< 1 Samuel 22 >
1 Derpå drog David bort derfra og Redde sig ind i Adullams Hule. Da hans Brødre og hele hans Faders Hus fik det at vide, kom de derned til ham.
১তাৰ পাছত দায়ূদে সেই ঠাই এৰিলে আৰু অদুল্লম নামেৰে এটা গুহাত আশ্ৰয় ল’লে; যেতিয়া তেওঁৰ ককায়েকসকলে আৰু পিতৃ-বংশৰ লোকসকলে এইকথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ’ল।
2 Og alle Slags Mennesker, som var i Nød, flokkede sig om ham, forgældede Mennesker og Folk, som var bitre i Hu, og han blev deres Høvding. Henved 400 Mand sluttede sig til ham.
২প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে দায়ুদ তেওঁলোকৰ অধিপতি হ’ল; এই দৰে প্ৰায় চাৰি শ লোক তেওঁৰ সঙ্গী হ’ল।
3 Derfra drog David til Mizpe i Moab og sagde til Moabiternes Konge: "Lad min Fader og min Moder bo hos eder, indtil jeg får at vide, hvad Gud har for med mig!"
৩দায়ূদে তাৰ পৰা মোৱাবৰ মিস্পালৈ গ’ল। তেওঁ মোৱাবৰ ৰজাক ক’লে, “বিনয় কৰোঁ, ঈশ্বৰে মোলৈ কি কৰিব, তাক জ্ঞাত নহওঁমানে, মোৰ পিতৃ-মাতৃক আপোনাৰ লগত থাকিবলৈ দিয়ক।”
4 Han lod dem da tage Ophold hos Moabiternes Konge, og de boede hos ham, al den Tid David var i Klippeborgen.
৪তেওঁ তেওঁলোকক মোৱাবৰ ৰজাৰ লগত ৰাখিলে, আৰু যেতিয়ালৈকে দায়ুদ তেওঁৰ দুৰ্গত থাকিল, তেতিয়ালৈকে তেওঁলোক ৰজাৰ লগত থাকিল।
5 Men Profeten Gad sagde til David: "Du skal ikke blive i Klippeborgen; bryd op og drag til Judas Land!" Så drog David til Ja'ar-Heret.
৫পাছে গাদ ভাববাদীয়ে দায়ূদক ক’লে, “তুমি তোমাৰ দুৰ্গত নাথাকিবা, এই ঠাই ত্যাগ কৰি যিহূদা দেশলৈ যোৱা।” সেয়ে দায়ূদে সেই ঠাই ত্যাগ কৰি হেৰৎ অৰণ্যলৈ গ’ল।
6 Nu kom dette Saul for Øre, thi David og de Mænd, han havde hos sig, havde vakt Opmærksomhed. Saul sad engang i Gibea under Tamarisken på Højen med sit Spyd i Hånden, omgivet af alle sine Folk.
৬চৌলে শুনিলে যে, দায়ূদক তেওঁৰ লগৰ লোকসকলৰ সৈতে পোৱা গ’ল। সেই সময়ত চৌলে হাতত যাঠি লৈ গিবিয়াত ঝাওঁ গছৰ তলত বহি আছিল, আৰু তেওঁৰ চাৰিওফালে তেওঁৰ দাসবোৰ থিয় হৈ আছিল।
7 Da sagde Saul til sine folk, som stod hos ham: "Hør dog, I Benjaminiter! Vil Isajs Søn give eder alle sammen Marker og Vingårde eller gøre eder alle til Tusind- og Hundredførere,
৭তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাসবোৰক ক’লে, “বিন্যামীনৰ লোকসকল শুনা! যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী দিব নে? আৰু তোমালোক সকলোকে সহস্ৰপতি ও শতপতিৰ পাতিব নে?
8 siden I alle har sammensvoret eder imod mig, og ingen lod mig det vide, da min Søn sluttede Pagt med Isajs Søn? Ingen af eder havde Medfølelse med mig og lod mig vide, at min Søn havde fået min Træl til at optræde som min Fjende, som han nu gør."
৮তাৰ পৰিবৰ্তে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে চক্ৰান্ত কৰিছাহঁক, যেতিয়া মোৰ পুত্ৰৰ সৈতে যিচয়ৰ পুত্ৰই চুক্তি কৰিছিল তেতিয়া কোনেও মোৰ আগত এই কথা প্ৰকাশ কৰা নাছিল। মোৰ পুত্ৰক মোৰ দাস দায়ূদে মোৰ বিৰুদ্ধে উদগোৱাৰ কথা জানি আৰু আজিৰ দৰে খাপ দি লুকাই থকা কথা জানিও তোমালোক কোনেও মোৰ কাৰণে দুখিত হোৱা নাই।”
9 Da tog Edomiten Doeg, der stod blandt Sauls Folk, Ordet og sagde: "Jeg så, at Isajs Søn kom til Ahimelek, Ahitubs Søn, i Nob,
৯তাৰ পাছত চৌলৰ দাসবোৰৰ ওচৰত থিয় হৈ থকা ইদোমীয়া দোৱেগে উত্তৰ দিলে, “মই নোবত যিচয়ৰ পুত্ৰক অহীটুবৰ পুত্ৰ অহীমেলকৰ ওচৰলৈ অহা দেখিছিলোঁ।”
10 og han rådspurgte HERREN for ham og gav ham Rejsetæring og Filisteren Goliats Sværd!"
১০অহীমেলকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে যাতে তেওঁক সহায় কৰে, আৰু তেওঁ তেওঁক যোগান ধৰিলে, আৰু পলেষ্টীয়া গলিয়াথৰ তৰোৱালো তেওঁক দিলে।
11 Da sendte Kongen Bud og lod Præsten Ahimelek, Ahitubs Søn, hente tillige med hele hans Fædrenehus, Præsterne i Nob; og da de alle var kommet til Kongen,
১১তাৰ পাছত ৰজাই মানুহ পঠাই অহীটুবৰ পুত্ৰ অহীমেলক পুৰোহিতক আৰু তেওঁৰ পিতৃ-বংশক, অৰ্থাৎ নোবত থকা পুৰোহিতসকলক মতি পঠালে। তেওঁলোক সকলোৱেই ৰজাৰ ওচৰলৈ আহিল,
12 sagde Saul: "Hør nu, Ahitubs Søn!" Han svarede: "Ja, Herre!"
১২চৌলে ক’লে, “অহীটুবৰ পুত্ৰ শুনা।” তেওঁ উত্তৰ দিলে, “প্ৰভু, মই ইয়াতে আছোঁ।”
13 Da sagde Saul til ham: "Hvorfor sammensvor du og Isajs Søn eder imod mig? Du gav ham jo Brød og Sværd og rådspurgte Gud for ham, så at han kunde optræde som min Fjende, som han nu gør!"
১৩চৌলে তেওঁক ক’লে, “তুমি আৰু যিচয়ৰ পুত্ৰ মোৰ বিৰুদ্ধে কিয় চক্ৰান্ত কৰিছা, যাৰ বাবে তুমি তেওঁক পিঠা আৰু তৰোৱাল দিছা, আৰু ঈশ্বৰৰ ওচৰত তেওঁৰ সহায়ৰ কাৰণে প্ৰার্থনা কৰিছা, যাতে তেওঁ মোৰ বিৰুদ্ধে উঠে, আজি লুকাই থকাৰ দৰেই তেওঁ গোপন ঠাইত আছিল।
14 Ahimelek svarede Kongen:"Hvem blandt alle dine Folk er så betroet som David? Han er jo Kongens Svigersøn, Øverste for din Livvagt og højt æret i dit Hus?
১৪তাৰ পাছত অহীমেলকে ৰজাক উত্তৰ দি ক’লে, “আপোনাৰ দাসবোৰৰ মাজত দায়ূদৰ দৰে বিশ্বাসী কোন? যিজন ৰজাৰ জোঁৱাই, আৰু আপোনাৰ দেহৰক্ষী, আপোনাৰ গৃহৰ এজন সন্মানীয় লোক।”
15 Er det første Gang, jeg har rådspurgt Gud for ham? Det være langt fra! Kongen må ikke lægge sin Træl eller hele mit Fædrenehus noget til Last, thi din Træl kendte ikke det mindste til noget af dette!"
১৫আজি প্ৰথমবাৰ মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নেকি? সেয়ে মোৰ পৰা দূৰ হওক! মহাৰাজ, আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃ-বংশক দোষ নিদিব; কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল।”
16 Men Kongen sagde: "Du skal dø, Ahimelek, du og hele dit Fædrenehus!"
১৬ৰজাই উত্তৰ দি ক’লে, “অহীমেলক, তুমি আৰু তোমাৰ পিতৃ-বংশ সকলোৰে নিশ্চয় মৃত্যু হ’ব।”
17 Og Kongen sagde til Vagten, som stod hos ham: "Træd frem og dræb HERRENs Præster; thi de står også i Ledtog med David, og skønt de vidste, at han var på Flugt, gav de mig ikke Underretning derom!" Men Kongens Folk vilde ikke lægge Hånd på HERRENs Præster.
১৭ৰজাই তেওঁৰ চাৰিও ফালে থকা ৰখীয়া সকলক ক’লে, “তহঁতে ঘূৰি গৈ যিহোৱাৰ পুৰোহিত সকলক বধ কৰ। কাৰণ তেওঁলোকো দায়ূদৰ সহায়কাৰী, আৰু তেওঁ পলোৱাৰ কথা তেওঁলোকে জানিও মোক নজনালে।” কিন্তু যিহোৱাৰ পুৰোহিতসকলক আক্ৰমণ কৰিবৰ অৰ্থে ৰজাৰ দাসবোৰ সন্মত নহ’ল।
18 Da sagde Kongen til Doeg: "Træd du så frem og stød Præsterne ned!" Da trådte Edomiten Doeg frem og stødte Præsterne ned; han dræbte den Dag femogfirsindstyve Mænd, som bar Efod.
১৮তাৰ পাছত ৰজাই দোৱেগক ক’লে, “ঘূৰি গৈ পুৰোহিতসকলক বধ কৰা।” সেয়ে ইদোমীয়া দোৱেগে পুৰোহিতসকলক আক্ৰমণ কৰি সেই দিনা শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধা পঁচাশী জনক বধ কৰিলে।
19 Og Nob, Præsternes By, lod Kongen hugge ned med Sværdet. Mænd og Kvinder, Børn og diende, Hornkvæg, Æsler og Får.
১৯তেওঁ তৰোৱালৰ ধাৰেৰে পুৰোহিতসকলৰ নোব নগৰ আঘাত কৰি, পুৰুষ, তিৰোতা, ল’ৰা, আৰু পিয়াহ খোৱা কেঁচুৱা, আৰু গৰু, গাধ, মেৰ-ছাগ আদি সকলোকে তৰোৱালৰ ধাৰেৰে সংহাৰ কৰিলে।
20 Kun een af Ahimeleks, Ahitubs Søns, Sønner ved Navn Ebjatar undslap og flygtede til David.
২০সেই সময়ত অহীটুবৰ পুত্ৰ অহীমেলকৰ এজন পুত্ৰ কেৱল ৰক্ষা পৰিল; তেওঁৰ নাম অবিয়াথৰ; তেওঁ দায়ূদৰ ওচৰলৈ পলাই গ’ল।
21 Og Ebjatar fortalte David, at Saul havde dræbt HERRENs Præster.
২১চৌলে যিহোৱাৰ পুৰোহিতসকলক বধ কৰা কথা অবিয়াথৰে দায়ূদক ক’লে,
22 Da sagde David til Ebjatar: "Jeg vidste dengang, at når Edomiten Doeg var der, vilde han give Saul Underretning derom! Jeg bærer Skylden for hele dit Fædrenehus's Død.
২২তাতে দায়ূদে অবিয়াথৰক ক’লে, “ইদোমীয়া দোৱেগ সেই ঠাইত থকাতে মই সেই দিনা বুজিছিলোঁ, যে, সি অৱশ্যে চৌলক সম্বাদ দিব; ময়েই তোমাৰ পিতৃ-বংশৰ সকলো ব্যক্তিৰ বধৰ কাৰণ হ’লো।
23 Bliv hos mig, frygt ikke! Den, som står dig efter Livet, står mig efter Livet, thi du står under min Varetægt."
২৩তুমি মোৰ লগত থাকা, ভয় নকৰিবা; কিয়নো যি জনে মোৰ প্ৰাণ ৰক্ষা কৰিলে সেই জনে তোমাৰো কৰিব। কাৰণ মোৰ লগত তুমি নিৰ্ভয়ে থাকিবা।