< Nehemias 9 >
1 Men paa den fire og tyvende Dag i samme Maaned samledes Israeliterne under Faste og i Sørgedragt med Jord paa Hovedet;
১তাৰ পাছত সেই মাহৰ চৌবিশ দিনৰ দিনা ইস্ৰায়েলৰ সন্তান সকল সমবেত হৈ লঘোন দি, চট কাপোৰ পিন্ধিলে, আৰু তেওঁলোকে নিজৰ মুৰত ধুলি লগালে।
2 og de, der var af Israels Slægt, skilte sig ud fra alle fremmede og traadte frem og bekendte deres Synder og deres Fædres Misgerninger.
২ইস্ৰায়েলৰ-বংশধৰ সকলে বিদেশী সকলৰ পৰা নিজক পৃথক কৰিলে। তেওঁলোকে থিয় হৈ নিজৰ নিজৰ পাপ, আৰু তেওঁলোকৰ পুৰ্ব-পুৰুষ সকলৰ অপৰাধ স্বীকাৰ কৰিলে।
3 Saa rejste de sig paa deres Plads, og der blev læst op af Bogen med HERREN deres Guds Lov i en Fjerdedel af Dagen, og i en anden Fjerdedel bekendte de deres Synder og tilbad HERREN deres Gud.
৩তেওঁলোকে নিজৰ ঠাইত থিয় হ’ল, আৰু দিনৰ চাৰিভাগৰ এভাগ সময় তেওঁলোকে ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা পুস্তক খন পাঠ কৰিলে, আৰু দিনৰ চাৰিভাগৰ আন এভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰণিপাত কৰি পাপ স্বীকাৰ কৰিলে।
4 Og Jesua, Bani, Kadmiel, Sjebanja, Bunni, Sjerebja, Bani og Kenani traadte op paa Leviternes Forhøjning og raabte med høj Røst til HERREN deres Gud;
৪লেবীয়া, যেচুৱা, বানী, কদ্মীয়েল, চবনিয়া, বুন্নী, চেৰেবিয়া, বাণী, আৰু কনানী সকলে খটখটিত থিয় হৈ, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আগত উচ্চস্বৰে স্তুতিগীত কৰিলে।
5 og Leviterne Jesua, Kadmiel, Bani, Hasjabneja, Sjerebja, Hodija, Sjebanja og Petaja sagde: »Staa op og lov HERREN eders Gud fra Evighed til Evighed!« Da lovede de hans herlige Navn, som er ophøjet over al Lov og Pris.
৫তাৰ পাছত লেবীয়া সকলৰ, যেচুৱা, কদ্মীয়েল, বানী, হচবনিয়া, চেৰেবিয়া, হোদিয়া, চবনিয়া আৰু পথহিয়াই ক’লে, আপোনালোক উঠক; আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে থকা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্ব্বাদযুক্ত হওক; আৰু সকলো আশীর্বাদ আৰু প্রশংসাতকৈ মৰ্য্যদাপূৰ্ণ হওক।
6 Derpaa sagde Ezra: »Du, HERRE, er den eneste; du har skabt Himmelen, Himlenes Himle med al deres Hær, Jorden med alt, hvad der er paa den, Havene med alt, hvad der er i dem; du giver dem alle Liv, og Himmelens Hær tilbeder dig.
৬আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতবোৰৰ সৈতে, পৃথিৱী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
7 Du er Gud HERREN, der udvalgte Abram og førte ham bort fra Ur-Kasdim og gav ham Navnet Abraham;
৭আপুনি সেই ঈশ্ৱৰ যিহোৱা, যি জনে অব্ৰামক মনোনীত কৰি কলদীয়া সকলৰ দেশ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহাম ৰাখিছিল।
8 og du fandt hans Hjerte fast i Troen for dit Aasyn og sluttede Pagt med ham om at give hans Afkom Kana'anæernes, Hetiternes, Amoriternes, Perizziternes, Jebusiternes og Girgasjiternes Land; og du holdt dit Ord; thi du er retfærdig.
৮আপোনাৰ সাক্ষাতে তেওঁৰ মন বিশ্বাস যোগ্য পাই, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, যিবুচীয়া, আৰু গিৰ্গাচীয়া, এই কনানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্রতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধৰ্মপৰায়ণ ঈশ্ৱৰ।
9 Og da du saa vore Fædres Nød i Ægypten og hørte deres Raab ved det røde Hav,
৯আপুনি মিচৰত থকা আমাৰ ওপৰ-পিতৃসকলৰ দুখলৈ দৃষ্টি কৰিছিল, আৰু চূফ সাগৰৰ কাষত তেওঁলোকৰ কাতৰোক্তি শুনিছিল।
10 udførte du Tegn og Undere paa Farao og alle hans Tjenere og alt Folket i hans Land, fordi du vidste, at de havde handlet overmodigt med dem. Og saaledes skabte du dig et Navn, som du har den Dag i Dag.
১০আপুনি ফৰৌণক, তেওঁৰ সকলো দাসক, আৰু তেওঁৰ দেশৰ সকলো প্ৰজাবোৰক চিন আৰু অদ্ভুত লক্ষণ দেখুৱাইছিল; কাৰণ মিচৰীয়াসকলে তেওঁলোকৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰা কথা আপুনি জানিছিল। কিন্তু আপুনি নিজৰ নাম স্থাপন কৰিলে, যি আজিও একেদৰে আছে।
11 Du kløvede Havet for deres Øjne, saa de vandrede midt igennem Havet paa tør Bund, og dem, der forfulgte dem, styrtede du i Dybet som Sten i vældige Vande.
১১আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে; কিন্তু তেওঁলোকৰ পাছত খেদি অহাবোৰক হ’লে, গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে।
12 I en Skystøtte førte du dem om Dagen og i en Ildstøtte om Natten, saa den lyste for dem paa Vejen, de skulde vandre.
১২আপুনি ৰাতি অগ্নি স্তম্ভৰ দ্ৱাৰাই তেওঁলোকৰ পথ পোহৰ কৰি আৰু দিনত মেঘ স্তম্ভৰ দ্ৱাৰাই ছাঁ দি তেওঁলোকক আগুৱাই নিলে।
13 Du steg ned paa Sinaj Bjerg, du talede med dem fra Himmelen og gav dem retfærdige Lovbud og tilforladelige Love, gode Anordninger og Bud.
১৩আপুনি চীনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।
14 Du kundgjorde dem din hellige Sabbat og paalagde dem Bud, Anordninger og Love ved din Tjener Moses.
১৪আপোনাৰ পবিত্ৰ বিশ্ৰাম-বাৰ তেওঁলোকক জনালে, আৰু আপোনাৰ দাস মোচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা, বিধি, আৰু নিয়ম প্রণালীবোৰ দিলে।
15 Du gav dem Brød fra Himmelen til at stille deres Sult og lod Vand springe ud af Klippen til at slukke deres Tørst. Og du bød dem drage hen og tage det Land i Besiddelse, som du med løftet Haand havde lovet dem.
১৫তেওঁলোকৰ ভোক লগা সময়ত আকাশৰ পৰা আহাৰ দিলে, আৰু পিয়াহ গুচাবলৈ শিলৰ পৰা পানী উলিয়ালে। আপুনি যি দেশ দিবলৈ তেওঁলোকক প্রতিজ্ঞা কৰিছিল, সেই দেশলৈ যাবলৈ তেওঁলোকক আজ্ঞা দিলে।
16 Men vore Fædre blev overmodige og halsstarrige og hørte ikke paa dine Bud;
১৬কিন্তু তেওঁলোক আৰু আমাৰ পূৰ্ব-পুৰুষ সকলে অসন্মান জনক কার্য কৰিলে। তেওঁলোক আঁকোৰগোঁজ আছিল, আৰু আপোনাৰ আজ্ঞাবোৰ শুনা নাছিল।
17 de vægrede sig ved at lyde og ihukom ikke dine Undergerninger, som du havde gjort iblandt dem; de blev halsstarrige og satte sig i Hovedet at vende tilbage til Trældommen i Ægypten. Men du er Forladelsens Gud, naadig og barmhjertig, langmodig og rig paa Miskundhed, og du svigtede dem ikke.
১৭তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
18 Selv da de lavede sig et støbt Billede af en Kalv og sagde: Der er din Gud, som førte dig ud af Ægypten! og gjorde sig skyldige i svare Gudsbespottelser,
১৮তেওঁলোকে যেতিয়া ঈশ্বৰক নিন্দা কৰি সাঁচত ঢালি এটা দামুৰি নিৰ্ম্মাণ কৰি কৈছিল, “মিচৰৰ পৰা আপোনালোকক উলিয়াই অনা ঈশ্বৰ এৱেঁই” তথাপিও আপুনি তেওঁলোকক ত্যাগ কৰ নাছিল।
19 svigtede du dem i din store Barmhjertighed ikke i Ørkenen; Skystøtten veg ikke fra dem om Dagen, men ledede dem paa Vejen, ej heller Ildstøtten om Natten, men lyste for dem paa Vejen, de skulde vandre.
১৯আপোনাৰ দয়াৰ গুণে তেওঁলোকক আপুনি মৰুভূমিত ত্যাগ কৰা নাছিল। তেওঁলোকক বাটত লৈ যাবলৈ দিনত মেঘ স্তম্ভ আৰু ৰাতি পোহৰ দিবলৈ অগ্নি স্তম্ভ তেওঁলোকৰ পৰা দূৰ কৰা নাছিল।
20 Du gav dem din gode Aand for at give dem Indsigt og forholdt ikke deres Mund din Manna, og du gav dem Vand til at slukke deres Tørst.
২০আপুনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে আপোনাৰ মঙ্গলময় আত্মা তেওঁলোকক দান কৰিলে, আৰু তেওঁলোকৰ মুখৰ পৰা আপোনাৰ মান্না প্রত্যাহাৰ নকৰিলে, আৰু তেওঁলোকৰ পিয়াহ গুচাবলৈ তেওঁলোকক পানী দিলে।
21 I fyrretyve Aar sørgede du for dem i Ørkenen, saa de ingen Nød led; deres Klæder sledes ikke op, og deres Fødder hovnede ikke.
২১আপুনি চল্লিশ বছৰলৈকে মৰুভূমিত তেওঁলোকক প্ৰতিপালন কৰি আছিলে। তেওঁলোকৰ একো বস্তুৰে অভাৱ হোৱা নাছিল। তেওঁলোকৰ কাপোৰ ফটা নাছিল আৰু তেওঁলোকৰ ভৰিও ফুলা নাছিল।
22 Du gav dem Riger og Folkeslag; som du uddelte Stykke for Stykke. De tog Kong Sihon af Hesjbons Land og Kong Og af Basans Land i Besiddelse.
২২আপুনি তেওঁলোকক ৰাজ্য সমূহ আৰু লোকসকল দিলে আৰু তেওঁলোকক চাৰিও দিশে ভূমি প্রদান কৰিলে। সেয়ে তেওঁলোকে ৰজা হিচবোনৰ চীহোন দেশ, আৰু ৰজা বাচানৰ ওগ দেশ অধিকাৰ কৰিলে।
23 Du gjorde deres Børn talrige som Himmelens Stjerner og førte dem ind i det Land, du havde lovet deres Fædre, at de skulde komme ind i og tage i Besiddelse;
২৩আপুনি তেওঁলোকৰ সন্তানক আকাশ-মণ্ডলৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে, আৰু তেওঁলোকক আপুনি তেওঁলোকৰ দেশলৈ আনিলে। আপুনি তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলক ক’লে, “তালৈ যোৱা আৰু অধিকাৰ কৰা।”
24 og Børnene kom og tog Landet i Besiddelse, og du underlagde dem Landets Indbyggere, Kana'anæerne, og gav dem i deres Haand, baade deres Konger og Folkene i Landet, saa de kunde handle med dem, som de fandt for godt.
২৪সেয়ে লোকসকলে তালৈ গৈ দেশ অধিকাৰ কৰিলে, আৰু আপুনি সেই দেশ নিবাসী কনানীয়া সকলক তেওঁলোকৰ বশীভূত কৰিলে। তেওঁলোকে ভাল পোৱাৰ দৰে ইস্রায়েলী সকলে যাতে কৰে, সেয়ে তেওঁলোকৰ দেশৰ ৰজাৰ সৈতে লোক সকলকো আপুনি তেওঁলোকৰ হাতত শোধাই দিলে।
25 De indtog befæstede Byer og frugtbart Land, og Huse, fulde af alle Slags Goder, tog de i Besiddelse og udhugne Cisterner, Vingaarde, Oliventræer og Frugttræer i Mængde; og de spiste sig mætte og blev fede og gjorde sig til gode med dine store Rigdomme.
২৫তেওঁলোকে গড়েৰে আবৃত নগৰবোৰ আৰু এখন উৰ্বৰা দেশ অধিকাৰ কৰিলে। তেওঁলোকে সকলো উত্তম বস্তুৰে ভৰি থকা ঘৰ সমূহ, ইতিমধ্যে খান্দি থোৱা নাদ, দ্ৰাক্ষাবাৰী, জিত বাৰী, আৰু ফল ধৰা বহুত গছ অধিকাৰ কৰিলে। সেয়ে তেওঁলোকে সেইবোৰ খাই তৃপ্ত হ’ল, আৰু আপোনাৰ মহান দয়াত তেওঁলোকে আনন্দ কৰিলে।
26 Men de var genstridige og satte sig op imod dig; de kastede din Lov bag deres Ryg, dræbte dine Profeter, som talte dem alvorligt til for at lede dem tilbage til dig, og gjorde sig skyldige i svare Gudsbespottelser.
২৬তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
27 Da gav du dem i deres Fjenders Haand, og de bragte Trængsel over dem. Men naar de da i deres Trængsel raabte til dig, hørte du dem i Himmelen og sendte dem i din store Barmhjertighed Befriere, som friede dem af deres Fjenders Haand.
২৭যি সকলে তেওঁলোকক দুখ দিছিল সেই শত্রুবোৰৰ হাতত আপুনি তেওঁলোকক শোধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্রহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকৰ শত্রুৰ হাতৰ পৰা বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
28 Men naar de fik Ro, handlede de atter ilde for dit Aasyn. Da overlod du dem i deres Fjenders Haand, og de undertvang dem. Men naar de atter raabte til dig, hørte du dem i Himmelen og udfriede dem i din Barmhjertighed Gang paa Gang.
২৮কিন্তু তেওঁলোকে কিছুদিন স্থিৰে থকাৰ পাছত, পুনৰ তেওঁলোকে আপোনাৰ সাক্ষাতে কু-আচৰণ কৰিলে। সেয়ে আপুনি তেওঁলোকক তেওঁলোকৰ শত্রুবোৰৰ হাতত শোধাই দিলে, আৰু শত্রুবোৰে তেওঁলোকৰ ওপৰত শাসন কৰিলে। তথাপি তেওঁলোকে যেতিয়া ঘূৰি আহি আপোনাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি আপোনাৰ কৃপাৰ গুণে বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
29 Du talede dem alvorligt til for at lede dem tilbage til din Lov, men de var overmodige og vilde ikke høre paa dine Bud, og de syndede mod dine Lovbud, som dog holder det Menneske i Live, der gør efter dem; de vendte i Genstridighed Ryggen til og var halsstarrige og vilde ikke lyde.
২৯আপোনাৰ বিধানলৈ যাতে তেওঁলোক ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে। তথাপি তেওঁলোকে গৰ্ব্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যি সকলে আপোনাৰ বিধান পালন কৰে, তেওঁলোকে জীৱন লাভ কৰে; কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নিশুনিলেও।
30 I mange Aar var du langmodig imod dem og talede dem alvorligt til ved din Aand gennem dine Profeter; men da de ikke vilde høre, gav du dem til Pris for Hedningefolkene.
৩০আপুনি অনেক বছৰ তেওঁলোকৰ লগত থাকি তেওঁলোকক সহন কৰিলে, আৰু ভাববাদীৰ দ্ৱাৰাই আপোনাৰ আত্মাৰে তেওঁলোকক সাৱধান কৰিলে, কিন্তু তেওঁলোকে নুশুনিলে। সেয়ে তেওঁলোকক চুবুৰীয়া দেশৰ লোকৰ হাতত শোধাই দিলে।
31 Dog har du i din store Barmhjertighed ikke helt tilintetgjort dem eller forladt dem, thi du er en naadig og barmhjertig Gud!
৩১কিন্তু আপোনাৰ মহান অনুগ্রহৰ বাবে আপুনি তেওঁলোকক সম্পুৰ্ণভাৱে শেষ নকৰিলে আৰু ত্যাগো নকৰিল; কিয়নো আপুনি দয়ালু আৰু কৃপাময় ঈশ্বৰ।
32 Og nu, vor Gud, du store, vældige, frygtelige Gud, som holder fast ved Pagten og Miskundheden! Lad ikke alle de Lidelser, der har ramt os, vore Konger, Øverster, Præster, Profeter, vore Fædre og hele dit Folk fra Assyrerkongernes Dage indtil i Dag, synes ringe for dine Øjne!
৩২সেয়ে এতিয়া, হে আমাৰ মহান, পৰাক্রমী, আৰু ঐশ্বৰ্য্যৱান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোঁতা ঈশ্ৱৰ আৰু আপোনাৰ প্রেম সদা কাললৈকে একে। ৰজা অচুৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ, আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্ব-পুৰুষ, আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক।
33 I alt, hvad der er kommet over os, staar du retfærdig, thi du har vist dig trofast, men vi var ugudelige.
৩৩আমাৰ ওপৰত ঘটা সকলো বিষয়ত আপুনি ন্যায়ৱান আছিল, কিয়নো আপুনি সত্যতাৰে ব্যৱহাৰ কৰিলে; কিন্তু আমি কু-আচৰণ কৰিলোঁ।
34 Vore Konger, Øverster og Præster og vore Fædre handlede ikke efter din Lov og lyttede ikke til dine Bud og de Vidnesbyrd, du lod dem blive til Del.
৩৪আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, আৰু আমাৰ পূৰ্ব-পুৰুষসকলে আপোনাৰ বিধান পালন নকৰিলে। আপোনাৰ বিধান আৰু আজ্ঞা অনুসাৰে সাৱধান কৰা কথালৈও তেওঁলোকে মনোযোগ নিদিলে।
35 Da de var i Besiddelse af deres Rige og de store Rigdomme, du gav dem, og af det vidtstrakte, frugtbare Land, du oplod for dem, tjente de dig ikke, og de omvendte sig ikke fra deres onde Gerninger.
৩৫এনেকি তেওঁলোকৰ নিজৰ ৰাজ্যত, তেওঁলোকে যেতিয়া আপোনাৰ মহান দয়াত তেওঁলোকক দিয়া বৃহৎ আৰু উৰ্বৰা দেশ উপভোগ কৰিছিল, তেতিয়াও তেওঁলোকে আপোনাৰ সেৱা-ভক্তি কৰা নাছিল, আৰু তেওঁলোকৰ কু-আচৰণ ত্যাগ কৰা নাছিল।
36 Se, derfor er vi nu Trælle; i det Land, du gav vore Fædre, for at de skulde nyde dets Frugter og Rigdom, er vi Trælle;
৩৬বৰ্তমান আমি বন্দী, আপুনি আমাৰ পূৰ্ব-পুৰুষ সকলক ইয়াৰ ফল আৰু উত্তম বস্তু উপভোগ কৰিবলৈ দিছিল। চাওক, আমি সেই দেশতেই বন্দী হৈ আছোঁ।
37 dets rige Afgrøde tilfalder de Konger, du for vore Synders Skyld har øvet Magten over os, og de gør, hvad de lyster, med vore Kroppe og vort Kvæg. Vi er i stor Nød!«
৩৭আমাৰ পাপৰ বাবে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাসকললৈ আমাৰ দেশত উৎপন্ন হোৱা উত্তম শস্যবোৰ যায়। তেওঁলোকে ভাল পোৱাৰ দৰেই আমাৰ শৰীৰৰ আৰু আমাৰ জীৱ-জন্তুবোৰৰ ওপৰত ৰাজত্ৱ কৰে। সেয়ে আমি বৰ দুখত আছোঁ।
38 I Henhold til alt dette indgaar vi med Navns Underskrift en urokkelig Pagt, og den beseglede Skrivelse er underskrevet af vore Øverster, Leviter og Præster.
৩৮এই সকলোৰ কাৰণে, আমি লিখিতভাৱে প্রতিজ্ঞাৱদ্ধ হ’লো, আমাৰ কোঁৱৰ, লেবীয়া আৰু পুৰোহিতসকলৰ নামেৰে সেই নথি পত্র মোহৰ মৰা হ’ল।”