< Josua 8 >
1 Derefter sagde HERREN til Josua: »Frygt ikke og vær ikke bange! Tag alt Krigsfolket med dig, bryd op og drag mod Aj! Se, jeg giver Kongen af Aj og hans Folk, hans By og hans Land i din Haand!
১পাছত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি ভয় নকৰিবা আৰু ব্যাকুল নহ’বা৷ যুদ্ধ কৰিব পৰা লোকসকলক তোমাৰ লগত লোৱা৷ উঠা, অয়লৈ যাত্ৰা কৰা৷ চোৱা, মই অয়ৰ ৰজাক, তাৰ প্ৰজাসকলক, তাৰ নগৰ আৰু তাৰ দেশ তোমাৰ হাতত শোধাই দিলোঁ।
2 Og du skal gøre det samme ved Aj og dets Konge, som du gjorde ved Jeriko og dets Konge; men Godset, I røver der, maa I selv beholde som Bytte, ligeledes Kvæget der. Læg Baghold vesten for Byen!«
২তুমি যিৰীহো আৰু তাৰ ৰজালৈ যেনে কৰিলা, অয়লৈ আৰু তাৰ ৰজালৈকো তেনে কৰিবা, কেৱল তাৰ লুটদ্ৰব্য আৰু পশু তোমালোকে তোমালোকৰ কাৰণে লুট কৰি ল’বা৷ তুমি নগৰৰ পাছফালে এদল সৈন্য লুকুৱাই চোপ লৈ থাকিবলৈ দিবা।”
3 Derpaa brød Josua op og drog med alt Krigsfolket op mod Aj; og Josua udvalgte sig 30 000 tapre Mænd og sendte dem bort om Natten,
৩তেতিয়া যিহোচূৱা আৰু যুদ্ধ কৰিব পৰা সকলো লোক অয়লৈ যাবৰ বাবে উঠিল আৰু যিহোচূৱাই ত্ৰিশ হাজাৰ বলৱান আৰু সাহিয়াল বীৰপুৰুষ বাচি লৈ ৰাতিয়েই তেওঁলোকক পঠিয়াই দিলে।
4 idet han bød dem: »Se, I skal lægge eder i Baghold vesten for Byen, ikke for langt fra den, og hold eder alle rede.
৪তেওঁ তেওঁলোকক এই আজ্ঞা দিলে, “চোৱা, তোমালোক নগৰৰ বিপৰীতে, পাছফালে লুকাই থাকিবা৷ নগৰৰ পৰা বৰ দূৰলৈ নাযাবা, কিন্তু তোমালোক সকলোৱে যুগুত থাকিবা।
5 Jeg og alle de Folk, som er med mig, vil nærme os Byen, og naar de gør Udfald imod os ligesom forrige Gang, flygter vi for dem.
৫মই আৰু মোৰ লগৰ লোকসকল নগৰৰ ওচৰলৈ যাম, তাতে যেতিয়া তেওঁলোকে আমাক আক্ৰমণ কৰিবলৈ ওলাই আহিব, তেতিয়া পূৰ্বৰ দৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম৷
6 Naar de saa følger efter os saa langt, at vi faar dem lokket bort fra Byen, idet de tænker, at vi flygter for dem ligesom forrige Gang,
৬পাছত তেওঁলোকে আমাক নগৰৰ পৰা দূৰলৈ খেদি নিবৰ বাবে নগৰৰ বাহিৰলৈ তেওঁলোক ওলাই আহিব আৰু আমাক পাছে পাছে খেদি আহিব৷ কিয়নো তেওঁলোকে ক’ব, ‘এওঁলোকে আগৰ নিচিনাকৈ আমাৰ পৰা পলাইছে৷’ গতিকে, এইদৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম।
7 skal I bryde frem fra Bagholdet og tage Byen, thi HERREN eders Gud vil give den i eders Haand.
৭তেতিয়া তোমালোকে লুকাই থকা ঠাইৰ পৰা ওলাই আহিবা আৰু নগৰ আটক কৰি ল’বা৷ কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তাক তোমালোকৰ হাতত শোধাই দিব।
8 Og naar I har indtaget Byen, skal I stikke den i Brand. Saaledes skal I gøre, det er mit Bud til eder!«
৮যেতিয়া তোমালোকে নগৰ আটক কৰিবা, তাত জুই লগাই দিবা৷ যিহোৱাৰ বাক্যত আজ্ঞা কৰাৰ দৰে তোমালোকে এই কাৰ্য কৰিবা। চোৱা, মই তোমালোকক আজ্ঞা কৰিলোঁ।”
9 Derpaa sendte Josua dem bort, og de gik hen og lagde sig i Baghold mellem Betel og Aj, vesten for Aj; men Josua blev den Nat iblandt Krigsfolket.
৯এইদৰে, যিহোচূৱাই তেওঁলোকক পঠোৱাৰ পাছত তেওঁলোকে গৈ অয়ৰ পশ্চিমে বৈৎএলৰ আৰু অয়ৰ মাজ ঠাইত লুকাই থাকিল; কিন্তু যিহোচূৱাই লোকসকলৰ মাজত সেই ৰাতিটো শুই থাকিল।
10 Tidligt næste Morgen mønstrede Josua Folket, og sammen med Israels Ældste drog han op til Aj i Spidsen for Folket.
১০পাছত যিহোচূৱাই অতি ৰাতিপুৱাতে উঠি আহিল আৰু ৰণুৱাসকলক সাজু কৰিলে৷ পাছত তেওঁ ইস্ৰায়েলৰ বৃদ্ধলোক সকলেৰে সৈতে আগে আগে গৈ অয়ক আক্ৰমণ কৰিলে।
11 Hele den Styrke, som var med ham, rykkede nærmere, til de havde Byen foran sig; og de lejrede sig norden for Aj med Dalen mellem sig og Aj.
১১তেওঁৰ লগত থকা সকলো ৰণুৱাই উঠি গৈ নগৰৰ সন্মুখত উপস্থিত হ’ল৷ তেওঁলোকে নগৰৰ ওচৰ চাপি অয়ৰ উত্তৰ ফালে ছাউনি পাতিলে৷ তেওঁলোকৰ আৰু অয়ৰ মাজত এক উপত্যকা আছিল।
12 Derpaa tog han henved 5000 Mand og lagde dem i Baghold mellem Betel og Aj, vesten for Byen;
১২তেওঁ পাঁচ হাজাৰ মান লোক লগত লৈ নগৰৰ পশ্চিম ফালে বৈৎএল আৰু অয়ৰ মাজত আক্ৰমণ কৰিবলৈ লুকুৱাই ৰাখিছিল।
13 og Krigerne blev bragt i Stilling, hele Hæren, som var norden for Byen, og den Del, som laa i Baghold vesten for Byen; men Josua begav sig om Natten ned i Dalen.
১৩এইদৰে মুখ্য ৰণুৱাসকলক নগৰৰ উত্তৰফালে থকা গোটেই ছাউনিক আৰু নগৰৰ পশ্চিমফালে পহৰা দি লুকাই থকা দলটিক উপযুক্ত স্থানত স্থাপন কৰি যিহোচূৱাই সেই ৰাতি উপত্যকাৰ মাজলৈ গমণ কৰিলে।
14 Da nu Kongen af Aj saa det, skyndte Byens Mænd sig og rykkede tidligt om Morgenen ud til Kamp mod Israel, Kongen med hele sin Styrke, til Skraaningen, hvor Lavningen begynder, uden at vide af, at der var lagt Baghold imod ham vesten for Byen;
১৪পাছত অয়ৰ ৰজাই তাক দেখাৰ লগে লগে তেওঁ আৰু তেওঁৰ সকলো সৈন্য-বাহিনীয়ে ৰাতিপুৱাতে বেগাই উঠি আহিল, আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ, যৰ্দন নদীৰ সন্মুখত থকা নিৰূপিত ঠাইলৈ বেগাই যাত্ৰা কৰিলে৷ কিন্তু তেওঁৰ বিৰুদ্ধে নগৰৰ পাছ ফালে যে এদল সৈন্য আক্ৰমণ কৰিবলৈ লুকাই আছিল, সেই বিষয়ে তেওঁ নাজানিলে।
15 og da Josua og hele Israel lod sig slaa paa Flugt af dem og flygtede ad Ørkenen til,
১৫পাছত যিহোচূৱা আৰু আটাই ইস্ৰায়েলী লোক তেওঁলোকৰ আগত নিজকে হাৰি যোৱা যেন দেখুৱাই মৰুপ্ৰান্তৰ বাটেদি পলাই গ’ল।
16 blev alt Folket i Byen stævnet sammen til at forfølge dem, og de forfulgte Josua og lod sig lokke bort fra Byen;
১৬তেতিয়া তেওঁলোকৰ পাছে পাছে খেদি যাবৰ বাবে নগৰত থকা সকলো লোকক গোট খাবলৈ মতা হ’ল আৰু তেওঁলোকে যিহোচূৱাৰ পাছে পাছে খেদি লৈ গ’ল, আৰু এইদৰে তেওঁলোক নগৰৰ পৰা বহু দূৰলৈ আতৰি গ’ল।
17 ikke een Mand blev tilbage i Aj, men alle drog de ud for at forfølge Israel, og de lod Byen staa aaben, medens de forfulgte Israel.
১৭আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল।
18 Da sagde HERREN til Josua: »Ræk Spydet i din Haand ud mod Aj; thi jeg giver det i din Haand!« Og Josua rakte Spydet i sin Haand ud mod Byen.
১৮তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “তোমাৰ হাতত থকা যাঠীপাত অয়ৰ ফাললৈ দাঙা; কিয়নো সেই নগৰ মই তোমাৰ হাতত দিম।” তেতিয়া যিহোচূৱাই নিজৰ হাতত থকা যাঠীপাত নগৰৰ ফাললৈ দাঙিলে।
19 Og Bagholdet brød hurtigt op fra sin Plads og løb hen til Byen, da han rakte Haanden ud, indtog den og skyndte sig at stikke den i Brand.
১৯তেওঁ হাত দঙামাত্ৰে লগে লগে আক্রমণ কৰিবলৈ লুকাই থকা সৈন্য দলে নিজ ঠাইৰ পৰা বেগাই ওলাই আহিল আৰু লৰি গৈ নগৰত সোমাল। তাৰ পাছত তেওঁলোকে নগৰখন আটক কৰি ল’লে আৰু তাত জুই লগাই দিলে।
20 Da Mændene fra Aj vendte sig om og saa Røgen fra Byen stige op mod Himmelen, var de ude af Stand til at flygte til nogen af Siderne, idet Folket, som var flygtet ad Ørkenen til, vendte sig om mod deres Forfølgere.
২০পাছত অয়ৰ লোকসকলে পাছফাললৈ ঘূৰি চালে আৰু নগৰৰ ধোঁৱা আকাশলৈ উঠা দেখিলে৷ তেতিয়া তেওঁলোকে ইফালে সিফালে কোনোফালে পলাবলৈ একো উপায় নাপালে৷ কাৰণ মৰুপ্ৰান্তলৈ পলাই যোৱা সৈন্যসকলে তেওঁলোকক খেদি আক্ৰমণ কৰিলে৷
21 Og da Josua og hele Israel saa, at Bagholdet havde indtaget Byen, og at Røgen fra Byen steg til Vejrs, vendte de om og slog Mændene fra Aj;
২১অৰ্থাৎ যেতিয়া যিহোচূৱাই আৰু গোটেই ইস্ৰায়েলে দেখিলে যে, আক্ৰমণ কৰিবলৈ লুকাই থকা সৈন্যদলে নগৰখন আটক কৰি ল’লে আৰু নগৰৰ ধোঁৱা উঠিছে, তেতিয়া তেওঁলোকে উভতি ধৰি অয়ৰ লোকসকলক আঘাত কৰিলে।
22 og da hine rykkede ud fra Byen imod dem, kom de midt ind imellem Israeliternes to Afdelinger, som huggede dem ned uden at lade en eneste af dem undkomme eller slippe bort.
২২আৰু ইস্ৰায়েলৰ অন্য সৈন্যসকলে নগৰৰ পৰা ওলাই অাহি তেওঁলোকক আক্ৰমণ কৰিলে৷ এইদৰে অয়ৰ লোকসকল ইস্ৰায়েলৰ সৈন্যসকলৰ মাজত ধৰা পৰিল; তাতে এফালে এদল আৰু আনফালে এদল আছিল৷ পাছত ইস্ৰায়েলে তেওঁলোকক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ এজনো অৱশিষ্ট বা জীয়াই নাথাকিল।
23 Men Kongen af Aj fangede de levende og bragte ham til Josua.
২৩তেওঁলোকে অয়ৰ ৰজাক জীৱিত অৱস্থাতে বন্দী কৰিলে, আৰু যিহোচূৱাৰ ওচৰলৈ লৈ আহিল।
24 Da Israel nu havde hugget alle Ajs Indbyggere ned paa aaben Mark, paa Skraaningen, hvor de forfulgte dem, og de alle til sidste Mand var faldet for Sværdet, vendte hele Israel tilbage til Aj og slog det med Sværdet.
২৪যেতিয়া ইস্ৰায়েলী লোকসকলে নগৰৰ বাহিৰৰ মৰুভূমিত তেওঁলোকৰ পাছে পাছে খেদি অহা সকলো অয়-নিবাসীকে বধ কৰি উঠিল, তেতিয়া অয়-নিবাসী সেই লোকসকল নিঃশেষে পতিত হ’ল আৰু তাৰ পাছত তেওঁলোক অয় লৈ উভতি আহি তাত থকা লোকসকলকো তৰোৱালেৰে বধ কৰিলে৷
25 Alle de, der faldt paa den Dag, Mænd og Kvinder, udgjorde 12 000, alle Indbyggerne i Aj.
২৫সেইদিনা অয়-নিবাসী সকলো লোক অৰ্থাৎ মহিলা আৰু পুৰুষ আদি কৰি বাৰ হাজাৰ লোকক বধ কৰা হ’ল৷
26 Og Josua trak ikke sin Haand med det udrakte Spyd tilbage, før han havde lagt Band paa alle Ajs Indbyggere.
২৬কিয়নো অয় নিবাসী লোকসকলক নিঃশেষে বিনষ্ট নকৰালৈকে যিহোচূৱাই নিজৰ যাঠী দঙা হাত নোকোচালে।
27 Kun Kvæget og Godset, de røvede i denne By, beholdt Israeliterne som Bytte efter den Befaling, HERREN havde givet Josua.
২৭যিহোচূৱাক আদেশ কৰা যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলে কেৱল সেই নগৰৰ পশু আৰু লুটদ্ৰব্যবোৰ নিজৰ বাবে ল’লে।
28 Og Josua stak Aj i Brand og gjorde den til en Ruinhob for bestandig, til den Ødemark, den er den Dag i Dag.
২৮এইদৰে অয়ক যিহোচূৱাই জুই লগাই পুৰিলে আৰু সেই নগৰক চিৰকলীয়া ধ্বংসাৱশেষৰ স্তুপ কৰিলে। এইদৰে এই ঠাই আজিলৈকে পৰিত্যক্ত হৈ আছে৷
29 Men Kongen af Aj hængte han paa en Pæl og lod ham hænge til Aften; og da Solen gik ned, tog man paa Josuas Befaling hans Lig ned af Pælen og kastede det hen ved Indgangen til Byens Port. Og man opkastede over ham en stor Stendysse, som staar der den Dag i Dag.
২৯পাছত তেওঁ অয়ৰ ৰজাক সন্ধিয়ালৈকে গছত ওলোমাই ৰাখিলে৷ আৰু সূৰ্য মাৰ যোৱা সময়ত, যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে গছৰ পৰা শৱটো নমাই নগৰৰ দুৱাৰমুখত পেলালে আৰু তাৰ ওপৰত শিলৰ এক ডাঙৰ দ’ম কৰিলে; সেই দ’ম আজিলৈকে আছে।
30 Da byggede Josua HERREN, Israels Gud, et Alter paa Ebals Bjerg,
৩০সেই সময়ত যিহোচূৱাই এবাল পৰ্ব্বতত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্য এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে,
31 som HERRENS Tjener Moses havde paalagt Israeliterne, i Overensstemmelse med, hvad der staar skrevet i Moses's Lovbog, et Alter af utilhugne Sten, hvor over der ikke var svunget Jern; og de bragte HERREN Brændofre og ofrede Takofre der.
৩১যিহোৱাৰ দাস মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক দিয়া আজ্ঞা, যি দৰে মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছিল, সেই আদেশ অনুসাৰে: “যি শিলৰ ওপৰত কোনেও অস্ত্ৰ দঙা নাই, এনে নকটা শিলৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।” আৰু তেওঁ তাৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি আৰু তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
32 Og han skrev der paa Stenene i Israeliternes Paasyn en Afskrift af Mose Lov, som denne havde skrevet,
৩২সেই ঠাইত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সাক্ষাতেই সেই শিলবোৰৰ ওপৰত মোচিৰ ব্যৱস্থাৰ এখন নকল লিখিলে।
33 idet hele Israel og dets Ældste, Tilsynsmænd og Dommere stod paa begge Sider af Arken lige over for Levitpræsterne, som bar HERRENS Pagts Ark, de fremmede saavel som de indfødte, den ene Halvdel hen imod Garizims Bjerg, den anden Halvdel hen imod Ebals Bjerg, saaledes som HERRENS Tjener Moses forhen havde paabudt at velsigne Israels Folk.
৩৩সকলো ইস্ৰায়েলী লোক, তেওঁলোকৰ পৰিচাৰকসকল, বিষয়াসকল আৰু বিচাৰকৰ্তাসকলকে আদি কৰি সকলো লোকে নিয়ম-চন্দুকৰ চাৰিওফালে থিয় হ’ল; তেওঁলোকে পুৰোহিত আৰু যিহোৱাৰ নিয়ম-চন্দুক বহনকাৰী লেবীয়াসকলৰ সন্মুখত থিয় হ’ল। তাতে স্বদেশীয় আৰু পৰদেশীয় সকলো লোক আছিল। তেওঁলোকৰ আধা অংশ লোক গৰিজ্জীম পৰ্বতৰ ফালে আৰু আধা অংশ লোক এবাল পৰ্বতৰ ফালে আছিল। ইস্ৰায়েলৰ লোকসকল আশীৰ্ব্বাদ প্ৰাপ্ত হ’বৰ বাবে যিহোৱাৰ দাস মোচিয়ে প্ৰথমে তেওঁলোকক এইদৰে আজ্ঞা দিছিল।
34 Saa oplæste han alle Lovens Ord, Velsignelsen og Forbandelsen, alt som det var skrevet i Lovbogen;
৩৪তাৰ পাছত যিহোচূৱাই ব্যৱস্থা-পুস্তকৰ প্ৰতিটো কথা পাঠ কৰি শুনালে। তেওঁ সকলো আশীৰ্ব্বাদ আৰু অভিশাপ ব্যৱস্থা-পুস্তকত যেনেদৰে লিখা আছিল, ঠিক তেনেদৰেই পাঠ কৰি শুনালে।
35 ikke et Ord af alt, hvad Moses havde paabudt, undlod Josua at op læse for hele Israels Menighed, Mændene, Kvinderne og Børnene og de fremmede, som var draget med iblandt dem.
৩৫ইস্ৰায়েলৰ গোটেই সমাজৰ আগত, লগত মহিলাসকল, সৰু সৰু লৰা-ছোৱালীসকল আৰু তেওঁলোকৰ মাজত থকা বিদেশীসকলৰ আগত মোচিয়ে আজ্ঞা কৰা সেই সকলো বাক্যৰ এটি কথাও যিহোচূৱাই পাঠ নকৰাকৈ নাথাকিল।