< Job 12 >
1 Saa tog Job til Orde og svarede:
১পাছত ইয়োবে পুনৰায় উত্তৰ দিলে আৰু ক’লে,
2 Ja, sandelig, I er de rette, med eder dør Visdommen ud!
২“হয় হয়, তোমালোকহে মানুহ; মৰিলে জ্ঞান তোমালোকৰ লগতে যাব।
3 Ogsaa jeg har som I Forstand, staar ikke tilbage for eder, hvo kender vel ikke sligt?
৩কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে; তোমালোকতকৈ মই নিকৃষ্ট নহওঁ; এনেবোৰ কথা কোনে নাজানে?
4 Til Latter for Venner er den, der raabte til Gud og fik Svar, den retfærdige er til Latter.
৪ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছোঁ; ধাৰ্মিক সিদ্ধ পুৰুষ জন হাঁহিয়াতৰ পাত্ৰ হৈছে।
5 I Ulykke falder de fromme, den sorgløse spotter Faren, hans Fod staar fast, mens Fristen varer.
৫নিৰাপদে থকা লোকৰ মনত বিপদ অপমানৰ বিষয়; পিছল খাই পৰিব লগীয়াবোৰলৈ সেয়ে বাট চায় থাকে।
6 I Fred er Voldsmænds Telte, og trygge er de, der vækker Guds Vrede, den, der fører Gud i sin Haand.
৬ডকাইতবোৰৰ তম্বু কুশলে থাকে; যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে, ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।
7 Spørg dog Kvæget, det skal lære dig, Himlens Fugle, de skal oplyse dig,
৭কিন্তু পশুবোৰক সোধাচোন, সেইবোৰে তোমাক কি দিব; আৰু আকাশৰ পক্ষীবোৰক সোধা, সেইবোৰেও তোমাক কৈ দিব।
8 se til Jorden, den skal lære dig lad Havets Fisk fortælle dig det!
৮নাইবা পৃথিবীকো সোধাচোন, সিও তোমাক শিক্ষা দিব; আৰু সমুদ্ৰৰ মাছবোৰেও তোমাক কব।
9 Hvem blandt dem alle ved vel ikke, at HERRENS Haand har skabt det;
৯পশুবোৰে এইবোৰ বিষয় নাজানে যে, যিহোৱাৰ হাতে এইবোৰ কৰিছে - সিহঁতক জীৱন দিছে -
10 han holder alt levendes Sjæl i sin Haand, alt Menneskekødets Aand!
১০যিহোৱাৰ হাততেই সকলো জীৱজন্তুৰ প্ৰাণ, আৰু সমুদায় মনুষ্য জাতিৰ জীৱাত্মা আছে।
11 Prøver ej Øret Ord, og smager ej Ganen Maden?
১১জিভাই যেনেকৈ আহাৰৰ আস্বাদ পায়, তেনেকৈ কাণে জানো কথাৰ পৰীক্ষা নকৰে?
12 Er Alderdom eet med Visdom, Dagenes Række med Indsigt?
১২বৃদ্ধ লোকসকলৰ সৈতে জ্ঞান আছে, দীৰ্ঘ আয়ুসত বুদ্ধি থাকে।
13 Hos ham er der Visdom og Vælde, hos ham er der Raad og Indsigt.
১৩জ্ঞান আৰু পৰাক্ৰম তেওঁৰ তাতহে আছে; পৰামৰ্শ আৰু বুদ্ধি তেওঁৰহে।
14 Hvad han river ned, det bygges ej op, den, han lukker inde, kommer ej ud;
১৪চোৱা, তেওঁ ভাঙি পেলালে পুনৰায় তাক সজা নাজায়; তেওঁ মানুহক বন্ধ কৰিলে তাক মুকলি কৰা নাযায়।
15 han dæmmer for Vandet, og Tørke kommer, han slipper det løs, og det omvælter Jorden.
১৫চোৱা, তেওঁ জল সমূহক আটক কৰে, তাতে সেইবোৰ শুকাই যায়; আকৌ সেইবোৰক উলিয়াই দিয়ে, তাতে সেইবোৰে পৃথিবীখন লণ্ডভণ্ড কৰে।
16 Hos ham er der Kraft og Fasthed; den, der farer og fører vild, er hans Værk.
১৬পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাতহে; প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে।
17 Raadsherrer fører han nøgne bort, og Dommere gør han til Taaber;
১৭তেওঁ মন্ত্ৰী সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু বিচাৰকৰ্ত্তা সকলক হতবুদ্ধি কৰে।
18 han løser, hvad Konger bandt, og binder dem Reb om Lænd;
১৮তেওঁ ৰজা সকলৰ ক্ষমতা গুচায়, আৰু তেওঁলোকৰ ককালত ডোল লগায়।
19 Præster fører han nøgne bort og styrter ældgamle Slægter;
১৯তেওঁ পুৰোহিত সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু পৰাক্ৰমী সকলক বিনষ্ট কৰে।
20 han røver de dygtige Mælet og tager de gamles Sans;
২০তেওঁ বিশ্বাসী সকলৰ বাক-শক্তি দূৰ কৰে, আৰু বৃদ্ধ সকলৰ বিবেচনা-শক্তি কাঢ়ি নিয়ে।
21 han udøser Haan over Fyrster og løser de stærkes Bælte;
২১তেওঁ ডাঙৰীয়া সকলৰ ওপৰত অপমান বৰষায়, আৰু বলৱন্ত সকলৰ ককালৰ বান্ধোন ঢিলা কৰে।
22 han drager det skjulte frem af Mørket og bringer Mulmet for Lyset,
২২তেওঁ আন্ধৰৰ পৰা নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰে, আৰু মৃত্যুচ্ছায়াকো পোহৰলৈ আনে।
23 gør Folkene store og lægger dem øde, udvider Folkeslags Grænser og fører dem atter bort;
২৩তেওঁ জাতি সমূহক উন্নতিপ্ৰাপ্ত কৰে, আৰু বিনষ্টও কৰে; তেওঁ জাতি সমূহক বিস্তাৰিত কৰে, আৰু লৈয়ো যায়।
24 han tager Jordens Høvdingers Vid og lader dem rave i vejløst Øde;
২৪তেওঁ পৃথিবীৰ লোক-সমাজৰ মুখ্যসকলৰ বুদ্ধি দূৰ কৰে, আৰু পথ নোহোৱা অৰণ্যৰ মাজেদি তেওঁলোকক ভ্ৰমণ কৰায়।
25 de famler i Mørke uden Lys og raver omkring som drukne.
২৫তেওঁলোকে পোহৰ নাপাই আন্ধাৰৰ মাজত খপিয়াই ফুৰে; তেওঁ তেওঁলোকক মতলীয়াৰ নিচিনাকৈ ঢলংপলং কৰি ফুৰায়।