< Hoseas 7 >
1 Afsløret er Efraims Brøde, Samarias ondskab, thi Svig er, hvad de har for, og Tyve gør Indbrud, Ransmænd røver paa Gaden.
১যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।
2 De tænker ej paa, at jeg husker al deres Ondskab. Nu staar deres Gerninger om dem, de er for mit Aasyn.
২কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে, তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। এতিয়া তেওঁলোকৰ পাপ কার্যবোৰে তেওঁলোকক সম্পূর্ণকৈ আগুৰি ৰাখিছে; মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে।
3 Med ondt i Sinde glæder de Kongen, under sleske Lader Fyrster.
৩তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে।
4 Horkarle er de alle. De ligner en gloende Ovn, som en Bager standser med at ilde, fra Æltning til Dejgen er syret.
৪তেওঁলোক সকলোৱেই ব্যভিচাৰী; তেওঁলোক পিঠা প্রস্তুত কৰোঁতাৰ তপত তন্দুৰৰ নিচিনা; পিঠা প্রস্তুত কৰোঁতাজনে আটাগুড়ি খচাৰ পৰা আৰম্ভ কৰি পিঠা ফুলি উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্রয়োজন নহয়।
5 De gør paa Kongens Dag Fyrsterne syge af Rus. Spottere giver han Haanden,
৫আমাৰ ৰজাৰ উৎসৱৰ দিনা প্রধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগীত অসুস্থ হৈছিল; নিন্দকসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল।
6 thi lumskelig nærmed de sig. Hjertet er som en Ovn; deres Vrede sover om Natten, men brænder i Lue ved Gry.
৬কিয়নো এক তন্দুৰৰ দৰে প্রজ্বলিত হৃদয়েৰে সৈতে, তেওঁলোকে নিজৰ ভিতৰতে ছলনাৰ পৰিকল্পনা কৰে; ওৰে ৰাতি তেওঁলোকৰ খং ধূমায়িত হৈ থাকে; ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্রখৰতাৰে জ্বলি উঠে।
7 Som Ovnen gløder de alle, deres Herskere æder de op; alle deres Konger falder, ej en af dem paakalder mig.
৭তেওঁলোক সকলোৱেই এটা তন্দুৰৰ দৰেই তপত; তেওঁলোকৰ শাসনকৰ্ত্তাসকলক তেওঁলোকে গ্ৰাস কৰে; তেওঁলোকৰ সকলো ৰজা পতিত হ’ল; তেওঁলোকৰ কোনেও সহায়ৰ বাবে মোক নামাতে।
8 Efraim er iblandt Folkene, aflægs er han; Efraim er som en Kage, der ikke er vendt.
৮ইফ্ৰয়িম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে; ইফ্ৰয়িম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই।
9 Fremmede tæred hans Kraft, han mærker det ej; hans Haar er ogsaa graanet, han mærker det ej.
৯বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই; তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই।
10 Mod Israel vidner dets Hovmod; de vendte ej om til HERREN deres Gud og søgte ham ikke trods alt.
১০ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে; এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও।
11 Efraim er som en Due, tankeløs, dum; de kalder Ægypten til Hjælp og vandrer til Assur.
১১ইফ্ৰয়িম যেন এটা অজলা কপৌ হ’ল, একেবাৰে বুদ্ধিহীন; তেওঁলোকে এবাৰ মিচৰক মাতে, পুনৰ অচুৰীয়াৰ ওচৰলৈ যায়।
12 Men medens de vandrer, kaster jeg Nettet over dem, bringer dem ned som Himlens Fugle og revser dem for deres Ondskab.
১২কিন্তু তেওঁলোক যেতিয়া যাব, মই তেতিয়া তেওঁলোকৰ ওপৰত মোৰ জাল পেলাম; আকাশৰ চৰাইবোৰৰ নিচিনাকৈ মই তেওঁলোকক তললৈ নমাই আনিম; তেওঁলোকৰ মণ্ডলীৰ ওচৰত যেনেকৈ কোৱা হৈছিল, সেইদৰেই মই তেওঁলোকক শাস্তি দিম।
13 Ve dem, fordi de veg fra mig, Død over dem for deres Frafald! Og jeg skulde genløse dem, endskønt de lyver imod mig!
১৩তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ’ল! তেওঁলোকৰ বিনাশ হ’ব! তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্রোহ কৰিলে; মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলো, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক’লে।
14 De raaber ej til mig af Hjertet, naar de jamrer paa Lejet, saarer sig for Korn og Most og er genstridige mod mig.
১৪তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
15 Jeg gav deres Arme Styrke, men ondt har de for imod mig.
১৫যদিও মই তেওঁলোকক শিক্ষা দিলোঁ আৰু তেওঁলোকৰ বাহু শক্তিশালী কৰিলোঁ, কিন্তু তেওঁলোকে এতিয়া মোৰেই বিৰুদ্ধে কুকল্পনা কৰিছে।
16 De vender sig, dog ej opad, de er som en slappet Bue. Deres Fyrster skal falde for Sværd ved deres Tunges Frækhed. Det spottes de for i Ægypten.
১৬তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্ব্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই; তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল; তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব। এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব।