< Salme 110 >

1 Af David. En Salme. HERREN sagde til min Herre: »Sæt dig ved min højre Haand, til jeg lægger dine Fjender som en Skammel for dine Fødder!«
যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
2 Fra Zion udrækker HERREN din Vældes Spir; hersk midt iblandt dine Fjender!
যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব, তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”
3 Dit Folk møder villigt frem paa din Vældes Dag; i hellig Prydelse kommer dit unge Mandskab til dig som Dug af Morgenrødens Moderskød.
যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।
4 HERREN har svoret og angrer det ej: »Du er Præst evindelig paa Melkizedeks Vis.«
“তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।” যিহোৱাই এই শপত খালে; তেওঁ নিজৰ মন সলনি নকৰিব।
5 Herren ved din højre knuser Konger paa sin Vredes Dag,
যিহোৱা তোমাৰ সোঁহাতে আছে; ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।
6 blandt Folkene holder han Dom, fylder op med døde, knuser Hoveder viden om Lande.
তেওঁ জাতি সমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব, তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব; তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব।
7 Han drikker af Bækken ved Vejen, derfor løfter han Hovedet højt.
তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব; তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।

< Salme 110 >