< Første Krønikebog 14 >
1 Kong Hiram af Tyrus sendte Sendebud til David med Cedertræer og tillige Murere og Tømmermænd for at bygge ham et Hus.
১তাৰ পাছত তূৰৰ ৰজা হীৰমে দায়ুদৰ ওচৰলৈ বাৰ্তাবহক পঠালে, আৰু তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ এৰচ কাঠ, কাঠমিস্ত্রী, আৰু ৰাজমিস্ত্ৰীসকলক পঠালে।
2 Da skønnede David, at HERREN havde sikret hans Kongemagt over Israel og højnet hans Kongedømme for sit Folk Israels Skyld.
২দায়ূদে বুজিলে যে, যিহোৱাই ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা অভিষিক্ত কৰিলে, আৰু তেওঁৰ ৰাজ্য ইস্ৰায়েলৰ লোকসকলৰ বাবে উন্নতিৰ শিখৰলৈ গ’ল।
3 David tog i Jerusalem endnu flere Hustruer og avlede flere Sønner og Døtre.
৩দায়ূদে যিৰূচালেমত বহুতো ভাৰ্যা গ্ৰহণ কৰিলে, তেওঁলোকৰ পৰা তেওঁ অনেক পুত্র ও কণ্যাৰ পিতৃ হ’ল।
4 Navnene på de Børn, han fik i Jerusalem, er følgende: Sjammua, Sjobab, Natan, Salomo,
৪যিৰূচালেমত তেওঁৰ জন্ম হোৱা পুত্ৰসকলৰ নামবোৰ হ’ল: চম্মুৱা, চোবব, নাথন, চলোমন,
5 Jibhar, Elisjua, Elpelet,
৫যিভৰ, ইলীচূৱা ইল্পেলট,
7 Elisjama, Be'eljada og Elifelet.
৭ইলীচামা, বিলিয়াদা, আৰু ইলীফেলট।
8 Men da Fiilisterne hørte, at David var salvet til Konge over hele Israel, rykkede de alle ud for at søge efter ham. Ved Efterretningen herom drog David ud for at møde dem,
৮দায়ূদক সমস্ত ইস্ৰায়েলৰ ওপৰত ৰজা স্ৱৰূপে অভিষেক কৰাৰ কথা যেতিয়া পলেষ্টীয়াসকলে শুনিলে, তেতিয়া তেওঁলোক সকলোৱে দায়ূদক চাবলৈ ওলাই গ’ল। কিন্তু দায়ূদে এইকথা শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ’ল।
9 medens Filisterne kom og bredte sig i Refaimdalen.
৯সেই সময়ত পলেষ্টীয়াসকলে আহি, ৰফায়ীম সমথলত লুট কৰিছিল।
10 David rådspurgte da Gud: "Skal jeg drage op mod Filisterne? Vil du give dem i min Hånd?" Og HERREN svarede ham: "Drag op, thi jeg vil give dem i din Hånd!"
১০তেতিয়া দায়ূদে সহায়ৰ বাবে যিহোৱাক সুধিলে। তেওঁ ক’লে, “মই পলেষ্টীয়াসকলক আক্রমণ কৰিব লাগে নে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হব দিব নে?” যিহোৱাই তেওঁক ক’লে, “আক্রমণ কৰা, কাৰণ মই নিশ্চয়ে তোমাক তেওঁলোকক দিম।”
11 Så drog de op til Ba'al-Perazim, og der slog han dem. Da sagde David: "Gud har brudt igennem mine Fjender ved min Hånd, som Vand bryder igennem!" Derfor kalder man Stedet Ba'al-Perazim.
১১সেয়ে তেওঁলোক বালপৰাচীমলৈ আহিল, আৰু দায়ূদে তেওঁলোকক তাত পৰাজয় কৰিলে। তেওঁ মন্তব্য কৰিছিল, “ঈশ্বৰে মোৰ হাতৰ দ্বাৰাই মোৰ শত্রুবোৰক বানপানীয়ে ভেটা ভঙাৰ দৰে ভাঙিলে।” সেয়ে এই ঠাইৰ নাম বাল-পৰাচীম হ’ল।
12 Og de lod deres Guder i Stikken der, og David bød, at de skulde opbrændes.
১২সেই ঠাইতে তেওঁলোকে নিজৰ দেৱ-মুৰ্ত্তিবোৰ এৰি গ’ল, আৰু দায়ূদৰ আজ্ঞাত সেইবোৰ জুইত পোৰা হ’ল।
13 Men Filisterne bredte sig på ny i Dalen.
১৩তাৰ পাছত পলেষ্টীয়াসকলে পুনৰ সেই সমথলত লুট কৰিলে।
14 Da David atter rådspurgte Gud, svarede han: "Drag ikke efter dem, men omgå dem og fald dem i Ryggen ud for Bakabuskene.
১৪সেয়ে দায়ূদে পুনৰ সহায়ৰ বাবে ঈশ্ৱৰক সুধিলে, ঈশ্বৰে তেওঁক ক’লে, “তুমি তেওঁলোকক সন্মুখৰ পৰা আক্রমণ নকৰিবা, কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকৰ পাছফালে আগুৰি ধৰিবা আৰু বালছম কাঠনিৰ মাজেদি তেওঁলোকৰ ওচৰলৈ আহিবা।
15 Når du da hører Lyden af Skridt i Bakabuskenes Toppe, skal du drage i Kamp, thi så er Gud draget ud foran dig for at slå Filisternes Hær."
১৫যেতিয়া বালছম গছৰ ওপৰেৰে সৈন্য যোৱাৰ নিচিনা বতাহৰ শব্দ শুনিবা, তেতিয়া তুমি সজোৰে আক্রমণ কৰিবা। তুমি এইদৰে কৰিবা, কাৰণ পলেষ্টীয়াসকলৰ সৈন্যসকলক আক্রমণ কৰিবৰ অৰ্থে ঈশ্বৰ তোমাৰ আগত যাওঁতা হ’ব।
16 David gjorde, som Gud bød, og de slog Filisternes Hær fra Gibeon til hen imod Gezer.
১৬সেয়ে দায়ূদে ঈশ্বৰৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁ গিবিয়োনৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলৰ সৈন্যক পৰাজিত কৰিলে।
17 Og Davids Ry bredte sig i alle Lande, idet HERREN Iod Frygt for ham komme over alle Hedningefolkene.
১৭এইদৰে দায়ূদৰ সুখ্যাতি দেশৰ সকলো ফালে বিয়পি গ’ল, আৰু যিহোৱাই তেওঁৰ প্রতি সকলো দেশীয় লোকৰ ভয় জন্মালে।