< Romerne 5 >
1 Altsaa retfærdiggjorte af Tro have vi Fred med Gud ved vor Herre Jesus Kristus,
১এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে।
2 ved hvem vi ogsaa have faaet Adgang ved Troen til denne Naade, hvori vi staa, og vi rose os af Haab om Guds Herlighed;
২তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ, ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ, এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।
3 ja, ikke det alene, men vi rose os ogsaa af Trængslerne, idet vi vide, at Trængselen virker Udholdenhed,
৩অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷
4 men Udholdenheden Prøvethed, men Prøvetheden Haab,
৪ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷
5 men Haabet beskæmmer ikke; thi Guds Kærlighed er udøst i vore Hjerter ved den Helligaand, som blev given os.
৫সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
6 Thi medens vi endnu vare kraftesløse, døde Kristus til den bestemte Tid for ugudelige.
৬কিয়নো ইতিপূৰ্বে যেতিয়া আমি দূৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰক ভক্তি নকৰা সকলৰ কাৰণে আপোন প্ৰাণ দিলে।
7 Næppe vil nemlig nogen dø for en retfærdig — for den gode var der jo maaske nogen, som tog sig paa at dø —,
৭ধাৰ্মিক লোকৰ কাৰণে কোনো এজনে প্ৰাণ নিদিয়ে; সৎলোকৰ কাৰণে প্ৰাণ দিবলৈকো অৱশ্যে কোনো জনৰ সাহস থাকিব পাৰে।
8 men Gud beviser sin Kærlighed over for os, ved at Kristus døde for os, medens vi endnu vare Syndere.
৮কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।
9 Saa meget mere skulle vi altsaa, da vi nu ere blevne retfærdiggjorte ved hans Blod, frelses ved ham fra Vreden.
৯এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত, কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম।
10 Thi naar vi, da vi vare Fjender, bleve forligte med Gud ved hans Søns Død, da skulle vi meget mere, efter at vi ere blevne forligte, frelses ved hans Liv,
১০কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিলন হ’লোঁ, তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম;
11 ja, ikke det alene, men ogsaa saaledes, at vi rose os af Gud ved vor Herre Jesus Kristus, ved hvem vi nu have faaet Forligelsen.
১১অকল সেয়ে নহয়, যি জনৰ যোগেদি আমি ঈশ্বৰে সৈতে এতিয়া মিলন হব পাৰিলোঁ, সেই জন প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাসো কৰি আছোঁ।
12 Derfor, ligesom Synden kom ind i Verden ved eet Menneske, og Døden ved Synden, og Døden saaledes trængte igennem til alle Mennesker, efterdi de syndede alle; (
১২এতেকে যেনেকৈ এজন মানুহৰ যোগেদি পাপ জগতলৈ আহিল, সেইদৰে পাপৰ যোগেদি মৃত্যুও আহিল; আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহৰ মাজত বিয়পি গ’ল৷
13 thi inden Loven var der Synd i Verden; men Synd tilregnes ikke, hvor der ikke er Lov;
১৩কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল; কিন্তু য’ত বিধান নাই, তাত পাপকো গণনা কৰা নাযায়।
14 dog herskede Døden fra Adam til Moses ogsaa over dem, som ikke syndede i Lighed med Adams Overtrædelse, han, som er et Forbillede paa den, der skulde komme.
১৪তথাপি যি সকলে আদমৰ আজ্ঞা-লঙ্ঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মোচিলৈকে তেওঁলোকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল; সেই আদম আহিবলগীয়া জনৰ প্ৰতিৰূপ আছিল।
15 Men det er ikke saaledes med Naadegaven som med Faldet; thi døde de mange ved den enes Fald, da har meget mere Guds Naade og Gaven i det ene Menneskes Jesu Kristi Naade udbredt sig overflødig, til de mange.
১৫কিন্তু অপৰাধ যেনেকুৱা, অনুগ্ৰহৰ বৰ তেনেধৰণৰ নহয়৷ কিয়নো এজনৰ অপৰাধৰ বাবে যদি অনেকৰ মৃত্যু হ’ল, তেনেহলে কিমান অধিক ঈশ্বৰৰ অনুগ্ৰহ আৰু এজন মানুহৰ অনুগ্ৰহৰ দ্বাৰাই অহা দান, সেয়ে যীচু খ্ৰীষ্টত অনেকলৈ উপচি পৰিল।
16 Og Gaven er ikke som igennem en enkelt, der syndede; thi Dommen blev ud fra en enkelt til Fordømmelse, men Naadegaven blev ud fra mange Fald til Retfærdiggørelse.
১৬পাপ কৰা এজনৰ দ্বাৰাই যেনে হ’ল, অনুগ্ৰহৰ দান তেনে নহয়; কিয়নো এজনৰ পৰাই দণ্ডৰ ৰায় দিয়া হ’ল; কিন্তু অনেক অপৰাধৰ পাছতো ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল।
17 Thi naar paa Grund af den enes Fald Døden herskede ved den ene, da skulle meget mere de, som modtage den overvættes Naade og Retfærdigheds Gave, herske i Liv ved den ene, Jesus Kristus.)
১৭কাৰণ এজনৰ অপৰাধত যদি, এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেনেহলে যি সকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দানত উপচয় হয়, তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব, সেই জন যীচু খ্ৰীষ্ট।
18 Altsaa, ligesom det ved eens Fald blev for alle Mennesker til Fordømmelse, saaledes ogsaa ved eens Retfærdighed for alle Mennesker til Retfærdiggørelse til Liv.
১৮এতেকে যেনেকৈ এটা অপৰাধৰ যোগেদি সকলো মানুহলৈ দণ্ডৰ আদেশ দিয়া হ’ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ যোগেদি সকলো মানুহৰ বাবে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল।
19 Thi ligesom ved det ene Menneskes Ulydighed de mange bleve til Syndere, saa skulle ogsaa ved den enes Lydighed de mange blive til retfærdige.
১৯কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ’ব।
20 Men Loven kom til, for at Faldet kunde blive større; men hvor Synden blev større, der blev Naaden end mere overvættes,
২০ইয়াৰ বাহিৰেও অপৰাধ অধিক হ’বলৈ বিধান সোমাই আহিল; কিন্তু যি ঠাইত পাপ অধিক হ’ল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল।
21 for at, ligesom Synden herskede ved Døden, saaledes ogsaa Naaden skulde herske ved Retfærdighed til et evigt Liv ved Jesus Kristus, vor Herre. (aiōnios )
২১সেই কাৰণে যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে, তেনেকৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে ধাৰ্মিকতাৰ ৰাজত্ব পায়৷ (aiōnios )