< Første Krønikebog 12 >
1 Følgende er de, der kom til David i Ziklag, medens han måtte holde sig skjult for Saul, Kisj's Søn. De hørte til Heltene, som hjalp til i Kampen;
১যি সময়ত তেওঁ কীচৰ পুত্ৰ চৌলৰ সন্মুখৰ পৰা পলাই আছিল, সেই সময়ত চিক্লগলৈ দায়ুদৰ ওচৰলৈ অহা লোকসকল এওঁলোক। তেওঁলোক যুদ্ধত তেওঁক সহায় কৰা সৈনিকৰ মাজৰ আছিল।
2 de var væbnet med Bue og øvet i Stenkast og Pileskydning både med højre og venstre Hånd; de hørte til Sauls Brødre, Benjaminiterne.
২তেওঁলোক ধনুৰ্দ্ধৰ, সোঁ আৰু বাওঁ হাতেৰে ফিঙ্গাৰ শিল মাৰিবলৈ, আৰু ধনুৰে কাঁড় মাৰিবলৈ নিপুণ আছিল। তেওঁলোক বিন্যামীনীয়া চৌলৰ জাতিৰ লোক আছিল।
3 Deres Overhoved var Ahiezer; dernæst Joasj, Sjema'as Søn, fra Gibea, Jeziel og Pelet, Azmavets Sønner, Beraka, Jehu fra Anatot,
৩প্ৰধান অহীয়েজৰ আছিল, তেওঁৰ পাছত যোৱাচ তেওঁলোক দুয়োজনে গিবিয়াতীয়াৰ চমায়াৰ পুত্ৰ। অজমাবতৰ দুজন পুত্ৰ যিজীয়েল আৰু পেলট, এওঁলোকৰ মাজত বৰাখা ও অনাথোতীয়া যেহূও আছিল,
4 Jisjmaja fra Gibeon, en Helt blandt de tredive og Høvedsmand over de tredive, Jirme'ja, Jahaziel, Johanan, Jozabad fra Gedera,
৪ত্ৰিশ জনৰ মাজত এজন সৈনিক আৰু ত্ৰিশ জনৰ ওপৰত নিযুক্ত সেনাপতি গিবিয়োনীয়া যিচময়া আছিল, যিৰিমিয়া, জহজীয়েল, যোহানন, আৰু গদেৰোথীয়া যোজাব,
5 El'uzaj, Jerimot, Bealja, Sjemarja, Sjefatja fra Harif,
৫ইলিয়ুজ, যিৰিমোৎ, বিয়লিয়া, চমৰিয়া, আৰু হৰুফীয়া চফটিয়া,
6 Elkana, Jissjija, Azar'el, Jo'ezer og Jasjobam, Koraiterne,
৬ইলকানা, যিচিয়া, অজৰেল, যোৱেজৰ, আৰু যাচবিয়াম, এওঁলোক কোৰহীয়া লোক, আৰু
7 Joela og Zebadja, Sønner af Jeroham fra Gedor.
৭গদোৰৰ যিৰোহমৰ পুত্ৰ যোৱেল আৰু জবদিয়া।
8 Af Gaditerne slutfede nogle sig dygtige Krigere, øvede Krigsmænd, væbnet med Skjold og Spyd; de var som Løver at se på og rappe som Gazellerne på Bjergene.
৮গাদীয়াসকলৰ মাজৰ কিছুমান লোকে মৰুপ্রান্তৰ দুৰ্গত দায়ূদৰ লগত যোগ দিছিল। তেওঁলোক যুদ্ধাৰু, যুদ্ধৰ বাবে প্রশিক্ষণ প্রাপ্ত, তেওঁলোক ঢাল আৰু যাঠী ধৰাত সক্ষম আছিল; তেওঁলোকৰ মুখ সিংহৰ মুখৰ দৰে আছিল। তেওঁলোক পৰ্বতত থকা হৰিণাৰ নিচিনা বেগী আছিল।
9 Deres Overhoved var Ezer, Obadja den anden, Eliab den tredje,
৯তেওঁলোকৰ মাজত এজৰ নেতা আছিল, দ্বিতীয় ওবদিয়া, তৃতীয় ইলীয়াব,
10 Masjmanna den fjerde, Jirmeja den femte,
১০চতুৰ্থ মিচমন্না, পঞ্চম যিৰিমিয়া,
11 Attaj den sjette, Eliel den syvende,
১১ষষ্ঠ অত্তয়, সপ্তম ইলীয়েল,
12 Johanan den ottende, Elzabad den niende,
১২অষ্টম যোহানন, নৱম ইলজাবদ,
13 Jirmeja den tiende, Makbannaj den ellevte.
১৩দশম যিৰিমিয়া, আৰু একাদশ মগবন্নয়।
14 De var Anførere blandt Gaditerne; den mindste af dem tog det op med hundrede, den største med tusind.
১৪গাদৰ পুত্রসকল সৈনিকসকলৰ সেনাপতি আছিল। যি জন সৰু, তেওঁ এশ জনক, আৰু যি জন ডাঙৰ, তেওঁ এক হাজাৰ জনক নেতৃত্ব দিছিল।
15 Det var dem, der gik over Jordan i den første Måned, engang den overalt var gået over sine Bredder, og slog alle Dalboerne på Flugt både mod Øst og Vest.
১৫তেওঁলোক প্ৰথম মাহত যৰ্দ্দন পাৰ হৈছিল, যেতিয়া ইয়াৰ পানী দুয়োপাৰে বাগৰি পাৰ হয়, এনে সময়ত তেওঁলোক পাৰ হৈ, পূব আৰু পশ্চিম দুয়ো দিশৰ উপত্যকাত বাস কৰা সকলক খেদিছিল।
16 Engang kom nogle Benjaminiter og Judæere til David i Klippeborgen;
১৬বিন্যামীনৰ আৰু যিহূদাৰ মাজৰ কিছুমান লোক দায়ূদৰ দুৰ্গলৈ আহিল।
17 David gik ud til dem, tog til Orde og sagde: "Hvis I kommer til mig i fredelig Hensigt, for at hjælpe mig, er jeg af Hjertet rede til at gøre fælles Sag med eder; men er det for at forråde mig til mine Fjender, skønt der ikke er Uret i mine Hænder, da se vore Fædres Gud til og straffe det!"
১৭দায়ূদে তেওঁলোকক সাক্ষাৎ কৰিবৰ বাবে বাহিৰ ওলাই তেওঁলোকক সম্বোধন কৰি ক’লে, “যদি তোমালোকে মোক শান্তনা দিবৰ বাবে মোৰ ওচৰলৈ আহিছা, তেনেহ’লে তোমালোকে মোৰ সৈতে যোগ দিব পাৰা। কিন্তু, যদি বিশ্বাস-ঘাত কৰি মোৰ শত্রুবোৰক মোক শোধাই দিবলৈ আহিছা, তেনেহ’লে আমাৰ ওপৰ-পিতৃসকলৰ ঈশ্ৱৰে চাওক আৰু তোমালোকক দণ্ড দিয়ক, কাৰণ এতিয়ালৈকে মই একো ভুল কৰা নাই।”
18 Så iførte Ånden sig Amasaj, de tredives Anfører, og han sagde: "For dig, David, og med dig, Isajs Søn! Fred, Fred være med dig, og Fred med dine Hjælpere, thi dig hjælper din Gud!" Da tog David imod dem og satte dem i Spidsen for Krigerskaren.
১৮তাৰ পাছত ত্ৰিশ জনৰ ওপৰত সেনাপতি হৈ থকা অমাচয়ৰ ওপৰত আত্মাই স্থিতি ল’লে। অমাচয়ে ক’লে, “হে দায়ুদ, আমি তোমাৰেই। যিচয়ৰ পুত্ৰ, আমি তোমাৰ ফলীয়া। শান্তি হওক, তোমাক যি সকলে সহায় কৰে তেওঁৰো শান্তি হওক। তোমাক সহায় কৰা সকলৰো শান্তি হওক, কিয়নো তোমাৰ ঈশ্বৰে তোমাক সহায় কৰিছে।” তেতিয়া দায়ূদে তেওঁলোকক গ্ৰহণ কৰি নিজৰ সৈন্যদলৰ সেনাপতি পাতিলে।
19 Af Manasse gik nogle over til David. Det var, dengang han sammen med Filisterne drog i Kamp mod Saul, uden at han dog blev dem til Hjælp, fordi Filisternes Fyrster efter at have holdt Rådslagning sendte ham bort, idet de sagde: "Det koster vore Hoveder, hvis han går over til sin Herre Saul!"
১৯চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”
20 Da han så drog til Ziklag, gik følgende Manassiter over til ham: Adna, Jozabad, Jediael, Mikael, Jozabad, Elibu og Zilletaj, der var Overhoveder for Slægter i Manasse;
২০দায়ুদ যেতিয়া চিক্লগলৈ গ’ল, তেতিয়া মনচিৰ যিসকল লোকে তেওঁৰ সৈতে যোগ দিছিল, তেওঁলোক হ’ল অদলহ, যোজাবদ, যিদীয়েল, মীখায়েল, যোজাবদ, ইলীহূ, আৰু চিল্লাথয়, মনচি সহস্রপতি আছিল।
21 de hjalp siden David imod Strejfskarerne, thi de var alle dygtige Krigere og blev Førere i Hæren.
২১তেওঁলোকে দায়ূদক ডকাইত-দলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায় কৰিলে, কাৰণ তেওঁলোক যুদ্ধাৰু আছিল। তাৰ পাছত তেওঁলোক সৈনিকৰ সেনাপতি হৈছিল।
22 Der kom nemlig daglig Folk til David for at hjælpe ham, så det til sidst blev en stor Hær, stor som Guds Hær.
২২দিনে দিনে, দায়ূদক সহায় কৰিবৰ বাবে লোকসকল আহি আছিল, যেতিয়ালৈকে তাত ঈশ্বৰৰ সৈন্যদলৰ দৰে এটা মহাসৈন্যদল গঠন নহ’ল।
23 Følgende er Tallene på Førerne for de væbnede Krigere, der kom til David i Hebron for at gøre ham til Konge i Sauls Sted efter HERRENs Bud:
২৩যুদ্ধলৈ সু-সজ্জিত সৈন্য দলৰ এইখন লিপিৱদ্ধ নথি পত্র, যি সকল হিব্ৰোণলৈ দায়ূদৰ ওচৰলৈ আহিছিল, যাতে যিহোৱাৰ বাক্য অনুসাৰে চৌলৰ পৰা ৰাজ্য লৈ তেওঁক দিব পাৰে।
24 Af Judæere, der har Skjold og Spyd, 6800 væbnede Krigere;
২৪যিহূদাৰ যি সকল লোক ঢাল আৰু যাঠী ধৰি যুদ্ধলৈ সাজো হৈছিল তেওঁলোক ছয় হাজাৰ আঠ শ আছিল।
25 af Simeoniterne 7100 dygfige Krigshelte;
২৫চিমিয়োন সকলৰ পৰা সাত হাজাৰ এশ যুদ্ধাৰু আছিল।
২৬লেবী সকলৰ পৰা চাৰি হাজাৰ ছশ যুদ্ধাৰু আছিল।
27 dertil Øverstenover Arons Slægt, Jojada, fulgt af 3700,
২৭যিহোয়াদা হাৰোণৰ বংশৰ প্রধান লোক আছিল, আৰু তেওঁৰ সৈতে তিনি হাজাৰ সাত শ লোক আছিল।
28 og Zadok, en ung, dygtig Kriger, med sit Fædrenehus, 22 Førere;
২৮চাদোকৰ সৈতে, এজন ডেকা বীৰ আৰু সাহসী ব্যক্তি আছিল, তেওঁৰ পিতৃৰ পৰিয়ালৰ পৰা বাইশ জন প্রধান লোক আছিল।
29 af Benjaminiterne, Sauls Brødre, 3000, men de fleste af dem holdt endnu fast ved Sauls Hus;
২৯বিন্যামীনৰ পৰা চৌলৰ জাতিৰ তিনি হাজাৰ লোক আছিল। এই সময়লৈকে তেওঁলোকৰ বেছি ভাগ লোক চৌলৰ বিশ্ৱাসী হৈ আছিল।
30 af Efraimiterne 20800 dygtige Krigere, navnkundige Mænd i deres Fædrenehuse;
৩০ইফ্ৰয়িম সকলৰ মাজত বিশ হাজাৰ আঠ শ যুদ্ধাৰু আছিল, তেওঁলোক নিজৰ পিতৃ পৰিয়ালত নামজ্বলা লোক আছিল।
31 af Manasses halve Stamme 18.000 navngivne Mænd, der skulde gå hen og gøre David til Konge;
৩১মনচিৰ আধা জাতিৰ পৰা ওঠৰ হাজাৰ নামজ্বলা লোক আছিল, এওঁলোকে দায়ূদক ৰজা পাতিবলৈ আহিছিল।
32 af Issakariterne, der forstod sig på Tiderne, så de skønnede, hvad Israel havde at gøre, 200 Førere og alle deres Brødre, der stod under dem;
৩২ইচাখৰৰ পৰা দুশ প্ৰধান লোক আছিল। এওঁলোকে সেই সময়ৰ সকলো কথা জানিছিল আৰু ইস্ৰায়েলে কি কৰা উচিত, সেই বিষয়েও তেওঁলোকে জানিছিল। তেওঁলোকৰ সম্পৰ্কীয় লোকসকলে আজ্ঞাৰ অধীনত আছিল।
33 af Zebulon 50.000, øvede Krigere, udrustet med alle Hånde Våben, med een Vilje rede til Kamp;
৩৩জবূলূনৰ মাজত পঞ্চাশ হাজাৰ যুদ্ধাৰু লোক যুদ্ধৰ বাবে প্রস্তুত হৈ সকলো প্ৰকাৰ যুদ্ধৰ অস্ত্ৰ লগত লৈ আৰু দুই মন নোহোৱাকৈ বিশ্ৱাসী হৈ যুদ্ধ কৰিবলৈ প্রস্তুত আছিল।
34 af Naftali 1.000 Førere, fulgt af 37.000 Mænd med Skjold og Spyd;
৩৪নপ্তালীৰ মাজত এক হাজাৰ কৰ্মচাৰী, আৰু তেওঁলোকৰ লগত ঢাল আৰু যাঠী ধৰা সাতত্ৰিশ হাজাৰ লোক আছিল।
35 af Daniterne 28.600, udrustede Mænd;
৩৫দানীয়াসকলৰ মাজত আঠাইশ হাজাৰ ছশ লোক যুদ্ধৰ বাবে প্রস্তুত আছিল।
36 af Aser 40.000, øvede Krigere, rustet til Kamp;
৩৬আচেৰৰ মাজত যুদ্ধৰ বাবে চল্লিশ হাজাৰ লোক প্রস্তুত আছিল।
37 fra den anden Side af Jordan, fra Rubeniterne, Gaditerne og Manasses halve Stamme, 120.000 Mænd med alle Hånde Krigsvåben.
৩৭যৰ্দ্দনৰ সিপাৰত থকা ৰূবেণীয়াসকলৰ, গাদীয়াসকলৰ, আৰু মনচিৰ আধা জাতিৰ মাজত যুদ্ধৰ বাবে সকলো প্ৰকাৰ অস্ত্ৰ ধৰা এক লাখ বিশ হাজাৰ লোক আছিল।
38 Med helt Hjerte og rede til Kamp kom alle disse Krigere til Hebron for at gøre David til Konge over hele Israel; men også det øvrige Israel var endrægtigt med til at gøre David til Konge.
৩৮সকলো সৈনিকসকল যুদ্ধৰ বাবে যুগুত হৈ দায়ূদক সকলো ইস্ৰায়েল লোক সকলৰ ওপৰত ৰজা পাতিবলৈ সম্পূৰ্ণ মনেৰে হিব্ৰোণলৈ আহিছিল। সকলো অৱশিষ্ট ইস্ৰায়েল লোকসকলে দায়ূদক ৰজা পাতিবলৈ সদ-ভাৱেৰে এক হৈছিল।
39 De blev der hos David i tre Dage og spiste og drak, thi deres Brødre havde forsynet dem;
৩৯তেওঁলোকে সেই ঠাইতে তিনি দিন দায়ূদৰ লগত ভোজন-পান কৰি থাকিল, কাৰণ তেওঁলোকৰ সম্বন্ধীয়সকলে তেওঁলোকৰ বাবে প্রয়োজনীয় বস্তু যুগুত কৰি থৈছিল।
40 også de, der boede i deres Nærhed lige til Issakar, Zebulon og Naftali, bragte dem Levnedsmidler på Æsler, Kameler, Muldyr og Okser, Fødevarer af Mel, Figenkar, Rosinkager, Vin, Olie, Hornkvæg og Småkvæg i Mængde; thi der var Glæde i Israel.
৪০ওপৰেঞ্চি, যি সকল তেওঁলোকৰ ওচৰত আছিল, ইচাখৰ, জবূলূন, আৰু নপ্তালীৰ লোকসকলে গাধবোৰৰ পিঠিত পিঠা, উটবোৰ, খছৰবোৰ, আৰু ষাঁড়-গৰুবোৰ, ডিমৰুৰ শেকা পিঠা, কিচমিচৰ থোপা, দ্ৰাক্ষাৰস, আৰু তেল, ষাঁড় গৰুবোৰ আৰু মেৰ-ছাগ আনিছিল, কাৰণ ইস্ৰায়েলৰ লোকসকলে উৎসৱ পালন কৰি আছিল।