< Malakias 1 >
1 Et Udsagn; HERRENS Ord til Israel ved Malakias.
১মলাখীৰ দ্বাৰাই ইস্ৰায়েলীয়াসকললৈ যিহোৱাৰ বাক্য।
2 Jeg elsker eder, siger HERREN; men I spørger: »Hvori har du vist, at du elsker os?« Er Esau ikke Jakobs Broder, lyder det fra HERREN, og dog elsker jeg Jakob
২যিহোৱাই কৈছে, “মই তোমালোকক প্ৰেম কৰিলোঁ,” কিন্তু তোমালোকে কোৱা, “আপুনি আমাক কেনেকৈ প্ৰেম কৰিলে?” যিহোৱাই কৈছে, “এচৌ জানো যাকোবৰ ককায়েক নাছিল?
3 og hader Esau. Jeg har gjort hans Bjerge til Ørk og hans Arvelod til Øde.
৩তথাপিও মই যাকোবকহে প্ৰেম কৰিলোঁ; কিন্তু এচৌক অগ্রাহ্য কৰিলোঁ। মই তেওঁৰ পৰ্ব্বতবোৰ এক ধ্বংসস্থান কৰিলোঁ আৰু তেওঁৰ উত্তৰাধিকাৰ মৰুভূমিৰ শিয়ালবোৰক দিলোঁ।”
4 Naar Edom siger: »Vi er ødelagt, men vi bygger atter paa Tomterne«, saa siger Hærskarers HERRE: De bygger, men jeg river ned! De skal kaldes Gudløsheds Land og det Folk, HERREN i al Evighed vredes paa.
৪যদিও ইদোমে কৈছে, “আমাক চূর্ণ-বিচূর্ণ কৰা হ’ল; কিন্তু আমি ধ্বংসস্থানবোৰ পুনৰায় সাজিম;” সেয়ে, বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোকে সাজিব পাৰে, কিন্তু মই ভাঙি পেলাম; লোক সকলে তেওঁলোকক ‘দুষ্টতাৰ দেশ’ আৰু ‘যিহোৱাই চিৰকাল ক্ৰোধ কৰা জাতি বুলি’ ক’ব।
5 I skal se det med egne Øjne og sige: »HERRENS Vælde naar ud over Israels Grænser.«
৫ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাবা আৰু তোমালোকে ক’বা, “ইস্ৰায়েলৰ সীমাৰ বাহিৰতো যিহোৱা মহান হওঁক!”
6 En Søn ærer sin Fader, en Træl frygter sin Herre. Men er jeg Fader, hvor er da min Ære, og er jeg Herre, hvor er da Frygten for mig? siger Hærskarers HERRE til eder, I Præster, som ringeagter mit Navn. I spørger: »Hvorved har vi ringeagtet dit Navn?«
৬বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’
7 Ved at bringe urent Brød paa mit Alter! I spørger: »Hvorved har vi gjort det urent?« Ved at sige: »HERRENS Bord er lidet værd.«
৭তোমালোকে মোৰ যজ্ঞ-বেদীৰ ওপৰত অশুচি খোৱা-বস্তু উৎসৰ্গ কৰিছা। তথপিও কৈছা, ‘আমি কেনেকৈ আপোনাক অশুচি কৰিলোঁ?’ এইকথা কওঁতেই যিহোৱাৰ মেজক ঘৃণিত কৰা হয়।
8 Naar I bringer blinde Dyr som Offer, er der saa ikke noget ondt deri? Naar I bringer halte og syge Dyr, er der saa ikke noget ondt deri? Bring dem engang til din Statholder! Mon han vil synes derom og tage vel imod dig? siger Hærskarers HERRE.
৮তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে যেতিয়া খোৰা আৰু ৰোগীয়া পশু উৎসৰ্গ কৰা সেয়াও জানো দুষ্টতা নহয়? তোমালোকৰ দেশাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দি চোৱাচোন; তেওঁ গ্রাহ্য কৰিবনে বা তোমালোকৰ প্রতি প্ৰসন্ন হ’বনে? ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে।
9 Og saa vil I stemme Gud til Mildhed dermed, at han maa være os naadig! Fra eders Haand kommer slige Ting! Mon han vil tage vel imod eder, siger Hærskarers HERRE.
৯এতিয়া তোমালোকে ঈশ্বৰৰ ওচৰত নিবেদন কৰা যেন তেওঁ আমাৰ প্রতি সদয় হয়; তোমালোকৰ হাতেৰেই এনে উৎসর্গ কৰা হৈছে, সেয়ে তেওঁ জানো তোমালোকৰ এজনকো গ্রাহ্য কৰিব?” ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে।
10 Vilde dog en af eder lukke Dørene, saa I ikke til ingen Gavn skulde gøre Ild paa mit Alter! Jeg bryder mig ikke om eder, siger Hærskarers HERRE, og ønsker ikke Offergaver af eders Haand.
১০“ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসৰ্গ গ্ৰহণ নকৰিম।
11 Thi fra Stedet, hvor Solen staar op, til Stedet, hvor den gaar ned, er mit Navn stort iblandt Folkene, og alle Vegne bringes der mit Navn Røgoffer og rene Offergaver; thi mit Navn er stort iblandt Folkene, siger Hærskarers HERRE.
১১কিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
12 Men I vanhelliger det ved at sige: »Herrens Bord er urent, og ussel Frugt er hans Mad.«
১২“কিন্তু, তোমালোকেই ইয়াক অপবিত্র কৰিছা; কিয়নো তোমালোকে কৈছা, যিহোৱাৰ মেজ অশুচি; সেই মেজৰ ফল আৰু তাৰ খাদ্যক ঘৃণা কৰা হ’ব।
13 Og I siger: »Hvilket Slid!« og blæser derad, siger Hærskarers HERRE; I bringer noget røvet, ja halte og syge Dyr; det er Offergaven, I bringer! Skulde jeg ønske at modtage den af eders Haand? siger HERREN.
১৩তোমালোকে পুনৰ কৈছা, ‘এয়া কি যে কষ্টকৰ’ আৰু তাৰ ওপৰত তোমালোকে ঘৃণাপূর্ণ হেষ্রাধ্বনি (নাকেৰে কৰা শব্দ) কৰা;” ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকেতো লুট কৰা, খোৰা আৰু ৰোগীয়া পশু আনি বলি উৎসৰ্গৰ কাৰণে দিয়া! মই জানো সেয়া তোমালোকৰ হাতৰ পৰা গ্ৰহণ কৰিম?” ইয়াক যিহোৱাই কৈছে,
14 Forbandet være den Bedrager, som i sin Hjord har et Handyr og lover mig det, men ofrer Herren et Dyr, som ikke dur! Thi en stor Konge er jeg, siger Hærskarers HERRE, og mit Navn er frygtet blandt Folkene.
১৪“যি ছলনাকাৰীয়ে নিজৰ মেৰ-ছাগৰ জাকৰ মাজত মতা মেৰ-ছাগ থাকিলেও প্ৰভুৰ উদ্দেশ্যে সঙ্কল্প কৰি এজনী ঘুণীয়া মাইকী পশুৰ বলি উৎসৰ্গ কৰে, তেওঁ শাপগ্ৰস্ত হওঁক; কিয়নো মই মহান ৰজা; সকলো জাতিৰ মাজত মোৰ নাম ভয়াবহ।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।