< 2 Samuel 1 >
1 Da David efter Sauls Død var vendt tilbage fra Sejeren over Amalek og havde opholdt sig to Dage i Ziklag,
১চৌলৰ মৃত্যুৰ পাছত, দায়ূদে অমালেকীয়া সকলক বধ কৰি ঘূৰি আহিল আৰু চিক্লগত দুদিন থাকিল।
2 kom der Tredjedagen en Mand fra Hæren, fra Saul, med sønderrevne Klæder og Jord på Hovedet, og da han kom hen til David, kastede han sig til Jorden og bøjede sig.
২পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।
3 David spurgte ham: "Hvor kommer du fra?" Han svarede: "Jeg slap bort fra Israels Hær!"
৩তেতিয়া দায়ূদে তেওঁক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেওঁ উত্তৰ দি ক’লে, “মই ইস্ৰায়েলৰ সেনা ছাউনিৰ পৰা পলাই আহিছোঁ।”
4 David sagde da til ham: "Hvorledes gik det? Fortæl mig det!" Han svarede: "Folket flygtede fra Kampen, og mange af Folket faldt og døde; også Saul og hans Søn Jonatan er døde."
৪দায়ূদে তেওঁক সুধিলে, “তাত কি হ’ল, সেই বিষয়ে মোক কোৱাচোন।” তেওঁ ক’লে, “লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ’ল। লোকসকলৰ মাজত অনেক লোক মৰিল। চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰো মৃত্যু হ’ল।”
5 Da sagde David til den unge Mand, som bragte ham Budet: "Hvoraf ved du, at Saul og hans Søn Jonatan er døde?"
৫তেতিয়া দায়ূদে সেই সম্বাদ দিয়া ডেকা লোক জনক সুধিলে, “চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ যে মৃত্যু হ’ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা?”
6 Den unge Mand, der bragte ham Budet, svarede: "Det traf sig, at jeg var på Gilboas Bjerg, og se, Saul stod lænet til sit Spyd, medens Vognene og Rytterne trængte ham;
৬তেতিয়া সেই ডেকা লোক জনে ক’লে, “ঘটনাক্ৰমে মই গিলবোৱা পৰ্ব্বতত আছিলোঁ আৰু তাতে চৌলে বৰছাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁৰ পাছে পাছে বৰকৈ খেদি খেদি প্রায় তেওঁৰ ওচৰ চাপি আহিছিল।
7 og da han vendte sig om, fik han Øje på mig og kaldte på mig; og jeg sagde: Her er jeg!
৭তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক’লো, “মই ইয়াত আছোঁ৷”
8 Da spurgte han mig: Hvem er du? Og jeg svarede: Jeg er en Amalekit!
৮তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।”
9 Så sagde han til mig: Kom herhen og giv mig Dødsstødet! Thi Krampen har grebet mig, men jeg lever endnu!
৯তেতিয়া তেওঁ মোক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা কাৰণ মোক শিৰামূৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে।”
10 Og jeg trådte hen til ham og gav ham Dødsstødet, thi jeg så, at han ikke kunde leve, når han faldt om. Så tog jeg Diademet, han havde på Hovedet, og et Armbånd, han bar på Armen, og dem har jeg med hid til min Herre."
১০তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”
11 Da tog David fat i sine Klæder og sønderrev dem, og ligeså gjorde alle hans Mænd;
১১তেতিয়া দায়ূদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁৰ লগৰ আটাই লোকসকলেও সেই দৰে কৰিলে।
12 og de holdt Klage, græd og fastede til Aften over Saul og hans Søn Jonatan og HERRENs Folk og Israels Hus, fordi de var faldet for Sværdet.
১২চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।
13 Derpå sagde David til den unge Mand, som havde bragt ham Budet: "Hvor er du fra?" Han svarede: "Jeg er Søn af en Amalekit, der bor her som fremmed."
১৩পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”
14 Da sagde David: "Frygtede du dog ikke for at lægge Hånd på HERRENs Salvede og dræbe ham!"
১৪দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?”
15 David kaldte så på en af sine Folk og sagde: "Kom herhen og stød ham ned!" Og han slog ham ihjel.
১৫দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল।
16 Men David sagde til ham: "Dit Blod komme over dit eget Hoved! Thi din egen Mund vidnede imod dig, da du sagde: Jeg gav HERRENs Salvede Dødsstødet!"
১৬তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”
17 Da sang David denne Klagesang over Saul og hans Søn Jonatan.
১৭তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।
18 Den skal læres af Judas Sønner; den står optegnet i de Oprigtiges Bog.
১৮তেওঁ যিহূদাৰ সন্তান সকলক এই ধনুগীত শিকাবলৈ দিলে; চোৱা, যি গীত যাচেৰ পুস্তকখনিত লিখা আছে।
19 Din Pryd, Israel, ligger dræbt på dine Høje. Ak, at dog Heltene faldt!
১৯হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল! হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল!
20 Forkynd det ikke i Gat, ej lyde der Glædesbud på Askalons Gader, at ikke Filisternes Døtre skal fryde sig, de uomskårnes Døtre juble!
২০গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
21 Gilboas Bjerge! Ej falde Dug og Regn på eder, I Dødens Vange! Thi Heltenes Skjolde vanæredes der; Sauls Skjold er ej salvet med Olie.
২১হে গিলবোৱা পৰ্ব্বত, তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক, বা উত্তোলনীয় নৈবেদ্যৰ পথাৰ নহওঁক, কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ’ল। তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ’ল৷
22 Uden faldnes Blod, uden Heltes Fedt kom Jonatans Bue ikke tilbage, Sauls Sværd ikke sejrløst hjem.
২২হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।
23 Saul og Jonatan, de elskelige, hulde, skiltes ikke i Liv eller Død; hurtigere var de end Ørne, stærkere var de end Løver!
২৩চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
24 O, Israels Døtre, græd over Saul, som klædte eder yndigt i Purpur, satte Guldsmykker på eders Klæder!
২৪হে ইস্ৰায়েলৰ জীয়ৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা, তেওঁ তোমালোকক ৰঙা বৰণীয়া বস্ত্ৰ পিন্ধাই ভূষিত কৰিছিল, তেওঁ তোমালোকৰ বস্ত্ৰৰ ওপৰত সোণৰ অলঙ্কাৰ পিন্ধাইছিল।
25 Ak, at dog Heltene faldt i Slagets Tummel - dræbt ligger Jonatan på dine Høje!
২৫হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল! তোমাৰ উচ্চ স্থানবোৰত যোনাথন হত হ’ল৷
26 Jeg sørger over dig, Jonatan, Broder, du var mig såre kær; underfuld var mig din Kærlighed, mere end Kvinders Kærlighed.
২৬হে মোৰ ভাই যোনাথন, তোমাৰ বাবে মই দুখিত হৈছোঁ৷ তুমি মোলৈ অতি মৰমীয়াল আছিলা৷ নাৰীসকলৰ প্ৰেমতকৈয়ো তোমাৰ প্ৰেম মোৰ পক্ষে চমৎকাৰ আছিল।
27 Ak, at dog Heltene faldt, Stridsvåbnene lagdes øde!
২৭হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ’ল!”