< Salme 113 >
1 Halleluja! Pris, I HERRENS Tjenere, pris HERRENS Navn!
১তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, প্ৰশংসা কৰা; যিহোৱাৰ নামৰ প্ৰশংসা কৰা।
2 HERRENS Navn være lovet fra nu og til evig Tid;
২এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক।
3 fra Sol i Opgang til Sol i Bjærge være HERRENS Navn lovpriset!
৩সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।
4 Over alle Folk er HERREN ophøjet, hans Herlighed højt over Himlene.
৪যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ।
5 Hvo er som HERREN vor Gud, som rejste sin Trone i det høje
৫আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাহীন,
6 og skuer ned i det dybe — i Himlene og paa Jorden —
৬যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে;
7 som rejser den ringe af Støvet, løfter den fattige op af Skarnet
৭তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,
8 og sætter ham mellem Fyrster, imellem sit Folks Fyrster,
৮যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোক সকলৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে।
9 han, som lader barnløs Hustru sidde som lykkelig Barnemoder!
৯তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।