< Salme 71 >
1 HERRE, jeg lider paa dig, lad mig aldrig i evighed skuffes.
১হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও অপমানিত হবলৈ নিদিবা।
2 Frels mig og udfri mig i din Retfærdighed, du bøje dit Øre til mig;
২তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা; মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা।
3 red mig og vær mig en Tilflugtsklippe, en Klippeborg til min Frelse; thi du er min Klippe og Borg!
৩মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ; তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা, কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ।
4 Min Gud, fri mig ud af gudløses Haand, af Niddings og Voldsmands Kløer;
৪হে মোৰ ঈশ্বৰ, দুষ্টলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অধৰ্মি আৰু নিষ্ঠুৰ জনৰ হাতৰ পৰা মোক মুক্ত কৰা।
5 thi du er mit Haab, o Herre! Fra min Ungdom var HERREN min Tillid;
৫কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; সৰু কালৰে পৰা তুমি মোৰ বিশ্বাসভূমি।
6 fra Moders Skød har jeg støttet mig til dig, min Forsørger var du fra Moders Liv, dig gælder altid min Lovsang.
৬গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ; মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই; মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।
7 For mange staar jeg som mærket af Gud, men du er min stærke Tilflugt;
৭মই অনেকলোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছোঁ; কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয় স্থান।
8 min Mund er fuld af din Lovsang, af din Ære Dagen lang.
৮মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ’ব, আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব।
9 Forkast mig ikke i Alderdommens Tid og svigt mig ikke, nu Kraften svinder;
৯বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।
10 thi mine Fjender taler om mig, de, der lurer paa min Sjæl, holder Raad:
১০কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে; তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।
11 »Gud har svigtet ham! Efter ham! Grib ham, thi ingen frelser!«
১১তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে; খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”
12 Gud, hold dig ikke borte fra mig, il mig til Hjælp, min Gud;
১২হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা; হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
13 lad dem blive til Skam og Skændsel, dem, der staar mig imod, lad dem hylles i Spot og Spe, dem, der vil mig ondt!
১৩মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক; মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতা সকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।
14 Men jeg, jeg vil altid haabe, blive ved at istemme din Pris;
১৪কিন্তু মই হ’লে, সদায় তোমাক আশা কৰি থাকিম, তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।
15 min Mund skal vidne om din Retfærd, om din Frelse Dagen lang; thi jeg kender ej Ende derpaa.
১৫এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
16 Jeg vil minde om den Herre HERRENS Vælde, lovsynge din Retfærd, kun den alene.
১৬মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম; মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম।
17 Gud, du har vejledt mig fra min Ungdom af, dine Undere har jeg forkyndt til nu.
১৭হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা; আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ।
18 Indtil Alderdommens Tid og de graanende Haar svigte du mig ikke, o Gud. End skal jeg prise din Arm for alle kommende Slægter.
১৮প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।
19 Din Vælde og din Retfærdighed naar til Himlen, o Gud; du, som øvede store Ting, hvo er din Lige, Gud?
১৯হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী; হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে?
20 Du, som lod os skue mangefold Trængsel og Nød, du kalder os atter til Live og drager os atter af Jordens Dyb;
২০তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
21 du vil øge min Storhed og atter trøste mig.
২১তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা; পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।
22 Til Gengæld vil jeg til Harpespil prise din Trofasthed, min Gud, lege paa Citer for dig, du Israels Hellige;
২২হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম; হে ইস্ৰায়েলৰ পবিত্ৰ জনা, মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
23 juble skal mine Læber — ja, jeg vil lovsynge dig — og min Sjæl, som du udløste;
২৩মই যেতিয়া তোমাৰ উদ্দেশে প্ৰশংসাৰ গান কৰোঁ, তেতিয়া মোৰ ওঁঠ অতিশয় আনন্দিত হয়; তুমি মুক্ত কৰা মোৰ প্ৰাণ আনন্দিত হয়।
24 ogsaa min Tunge skal Dagen igennem forkynde din Retfærd, thi Skam og Skændsel faar de, som vil mig ilde.
২৪মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম; মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হ’ল।