< Esajas 49 >

1 Hør mig, I fjerne Strande, lyt til, I Folk i det fjerne! HERREN har fra Moders Liv kaldt mig, fra Moders Skød nævnet mit Navn;
হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
2 til et skarpt Sværd gjorde han min Mund og skjulte mig i Skyggen af sin Haand, til en sleben Pil har han gjort mig og gemt mig i sit Kogger,
তেওঁ মোৰ মুখ চোকা তৰোৱালৰ দৰে কৰিলে, তেওঁ নিজৰ হাতৰ ছাঁত মোক লুকুৱাই থলে; তেওঁ মোক শানত দিয়া কাঁড় কৰিলে, তেওঁ নিজৰ তূণৰ ভিতৰত মোক লুকুৱাই ৰাখিলে।
3 sagt til mig: »Du er min Tjener, Israel, ved hvem jeg vinder Ære.«
তেওঁ মোক ক’লে, “ইস্রায়েল তুমি মোৰ দাস, যাৰ যোগেদি মই মোৰ গৌৰৱ দেখিবলৈ পাম।”
4 Jeg sagde: »Min Møje er spildt, paa Tomhed og Vind sled jeg mig op — dog er min Ret hos HERREN, min Løn er hos min Gud.«
যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ, মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে।
5 Og nu siger HERREN, som danned mig fra Moders Liv til sin Tjener for at hjemføre Jakob til ham og samle Israel til ham — og i HERRENS Øjne er jeg æret, min Gud er blevet min Styrke —
আৰু এতিয়া যিহোৱাই কৈছে, মই নিজৰ ওচৰলৈ যাকোবক পুনৰায় আনিবৰ বাবে, আৰু ইস্ৰায়েলক তেওঁৰ ওচৰত গোট খুৱাবৰ অৰ্থে, তেওঁৰ দাস হ’বলৈ মোক জন্মৰ পৰাই গঠন কৰিলে, মই যিহোৱাৰ দৃষ্টিত মৰ্যদাৱান, আৰু মোৰ ঈশ্বৰ মোৰ বলস্বৰূপ।
6 han siger: »For lidt for dig som min Tjener at rejse Jakobs Stammer og hjemføre Israels frelste! Jeg gør dig til Hedningers Lys, at min Frelse maa naa til Jordens Ende.«
তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন: স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত: লৈকে তুমি মোৰ পৰিত্ৰাণৰ উপায় হ’বা
7 Saa siger HERREN, Israels Genløser, dets Hellige, til den dybt foragtede, skyet af Folk, Herskernes Træl: Konger skal se det og rejse sig, Fyrster skal kaste sig ned for HERRENS Skyld, den trofaste, Israels Hellige, der udvælger dig.
ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।
8 Saa siger HERREN: Jeg hører dig i Naadens Stund, jeg hjælper dig paa Frelsens Dag, vogter dig og gør dig til Folkepagt for at rejse Landet igen, udskifte øde Lodder
যিহোৱাই এই কথা কৈছে, একে সময়তে মই তোমাক মোৰ অনুগ্ৰহ আৰু উত্তৰ দিবলৈ সিদ্ধান্ত ল’ম, আৰু পৰিত্ৰাণৰ দিনা মই তোমাক সহায় কৰিম; উত্তৰাধিকাৰি সূত্রে পোৱা উচ্ছন্ন হৈ যোৱা দেশ পুনৰ নির্দিষ্ট কৰি গঠন কৰিবলৈ, মই তোমাক সুৰক্ষা দিম, আৰু তোমাক চুক্তি হিচাবে লোকসকলৰ কাৰণে দিম।
9 og sige til de bundne: »Gaa ud!« til dem i Mørket: »Kom frem!« Græs skal de finde langs Vejene, Græsgang paa hver nøgen Høj;
অন্ধকূপত থকা বন্দীসকলক তুমি কোৱা ‘ওলাই আহাঁ,’আৰু ‘নিজক দেখুৱা।’ তেওঁলোকে পশুবোৰক বাটৰ কাষে কাষে চৰাব, আৰু আটাই খালী এঢলীয়া ঠাই সিহঁতৰ চৰণীয়া ঠাই হ’ব।
10 de hungrer og tørster ikke, dem stikker ej Hede og Sol. Thi deres Forbarmer fører dem, leder dem til Kildevæld;
১০তেওঁলোক ক্ষুধাতুৰ বা তৃষ্ণাতুৰ নহ’ব; গৰমে বা সূৰ্যৰ তাপে তেওঁলোকক কষ্ট নিদিব; কাৰণ যি জনাই তেওঁলোকক দয়া কৰে, তেওঁ তেওঁলোকক চলাই লৈ যাব, আৰু জলৰ ভুমুকলৈ পথ দর্শক হৈ তেওঁলোকক চলাই নিব।
11 jeg gør alle Bjerge til Vej, og alle Stier skal højnes.
১১আৰু মই মোৰ পৰ্ব্বতবোৰ বাটলৈ পৰিনত কৰিম আৰু মোৰ ৰাজবাটবোৰ সমান কৰিম।”
12 Se, nogle kommer langvejsfra, nogle fra Nord og Vest, nogle fra Sinims Land.
১২চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা; আৰু আনবোৰ চিনীম দেশৰ পৰা আহিব।
13 Jubler, I Himle, fryd dig, du Jord, I Bjerge, bryd ud i Jubel! Thi HERREN trøster sit Folk, forbarmer sig over sine arme.
১৩হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিৱী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব।
14 Dog siger Zion: »HERREN har svigtet mig, Herren har glemt mig!«
১৪কিন্তু চিয়োনে ক’লে, “যিহোৱাই মোক ত্যাগ কৰিলে আৰু প্ৰভুৱে মোক পাহৰিলে।”
15 Glemmer en Kvinde sit diende Barn, en Moder, hvad hun bar under Hjerte? Ja, selv om de kunde glemme, jeg glemmer ej dig.
১৫মহিলাই নিজে জন্ম দিয়া সন্তানক জানো পাহৰিব পাৰে, সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে? হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো।
16 Se, i mine Hænder har jeg tegnet dig, dine Mure har jeg altid for Øje.
১৬চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব।
17 Dine Børn kommer ilende; de, som nedbrød og lagde dig øde, gaar bort.
১৭তোমাৰ সন্তান সকল যেতিয়া বেগাবেগি ঘুৰি আহিব; তেতিয়া তোমাক ধ্বংস কৰাসকল আঁতৰি যাব।
18 Løft Øjnene, se dig om, de samles, kommer alle til dig. Saa sandt jeg lever, lyder det fra HERREN: Du skal bære dem alle som Smykke, binde dem som Bruden sit Bælte.
১৮চাৰিওফালে চোৱা; তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। “নিশ্চিতভাবে যি দৰে মই জীয়াই আছোঁ” এয়া যিহোৱাৰ ঘোষনা- “তোমালোকে সেইবোৰ অলঙ্কাৰৰ দৰে নিশ্চয় পিন্ধিবা; তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা।
19 Thi dine Tomter og Grusdynger, dit hærgede Land — ja, nu er du Beboerne for trang; de, som aad dig, er borte;
১৯ধ্বংস হোৱা দেশত যদিও তোমালোক পতিত আৰু উচ্চন্ন হৈছিলা, এতিয়া বাসিন্দা হ’বৰ বাবে তোমালোক অতি তাকৰ, আৰু যিসকলে তোমালোকক গ্ৰাস কৰিছিল তেওঁলোক এতিয়া বহু দূৰত।
20 end skal du høre dem sige, din Barnløsheds Børn: »Her er for trangt, saa flyt dig, at jeg kan sidde!«
২০তোমালোকৰ সন্তাপৰ সময়ত জন্ম হোৱা সন্তান সকলে তোমালোকে শুনাকৈ ক’ব, ‘এই ঠাই আমাৰ কাৰণে অতি ঠেক, আমাৰ বাবে ঠাই যুগুত কৰা; আমি যেন ইয়াত বাস কৰিব পাৰোঁ।’
21 Da tænker du i dit Hjerte: »Hvo fødte mig dem? Jeg var jo barnløs og gold, landflygtig og bortstødt, hvo fostrede dem? Ene sad jeg tilbage, hvor kommer de fra?«
২১তেতিয়া তোমালোকে নিজকে কবা, “কোনে মোৰ কাৰণে এই সন্তান জন্ম দিলে?” মই সন্তাপ আৰু বাঁজী, দেশান্তৰিত আৰু বিবাহ-বিচ্ছেদ ব্যক্তি আছিলোঁ। এই সন্তান সকলক কোনে প্রতিপালন কৰিলে? চোৱা, মোক অকলে এৰিলে; এইসকল ক’ৰ পৰা আহিলে?’”
22 Saa siger den Herre HERREN: Se, jeg løfter min Haand for Folkene, rejser mit Banner for Folkeslag, og de bringer dine Sønner i Favnen, dine Døtre bæres paa Skulder.
২২প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মই দেশ নিবাসী সকললৈ মোৰ হাত দাঙিম, লোকসকললৈ মোৰ চিহ্ন ধ্বজা তুলিম। তেওঁলোকে তোমালোকৰ পুত্ৰসকলক বাহুত আনিব, আৰু তোমাৰ জীয়াৰীসকলক কান্ধত তুলি অনিব।
23 Konger bliver Fosterfædre for dig, deres Dronninger skal være dine Ammer. De kaster sig paa Ansigtet for dig, slikker dine Fødders Støv. Du skal kende, at jeg er HERREN; de, som bier paa mig, bliver ikke til Skamme.
২৩ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
24 Kan Bytte fratages en Helt, kan den stærkes Fanger slippe bort?
২৪যুদ্ধাৰোসকলে লুন্ঠন কৰি অনা বস্তু জানো তেওঁলোকৰ হাতৰ পৰা ল’ব পাৰি; বা বন্দীসকলক অত্যাচাৰীৰ পৰা উদ্ধাৰ?
25 Thi saa siger HERREN: Om Fanger end fratages Helten, slipper Bytte end bort fra den stærke, jeg strider mod dem, der strider mod dig, og dine Børn vil jeg frelse.
২৫কিন্তু যিহোৱাই এই কথা কৈছে: হ’য় যোদ্ধাৰোসকলৰ পৰা বন্দীসকলক উলিয়াই অনা হ’ব, আৰু লুন্ঠন কৰি অনা বস্তু উদ্ধাৰকৰা হ’ব; কাৰণ মই তোমালোকৰ প্রতিদ্বন্দীক বাধা দিম আৰু তোমালোকৰ সন্তান সকলক ৰক্ষা কৰিম।
26 Dem, der trænger dig, lader jeg æde deres eget Kød, deres Blod skal de drikke som Most; alt Kød skal kende, at jeg, HERREN, er din Frelser, din Genløser Jakobs Vældige.
২৬আৰু তোমালোকক উপদ্ৰৱ কৰোঁতা সকলক মই তেওঁলোকৰ নিজৰেই মঙহ খুৱাম; আৰু তেওঁলোকে দ্ৰাক্ষাৰস বুলি নিজৰ তেজকেই নিজে পান কৰি মতলীয়া হ’ব; সেয়ে, ময়েই যে যিহোৱা, তোমালোকৰ ত্ৰাণকৰ্ত্তা আৰু মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, সেই কথা সকলো মানৱজাতিয়ে জানিব।

< Esajas 49 >