< Markus 4 >

1 Og han begyndte atter at lære ved Søen. Og en meget stor Skare samles om ham, saa at han maatte gaa om Bord og sætte sig i et Skib paa Søen; og hele Skaren var paa Land ved Søen.
তাৰ পাছত যীচুৱে সাগৰৰ তীৰত গৈ পুনৰ উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধিক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ সাগৰলৈ গৈ এখন নাৱত উঠি বহিল; আৰু লোক সকল সাগৰৰ পাৰতে ৰৈ থাকিল।
2 Og han lærte dem meget i Lignelser og sagde til dem i sin Undervisning:
তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁলোকক অনেক উপদেশ দিলে আৰু উপদেশ দিওঁতে তেওঁলোকক কলে:
3 „Hører til: Se, en Sædemand gik ud at saa.
“শুনক, এজন খেতিয়কে কঠীয়া সিচিঁবলৈ গ’ল।
4 Og det skete, idet han saaede, at noget faldt ved Vejen, og Fuglene kom og aade det op.
তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠীয়া আলিবাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুঁটি খালে।
5 Og noget faldt paa Stengrund, hvor det ikke havde megen Jord; og det voksede straks op, fordi det ikke havde dyb Jord.
কিছুমান কঠিয়া অলপ মাটি থকা শিলনিত পৰিল, তাতে মাটি ডাঠ নোহোৱাৰ বাবে সোনকালে গজিল৷
6 Og da Solen kom op, blev det svedet af, og fordi det ikke havde Rod, visnede det.
কিন্তু যেতিয়া সূৰ্য উদয় হ’ল আৰু তাপ লাগিল তেতিয়া শিপা নোহোৱা বাবে, সেইবোৰ শুকাই গ’ল।
7 Og noget faldt iblandt Torne, og Tornene voksede op og kvalte det, og det bar ikke Frugt.
কিছুমান কঠিয়া কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠি সেইবোৰক হেচি ধৰিলে আৰু সেইবোৰত একো ফল নধৰিল৷
8 Og noget faldt i god Jord og bar Frugt, som skød frem og voksede, og det bar tredive og tresindstyve og hundrede Fold.”
আন কিছুমান কঠিয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফলউৎপন্ন হ’ল৷ সেই কঠিয়াবোৰৰ কিছুমানে ডেৰকুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।”
9 Og han sagde: „Den, som har Øren at høre med, han høre!”
তেওঁ ক’লে, “যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক”।
10 Og da han blev ene, spurgte de, som vare om ham, tillige med de tolv ham om Lignelserne.
১০তাৰ পাছত যীচু নিৰ্জন ঠাইত থকা সময়ত তেওঁৰ সঙ্গী সকলে সেই বাৰ জন শিষ্যৰ সৈতে গৈ সেই দৃষ্টান্ত কেইটাৰ বিষয়ে তেওঁক সুধিলে।
11 Og han sagde til dem: „Eder er Guds Riges Hemmelighed givet; men dem, som ere udenfor, meddeles alt ved Lignelser,
১১তেতিয়া তেওঁ তেওঁলোকক কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে,
12 for at de, skønt seende, skulle se og ikke indse og, skønt hørende, skulle høre og ikke forstaa, for at de ikke skulle omvende sig og faa Forladelse.”
১২যাতে তেওঁলোকে যেতিয়া চাই, হয়, তেওঁলোকে চাই; কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে; হয়, শুনে, কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”
13 Og han siger til dem: „Fatte I ikke denne Lignelse? Hvorledes ville I da forstaa alle de andre Lignelser?
১৩পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?
14 Sædemanden saar Ordet.
১৪সেই খেতিয়কে বাক্য সিচেঁ।
15 Men de ved Vejen, det er dem, hvor Ordet bliver saaet, og naar de høre det, kommer straks Satan og borttager Ordet, som er saaet i dem.
১৫য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানেআহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে;
16 Og ligeledes de, som blive saaede paa Stengrunden, det er dem, som, naar de høre Ordet, straks modtage det med Glæde;
১৬সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে,
17 og de have ikke Rod i sig, men holde kun ud til en Tid; derefter, naar der kommer Trængsel eller Forfølgelse for Ordets Skyld, forarges de straks.
১৭কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
18 Og andre ere de, som blive saaede blandt Torne; det er dem, som have hørt Ordet,
১৮আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত,
19 og denne Verdens Bekymringer og Rigdommens Forførelse og Begæringerne efter de andre Ting komme ind og kvæle Ordet, saa det bliver uden Frugt. (aiōn g165)
১৯সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভসোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়। (aiōn g165)
20 Og de, der bleve saaede i god Jord, det er dem, som høre Ordet og modtage det og bære Frugt, tredive og tresindstyve og hundrede Fold.”
২০আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”
21 Og han sagde til dem: „Mon Lyset kommer ind for at sættes under Skæppen eller under Bænken? Mon ikke for at sættes paa Lysestagen?
২১যীচুৱে তেওঁলোকক আৰু কলে, “তোমালোকে ঘৰৰ ভিতৰত চাকি জ্বলাই গছাৰ ওপৰত নথৈ দোণৰ বা খাটৰ তলত থবলৈ আনা নে? কিন্তু তাক ভিতৰলৈ আনি গছাৰ ওপৰতহে ৰখা হয়৷
22 Thi ikke er noget skjult uden for at aabenbares; ej heller er det blevet lønligt uden for at komme for Lyset.
২২কিয়নো যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাইআৰু যি বিষয় পোহৰলৈ নাহিব, এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই ৷
23 Dersom nogen har Øren at høre med, han høre!”
২৩কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
24 Og han sagde til dem: „Agter paa, hvad I høre! Med hvad Maal I maale, skal der tilmaales eder, og der skal gives eder end mere.
২৪যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব; আৰু তোমালোকক অধিক দিয়া হব।
25 Thi den, som har, ham skal der gives; og den, som ikke har, fra ham skal endog det tages, som han har.”
২৫কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হব।”
26 Og han sagde: „Med Guds Rige er det saaledes, som naar en Mand har lagt Sæden i Jorden
২৬যীচুৱে কলে, “ঈশ্ৱৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত সিচাঁৰ দৰে হয়৷
27 og sover og staar op Nat og Dag, og Sæden spirer og bliver høj, han ved ej selv hvorledes.
২৭তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে।
28 Af sig selv bærer Jorden Frugt, først Straa, derefter Aks, derefter fuld Kerne i Akset;
২৮পৃথিৱীয়ে নিজে নিজে, প্ৰথমে পাত, পাছত থোৰ, তাৰ পাছত থোকত পুৰ হোৱা গুটি উৎপন্ন কৰে।
29 men naar Frugten er tjenlig, sender han straks Seglen ud; thi Høsten er for Haanden.”
২৯তাতে গুটি পকাৰ পাছত, শস্য দাবৰ সময় উপস্থিত হল বুলি জানি, তেওঁ তেতিয়া কাচি লগায়৷”
30 Og han sagde: „Hvormed skulle vi ligne Guds Rige, eller under hvilken Lignelse skulle vi fremstille det?
৩০যীচুৱে পুনৰ ক’লে, “আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে এই বিষয়টো প্ৰকাশ কৰিম?
31 Det er som et Sennepskorn, som, naar det saas i Jorden, er mindre end alt andet Frø paa Jorden,
৩১সি এটি সৰিয়হ গুটিৰ নিচিনা; যি গুটি মাটিত সিচোঁতে, পৃথিৱীৰ আটাই কঠিয়াতকৈ সৰু;
32 og naar det er saaet, vokser det op og bliver større end alle Urterne og skyder store Grene, saa at Himmelens Fugle kunne bygge Rede i dets Skygge.”
৩২কিন্তু সেই বীজ সিচাঁৰ পাছত, সি গজি বাঢ়ি আটাই উদ্ভিদতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস কৰিব পাৰে।”
33 Og i mange saadanne Lignelser talte han Ordet til dem, efter som de kunde fatte det.
৩৩এইদৰে অনেক দৃষ্টান্তেৰে, যীচুৱে তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য ক’লে৷
34 Men uden Lignelse talte han ikke til dem; men i Enrum udlagde han det alt sammen for sine Disciple.
৩৪কিন্তু বিনা দৃষ্টান্তেৰে তেওঁলোকক একো নকলে; অৱশ্যে নিজৰ শিষ্য সকলক ব্যক্তিগত ভাবে সকলো বিষয় ব্যাখ্যা কৰি বুজাই দিলে।
35 Og paa den Dag, da det var blevet Aften, siger han til dem: „Lader os fare over til hin Side!”
৩৫সেইদিনা গধূলি সময়ত যীচুৱে তেওঁলোকক ক’লে, “আমি সিপাৰলৈ যাওঁহক৷”
36 Og de forlade Folkeskaren og tage ham med, som han sad i Skibet; men der var ogsaa andre Skibe med ham.
৩৬তেতিয়া শিষ্য সকলে লোক সকলক এৰি থৈ, তেওঁ যেনেকৈ নাৱত আছিল, তেনেকৈয়ে যীচুক লগত লৈ গ’ল; আৰু আন আন নাৱো তেওঁলোকৰ লগত আছিল।
37 Og der kommer en stærk Stormvind, og Bølgerne sloge ind i Skibet, saa at Skibet allerede var ved at fyldes.
৩৭পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হবলৈ ধৰিলে।
38 Og han var i Bagstavnen og sov paa en Hovedpude, og de vække ham og sige til ham: „Mester! bryder du dig ikke om, at vi forgaa?”
৩৮সেই সময়ত তেওঁ নাৱৰ গুৰিৰফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই ক’লে, “হে গুৰু, আমি যে এতিয়া মৰোঁ, ইয়ালৈ আপুনি চিন্তা নকৰে নে”?
39 Og han stod op og truede Vinden og sagde til Søen: „Ti, vær stille!” og Vinden lagde sig, og det blev ganske blikstille.
৩৯তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো ক’লে, “শান্তিৰে থিৰে থাক৷” তেতিয়া বতাহ আতৰি গ’ল, আৰু অতি শান্ত হৈ পৰিল।
40 Og han sagde til dem: „Hvorfor ere I saa bange? Hvorfor have I ikke Tro?”
৪০যীচুৱে তেওঁলোকক ক’লে, “তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?”
41 Og de frygtede saare og sagde til hverandre: „Hvem er dog denne, siden baade Vinden og Søen ere ham lydige?”
৪১তাতে তেওঁলোকে ভয়ত অতিশয় আতুৰ হৈ ইজনে সিজনে কোৱা-মেলা কৰি কলে, “বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁ নো কোন?”

< Markus 4 >