< Nehemias 8 >
1 samledes hele Folket fuldtalligt paa den aabne Plads foran Vandporten og bad Ezra den Skriftlærde om at hente Bogen med Mose Lov, som HERREN havde paalagt Israel.
১জল-দুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইস্ৰায়েলৰ বাবে যিহোৱাই আদেশ কৰা মোচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজ্ৰা অধ্যাপকক ক’লে।
2 Saa hentede Præsten Ezra Loven og fremlagde den for Forsamlingen, Mænd, Kvinder og alle, der havde Forstand til at høre; det var den første Dag i den syvende Maaned;
২সপ্তম মাহৰ প্ৰথম দিনা ইজ্ৰা পুৰোহিতে সমাজৰ আগলৈ, স্ত্ৰী-পুৰুষ আদি যিমান লোকে শুনিব আৰু বুজিব পাৰে, তেওঁলোকৰ ওচৰলৈ সেই পুস্তক আনিলে।
3 og vendt mod den aabne Plads foran Vandporten læste han den op fra Daggry til Middag for Mændene, Kvinderne og dem, der kunde fatte det, og alt Folket lyttede til Lovbogens Ord.
৩জল-দুৱাৰৰ আগত থকা মুকলি ঠাইৰ ফালে মুখ কৰি, স্ত্ৰী-পুৰুষ আদি যিমানে বুজিব পাৰে, তেওঁলোকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰ বেলালৈকে তাক পাঠ কৰিলে। সকলো লোকে সেই ব্যৱস্থা-পুস্তকৰ কথা মনদি শুনিলে।
4 Ezra den Skriftlærde stod paa en Forhøjning af Træ, som var lavet i den Anledning, og ved Siden af ham stod til højre Mattitja, Sjema, Anaja, Urija, Hilkija og Ma'aseja, til venstre Pedaja, Misjael, Malkija, Hasjum, Hasjbaddana, Zekarja og Mesjullam.
৪ইজ্ৰা অধ্যাপকে, সেই কাৰ্যৰ কাৰণে সজা এখন ওখ কাঠৰ মঞ্চৰ ওপৰত থিয় হৈছিল। তেওঁৰ ওচৰত সোঁ ফালে মত্তিথিয়া, চেমা, অনায়া, উৰিয়া, হিল্কিয়া, আৰু মাচেয়া, আৰু বাওঁফালে পদায়া, মিচায়েল, মল্কিয়া, হাচুম, হচবদ্দানা, জখৰিয়া আৰু মচুল্লম থিয় হৈছিল।
5 Og Ezra aabnede Bogen i hele Folkets Paasyn, thi han stod højere end Folket, og da han aabnede den, rejste hele Folket sig op.
৫তাৰ পাছত ইজ্ৰাই সকলো লোকতকৈ ওখ ঠাইত থিয় হৈ সকলো লোকে দেখাকৈ পুস্তকখন মেলিলে। তেওঁ পুস্তকখন মেলা মাত্ৰে সকলো লোক উঠি থিয় হ’ল।
6 Derpaa lovpriste Ezra HERREN, den store Gud, og hele Folket svarede med oprakte Hænder: Amen, Amen! Og de bøjede sig og kastede sig med Ansigtet til Jorden for HERREN.
৬ইজ্ৰাই মহান ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু সকলো লোকে হাত দাঙি উত্তৰ দিলে, “আমেন!, আমেন!” তাৰ পাছত মুৰ দোঁৱাই মাটিত উবুৰি হৈ যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।
7 Og Leviterne Jesua, Bani, Sjerebja, Jamin, Akkub, Sjabbetaj, Hodija, Ma'aseja, Kelita, Azarja, Jozabad, Hanan og Pelaja udlagde Loven for Folket, medens Folket blev paa sin Plads,
৭আৰু যেচুৱা, বানী, চেৰেবিয়া, যামীন, অক্কুব, চবথয়, হোদিয়া, মাচেয়া, কলীটা, অজৰিয়া, যোজাবদ, হানন, পলায়া, আৰু লেবীয়াসকলে, নিজ নিজ ঠাইত থিয় হৈ থকা লোকসকলক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজিবলৈ সহায় কৰিলে।
8 og de oplæste Stykke for Stykke af Bogen med Guds Lov og udlagde det, saa man kunde fatte det.
৮তাৰ পাছত তেওঁলোকে স্পষ্টকৈ ঈশ্বৰৰ ব্যৱস্থা-পুস্তক পাঠ কৰিলে, আৰু লোকসকলে বুজিব পৰাকৈ তাৰ অৰ্থ বুজাই দিলে।
9 Derpaa sagde Nehemias, det er Statholderen, og Præsten Ezra den Skriftlærde og Leviterne, der underviste Folket, til alt Folket: Denne Dag er helliget HERREN eders Gud! Sørg ikke og græd ikke! Thi hele Folket græd, da de hørte Lovens Ord.
৯দেশাধ্যক্ষ নহিমিয়া, অধ্যাপক আৰু পুৰোহিত ইজ্ৰা, আৰু লেবীয়াসকল যি সকলে অৰ্থ বুজাই দিছিল, তেওঁলোকে লোকসকলক ক’লে, “আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে শোক নকৰিব আৰু নাকান্দিব।” কাৰণ ব্যৱস্থা পুস্তকৰ বাক্য শুনি সকলো লোকে কান্দি আছিল।
10 Og han sagde til dem: Gaa hen og spis fede Spiser og drik søde Drikke og send noget til dem, der intet har, thi denne Dag er helliget vor Herre; vær ikke nedslaaede, thi HERRENS Glæde er eders Styrke!
১০তেতিয়া নহিমিয়াই তেওঁলোকক ক’লে, “যাওক, চৰ্বি জাতীয় বস্তু ভোজন কৰক, আৰু মিঠা ৰস পান কৰক, আৰু যাৰ প্ৰস্তুত কৰা একো বস্তু নাই, তেওঁলোকৰ কাৰণে কিছু আহাৰ পঠাই দিয়ক। কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব; কাৰণ যিহোৱাত যি আনন্দ সেয়ে আপোনালোকৰ শক্তি।”
11 Og Leviterne tyssede paa alt Folket og sagde: Vær stille, thi denne Dag er hellig, vær ikke nedslaaede!
১১সেয়ে লেবীয়াসকলে লোকসকলক শান্ত কৰি ক’লে, “মনে মনে থাকক, কাৰণ আজি পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব।”
12 Da gik alt Folket hen og spiste og drak og sendte Gaver, og de fejrede en stor Glædesfest; thi de fattede Ordene, man havde kundgjort dem.
১২তেতিয়া তেওঁলোকক বুজাব বিচাৰা কথা বুজি, খোৱা-বোৱা কৰিবলৈ, আৰু আহাৰ ভাগ কৰি খাবলৈ, আৰু অতিশয় আনন্দেৰে উদযাপন কৰি সকলো লোক নিজ বাটে গ’ল।
13 Næste Dag samledes Overhovederne for alt Folkets Fædrenehuse og Præsterne og Leviterne hos Ezra den Skriftlærde for at mærke sig Lovens Ord,
১৩তাৰ পাছত দ্বিতীয় দিনা সকলো লোকৰ পিতৃ বংশৰ মূল লোক, পুৰোহিত, আৰু লেবীয়াসকলে ব্যৱস্থা পুস্তকৰ বাক্য গভীৰ ভাবে বুজিবলৈ ইজ্ৰা অধ্যাপকৰ ওচৰলৈ আহি গোট খালে।
14 og i Loven som HERREN havde paabudt ved Moses, fandt de skrevet, at Israeliterne paa Højtiden i den syvende Maaned skulde bo i Løvhytter,
১৪তেওঁলোকে, ব্যৱস্থা পুস্তকত লিখা কথাৰ পৰা গম পালে যে, কি দৰে মোচিৰ দ্বাৰাই যিহোৱাই আদেশ কৰা অনুযায়ী, ইস্ৰায়েলৰ সন্তান সকলে সপ্তম মাহৰ পৰ্ব্বৰ কালত গৃহত থাকিব লাগে।
15 og at man i alle deres Byer og i Jerusalem skulde udraabe og kundgøre følgende Budskab: Gaa ud i Bjergene og hent Grene af ædle og vilde Oliventræer, Myrter, Palmer og andre Løvtræer for at bygge Løvhytter som foreskrevet!
১৫আপোনালোকে ইয়াত লিখাৰ দৰে যিৰূচালেমত আৰু তেওঁলোকৰ সকলো নগৰত এই কথা ঘোষণা কৰি ক’ব লাগে যে, “অস্থায়ী আশ্ৰয় গৃহ সাজিবৰ কাৰণে পৰ্ব্বতলৈ গৈ জলফাই গছ, বনৰীয়া জিত গছ আৰু মেন্দি গছৰ ডাল, খাজুৰ পাত আৰু ছাঁ দিয়া গছৰ পাত আনক।”
16 Saa gik Folket ud og hentede det og byggede sig Løvhytter paa deres Tage og i deres Forgaarde og i Guds Hus's Forgaarde og paa de aabne Pladser ved Vandporten og Efraimsporten.
১৬সেয়ে লোকসকলে ওলাই গৈ সেইবোৰ আনি প্ৰতেকে নিজৰ বাবে তেওঁলোকৰ নিজৰ চোতালত, ঈশ্বৰৰ গৃহৰ চোতাল বোৰত, জল-দুৱাৰৰ সন্মুখৰ মুকলি ঠাইত আৰু ইফ্ৰয়িমৰ দুৱাৰৰ সন্মুখৰ মুকলি ঠাইত গৃহ সাজিলে।
17 Og hele Forsamlingen, der var vendt tilbage fra Fangenskabet, byggede Løvhytter og boede i dem. Thi fra Josuas, Nuns Søns, Dage og lige til den Dag havde Israeliterne ikke gjort det, og der herskede saare stor Glæde.
১৭সমবেত হোৱা লোকসকলৰ, যি সকল বন্দী অৱস্থাৰ পৰা ঘূৰি আহিছিল, গৃহ সাজি তাত বাস কৰিলে। কাৰণ নুনৰ পুত্ৰ যেচুৱাৰ দিনৰে পৰা সেই দিনলৈকে ইস্ৰায়েলৰ সন্তান সকলে এই পৰ্ব পালন কৰা নাছিল; সেয়ে অধিক আনন্দ হ’ল।
18 Og han læste op af Bogen med Guds Lov Dag for Dag fra den første til den sidste; og de fejrede Højtiden i syv Dage, og paa den ottende holdtes der festlig Samling paa foreskreven Maade.
১৮ইজ্ৰাই প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে প্ৰতি দিনে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। তেওঁলোকে সাত দিন পৰ্ব্ব পালন কৰিলে; আৰু বিধি অনুসাৰে অষ্টম দিনা ধৰ্ম-সভা পালন কৰিলে।