foragtere, og forundrer eder og bliver til intet; thi en Gerning gør jeg i eders Dage, en Gerning, som I ikke vilde tro, dersom nogen fortalte eder den."
৪১‘হে হেয়জ্ঞানকাৰী সকল, তোমালোকে চোৱা, বিস্ময় মানা, আৰু অন্তৰ্হিত হোৱা; এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম, কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক কলেও, তোমালোকে সেই বিৱৰণ কোনোমতে বিশ্বাস নকৰিবা৷’
42 Men da de gik ud, bad man dem om, at disse Ord måtte blive talte til dem på den følgende Sabbat.
৪২পাছত পৌল আৰু বাৰ্ণব্বা ওলাই যাবলৈ ধৰোতে, মানুহবোৰে নিবেদন কৰি ক’লে, “অহা বিশ্ৰাম-বাৰতো এইদৰে প্ৰচাৰ কৰা হওক৷”
43 Men da Forsamlingen var opløst, fulgte mange af Jøderne og af de gudfrygtige Proselyter Paulus og Barnabas, som talte til dem og formanede dem til at blive fast ved Guds Nåde.
৪৩তেতিয়া নাম-ঘৰৰ সমাজ ভাঙিলত, অনেক ইহুদী আৰু ইহুদী ধৰ্ম লোৱা ভক্ত সকলে পৌল আৰু বাৰ্ণব্বাক অনুসৰণ কৰিলে, তাতে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ, ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগণি দিলে৷
44 Men på den følgende Sabbat forsamledes næsten hele Byen for at høre Guds Ord.
৪৪তাৰ পাছৰ বিশ্ৰামবাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে৷
45 Men da Jøderne så Skarerne, bleve de fulde af Nidkærhed og modsagde det, som blev talt af Paulus, ja, både sagde imod og spottede.
৪৫কিন্তু ইহুদী সকলে লোক সকলক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷
46 Men Paulus og Barnabas talte frit ud og sagde: "Det var nødvendigt, at Guds Ord først skulde tales til eder; men efterdi I støde det fra eder og ikke agte eder selv værdige til det evige Liv, se, så vende vi os til Hedningerne. (aiōnios )
৪৬তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷ (aiōnios )
47 Thi således har Herren befalet os: "Jeg har sat dig til Hedningers Lys, for at du skal være til Frelse lige ud til Jordens Ende."
৪৭কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্রাণস্বৰূপ হোৱা৷”
48 Men da Hedningerne hørte dette, bleve de glade og priste Herrens Ord, og de troede, så mange, som vare bestemte til evigt Liv, (aiōnios )
৪৮অনা-ইহুদী লোকে ইয়াকে শুনি আনন্দিত হৈ ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে৷ যি সকলক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সেই সকলোৱে বিশ্বাস কৰিলে৷ (aiōnios )
49 og Herrens Ord udbredtes over hele Landet.
৪৯এইদৰে প্ৰভুৰ বাক্য সেই ঠাইৰ গোটেই অঞ্চলত বিয়পি গ’ল৷
50 Men Jøderne ophidsede de fornemme gudfrygtige Kvinder og de første Mænd i Byen; og de vakte en Forfølgelse imod Paulus og Barnabas og joge dem ud fra deres Grænser.
৫০কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে।
51 Men de rystede Støvet af deres Fødder imod dem og droge til Ikonium.
৫১তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ’ল৷
52 Men Disciplene bleve fyldte med Glæde og den Helligånd.
৫২আৰু শিষ্য সকল আনন্দেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল৷